ভোটাৰ বৈৰাগীচৰণ

লেখক- শৈবাল মিত্ৰ

মূলঃ শৈবাল মিত্ৰ,
অনুবাদঃ গুনীন চৌধুৰী

:”অ’ বাপু, তহঁতে মোক লুচি-বুন্দিয়া খুৱাবিতো?”
কফ মিহলি খীন কণ্ঠস্বৰেৰে পাল্কিত বহি অহা বুঢ়াটোৰ প্ৰশ্নত বুঢ়া আৰু সঙ্গী হিচাপে অহা পাল্কিৰ দুই বেহেৰাই কোনো উত্তৰ নিদিলে। উত্তৰ দিও একো লাভ নাই। ইতিমধ্যে চাৰিবাৰমান বুঢ়াই সেই একেটা প্ৰশ্নই কৰিছে। প্ৰতিবাৰেই ল’ৰাকেইটাই উত্তৰ দি আছে। মলিনে এবাৰ কৈছিল -“অকল লুচি-বুন্দিয়া কিয়, ভাগ্য ভাল থাকিলে ‘আলুৰ দমো’ পাই যাব পাৰে।”
শুনি বুঢ়া বৰ সুখী হৈছিল। জিভাত জমা হোৱা পানীখিনি গিলি লৈ কৈছিল- “আহ! লুচি-বুন্দিয়া যে কিমান দিন খোৱা নাই!”
কিন্তু বাচ্ ইমানেই। অলপ পিছতে সকলো কথা পাহৰি গৈ আকৌ সোধে,”অ’ বাপু, লুচি-বুন্দিয়া খুৱাবিতো?”
ল’ৰাকেইটা এতিয়া চুপচাপ। সিহঁতে বুজি পাইছে- এয়া লোভ বা অবিশ্বাস নহয়, বুঢ়াৰ আচলতে স্মৃতি বিভ্ৰম ঘটিছে, শুনাৰ কিছু সময় পিছতে সকলো কথা পাহৰি যায়।
জেঠৰ দুপৰীয়া, উদং পথাৰখনত যেন জুইহে জ্বলিছে। সূৰ্যটো ঠিক মূৰৰ ওপৰত। নিৰ্জন, বিশাল সীমান্ত জুৰি কোনো মানুহ নাই; গৰু-ছাগলী, চৰাই-চিৰিকতি, গছ-লতা, একো নাই। গছৰ ছাঁ পৰ্যন্ত যেন গুম মাৰি আছে। কেৱল মাত্ৰ দুই এডাল বাবলা গছ ইতস্ততঃ কৰি থিয় হৈ আছে। কিন্তু সিহঁতৰো ছাঁ নাই, ছাঁবোৰ যেন মৰি গৈছে।
ঘোষাল পৰিয়ালৰ মুৰব্বী সাতষষ্ঠি বছৰীয়া বৃদ্ধ ভোটাৰ ফণীভূষণ ঘোষালক আনিবলৈ এখন পাল্কি লৈ কাঞ্চন আৰু মলিন দুপৰীয়া এঘাৰ বজাত সাঁজুয়ালৈ আহিছিল। ঘৰ পাই গম পালে – ঘোষাল বাবু দহ বজাৰ আগতেই অইন এখন পাল্কিত ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে। খবৰটো শুনি দুয়োজনেই হতাশ হয়। ফণীবাবু সিহঁতৰ নিশ্চিত ভোটাৰ। সেই ৰাতিপুৱাই কাৰ পাল্কিত ফণীবাবু নোহোৱা হৈ গ’ল, সেই কথা কাঞ্চন অথবা মলিন এজনেও ধৰিব নোৱাৰিলে। খালী পাল্কি লৈ ঘূৰি যোৱাৰ সময়ত গাঁৱৰ এঘৰত মূৰ গুজি বহি থকা এই বুঢ়া মানুহটোক পাল্কিত উঠাই লৈ আহিছে। ভোটাৰ তালিকাৰ পৰা বুঢ়াৰ নামটোও বিচাৰি উলিয়াইছে-বৈৰাগীচৰণ দাস, বয়স সাতানব্বৈ, দেউতাৰ নাম-শ্ৰীনিবাস দাস।
কাঞ্চনে হিচাপ কৰি উলিয়ালে-পাঁচ বছৰ আগৰ ভোটাৰ লিষ্ট, গতিকে এতিয়া মানুহজনৰ বয়স এশ দুইৰ কম নহ’ব।
উৎকট গৰমত গলি যোৱা আলিবাটেৰে পাল্কি আগবাঢ়িছে। পাল্কিৰ বেহেৰা দুজনৰ মুখত ‘হেই-আ, হেই-আ’ কৰাৰ মৃদু গুঞ্জন। পাল্কিত বহি বৈৰাগীচৰণে পিটপিটকৈ চাৰিওফালে চাইছে। হঠাৎ বৈৰাগীচৰণে ক’লে-“মই মুতিম।”
তেওঁৰ ভঙা ভঙা মাতটোৰ বাবে কোনেও নুশুনিলে। বুঢ়াই এইবাৰ অলপ ডাঙৰকৈ আকৌ ক’লে-“ঐ বাপুহঁত, মই মুতিম।”
কাঞ্চনৰ অসন্তুষ্টি- “ভাল বিপদ হ’ল দেখোন।”
মলিনে সঁহাৰি দিয়ে-“কোনো উপায় নাই, ভোটাৰ বুলি কথা এটা আছে।”
পথাৰৰ মাজত পাল্কিখন নমালে। কাঞ্চন আৰু মলিনে বুঢ়াক ধৰি উঠাব ধৰোঁতেই এজন বেহেৰাই চিঞৰি উঠিল-“চালা বুঢ়া, পাল্কিৰ ভিতৰতে প্ৰসাৱ কৰি দিলে।”
পাল্কিত পাৰি দিয়া ভিজা খেৰৰ ফালে চাই চাই দুই বেহেৰাই অকথ্য ভাষাৰে গালি-গালাজ আৰম্ভ কৰিলে।
বৈৰাগীচৰণ নিৰ্বিকাৰ, যেন কোনো কথা কাণলৈ যোৱাই নাই।
এজন বেহেৰাই গালি দিয়ে-“চালা মাউৰত মৰা।”
আনজনে ক’লে-“বেটাৰ ভিমৰতি ধৰিছে।”
তাৰপাছত পাল্কিৰ দুয়োজন বেহেৰাই আফ্চোচ কৰিবলৈ ধৰিলে-“আজি ৰাতি এখন বিয়াৰ বায়না লৈ থোৱা আছে। দৰা লৈ তিনিমাইল দূৰৰ নাদভাঙালৈ যোৱাৰ কথা। মুছলমান দৰা। সেয়া হওক বাৰু, তথাপি পইচা থকা মানুহ। এই কুলক্ষণীয়া বুঢ়াটোৱে সব শেষ কৰি দিলে।”
অলপ দেৰিকৈ হ’লেও বৈৰাগীচৰণে নিজৰ অপকৰ্মৰ কথা বুজি পালে। বুজি পাই লাজ আৰু ভয়ত কঁপিব ধৰিলে। কৈফিয়ৎ দিয়াৰ দৰে ক’লে :”এইটোৱে মোৰ দোষ, যোৱা দুকুৰিবছৰ ধৰি মোৰ গাত তত নাই, ক’ৰ পৰা যে কি হৈ যায় গমেই নাপাওঁ।”
:“বেমাৰটো কি?” – মলিনে সোধে।
:”বেমাৰ একো নাই অ’ বাপু। তেতিয়া মই ডাব-নাৰিকলৰ ব্যৱসায় কৰোঁ। এনেকুৱা ভৰ দুপৰীয়া এদিন ডাবগছৰ ওপৰৰ পৰা পৰি গ’লোঁ।”
:“হঠাৎ পৰি গ’ল নে?”
:“হঠাৎ ঠিক নহয়। ডাবগছৰ ওপৰলৈ উঠি গছত বহি লৈ বহু দূৰৈৰ ‘চটকল’ৰ ভাটিৰ চুঙা চাই থাকোঁতে মনটো যে কি হৈ গ’ল! বাচ, তাৰপিছত আৰু একো মনত নাই। কি যে কষ্ট পাইছিলোঁ, ভৰি দুখন পেটৰ ভিতৰলৈ সোমাই যোৱা যেন লাগিছিল।”
বয়সৰ ছাপ পৰি ওলমি যোৱা ছালেৰে ঢকা বৈৰাগীচৰণৰ মুখত অৱশ্যে আজি কোনো যন্ত্ৰণাৰ অভিব্যক্তি দেখা নগ’ল। দুখমনেৰে বুঢ়াই সুধিলে :”বাপুহঁত, মোক তহঁতে পথাৰত পেলাই থৈ নাযাৱাতো?”
কাঞ্চন আৰু মলিনে একো উত্তৰ নিদিলে। পাল্কিৰ বেহেৰা দুজনে বুঢ়াক উঠাই ল’বলৈ অমান্তি হ’ল। এই জঞ্জালৰ কাম সামৰি তাৰ পৰাই সিহঁতে গুচি যাবলৈ ওলাল। কাঞ্চনে বহুত বুজায় সিহঁতক। একপোন নতুন ঘাঁহৰ দাম আৰু ওপৰঞ্চি দুটকা ‘বকচিচ’ৰ লোভত শেষত পাল্কি উঠাই লয়।
মনৰ ভিতৰতে কাঞ্চনে ভাবে-“মুচিশা পালে তহঁতক মজা দেখুৱাম।” ‘হেই আ, হেই আ’ শব্দ কৰি তপত মুকলি পথাৰৰ মাজেৰে পাল্কি আকৌ আগবাঢ়িল। ভৰিৰ তলত ওখোৰা মোখোৰা তপত মাটি, বৰ ৰুক্ষ আৰু কঠিন। ভাব-ভঙ্গী দেখি বুজা যায়- কাঞ্চন আৰু মলিনে যেন জঁপিয়াই জঁপিয়াই খোজ কাঢ়িছে। দুইজন যুৱকৰ শব্দহীন গম্ভীৰ মুখখনৰ ফালে চাই মন বুজিবৰ বাবে বৈৰাগীচৰণে আকৌ সুধিলে-“লুচি আৰু বুন্দিয়া মোক খুৱাবিতো?”
:“নিশ্চয়। কথা দিছোঁ যেতিয়া খুৱাব লাগিবই।”
মলিনৰ কথা শুনি বুঢ়া বৰ সন্তুষ্ট হ’ল। তাৰপিছত আৰম্ভ হ’ল অবিৰত বকবকনি। সুধিলে-“ভোট কিহে বাপু?”
মলিনে ক’লে -“ভোট হ’ল এক গণতান্ত্ৰিক অধিকাৰ। কোনে দেশ শাসন কৰিব, সেইটো তুমি ঠিক কৰিবা।”
মলিনৰ কথা বুঢ়াই কি বুজি পালে, কোৱা টান। নিজৰ মনতে বিৰবিৰকৈ ক’লে-“বৰ ভাল কথা, বৰ ভাল কথা।”
:“তুমি কেতিয়াও ভোট দিয়া নাই?”
:”নাই এ বাপু, দুকুৰি বছৰ ধৰি অথৰ্ব হৈ পৰি আছোঁ। কঁকাল ভাঙি দুয়োখন ভৰি লৰচৰ কৰিব নোৱাৰোঁ। লেপেটা কাঢ়ি কাঢ়ি ঘৰ-বাহিৰ কৰোঁ, পুখুৰীলৈ যাওঁ। কোনে মোক ইমান দূৰলৈ লৈ যাব?”
:”তোমাৰ ঘৰৰ মানুহবিলাক ক’ত?”
:”সিহঁত গৈছে সৌ, তোমালোকৰ ভোট দিবলৈ।”
মলিনে আৰু কথা নবঢ়ালে। গৰম আৰু ৰ’দৰ প্ৰকোপত তাৰ শৰীৰ ছঠফট কৰিছে। পাল্কিৰ লগত তাল মিলাই, ওখোৰা মোখোৰা ৰাস্তাত খোজ কঢ়া অসুবিধাজনক।
বৈৰাগীচৰণে বকিয়েই আছে-“কোন ৰাতিপুৱাই ভোকত টোপনি ভাঙি যায়। উঠি কেইটামান মুড়ি আৰু অলপ পানী খাই খাই মুখৰ ফেন বাহিৰ হৈ যায়। কোনেও গুৰুত্ব নিদিয়ে। অথচ ঘৰত মানুহ ভৰ্তি, তিনিটা ল’ৰা, সিহঁতৰ ঘৈণীয়েক, নাতি-নাতিনী, নাতি-বোৱাৰী। কিন্তু এই বুঢ়াক চাওঁতা কোনো নাই।”
মলিনৰ কাণে কাণে কাঞ্চনে কয় -“ভোট দিবলৈ গৈ বুঢ়াই ডুবাব যেন পাইছোঁ।”
মলিনে কোনো উত্তৰ নিদিয়ে।
বুঢ়াৰ স্মৃতিশক্তি প্ৰমাণ কৰাৰ কাৰণে কাঞ্চনে সুধিলে -“তোমাৰ নাম কি?”
:”বৈৰাগীচৰণ দাস।”
:”দেউতাৰ নাম?”
প্ৰশ্নটো শুনি সঁচাকৈয়ে অঠাই পানীত পৰিল বৈৰাগীচৰণ। তেওঁৰ কপালৰ ওলমি পৰা চালখন আৰু কোঁচ খাই পৰিল। এটা পৰিচিত নাম বিচাৰি ঢেলা পৰা চকু দুটাই দিকহীন দিগন্তৰ ফালে অসহায়ভাৱে চাই থাকিল। কিন্তু কোনোমতেই দেউতাকৰ নামটো মনলৈ আনিব নোৱাৰিলে।
:”মনত পেলোৱাচোন।”
খুব খং উঠাৰ দৰে কাঞ্চনে কৈ উঠিল,
:“তোমাৰ দেউতাৰ নাম খগেন।”
কাঞ্চনৰ কথা বুজি নোপোৱাৰ দৰে বৈৰাগীচৰণে তাৰ ফালে আচৰিত হোৱাৰ দৰে চায়।
:”শ্ৰী নিবাস দাস।” মলিনে নামটো কোৱাৰ লগে লগে শিশুৰ দৰে আহ্লাদিত হৈ বুঢ়াই মূৰ জোকাৰি কয় -“ঠিক, ঠিক।”
:“কোনটো ছবিত ছাব মাৰিবা?”
বৈৰাগীচৰণ আকৌ বিপদত পৰিল। সাত-পাঁচ ভাবি দিশহাৰা হৈ যায় তেওঁৰ দুচকুৰ দৃষ্টি।
ধানখেতিৰ মাটি এৰি পাল্কি ওখ বস্তিৰ মাটি পালে। বৈৰাগীচৰণ অলপ পিচলৈ হাওলি পাল্কিৰ মাজত প্ৰায় শুই পৰিছে। ঠাইখিনিত কিছু সৰু-ডাঙৰ গছ আৰু গছৰ তলত অলপ অলপ ছাঁ পৰিছে। এডাল তালগছৰ ক’লা গাত, বগা ৰঙৰ এটা প্ৰতীক চিহ্নৰ সমুখত পাল্কিখন ৰাখি মলিনে সুধিলে -“এইখন কিহৰ ছবি?”
মুহূৰ্ততে বৈৰাগীচৰণৰ স্মৃতি সজাগ হৈ উঠিল। সোলা মুখখনত এট বিৰাট হাঁহিৰে তেওঁ বিৰবিৰকৈ কৰিলে-“মনত পৰিছে, মনত পৰিছে।”
অতিশয় বিৰক্তিত ৰুক্ষ স্বৰেৰে কাঞ্চনে মন্তব্য কৰিলে –“ঘোৰাৰ ডিম, বুঢ়াই ডুবাই দিব দেই।”
কাঞ্চন আৰু মলিনক পিচ পেলাই পাল্কিখন আগবাঢ়ি গৈছে। দুই বন্ধুৱে সিহঁতৰ প্ৰাৰ্থীৰ সম্ভাৱনাক লৈ আলোচনা কৰিছে। সিহঁতৰ প্ৰাৰ্থীজন যে জিকিব-সিহঁত নিশ্চিত। মাত্ৰ ভোটৰ পাৰ্থক্য লৈ দুয়োজনৰ মাজত অলপ অমিল হৈছে। কালি গোটেই ৰাতি টোপনি নাই। তাৰ উপৰি সেই ৰাতিপুৱাৰ পৰাই দৌৰা-দৌৰি আৰম্ভ হৈ গৈছে। দূৰ-দুৰ্গম ঠাই, গাঁৱৰ লৰ-চৰ কৰিব নোৱাৰা অক্ষম, পঙ্গু, ভোটাৰসকলক ভোটকেন্দ্ৰলৈ লৈ অনাৰ দায়িত্ব সিহঁতৰ ওপৰত পৰিছে। সংখ্যাত এনেকুৱা ভোটাৰ বৰ বেচি নহয়। বেভিভাগ দলেই এইবোৰৰ ভোট লৈ মূৰ নঘমায়। কিন্তু এইবাৰ প্ৰতিদ্বন্দ্বিতা জোৰদাৰ। অলাগতিয়াল ভোটসমূহো মূল্যবান হৈ পৰিছে। ৰাতিপুৱাৰ পৰা মলিন আৰু কাঞ্চনে এনেকুৱা লেখত নপৰা প্ৰায় ত্ৰিশজন ভোটাৰক ভোটকেন্দ্ৰলৈ লৈ আনিছে। অনিবাৰ্য ব্যস্ততাৰ বাবেই ফণী ঘোষালৰ ঘৰ গৈ পাওঁতে সিহঁতৰ অলপ দেৰি হ’ল। ফলত ফণী ঘোষালৰ সলনি সিহঁতে পালে বৈৰাগীচৰণক। বুঢ়াক মুচিশাৰ ভোটকেন্দ্ৰত গটাই দি সিহঁত দুটা আকৌ দৌৰিব লাগিব-পাল্কি লৈ, কাঞ্চন যাব চকমাণিক, আৰু ৰিক্সা লৈ মলিন যাব বাওয়ালিলৈ।
গভীৰ ক্লান্তি, অৱসাদত আচ্ছন্ন বৈৰাগীচৰণৰ চকুদুটা আপোনা আপুনি মুদ খাই আহিল। ওখ ৰাস্তা এৰি পাল্কি আকৌ পথাৰৰ আলিৰে আগবাঢ়িল। বাওঁফালৰ জন্তুৰ হাড়-মূৰ জমা হৈ থকা ঠাইখিনিত এটা মৃত গৰুক আগুৰি এজাক শগুনে ভোজ পাতিছে। ৰুক্ষ, শুকান, বিস্তীৰ্ণ পথাৰৰ মাজত কেৱল এই মৃত পশু-পক্ষী পেলোৱা ঠাইকণেই সেউজীয়া ঘাঁহ-বনেৰে আৱৰা। ওখ পিপল গছ এডালত অলপ পাত আছে। পিপল গছডালৰ কাষতে দুডাল শিমলু গছৰ ডালত পাত নাই যদিও কেইটামান ৰঙা ফুল ফাটি বগা ৰঙৰ তুলা বাহিৰ হৈ আহিছে। শিমলুৰ একেবাৰে ওপৰৰ ডালত এটা শগুন পোৱালিয়ে তীক্ষ্ণ স্বৰত চিঞৰি উঠাত বৈৰাগীচৰণৰ তন্দ্ৰা ভাঙি যায়। চকুৰে পিটপিটকৈ চাৰিওফালে চাই বুজিবলৈ চেষ্টা কৰিলে-ঘটনাটো কি। তাৰপিছত আকৌ সেই একে প্ৰশ্ন -“অ’ বাপু, মোক লুচি-বুন্দিয়া খুৱাবিতো?”
মলিনে কোনো উত্তৰ নিদিলে। জেপৰ পৰা লেতেৰা ৰুমাল এখন উলিয়াই লৈ কাঞ্চনে কপালৰ ঘাম মচি লয়। পথাৰৰ ৰাস্তাত এতিয়া দুই-চাৰিজন মানুহ দেখা পোৱা গৈছে- ভোট দি উভতি আহিছে। পাল্কিৰ মাজত বেঁকা হৈ বৈৰাগীচৰণৰ বহি থকা ভঙ্গী দেখি পথচাৰী এজনে সুধিলে –
:“ও ককা, কলৈ যায় নো?”
পথচাৰীজনৰ সঙ্গীজনে ধেমালি কৰি ক’লে,
:”বিয়া কৰাবলৈ যায় হ’বলা?”
:”কাৰ ঘৰৰ ছোৱালী বা?”
প্ৰশ্নটো শুনি বৈৰাগীচৰণে ফিক কৈ হাঁহি দিলে।
পথাৰ এৰি পাল্কি এতিয়া লোকালয় পালে। ইয়াতো পথ কেঁচা। কিন্তু জনবসতি আছে। ‘হৰ্ণ’ বজাই ধূলি উৰুৱাই দুৰন্ত গতিত চাইকেল ৰিক্সা অহা-যোৱা কৰিছে। ৰাস্তাটো যিঠাইত ইটাৰে বন্ধা ৰাস্তাৰ লগত লগ লাগিছে, সেই চ’কটোতে চামিয়ানা টানি মিঠাইৰ দোকান বহিছে। কাঠৰ তৈয়াৰী বাচনত ৰঙ দিয়া জিলাপী, অন্য এটাত বুন্দিয়াৰ থুপ। জিলাপী ৰখা পাত্ৰদুটাত সেউজীয়া ভেনা মাখি পৰি ভেন ভেন কৰি আছে। হঠাৎ অহা এজাক ধূলিৰ বৰষুণে জিলাপী আৰু বুন্দিয়াৰ ওপৰত ধূলিৰ চামনি পেলাই গ’ল। মিঠাইৰ দোকানৰ কাষত, হালধীয়া ৰঙৰ বাকচভৰ্তি আইচক্ৰীম বিক্ৰী কৰি আছে এজনে। যেন এক মেলাৰহে পৰিবেশ বিৰাজ কৰিছে। পাল্কিৰ বাহিৰলৈ মূৰ উলিয়াই বৈৰাগীচৰণে মুগ্ধ, বিহ্বল দৃষ্টিৰে জিলাপী আৰু বুন্দিয়াৰ ফালে চাই আছে- “ইমানবোৰ জিলাপী, ইমান বুন্দিয়া! আহ!” ভোতা হৈ পৰা নাকটোৰে এক দীঘল উশাহ টানে বৈৰাগীচৰণে।
পুৰণি এক স্মৃতি সুঁৱৰি বৈৰাগীচৰণ বিভোৰ হৈ পৰে। ঠিক তেতিয়াই এদল পুৰুষ-মহিলা আহি পাল্কিখন ঘেৰি ধৰিলে। পাল্কিৰ ভিতৰত বুঢ়াক দেখি হাঁহিত বাগৰি পৰিল।
:“অ’ ককা, ক’লৈ যায়?” – এজন ল’ৰাই সুধিলে।
:“ভোট দিবলৈ।” উত্তৰটো দিয়েই বুঢ়াই এগাল হাঁহি এৰি দিলে। এজনে ক’লে,
:“বুঢ়াৰ কঁকালৰ পৰা ধুতি খুলি গৈছে দেখোন?”
গোটেইখিনি বুঢ়াৰ পৰিয়ালৰে মানুহ। হঠাৎ ইমানবোৰ মানুহ একেলগে দেখি বুঢ়া আনন্দত আত্মহাৰা হৈ পৰে।
বৈৰাগীচৰণৰ ডাঙৰ ল’ৰা এতিয়া পৰিয়ালৰ মুৰব্বী। পাল্কিৰ ভিতৰত দেউতাকক দেখা পাই তেওঁ অলপ গম্ভীৰ হৈ গ’ল। তাৰপিছত কাঞ্চনক ক’লে,
:“ঘৰত থৈ আহিবা কিন্তু।”
মলিনে উত্তৰ দিলে-“নিশ্চয়।”
আৰু দুই ফাৰ্লংমান গ’লে পিচ ৰাস্তা, তাৰ পৰা অলপ আগবাঢ়ি গৈ সোঁফালে মুচিশা স্কুল। তাতেই ভোটকেন্দ্ৰ। পাল্কিৰ বেহেৰাৰ কপালৰ পৰা ঘাম সৰি পৰিছে। বুকু আৰু পেট পাৰ হৈ ঘাম ক্ৰমে তললৈ বাগৰি গৈছে।
পুতেকৰ কথাখিনি বুঢ়াৰ মনত লাগিছিল। তেওঁ সুধিলে -”বাপুহঁত, মোক ঘৰত থৈ আহিবিতো?”
মলিন আৰু কাঞ্চনে মুখ চোৱা-চুই কৰে। বৈৰাগীচৰণৰ কথাখিনি অলপ আগতে দুয়োজনে ভালকৈ শুনিছে। যোৱাৰ আগেয়ে দেউতাকৰ কাণে কাণে, ল’ৰাই কৈ যায়-“ভোট দি উঠিয়েই পাল্কিত আহি বহি থাকিবি। এইসকল ‘ভোটবাবু’ৰ কাম হৈ গ’লে আৰু চিনি নোপোৱা হয়।”
কথাখিনি কাণত পৰাত দুয়োজনে অপমানিত বোধ কৰি নুশুনা ভাও জুৰি পিচ মুখ দিয়ে। এতিয়া বৈৰাগীচৰণৰ প্ৰশ্নত কাঞ্চনৰ মেজাজ গৰম হৈ গ’ল। কিন্তু কাঞ্চনক কোনো কথা ক’বলৈ নিদি মলিনে উত্তৰ দিলে-”নিশ্চয় থৈ আহিম।”
মলিনৰ উত্তৰত বুঢ়া আশ্বস্ত হ’ল।
মূৰৰ ওপৰৰ সূৰ্য সামান্য এঢলীয়া হ’লেও ৰ’দৰ উত্তাপ কমা নাই। ভৰিৰ তলত ৰাস্তাৰ পিচ গলি আছে। খালি ভৰিৰে খোজ কাঢ়ি যোৱাতকৈ দৌৰিলে তাপ কম লাগে-পাল্কি কান্ধত লৈ দুইজন বেহেৰা দৌৰিছে। সিহঁতৰ লগত তাল মিলাবলৈ মলিন আৰু কাঞ্চনো দৌৰিছে।
বুঢ়া বৈৰাগীচৰণে সোধে -“অ’ বাপুহঁত, প্ৰতিবছৰে তহঁতৰ কিয় ভোট নহয়? তেতিয়াহ’লে পাল্কিত উঠিব পাৰিলোঁহেঁতেন।” দুই বন্ধু নিৰ্বাক।
:”অহাবছৰ ভোটৰ সময়ত মোক লৈ আহিবি দেই!”
প্ৰশ্নটো শুনি এক মুহূৰ্তৰ বাবে ইজনে সিজনৰ মুখলৈ চায়; কি উত্তৰ দিব ভাবিলে। ফণীভূষণৰ সলনি অন্য এক অদ্ভুত ভোটাৰক পাল্কিত উঠাই আনি সিহঁত অস্বস্তিত পৰিছে। মানুহজন গাঁৱলীয়া আৰু বুৰ্বক যেন লাগে।
প্ৰখৰ ৰ’দত গোটেই পৃথিৱীখন জ্বলি গৈছে। পিয়াহত মলিনৰ অণ্ঠ কণ্ঠ শুকাই যোৱাৰ দৰে হৈছে। বুঢ়াই আপোনমনে কথা কৈ গৈছে – “মই তেতিয়া ডেকা ল’ৰা। গাত অসুৰৰ বল। খাবও পাৰিছিলোঁ খুব। বাবুহঁতৰ ঘৰৰ বিশ্বকৰ্মা পূজাত ডেৰশখন লুচি আৰু ডেৰ সেৰ বুন্দিয়া খাইছিলোঁ। আহ! কি যে সুন্দৰ বুন্দিয়া। যেনেকুৱা সোৱাদ, তেনেকুৱা সুগন্ধি। ৰঙা, সেউজীয়া, হালধীয়া, ৰসে চৌ চৌ। ডাঙৰ ডাঙৰ কাঠলিচুৰ দৰে দানা, আজিও মুখত লাগি আছে। ‌প্ৰত্যেকদিনে বিশ-পঁচিশটা ডাব কাটি খাওঁ। হাত দুখন আৰু বুকুৰ ছাল গছত উঠা-নমা কৰোঁতে ঘহনি খাই চিঙি যায়-কি যে কষ্ট! তাৰপিছত ৰাতি যেতিয়া নতুন ঘৈণীৰ কাষত শুই পৰোঁ; সকলো কষ্ট জুৰ পৰি যায়।”
ঘৈণীয়েক অথবা বুন্দিয়াৰ স্মৃতিচাৰণৰ কাৰণেই হয়তো বৈৰাগীচৰণৰ ঢুলঢুলীয়া চকু দুটালৈ স্বাভাৱিক উজ্জ্বলতা ঘূৰি আহে। কেইবাখনো ৰিক্সা, চাইকেল হুলস্থূল কৰি ৰাস্তা কঁপাই বাখৰাহাটৰ ফাললৈ গুচি গ’ল।
:“সেই বিয়াৰ সময়তে এবাৰ পাল্কিত উঠিছিলোঁ। সেয়ে প্ৰথম আৰু সেয়ে শেষ। পিচে পাল্কিত উঠি কিন্তু বেচ আৰামা পোৱা যায় অ’ বাপু”- বৈৰাগীচৰণে কৈ যায়।
এডাল চিগাৰেট জ্বলাই লৈ কাঞ্চনে ঘনঘনকৈ টানিবলৈ ধৰে। ফোঁচফোঁচকৈ ধোঁৱা এৰি দিয়ে। চিগাৰেটৰ গোন্ধ নাকত লগাত বৈৰাগীচৰণে চিগাৰেট এডাল খোজে।
দ্বিতীয় এডাল চিগাৰেট নথকাত কাঞ্চনে নিজৰ চিগাৰেটডাল দি দিয়ে। বিৰাট স্ফূৰ্তি পাই চিগাৰেটডাল মুঠি মাৰি ধৰি লৈ দীঘল টান এটা মাৰে। বহু দিনৰ মূৰত চিগাৰেটত টান দিছে। বৈৰাগীচৰণৰ খুক খুক কাহৰ লগত তাল ৰাখি পাল্কিখন নাচি থকাত বেহাৰাকেইটা বিৰক্ত হ’ল। অলপ পিছতে পাল্কি আহি মুচিশা স্কুলৰ সমুখত ৰ’ল। বিৰাট ভীৰ, সকলো ব্যস্ত। পাল্কিখন নমাই দি বেহাৰাদুজনে গামোচাৰে মুখ মচি লৈ সেই গামোচাৰেই বতাহ লয়। কাঞ্চন আৰু মলিনে বৈৰাগীচৰণক ডাংকোলাকৈ লৈ জিৰণিৰ বাবে ‘ৰিজাৰ্ভ’ কৰি থোৱা ঠাইত বহাই দিয়ে। এক মিনিটৰ ভিতৰত বুথ কমিটিৰ গোপালবাবুৰ দায়িত্বত বৈৰাগীচৰণক গতাই দি কাঞ্চন আৰু মলিন নতুন ভোটাৰ আনিবলৈ দুয়ো দুফালে গুচি গ’ল। যোৱাৰ আগেয়ে গোপালবাবুক মলিনে ক’লে :“ভোট দিয়াৰ পাছত বুঢ়াক লুচি-বুন্দিয়া খুৱাই আকৌ পাল্কিত ঘৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব।”
:”তুমি সেইবিলাক চিন্তা কৰাৰ দৰকাৰ নাই”- গোপালবাবুয়ে ক’লে।
কাঞ্চন আৰু মলিন গুচি যোৱাৰ পিছতো বৈৰাগীচৰণে কিন্তু গম নাপালে যে তেওঁৰ যাত্ৰাকালৰ দুই সংগী বিদায় লৈছে। গোপালবাবু আৰু তেওঁৰ সংগী বাসু নামৰ স্বেচ্ছাসেৱকজনকে কাঞ্চন আৰু মলিন বুলি ভাবি থাকিল। ভোট দি উঠাৰ পিছত দুজন স্বেচ্ছাসেৱকে বৈৰাগীচৰণক আকৌ আনি জিৰণিৰ ঠাইখিনিত বহাই থ’লে। বৈৰাগীচৰণৰ চাৰিওফালে তেতিয়া বিৰাট ভীৰ। অঞ্চলটোৰ একমাত্ৰ শতায়ু গৰকা ভোটাৰ হিচাপে বৈৰাগীচৰণৰ নাম নথিভুক্ত হৈছে। ‘দৈনিক বাতৰি কাকত’ৰ এজন ফটোগ্ৰাফাৰে বৈৰাগীচৰণৰ তিনি-চাৰিখন ফটো ল’লে। তেওঁক লৈ কি ঘটি আছে বৈৰাগীচৰণে একো বুজি পোৱা নাই।
ভোকত তেওঁ অস্থিৰ হৈ পৰিছিল। গছৰ তলৰ মুকলি ঠাইত বহি তেওঁ চিঞৰি থাকিল-“অ’ বাপুহঁত, মোক কেতিয়া লুচি-বুন্দিয়া দিবি, মোৰ খুব ভোক লাগিছে।”
বৈৰাগীচৰণৰ ওচৰে-পাজৰে তেতিয়া কোনো নাই। কিছু সময় আগতে পাৰ্টি অফিচৰ পৰা জৰুৰী খবৰ অহাত গোপালবাবু আৰু বাসু গুচি গৈছে। যোৱাৰ আগেয়ে অৱশ্যে গোপালবাবুয়ে বুঢ়াক খুৱাই লৈ ঘৰলৈ পঠাই দিবলৈ, দিলীপ নামৰ এজন স্বেচ্ছাসেৱকক কৈ গৈছে।
দিলীপে কৈছিল-“গোপালদা, আপুনি চিন্তা নকৰিব, সকলো দায়িত্ব মোৰ।”
দিলীপে দায়িত্ব ঠিকেই পালন কৰিছিল। ‘বুঢ়া’ বুলি কওঁতে মুচিশা স্কুলৰ ওলোটাফালে চাইকেলৰ দোকানত বহি থকা ফণীভূষণ ঘোষালৰ কথা বুজি পাইছিল। খুব পৰিপাটিকৈ তেওঁক লুচি-বুন্দিয়া, পানী খুৱাই এখন খালী পাল্কিত দিলীপে ফণীভূষণক উঠাই দিলে। বট গছৰ তলৰ ঠাইখিনিত বহি থকা বৈৰাগীচৰণৰ ওপৰত দুই এবাৰ চকু পৰিছিল যদিও বুঢ়াৰ পোছাক-পৰিচ্ছদ আৰু চেহেৰা পাতি দেখি তেওঁক লুচি-বুন্দিয়া খুওৱাৰ যোগ্য ব্যক্তি যেন দিলীপৰ মনত নালাগিল। পাল্কিত বহি যেতিয়া ফণীভূষণ ঘৰলৈ ঘূৰিছে, গছতলত তেতিয়া প্ৰচন্দ ভোকত বৈৰাগীচৰণৰ পেটে কাউ কাউ কৰিছে। ভোকৰ জ্বালাত কাতৰ বুঢ়াৰ দুচকুৰ কোণৰ পৰা কেইটোপালমান লুণীয়া পানী শুকান, খীণ মুখৰ ওপৰেৰে বৈ আহিল। মাত্ৰ কেইটোপালমান। কিছু সময় পাছত, সেই পানী শুকাই মুখৰ খৰখৰীয়া চালৰ ওপৰত বগা সৰু ছাপ পৰি স্পষ্ট হৈ উঠিল। স্বেচ্ছাসেৱকবোৰৰ মাজত কেইবাবাৰো সাল-সলনি হোৱাৰ ফলত শেষ পৰ্যন্ত বুঢ়াক চোৱা-চিতা কৰিবলৈ কাকো পোৱা নগ’ল। অনাথ বৈৰাগীচৰণ গছৰ তলত অকলে পৰি থাকিল। বৈৰাগীচৰণৰ কঁকালৰ কাপোৰত বন্ধা আছে ভোটৰ কাগজখন। ভোট দিয়া ৰুমত সোমাই বেলট বাকচৰ সমুখত থিয় হৈ বহু চেষ্টা কৰিও বেলট বাকচৰ ফুটা বিচাৰি নাপাই কঁকালৰ খোঁচনিত সযত্নে ৰাখি থৈছে-মলিনৰ হাতত কাগজৰ টুকুৰাটো দি দিব বুলি।
তেতিয়ালৈকে সূৰ্য অস্ত গৈছে। অলপ আগতে ভোট পৰ্ব শেষ কৰি বাকচ তাকচ সামৰি নিৰ্বাচনী কৰ্মীসকল মুচিশা স্কুলৰ পৰা গুচি গৈছে। যোৱাৰ সময়ত মুকলিত শুই থকা বৈৰাগীচৰণক তেওঁলোকে দেখা পাইছিল। বৈৰাগীচৰণৰ কাষত চাৰিওফালে কুণ্ডলীৰ দৰে ঘেৰি থকা ৰাস্তাৰ লেৰেলা-চেপেটা, ঘা লগা কুকুৰটোকো তেওঁ লোকে দেখা পাইছিল।
এজনে কৈছিল -“সেই বুঢ়াটো নহয় জানো?”
দ্বিতীয়জনে সুধিছিল -“কোন বুঢ়া?”
:“আটাইতকৈ বয়স্ক ভোটৰজন।”
:“ধেৎ, এইজন ভোটাৰ নহয়, ভিখাৰী।”
তাৰপিছত ভোটাৰ আৰু ভিখাৰীৰ মাজৰ পাৰ্থক্য সম্পৰ্কীয় আলোচনাত মগ্ন হৈ জিলাৰ সদৰৰ ফালে আগবাঢ়িলে।
স্কুল কম্পাউণ্ড এতিয়া শূন্য, জনমানৱহীন। লাহে লাহে ঘন অন্ধকাৰত গছ-লতা, নিসৰ্গ প্ৰকৃতি মিলি যাব ধৰিছে। এআকাশ তৰা অন্ধকাৰ আকাশত জিকমিকাই উঠিছে। গছতলৰ অন্ধকাৰত এজন অচল, অক্ষম, আধামৰা মানুহৰ গোন্ধ পাই এদল ক্ষুধাৰ্ত শিয়াল গাঁতৰ পৰা ওলাই অন্ধকাৰ জঙ্ঘলৰ মাজেৰে আগবাঢ়ি আহি থাকে।
মুচিশা স্কুলৰ পৰা অলপ দূৰত পাৰ্টি অফিচত কেৰাচিন তেলৰ চাকিৰ পোহৰ ঘেৰি লৈ নিৰ্বাচনৰ সম্ভাব্য ফলাফলক লৈ নিৰ্বাচনৰ কৰ্মীসকলে জল্পনা কল্পনা কৰিছে।
হঠাৎ মলিনে সুধিলে-”বুঢ়াটোক ঘৰলৈ পঠোৱা হ’ল নহয়?”
কাঞ্চনে সুধিলে -“কোন বুঢ়া?”
:“সাঁজুয়াৰ বৈৰাগীচৰণ।”
:“নিশ্চয় পঠোৱা হৈছে”- কাঞ্চনে ক’লে।
:“বুঢ়া বৰ শিয়ান, ৰাস্তাত পৰি থকা মানুহ নহয়।”
:“লুচি-বুন্দিয়া খাইছিল নে?”
:“অহাবাৰ নিৰ্বাচনৰ আগেয়ে সেই কথা জনা নাযাব”- কাঞ্চনে ক’লে।
কাঞ্চনৰ কথা শুনি ঘৰটোৰ ভিতৰত থকা আটাইকেইজনে জোৰকৈ হাঁহি দিয়ে। মুচিশা স্কুলৰ ঠিক পিছফালে জঙ্ঘলৰ মাজত কেইটামান শিয়াল জলমল কৰা চকুৰে সৈতে যেন অপেক্ষা কৰি বহি আছে। সিহঁতক ঘেৰি লৈ জাক জাক জোনাকী পৰুৱা উৰি আছে। নিস্তব্ধ পৃথিৱী, বতাহো স্তব্ধ, আকাশখন যেন মাটিৰ সমান হৈ নামি আহিছে। বৈৰাগীচৰণৰ ওচৰত শুই থকা ৰুগ্ন, লেৰেলা কুকৰটো কিবা এক ভয়ত স্কুল চৌহদৰ মুকলি ঠাইখিনিৰ পৰা বজাৰৰ ফালে আঁতৰি গ’ল। আধা ভঙা টোপনিৰ জালত বৈৰাগীচৰণে সপোন দেখে-তেওঁৰ আগে পিছে চাৰিওফালে লুচি-বুন্দিয়াৰ পাহাৰ। বতাহত গৰম গৰম লুচি-বুন্দিয়াৰ ফুৰফুৰীয়া গোন্ধ ভাঁহি আহিছে। বৈৰাগীচৰণে গম নাপায়-এপাল ভোকাতুৰ শিয়াল ধীৰ খোজেৰে তেওঁৰ ফালে আগবাঢ়ি আহিছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!