ছাৰে টেবলেট খাইছে

লেখক- ড৹ বিৰিঞ্চি কুমাৰ দাস

 এটা সময় আছিল যেতিয়া শকত হোৱাটোৱেই তাৰ বাবে বৰ ডাঙৰ সমস্যা আছিল। অ নহয়, কথাটো ভুল হৈছে – সি শকত হোৱাটো তাতকৈ অধিক আনৰ বাবেহে ডাঙৰ সমস্যা হৈ উঠিছিল। ‘উৎপল, বৰকৈ শকত হৈছা দেই, অলপ নিজৰ যত্ন ল’বা’, ‘বৰ সুখ হৈছে যেন পাওঁ, পথালিকৈ বাঢ়িছা যে’, ‘ইমান শকত হোৱাটো বৰ ভাল কথা নহয় দেই, বেমাৰৰ বাহ, কিবা এটা কৰিবহে’, ‘খোৱা লোৱা অলপ কণ্ট্ৰ’ল কৰক’, ‘ৰামদেৱৰ প্ৰাণায়ামবোৰ কৰিলে বৰ উপকাৰ পাব’, ‘আৰামৰ চাকৰি কৰিছাতো, দিনটোত দুটা ক্লাছ কৰিয়েই মাহৰ মূৰত লাখ টকা দৰমহা, শকত হ’বাই, আমাৰ নিচিনা গেবাৰি খাটিব লগা হ’লেহে’, ‘ৰাতিপুৱা ৰাতিপুৱা খোজ কঢ়া কৰাহে, কেৱল খাই শুই আৰাম কৰি থাকিলে কেনেকৈ হ’ব’, ‘হেৰি বৰা, জিমলৈ যোৱা কৰক’ – ইত্যাদি ইত্যাদি কিমান যে কথা! যেন সি শকত হোৱাৰ কাৰণেই দেশত মুদ্ৰাস্ফীতি ঘটিছে বা পাকিস্তানে কাশ্মীৰত সন্ত্ৰাসবাদীক সহায় কৰিবলৈ লৈছে! যেন সি শকত হোৱাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কোনোবাই আন্দোলনৰ কাৰ্যসূচীহে গ্ৰহণ কৰিব এতিয়া!
এবাৰ এখন সভাত বোলে বিখ্যাত লেখক জি, কে, চেষ্টাৰটনে আন এগৰাকী বিখ্যাত লেখক জৰ্জ বাৰ্নাৰ্ড শ্ব’ক তেওঁৰ ক্ষীণ শৰীৰৰ বাবে ঠাট্টা কৰি কৈছিল, “এওঁক দেখিলে এনেকুৱা লাগে যেন বৃটেইনত দূৰ্ভিক্ষ হৈছে।” বাৰ্নাৰ্ড শ্ব’ও কম মুখ চোকা নাছিল। তেওঁ লগে লগে শকত চেহেৰাৰ চেষ্টাৰটনক ব্যংগ কৰি কৈ উঠিল, “আৰু এওঁক দেখিলে এনেকুৱা লাগে যেন বৃটেইনৰ দূৰ্ভিক্ষৰ কাৰণ এওঁহে।”

হয়, আগতে সি বৰ শকত আছিল, কিন্তু তাক লৈ সি কেতিয়াও বৰকৈ চিন্তিত হোৱা নাছিল। কিছুমান মানুহ শকত হয়, কিছুমান ক্ষীণ হয়। কিছুমান মানুহ ওখ হয়, কিছুমান চাপৰ হয়। এয়াতো তেনেই স্বাভাৱিক কথা। সি কিবা সৌন্দৰ্য প্ৰতিযোগিতাত যোগদান কৰিবনে, যে ফিতা মাৰি মাৰি মিলিমিটাৰৰ হিচাপত শৰীৰৰ জোখমাখ মিলাই থাকিব! শকত হৈছে হৈছে, পেটটো অলপ বেছিকৈ ওলাইছে, ওলাইছে। এইটোনো কি ডাঙৰ কথা! শকত হোৱা, পেট ওলোৱা মানুহ কেৱল সি হে আছেনে? সি কেতিয়াবা বন্ধুমহলত কয়েই যে পেট ওলোৱাটো ভাৰতীয় পুৰুষৰ সৌন্দৰ্যৰ চিনহে!
পিছে কথাবোৰ সলনি হ’ব ধৰিলে। তাকো হঠাতে। কোনো প্ৰস্তুতি অবিহনেই। কথাটো আচলতে এনেকুৱা — সৰুৰে পৰাই তাৰ অলপ অচৰপ গেষ্ট্ৰিকৰ সমস্যা আছিল। সেইটোক বৰ ডাঙৰ সমস্যা বুলি সি কেতিয়াও ভবা নাছিল। বহুতেই নাভাবে। কিছুমানে বৰং গেষ্ট্ৰিকক খাই লৈ সুখে সন্তোষেৰে জীৱন নিৰ্বাহ কৰি থকা মানুহৰ জীয়াই থকাৰ প্ৰক্ৰিয়াৰ এটা নগণ্য চাইড ইফেক্ট বুলিহে ভাবে। সেই হিচাপত গেষ্ট্ৰিক হোৱাটো এক ধৰণৰ আভিজাত্যৰ পৰিচয়হে। তাৰ কথাটোৱো তেনেকুৱাই আছিল। গেষ্ট্ৰিকৰ সমস্যাত চিকিৎসকৰ ওচৰলৈ যোৱাৰ কথা বহুতেই নভবাৰ দৰে সিয়ো ইমানদিনে নভবাকৈয়ে নিজেই নিজৰ নিৰাময়ৰ ব্যৱস্থা চলাই নিছিল। এনেদৰেই দীৰ্ঘকাল নিজৰ ধৰণেৰেই তাৰ আত্মচিকিৎসা চলি থাকিল – সেয়া যেনিবা ডাইজিনেৰে আৰম্ভ হৈ এচিল’কৰ মাজেৰে আহি এতিয়া পেণ্ট’প্ৰাজ’ল আৰু ৰেবেপ্ৰাজ’লত পৰিছেগৈ। পিছে দীৰ্ঘদিন ঔষধসমূহ নিয়মীয়া খাদ্যৰ দৰে খাই থকাৰ পাছত গেষ্ট্ৰিকৰ সমস্যাটো তাৰ বাবে অস্বস্তিকৰ হৈ পৰিল। উপায়বিহীন হৈ অৱশেষত সি এই বিষয়ৰ এগৰাকী বিশেষজ্ঞৰ কাষ চাপিল। এনেয়ে সি খোৱাবোৱাত সিমান বেহিচাপী নহয়। কেৱল কেতিয়াবাহে, মানে পৰিয়ালৰ সৈতে কোনো ধাবা-চাবালৈ গ’লে বেছিকৈ দুটুকুৰা মাংস, কাৰোবাৰ ঘৰত বিয়া-জন্মদিনৰ পাৰ্টী আদিত বেছিকৈ এচামুচ পোলাও – এয়াই আৰু। বেয়া বস্তু বুলি আঙুলিয়াব পৰাকৈ সি কেৱল অলপ বেছিকৈ চাহ খায়। চিকিৎসকে ক’লে, চাহ কমকৈ খাব, খালেও গাখীৰ নিদিয়াকৈ খাব। গাখীৰ দিয়া চাহ সমূলি বাদ দিয়ক। গাখীৰেৰে প্ৰস্তুত কৰা বস্তুও এৰি চলক। এতিয়াহে সি সমস্যাত পৰিল। সি ৰঙা চাহ দেখিবই নোৱাৰে, গাখীৰ বেছিকৈ দিয়া চাহ খাইহে সি ভাল পায়। পিছে এতিয়া চিকিৎসকৰ কথাতো শুনিবই লাগিব৷ সি ভাবিলে, বাৰু, কষ্ট কৰি হ’লেও ৰঙা চাহেই খাম এতিয়াৰ পৰা, কিন্তু চাহত গাখীৰ নাখাওঁ যেতিয়া চেনিও নাখাওঁ।
সেয়াই আৰম্ভণি। প্ৰথমে গাখীৰ আৰু চেনি বাদ দিবলৈ লোৱাৰ পাছত গেষ্ট্ৰিকৰ বাবে বেয়া বুলি সি নিজে অনুভৱ কৰা বিভিন্ন বস্তু খোৱাৰ ক্ষেত্ৰত সি কঠোৰ নিয়ন্ত্ৰণ ব্যৱস্থা অৱলম্বন কৰিবলৈ ল’লে। লাহে লাহে তাৰ কথাটো ইংৰাজীত যে ‘চিবোফ’বিয়া’ বুলি এটা শব্দ আছে, যাৰ অৰ্থ খাদ্যৰ প্ৰতি ভয়, তেনেকুৱাই হ’লগৈ। তাৰ পৰিণতি হ’ল কি, সি খীণাবলৈ আৰম্ভ কৰিলে। সি খীণাব ধৰাটো আনৰ চকুত পৰা হ’ল। তাৰ ভালেই লাগিল; অন্ততঃ এতিয়া আৰু তাৰ শকত হোৱা কথাটোকলৈ নিউজ চেনেলৰ টক শ্ব’ত বহুবল্কী সৰ্ববিশেষজ্ঞই দিয়াৰ দৰে মতামতবোৰ, তাৰ প্ৰতি সমস্বৰে স্বেচ্ছা উপদেশ বৰ্ষণ আদিবোৰ বন্ধ হ’ব।
পিছে নহ’ল। সি ভবা কথাটো নিমিলিল। কিছুদিনৰ পাছতে সি বুজিলে যে শকত হোৱা কথাটোৰ যেনেকৈ টি আৰ পি বেছি, খীণোৱা কথাটোৰো টি আৰ পি বৰ কম নহয়। এতিয়া সি শুনিবলগীয়া কথাবোৰৰ ধৰণ অৱশ্যে সলনি হ’ল। যেনে,
“হেৰা উৎপল, বৰকৈ খীণাইছা দেই! ধৰিলে নেকি?”
“কিহে ধৰাৰ কথা কৈছা?”
“আচলটোৱে।”
“আচলটো মানে?”
“মানে চুগাৰ।”
মানুহৰ ঘৰলৈ গ’লে যেতিয়া গৃহস্থই চাহ খোৱাৰ কথা কয়, তেতিয়া সি কয় যে সি চাহত চেনি আৰু গাখীৰ দুয়োটাই নাখায়। তেতিয়া কৰুণভাবে তাৰ পিনে চাই গৃহস্থই কয়, “ধৰা পৰিছেই তাৰমানে?”
“কি ধৰা পৰিছে?”
“ডায়েবেটিছ।”
সি “এ নাই নাই” বুলি মূৰ জোকাৰি ক’বলৈ চেষ্টা কৰে যে তাৰ ডায়েবেটিছ হোৱা নাই; কিন্তু শুনোতাই মানি নলয়। তেনেই শকত মানুহটো ডায়েবেটিছ নোহোৱাকৈ ইমান খীণাব নে?
বিয়া এখনলৈ গৈছিল। কিছু সময় অকলে বহি থকাৰ পাছত তাৰ কাষৰ খালী চকীখনত চিনাকি মানুহ এজন বহিল। তেওঁ ক’বলৈ আৰম্ভ কৰিলে, “বুজিছা, মোৰ চাৰি চনৰ পৰাই।” মানে দুহাজাৰ চাৰি চনৰ কথা কৈছে।
সি সুধিলে, “কি?”
মানুহজনে উত্তৰ দিলে, “ডায়েবেটিছ।”
কেতিয়াবা এনেকুৱা হয় যে সি যদি কয় তাৰ ডায়েবেটিছ হোৱা নাই, তেতিয়া আনজনে সোধে সি চুগাৰটো ভালকৈ পৰীক্ষা কৰিছেনে বুলি। সি কয় যে এমাহ আগতে কৰি উঠিছে। তেতিয়া আনজনে কয়, ভাল ঠাইত আকৌ এবাৰ কৰি চোৱাটো উচিত। কিছুমানত ৰিপ’ৰ্ট ভুল ওলায়।
প্ৰথমতে মানুহৰ আগত সি তাৰ যে ডায়েবেটিছ হোৱা নাই, তাৰ খীণোৱা কাৰ্যৰ অন্তৰালত যে গেষ্ট্ৰিক নামৰ বেমাৰটোৰ এটা ষড়যন্ত্ৰহে জড়িত হৈ আছে, সেইটো ক’বলৈ চেষ্টা কৰিছিল। কিন্তু সি বুজি পালে যে তাৰ এই কাহিনী গ্ৰহণ কৰা মানুহ নাই। সেয়ে এতিয়া সি বিশেষ উত্তৰ নিদিয়াকৈ কেৱল হাঁহি এটা মাৰি থৈ দিয়া কৰিছে।

দীপেনদাৰ লগত তাৰ সংযোগ বহু আগৰেপৰাই। তাৰ প্ৰাক্তন ছাত্ৰ অমৰ, কুলেন, ৰাজীৱ, গৌৰাংগহঁতৰ এটা সামাজিক-সাংস্কৃতিক অনুষ্ঠান আছে, সেইটোৰ বিভিন্ন কাম-কাজত মাজে সময়ে তাকো সিহঁতে বিচাৰে। সিয়ো পৰাখিনি কৰে। সিহঁতৰ অঞ্চলৰ এগৰাকী সক্ৰিয় সাংস্কৃতিক কৰ্মী হিচাপে দীপেনদাকো সিহঁতৰ বিভিন্ন অনুষ্ঠানত জড়িত কৰা হয়। তেনেকৈয়ে দীপেনদাৰ সৈতে তাৰ যোগাযোগ হৈ থাকে মাজে সময়ে। সেয়ে যেতিয়া দীপেনদাৰ মাক ঢুকাল, সি গৌৰাংগহঁতৰ সৈতে দীপেনদাহঁতৰ ঘৰলৈ খবৰ কৰিবলৈ গ’ল। সি যোৱাত দীপেনদাই বৰ ভাল পালে; তেওঁ খুব জোৰ কৰিলে মৎস্যস্পৰ্শৰ দিনা যেন সি যেনেতেনে আহে।
ইমানকৈ মাতিছে যেতিয়া মৎস্যস্পৰ্শৰ দিনা যোৱাটো ভাল হ’ব – সি ভাবিলে। যিদিনা মৎস্যস্পৰ্শ, সেইদিনা সি ৰাতিপুৱা ৰাজীৱক ফোন কৰি ক’লে যে দীপেনদাহঁতৰ ভোজলৈ যাওঁতে যেন সিহঁতে তাকো লগ ধৰি নিয়ে। এনেকুৱা অনুষ্ঠানত অকলে যাবলৈ ভাল নালাগে।
এলোপেথিক চিকিৎসকৰ অধীনত গেষ্ট্ৰিকৰ চিকিৎসা বহুদিন ধৰি চলাই নিও ভাল নোপোৱাত সি তাৰ সহকৰ্মী মৃগাংকৰ পৰামৰ্শক্ৰমে এগৰাকী নাম থকা আয়ুৰ্বেদিক চিকিৎসকক দেখুৱাইছিল। মৃগাংকই কৈছিল, “বাদ দিয়াহে এই এলোপেথিক ঔষধবোৰ। এইবোৰে বেমাৰ ভাল কৰক চাৰি নতুনকৈ দুটা বেমাৰ বঢ়াবহে। তাতকৈ আয়ুৰ্বেদিক চিকিৎসা লোৱা।” আয়ুৰ্বেদিক চিকিৎসকগৰাকীয়ে তাক কেইবাটাও টেবলেট খাবলৈ দিছিল। তাৰে এবিধ টেবলেট এবাৰত দুটাকৈ দুপৰীয়া আৰু ৰাতি ভাত খোৱাৰ আগতে খাব লাগে। দীপেনদাহঁতৰ ভোজৰ দিনা দুখন বাইকেৰে ৰাজীৱ আৰু অমৰ আহিল তাক লগত নিবলৈ। সি ভাবিলে, ভাত খোৱাৰ আগতে খাবলগীয়া টেবলেট দুটা সি ঘৰতে খাই যাব; অন্য টেবলেট হ’লে সি জেপত ভৰাই লৈ গৈ ভাত খোৱাৰ সময়টো অনুমান কৰি সেইমতে তাতো সেইটো খাব পাৰিলেহেঁতেন। কিন্তু এইবিধ টেবলেট টেমাত ভৰোৱা থাকে, গোটেই টেমাটোকে জেপত লৈ যাবলৈ ভাল নালাগে। এনেয়ো দীপেনদাৰ ঘৰলৈ তাৰ ঘৰৰ পৰা বাইকেৰে পাঁচ মিনিটৰ বাট। ঘৰতে টেবলেটটো খালে, গ’ল, ভাত খাবলৈ মাতিলে — এনেদৰে সময়টো ঠিকেই মিলিব।
দীপেনদাৰ ঘৰ পাই দেখে এজাক মানুহে ভাত খাই আছে, আৰু যিমানে খাই আছে তাৰ দুগুণমান মানুহ ৰৈ আছে পাছৰবাৰ খোৱাৰ সুযোগ পোৱাৰ অপেক্ষাত। ৰৈ থকা মানুহৰ সংখ্যা ইমানেই বেছি যে বহিবলৈ চকী নাপাই কিছুমানে বাহিৰত থিয় হৈ আছে। কিছু সময় অপেক্ষা কৰাৰ পাছত খাই থকাখিনিৰ খোৱা হৈ গ’ল আৰু ইতিমধ্যে ৰৈ থকা মানুহখিনিক খাবলৈ মতা হ’ল। তেওঁলোকৰো গোটেইখিনি মানুহে সেইবাৰ সুযোগ নাপালে। দেৰিকৈ যোৱা উৎপলহঁতক এতিয়াই মতাৰ কথাই নাহে। উৎপলে দেখিলে সি যদি ইয়াৰ পাছৰবাৰতো খোৱাৰ সুযোগ পায় তথাপিও তাৰ টেবলেট খোৱাৰপৰা বহুত দেৰি হৈ যাব। এনেকুৱা হ’ব বুলি সি ভবা নাছিল। কিন্তু উপায়ো নাই। তথাপি সি এবাৰ ৰাজীৱক ক’লে যে এনেই সি দেৰিকৈ খাবলৈ বেয়া নাপায় যদিও সি টেবলেট খাই অহা বাবে দিগদাৰি হৈছে। কথাটো শুনি ৰাজীৱে খোৱা লোৱাৰ তদাৰক কৰি থকা গৌৰাংগক মাতি আনি ক’লে, “ছাৰৰ বাবে কিবা এটা কৰিব নোৱাৰিনে? ছাৰে টেবলেট খাইছে।” গৌৰাংগই গৈ দীপেনদাক ক’লে, “ছাৰে টেবলেট খাইছে।”
দীপেনদাই কথাটো শুনি ততাতৈয়াকৈ খোৱালোৱাৰ ঠাইলৈ গৈ তাত কিবাকৈ এখন আসন উৎপলৰ কাৰণে উলিয়ালে। গৌৰাংগই উৎপলক তালৈ মাতি নিলে। সি খাবলৈ বহিল।
ইতিমধ্যে গোটেই ৰভাথলীতে প্ৰচাৰিত গৈ গ’ল যে উৎপলে টেবলেট খাইছে। সি খাই থকা সময়তে মানুহবোৰৰ খোৱালোৱাৰ তদাৰক কৰি ইফালে সিফালে ঘূৰি ফুৰা দীপেনদাই এপাকত তাৰ কাষলৈ আহি ক’লে, “তুমি চিন্তা নকৰিবা। মোৰো একেই দিয়া।”
“কি?”
“ডায়েবেটিছ।”
তাৰ টেটুৰে ভাত কেইটাই যেন পাৰ হ’ব খোজা নাই, তেনেকুৱা লাগিল। কোনোমতে ভাতকেইটা গিলি সি উঠি আহি বাহিৰত চকী এখনত বহিল। কাষৰ চকীখনতে বহি আছে সিহঁতক কলেজত ৰাজনীতি বিজ্ঞান পঢ়ুওৱা অনন্ত ছাৰ। ছাৰে তাৰ পিনে চাই হাঁহি মাৰি ক’লে, “বুজিছা, আজিকালি এইবোৰ একো বেমাৰেই নহয়। সকলোৰে থাকেই।”
“কিহৰ কথা কৈছে, ছাৰ?”
“কিয়, ডায়েবেটিছ।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!