’ট’ৰে মাষ্টৰৰ আত্মকথা
লেখক- অ্ৰৰ্চন শৰ্মা
‘ট’ৰে মাষ্টৰ বুলি ক’লে সাধাৰণতে আজিকালি সকলোৱে টেট মাষ্টৰকে বুজে৷ বোলে এই টেট পৰীক্ষা ফালিলেহে মাষ্টৰ বুলিম! মই বোলো এহ ৰ’ব হে টেট পাছ নকৰিলেও ‘ট’ৰে আন এবিধ মাষ্টৰো হ’ব পাৰি, টিউশ্যন মাষ্টৰ, যাৰ লেবেলখন অমুকাৰ পিঠিত এনেকুৱা নিকপপীয়াকৈ লাগিল ঔ! এতিয়া সপোনতো মোৰ ভৱিষ্যত সন্তানৰ মাতৃৰ সলনি ঔ ছাৰ বুলি চিঞৰ মৰা ছাত্ৰ ছাত্ৰীহে দেখা পাওঁ।
আমাৰ দিনৰ টিউশ্যনবোৰ বেলেগ আছিল, ৰাতিপুৱা চাৰে পাঁচ বজাত উঠি ছয় বজাত পোৱাকৈ বুলেটৰ গতিৰে চাইকেল দৌৰাই টিউশ্যনলৈ দৌৰিছিলোঁ৷ ছাৰ-বাইদেউ সকল আছিল গহীন গম্ভীৰ, ধীৰ স্থিৰ, আজিকালি দিনকাল সলনি হ’ল৷ আজিকালি ছাত্ৰ-ছাত্ৰীৰ পচন্দৰ হ’বলৈ হ’লে হেনচু হোৱাটো হেনো বাধ্যতামূলক।
এদিনৰ কথা, প্ৰথম প্ৰথম মানুহ এঘৰত ক্লাছটো কৰিবলৈ গৈছোঁ মাত্ৰ, ল’ৰাজনৰ মাকে ওলাই আহি কৈছে: তোমাক দেখিয়ে আমাৰ বাবা খুচ বুজিছা, মোক আকৌ কৈছে “মা, ছাৰ তামাম ষ্টাইলিছ, ময়ো ছাৰৰ নিচিনাকৈয়ে চুলিখিনি মিলাই আহোঁ ৰ’বা”৷ বুজিছা, আমাৰ ই আকৌ মানুহ ধুনীয়া হ’লহে ভাল পায়!
ও.. খা এতিয়া, মই মনতে বোলো “হয় দিয়ক আইদেউ, দহ মিনিট দিয়ক মই কাষৰে পাৰ্লাৰখনত ফেচিয়েলটো কৰাই আহোঁ”৷
মুঠৰ ওপৰত পঢ়া-শুনা ধোঁৱাচাঙত উঠিল, ধুনীয়া হোৱাটো মেইন।
কেতিয়াবা ভাল ক্লাছ মিলিলে বোলো ভাগ্য ভাল, কেতিয়াবা আকৌ বাটতে থাকে মস্ত খাল। এনেকৈয়ে এবাৰ ক্লাছ এটা কৰাবলৈ গ’লোঁ৷ ল’ৰাৰ এমাহত মেট্ৰিক, মাক দেউতাকৰ চিন্তা কি পৰীক্ষাত কিমান নম্বৰ পালা…পঢ়াৰ টেবুলত পুত্ৰ আকৌ ব্যস্ত ’কি কৰিছা…’ এহ! কিবা ক’বলৈ গৈ কিবাহে ক’লোগৈ৷ বাৰু মূল কথালৈ আহোঁ৷ কিতাপখন মেলিয়ে ল’ৰাজনক সুধিলোঁ,
: তুমি কি ভাল পোৱা পঢ়ি?
: ছাৰ মই পঢ়িয়ে ভাল নাপাওঁ৷
ল’ৰাৰ পোনপটীয়া উত্তৰ। বপুৰাৰ জ্ঞানৰ অকণ সম্ভেদ লও বুলিয়ে ভাবিলোঁ প্ৰশ্ন দুটামানকে সুধি চাওঁ৷ চালোঁ বাৰু সুধি,
: বাৰু কোৱাচোন, ঘৰত থকা নিমখৰ ফৰ্মূলা কি?
: নাজানো ছাৰ, মায়ে সদায় বেলেগ বেলেগ আনে, কেতিয়াবা টাটা, কেতিয়াবা অংকুৰ কেতিয়াবা বেলেগ কিবা.. এহ ছাৰ বেলেগ কিবা সোধক
: বাৰু তেন্তে কোৱা নেমুটেঙাত কি থাকে?
: ছাৰ নেমুটেঙাত নিচা ফটাৰ ঔষধ থাকে
: কি! এইটো তুমি ক’ত গম পালা?
: ছাৰ গম পাওঁ আৰু, মায়ে মাজে মাজে দেউতাক খুৱাই নহয়!
ল’ৰাৰ উত্তৰ শুনি মই বেহুঁচ হ’বলৈ হে বাকী। অলপ পাছতে মাক ওলাই আহি সুধিছে,
: ছাৰ ই পঢ়াবোৰ পৰিছে নহয়? মানে ছাৰ এমাহত তাৰ পৰীক্ষা আছে, অন্ততঃ এইটটি পাৰ্চেণ্টমান আমি আশা কৰিব পাৰো আৰু দিয়কচোন।
তেওঁৰ কথা শুনি মোৰ অৱস্থা ফাঁট মেলা বসুমতী পাতালে লুকাও হেন, ল’ৰাৰ কথা সেয়া, মাকৰ আশা এয়া৷ গতিকে অনতিপলমে সেই ঠাই এৰি যি পলালো দুনাই আৰু নগ’লোঁ৷
আচলতে টিউশ্যন মাষ্টৰ হোৱাটো বিৰাট দায়িত্বৰ কাম, লগতে এই পৃথিৱীত কিমান প্ৰকাৰৰ বিস্কুট আৰু চানাৰ প্ৰজাতি আছে সেয়া কেৱল টিউশ্যন মাষ্টৰেহে জানিব পাৰে৷ লগতে টিউশ্যন মাষ্টৰক সৰ্ববিদ্যা বিশাৰদ বুলি ধাৰণা কৰি লোৱাটো এক চিৰকলীয়া পৰম্পৰা। লাগিলে আমি যিয়ে পঢ়ুৱাবলৈ নাযাওঁ কিয়, স্কুল প্ৰজেক্টকে ধৰি অসমীয়া ৰচনালৈকে আমিয়ে চাব লাগিব৷ এনেকৈয়ে মোৰ কপালৰ জোৰত চাবলৈ পোৱা ৰচনা এখনৰ সাৰাংশ হ’ল এনেধৰণৰ-
শংকৰদেৱৰ মাক দেউতাক নাছিল বাবে আইতাক খেৰৰ খুঁটিয়ে শংকৰদেৱক তেলত নাম লগাই দিয়ে, তাত তেওঁ গীত মাত ভাওনা আদি কৰি পুৰস্কাৰ লাভ কৰে, মাজে মাজে তেওঁ সাঁতোৰা, গৰু পিটা আদি কামো কৰিব লাগে। তাৰ পিছত তেওঁৰ সূৰ্যৱতীৰ জীয়েক কালিনীৰ লগত বিয়া হয় আৰু তেওঁৰ পত্নী ঢুকুৱাৰ পিছতে তেওঁ তীৰ্থ ফুৰিবলৈ যায়। এনেকৈয়ে এদিন তেওঁ মাধৱদেৱক লগ পায় আৰু পঢ়াবলৈ লয়, মাধৱদেৱেও ভাওনা কৰি আৰু বৰগীত গায় বৰ ভাল পায়। তেওঁৰ আৰু ছাত্ৰবোৰ হ’ল গোবিন্দ, ৰামৰাম, নৰাধম ইত্যাদি…
সেইখন ৰচনা পঢ়ি মই মূৰত পানী ল’ব লগা অৱস্থা, লগতে তলৰ ফালে দুটামান বাক্য ৰচনাৰ অৱস্থা এনে ধৰণৰ:
হাত লৰ: আমাৰ আইতা হাত লৰ।
(অৰ্থাৎ আইতাকৰ বৰকৈ হাত কঁপে)
জেউতি: জেউতি আজি ফুৰিবলৈ গৈছে
নপতা ফুকন: ফুকন চাচাই এতিয়াও বিয়া পতা নাই।
ছাত্ৰীৰ মাক তামিল, দেউতাক বেংগলী৷ গতিকে অসমীয়া শিকাই কোনে? যি জানে লিখিছে। সেইখন শুধৰাই শুধৰাই মোৰ অৱস্থা কাহিল।
সৰুবোৰৰ কথা নকওঁ বাৰু, ডাঙৰবোৰৰ কথা শুনিলে চকু কপালত উঠিও পাৰ হৈ যোৱাটো ধুৰূপ৷ গা ভাল নথকাৰ বাবে দুদিনমান ক্লাছ ল’ব পৰা নাছিলোঁ, ক্লাছ আৰম্ভ কৰাৰ পাছত সিহঁতৰ প্ৰশ্নৰ উপৰি প্ৰশ্ন
: ছাৰ আপুনি মাজতে কিয় অহা নাছিল?
: এহ ৰবা গাটো ভাল নাছিল
: অ… ছাৰ এই জিতে নহয় কিবা এটা কৈছিল
: কি কৈছিল?
: ছাৰ লাষ্টৰ ক্লাছটোত যে আপুনি আমাৰ টেষ্ট লৈছিল, আমি ভাবিছিলোঁ…
: কি ভাবিছিলা?
: নহয় মানে ছাৰ জিতক তাৰ স্কুলৰ ছাৰে কৈছিল, তাৰ বহীখন যিজন টিচাৰে চাব তেওঁ হেনো নিজে বিল্ডিঙৰ পৰা জপিয়াই দিব লাগিব৷ বিদ্যা ছাৰ, ইমান দিন আপোনাক নেদেখি আমি মানে ভাবিছিলোঁ, , , , , , আ, , , পু, , , , নি, , , , চা, , , গে
: ঐ মহাপণ্ডিত, ভাবিবলৈ আৰু কথা নাপালি?
: ছাৰ কচম কৈছোঁ, অথনি আন্ধাৰ ৰূমটোত আপোনাক দেখি প্ৰাচীয়ে ভূত ভূত বুলি চিঞৰি ঘৰলৈ পলাল।
😄, মজ্জা।