ভাপত দিয়া আমদৈ

লেখক- পঞ্চমী মুদৈ

মই কিদৰে কৰিছোঁ, প্ৰণালীটো দিলোঁ…
১)দৈ আধা গিলাচ (কিনিবলৈ পোৱা ডাঙৰ টেমা) ৰুমাল এখনত আধা ঘণ্টামান বান্ধি থৈ দিছোঁ পানী নিগৰিবলৈ।
২)পানীখিনি নিগৰি অকণমান টান মৰা যেন হ’লত তাতে আন্দাজ কৰি কনডেঞ্চড্ মিল্ক অলপমান (খাই চাব কিমান মিঠা লাগে) আৰু একাপ পেষ্ট কৰি লোৱা পকা আম (মই দুটা লেঙেৰা আম লৈছোঁ) মিহলাই লৈছোঁ।

তিনিওবিধ বস্তু ধুনীয়াকৈ মিহলি কৰি বাটি এটাত ঢালিছোঁ (মিশ্ৰণটোত মই এচিকুট ইলাচী গুড়িও দিছোঁ, নিদিলেও হ’ব)।
৩)কুকাৰৰ তলিতে অকণমান পানী(আধা ইঞ্চিমান) দি কেৰাহী থোৱা ষ্টেণ্ড এডাল বহাই দিছো আৰু তাতে দৈ-আমৰ মিশ্ৰণৰ বাটিটো বহাই দিছোঁ। কুকাৰৰ হুইচেল আৰু গেছকেটডাল খুলি দিছোঁ। ২৫মিনিট গেছৰ কম জুইত বহাই থৈ দিছোঁ। মই বেলেগে বাটিটোত সাঁফৰ দিয়া নাই, কুকাৰৰ সাঁফৰখনেই। এপাকত চুৰি এখনেৰে খুঁচি চাইছোঁ, পৰিষ্কাৰকৈ চুৰিখন ওলাই অহাত বাটিটো কুকাৰৰ পৰা উলিয়াই ফ্ৰীজত 3ঘণ্টামানৰ বাবে থৈ দিছোঁ। পিছত ইচ্ছা অনুসৰি কাটি পৰিবেশন কৰিছোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!