শাসমলৰ শেষ ৰাতি

লেখক- সত্যজিত ৰায়

মূলঃ সত্যজিত ৰায়
অনুবাদঃ ৰঞ্জনা দত্ত

মিঃ শাসমলে আৰামী চকীখনত গাটো এৰি দি এটা স্বস্তিৰ নিশ্বাস পেলালে।
তেওঁ সাংঘাতিক ঠাই এখন বিচাৰি উলিয়ালে- উত্তৰ বিহাৰৰ এই ফৰেষ্ট বাংলোটো। ইয়াতকৈ নিৰিবিলি নিৰাপদ আৰু নিজঞ্জাল ঠাই আৰু একো হ’ব নোৱাৰে। কোঠাটোও সুন্দৰ। চাহেবি আমোলৰ মজবুত টেবুল চকী সজোৱা, আহল বহল বিছনা, চকচকীয়া পৰিষ্কাৰ, কোঠাৰ সতে সংলগ্ন বাথৰূমটোও বেছ ডাঙৰ। পশ্চিমফালৰ খিৰিকিখনেৰে ফিৰফিৰিয়া বতাহ আহিছে আৰু তাৰ সতে আহিছে জিলিৰ একসুৰীয়া মাত। লাইট নাথাকিলেও কোনো ক্ষতি নাই; কলিকতাৰ লোড শ্বেডিঙত থাকি কেৰাচিন তেলৰ পোহৰত পঢ়া-শুনা কৰাৰ অভ্যাস হৈ গৈছে। বাঙলোৰ লেমৰ পোহৰত বগা আইনাৰ শেড থকাৰ ফলত পোহৰটো কলিকতাৰ পোহৰতকৈ বেছি যেনহে ভাৱ হৈছে। লগত কিতাপ আছে- ডিটেকটিভ উপন্যাস; মিঃ শাসমলৰ প্ৰিয় বিষয়ৰ কিতাপ।
চকীদাৰজন বাদ দি বাংলোটোত আৰু কোনো বাসিন্দা নাই। অৰ্থাৎ আন কাৰো মুখ চাব লগা নহ’ব, কাৰো সতে কথা পাতিব লগা নহ’ব। বঢ়িয়া। দহদিনৰ আগতেই কলিকতাৰ টুৰিষ্ট অফিচলৈ গৈ এই বাংলোটোৰ কথা কৈ আহিছিলেগৈ; প্ৰায় চাৰি দিনৰ আগতে মিঃ শাসমলে তেওঁলোকৰ পৰা পোৱা চিঠিখনৰ যোগে গম পালে যে বাংলোটো বুক কৰা হৈ গৈছে। ইয়াত অন্তত তিনিদিন মান থাকি তাৰপিছত অন্য কৰবালৈ যোৱাৰ কথা ভাবিব। লগত যথেষ্ট টকা আছে; কষ্ট নোহোৱাকৈ এমাহমান চলাই নিব পৰা যাব। লগত নিজৰ গাড়ী আছে; এই চাৰে পাঁচশ কিলোমিটাৰ বাট গাড়ীখন নিজেই চলাই আহিছে।
চকীদাৰে তেওঁৰ কথামতে চাৰে নটা বজাত ডিনাৰ পৰিবেশন কৰিলে। শুকান ৰুটি, ৰহৰ ডাইল, এখন তৰকাৰি আৰু মুৰ্গী মাংসৰ জোল। ডাইনিং ৰূমতো চাহেবী আমোলৰ চিন বিদ্যমান। টেবুল, চকী, চিনামাটিৰ পাত্ৰ, সুন্দৰ নাম ফলক সকলো সেই সময়ৰ।
:”ইয়াত মহ আছে নেকি?”
মিঃ শাসমলে খাই খাই প্ৰশ্ন কৰিলে। কলিকতাৰ যি অঞ্চলত তেওঁৰ ফ্লেট, তাত মহ নাই। প্ৰায় দহ বছৰমান হ’ল আঁঠুৱাৰ অভ্যাসটো নোহোৱা হৈ গৈছে। সেইখন ব্যৱহাৰ কৰিব লগা নহ’লে আৰু কিছু নিশ্চিন্ত হ’ব পৰা যায়।
চকীদাৰজনে ক’লে যে জাৰকালি মহ ওলায়, কিন্তু এই সময়ত মানে এপ্ৰিলত আঁঠুৱাৰ দৰকাৰ হ’ব নালাগে। অৱশ্যে ষ্টকত আঁঠুৱা আছে, চাহাবৰ দৰকাৰ হ’লে লগাই দিব। চকীদাৰে এইটোও ক’লে যে ৰাতি দৰজা বন্ধ কৰি শোৱাই ভাল। চাৰিওফালে জঙ্ঘল; আন একো নহ’লেও শিয়াল-চিয়াল সোমাই আহিব পাৰে। মিঃ শাসমলে অৱশ্যে নিজেই ঠিক কৰিছিলে যে দৰজা বন্ধ কৰি থব।
খোৱাৰ পিছত ডাইনিং ৰূমৰ পৰা বাৰাণ্ডালৈ ওলাই আহি হাতত থকা টৰ্চটো জ্বলাই জঙ্ঘলৰ ফালে চালে। শাল গছৰ গুৰিৰ ওপৰত পোহৰ পৰিল। তাৰপিছত পোহৰটো ইফালে সিফালে ঘূৰাই জন্তু জাতীয় কিবা চকুত পৰে নেকি চালে। চকুত একো নপৰিল। হাবিখন নিস্তব্ধ। কেৱল আছে অবিৰাম ভাবে মাতি যোৱা জিলিৰ মাত।
:”বাংলোত ভূত-চুত ওলাই নেকি হে!”
মিঃ শাসমলে লঘুভাৱে প্ৰশ্ন কৰিলে।
চকীদাৰে খোৱাৰ বাচনবোৰ ঠিক কৰি নিজৰ কোঠাৰ ফালে গৈছিল, তেওঁ সামান্য হাঁহি এটা মাৰি জনালে যে তেওঁ ইয়াত পঁয়ত্ৰিছ বছৰ ধৰি আছে, বহুতো মানুহ এই বাংলোটোত থাকি গৈছে, কোনেও কেতিয়াও ভূত দেখা নাই। কথাটো শুনি মিঃ শাসমলৰ মনটো আৰু কিছু পাতল লাগিল।
ডাইনিং ৰুম পাৰ হৈ আৰু এটা কোঠাৰ পিছতেই তেওঁৰ নিজৰ কোঠাতো। সেইবাবে খাবলৈ যোৱাৰ সময়ত নিজৰ কোঠাৰ দুৱাৰখন বন্ধ কৰা নাছিল। কোঠাত সোমাই ভাৱ হ’ল দুৱাৰখন বন্ধ কৰি থোৱাই ভাল আছিল। এই ফাঁকতে কেতিয়া জানো এটা কুকুৰ সোমাই পৰিছে। নোম-চোম নথকা এটা ক্ষীণ কুকুৰ। বগাৰ ওপৰত মাটিয়া ৰঙৰ চাপ, ৰুগীয়া, হাড় ওলাই থকা চেহেৰা।
:”এই ছুহ্! যাঃ! – নিকালো হিঁয়াসে!”
কুকুৰটো কোঠাটোৰ এটা কোণত বহি আছে; ধমকিৰে একো কাম নহ’ল। যেন এইটো কোঠাতেই ৰাতিটো থাকিব এনে এটা ভাৱ লৈ বহি থাকিল।
:”এই কুত্তা ভাগ্- ভাগ্! ।”
এইবাৰ কুকুৰটোৱে মিঃ শাসমলৰ ফালে চাই দাঁত নিকটাই দেখুৱালে।
মিঃ শাসমল দুখোজ পিছুৱাই আহিল। সৰুকালত যেতিয়া বেকবাগানত আছিল তেতিয়া ওচৰৰ এঘৰৰ ল’ৰা এটাক পগলা কুকুৰে কামুৰিছিল। ফলত ল’ৰাটো জলাতঙ্কত আক্ৰান্ত হৈছিল। মিঃ শাসমলৰ স্মৃতিত সেইটোৱে এতিয়াও এক বিভীষিকাৰ আকাৰ ধাৰণ কৰি আছে। দাঁত নিকটাই থকা কুকুৰৰ ফালে আগুৱাই যোৱাৰ সাহস তেওঁৰ নাই।
আঁৰ চকুৰে এবাৰ কুকুৰটোৰ ফালে চাই মিঃ শাসমল কোঠাটোৰ পৰা বাৰাণ্ডালৈ ওলাই আহিল।
:”চকিদাৰ।”
:”বাবু!”
:”এবাৰ এইফালে আহাঁচোন।”
চকীদাৰে গামোছা এখনেৰে হাত দুখন মুছি মুছি ওলাই আহিল।
:”মোৰ কোঠাত এটা কুকুৰ সোমাইছে; তাক উলিয়াই দিয়াচোন।”
:”কুত্তা?” – চকীদাৰজন খুব অবাক হ’ল যেন ভাৱ হ’ল।
:”কিয়, এই অঞ্চলত কুকুৰ নাই নেকি? তুমি আকাশৰ পৰা পৰিলা যে! মোৰ কোঠালৈ আহা, দেখুৱাই দিওঁ।”
চকীদাৰে মিঃ শাসমলৰ ফালে কিছু সন্দিগ্ধ দৃষ্টিৰে চাই তেওঁৰ কোঠাত সোমাল।
:”কাঁহা হ্যায় কুত্তা বাবু?”
মিঃ শাসমলো তেওঁৰ পিছে পিছে কোঠাটোত সোমাল। সঁচাইতো, এই দুই মিনিটৰ ভিতৰতে কুকুৰটো পলালে। তথাপিও নিশ্চিন্ত হ’বৰ বাবে চকীদাৰে বিছনাৰ তল আৰু কাষৰ বাথৰূমটো চাই আহিলেগৈ।
:”নেহি বাবু, কুত্তা নেহি হ্যায়।”
:”আছিলে। গুছি গ’ল।”
মিঃ শাসমলৰ নিজৰে কিবা বুৰ্বক যেন লাগিছিল। চকীদাৰজন যোৱাৰ পিছত তেওঁ আৰামকৈ আৰামী চকীখনত বহি ল’লে। প্ৰায় শেষ হৈ পৰা চিগাৰেটতো কেৰমৰ গুটি মৰাৰ দৰে খিৰিকিৰ বাহিৰলৈ মাৰি পঠালে। দুহাত মূৰৰ ওপৰলৈ কৰি গাটো ভাঙিবলৈ লৈ দেখিলে-কুকুৰটো যোৱা নাই। নাইবা ইয়াৰ মাজতেই আকৌ ঘূৰি আহিছে আৰু সেই একে ধৰণে কোঠাটোৰ কোণাত থিয় হৈ আছে।
মহা জঞ্জাল! ৰাতিৰ ভিতৰতে তেওঁৰ নতুন হাৱাই চেন্দেলযোৰ বখলিয়াই শেষ কৰি পেলাব। পেলাই থোৱা চেন্দেলৰ ওপৰত কুকুৰৰ লোভৰ কথা মিঃ শাসমলে জানে। মাটিৰ পৰা বাটাৰ চেন্দেলজোৰ তুলি তেওঁ টেবুলৰ ওপৰত থৈ দিলে।
কোঠাটোৰ এজন বাসিন্দা বাঢ়িল। এতিয়া থাকক, শোৱাৰ আগেয়ে বপুৰাক খেদাবলৈ আৰু এটা চেষ্টা দিব লাগিব।
মিঃ শাসমলে হাতখন আগুৱাই টেবুলত থোৱা এয়াৰ-লাইনচ বেগটোৰ পৰা ডিটেকটিভ উপন্যাসখন উলিয়াই আনিলে। ভাঁজ কৰা পৃষ্ঠাখনৰ মাজত আঙুলিটো সুমুৱাই খুলিবলৈ ওলাওঁতেই তেওঁৰ চকু গ’ল কুকুৰটো থকাৰ বিপৰীত কোণলৈ। কেতিয়া যে আৰু এটা প্ৰাণী আহি সেইখিনি ঠাই দখল কৰি লৈছে সেইটো মিঃ শাসমলে একেবাৰেই গম পোৱা নাছিল।
এটা মেকুৰী! বাঘৰ দৰেই গাত আঁকবাক থকা এটা মেকুৰী। ঘোলা চকুহালেৰে তেওঁৰ ফালে চাই কুণ্ডলী পকাই বহি আছে।
মিঃ শাসমলে ভাবিলে এনেকুৱা এটা মেকুৰী তেওঁ ক’ত দেখিছে?
হয়, মনত পৰিছে। তেওঁৰ ঘৰৰ কাষৰ মুখাৰ্জীহঁতৰ সাতটা মেকুৰীৰ এটা আছিল একেবাৰে ইয়াৰ নিচিনা দেখিবলৈ। এদিন ৰাতি- মিঃ শাসমলৰ ঘটনাতো মনত পৰি গ’ল।
প্ৰায় ছমাহমান আগতে এদিন ৰাতি মেকুৰীৰ কান্দোনৰ শব্দত তেওঁৰ টোপনি ভাঙি গৈছিল। সেইদিনা তেওঁৰ মেজাজটো ভাল নাছিল। তেওঁৰ ব্যৱসায়ৰ অংশীদাৰ অধীৰৰ লগত তাৰ আগদিনাই ভীষণ কাজিয়া হৈছে-প্ৰায় মৰামাৰি। অধীৰে কৈছিল-পুলিছৰ ওচৰলৈ গৈ তেওঁৰ সকলো কাৰচাজি উদঙাই দিব। সেই অৱস্থাত টোপনি এনেয়েই ভাল হোৱা নাছিল, তাৰ ওপৰত এই মেকুৰীৰ কান্দোন। আৰু আধাঘণ্টা এই কান্দোনৰ উৎপাত শুনি আৰু ৰ’ব নোৱাৰি এটা গধূৰ পেপাৰওৱেট তুলি লৈ কান্দোনৰ উৎসৰ লক্ষ্য কৰি সজোৰে মাৰি পঠিয়াইছিল। কান্দোন তৎক্ষণাত বন্ধ হৈ গৈছিল। পিছদিনা ৰাতিপুৱা মুখাৰ্জীহঁতৰ ঘৰত হুলস্থূল কাণ্ড। তেওঁলোকৰ মৰমৰ হুলোক কোনোবাই মাজৰাতি নৃশংসভাৱে খুন কৰিছে। মিঃ শাসমলে কথাটো শুনি খুব আমোদ অনুভৱ কৰিছিলে।
মেকুৰীৰ খুন! সেইভাৱে চাবলৈ গ’লেতো মানুহে প্ৰতি দিনেই খুন কৰিছে।
তেওঁৰ মনত পৰিল এবাৰ-বহুতদিন আগৰ কথা, মিঃ শাসমল তেতিয়া কলেজত পঢ়ে, হোষ্টেলত থাকে-কোঠাৰ দেৱালত পৰুৱাৰ দীঘল শাৰী দেখি এখন বাতৰি কাকতৰ টুকুৰাত দেশলাইৰ কাঠিৰে জ্বলাই সেই পৰুৱাৰ শাৰীটোৰ এমূৰৰ পৰা আনটো মূৰলৈ সেই জ্বলি থকা কাগজখন চলাই নিওঁতেই সকলোবোৰ পৰুৱা একেলগে মৰি কোঁচ খাই দেৱালৰ পৰা মজিয়াত সৰি পৰিছিল। পৰুৱা খুন!

মিঃ শাসমলে ৰিষ্টওৱাচটোৰ ফালে চাই দেখিলে দশটা বাজি দশ মিনিট গৈছে। কেইমাহমানৰ পৰা মূৰৰ ভিতৰত এটা দপদপনিৰ ভাৱ অনুভৱ কৰি আছিল; সেইটো এতিয়া আৰু নাই। আৰু মূৰৰ ভিতৰৰ গৰম গৰম ভাৱটো, যিটোৰ বাবে তেওঁ দিনে তিনিবাৰকৈ গা ধুব লগা হয়, সেইটোও আৰু অনুভৱ কৰা নাই।
মিঃ শাসমলে কিতাপখন খুলি মুখৰ আগত মেলি ধৰিলে। দুই লাইনমান পঢ়ি আকৌ মেকুৰীটোৰ ফালে চকু গ’ল। সি তেওঁৰ ফালে এনেকৈ চাই আছে কিয়?
নাই, অকলে থকাৰ হেঁপাহটো তেওঁ বাদ দিব লগা হ’ল। অৱশ্যে মানুহ তেওঁতো অকলেই; সেইটোৱেই শান্তি। ৰাতি এই দুটা প্ৰাণীয়ে যদি উৎপাত নকৰে তেনেহ’লে টোপনি নহাৰ একো কাৰণেই নাই। টোপনিটোৰ খুব দৰকাৰ হৈ পৰিছে। যোৱা কেইদিনমান ধৰি স্বাভাৱিক কাৰণতেই তেওঁৰ ভালকৈ টোপনি অহা নাই। টোপনিৰ ঔষধ খোৱা আধুনিক নিচাটো তেওঁৰ নাই।
মিঃ শাসমলে টেবুলৰ পৰা লেম্পটো তুলি বিছনাৰ কাষৰ সৰু টেবুলখনত থলে। তাৰপিছত গাৰ চোলাটো সোলোকাই আলনাখনত থৈ, ফ্লাস্কৰ পৰা পানী এগিলাচ ঢালি খাই হাতত কিতাপখন লৈ বিছনাত শুই পৰিল।
ভৰিৰ ফালে কুকুৰটো। সি বহাৰ পৰা উঠি পৰিছে, দৃষ্টি মিঃ শাসমলৰ ফালে।
কুকুৰ খুন?
মিঃ শাসমলৰ বুকুখন ধড়াম কৈ মাৰিলে।
হয়, সেইটো এক ধৰণৰ খুনেই আছিল। ঘটনাটো মনত পৰি গ’ল। বোধহয় তেসত্তৰ চন। মিঃ শাসমলে গাড়ীখন তেতিয়া নতুনকৈ কিনিছে। চালক হিচাপে তেওঁ যথেষ্ট ‘ৰাশ্’। কলিকতাৰ ভীৰত স্পীড বঢ়োৱা সম্ভৱ নহয়, সেইবাবেই বোধহয় চহৰ এৰাৰ লগে লগেই মিঃ শাসমলৰ গাড়ীৰ স্পীড ওপৰৰ ফালে চৰচৰাই উঠি যায়। ৭০ মাইল স্পীড নুঠালৈকে তেওঁৰ মনটো যেন অতৃপ্ত হৈ থাকে। সেই অৱস্থাত এবাৰ নেচনেল হাইৱেৰে কোলাঘাটলৈ যোৱাৰ পথত এটা ৰাস্তাৰ কুকুৰ তেওঁৰ গাড়ীৰ তলত পৰিছিল। বগাৰ ওপৰত মাটিয়া ৰঙৰ চাপ। মিঃ শাসমলে তথাপিও গাড়ীৰ স্পীড কমোৱা নাছিল। যি কুকুৰে খাবলৈ নাপায় যাৰ বুকুৰ হাড় গণিব পাৰি সি বাঁচি থকাৰ লাভ কি-এনেকুৱা এটা ভাৱ লৈ নিজৰ মনৰ অপৰাধবোধ যে লাঘৱ কৰিবলৈ চেষ্টা কৰিছিল সেইটোও মনত আছে।
কিন্তু এই স্মৃতিটোৱে তেওঁৰ মনৰ নিৰুদ্বেগ ভাৱটো একেবাৰে ভাঙি তচনচ কৰি দিলে।
তেওঁ জীৱনত যিমান প্ৰাণী হত্যা কৰিছে সেই আটাইবোৰেই আহি এই ঘৰটোত হাজিৰ হ’ব নেকি? সেই যে প্ৰথম পোৱা এয়াৰ গানটোৰে মৰা কিচকিচিয়া ক’লা নাম নজনা চৰাইটো আৰু..
অ’ সেইটোও আহিছে।
খিৰিকিৰ ফালে চকু পৰোঁতেই মিঃ শাসমলে সাপটো দেখিবলৈ পালে। চাৰি হাতমান দীঘল এডাল ফেটি সাপ। তাৰ মিহি শৰীৰটো খিৰিকিৰে সোমাই দেৱালত লাগি থকা টেবুলখনত উঠিছেহি। এপ্ৰিল মাহত সাপ নোলায়; কিন্তু সাপ ওলাইছে।
সাপটোৰ তিনিভাগৰ দুভাগ টেবুলখনৰ ওপৰত। বাকী এভাগ টেবুলৰ পৰা ওপৰলৈ উঠি আহিল ফনা তোলাৰ ভঙ্গীত। লেমৰ পোহৰত চকচক কৰিছে তাৰ নিৰ্মম নিস্পলক চকু দুটা।
ঝাড়গাঁৱৰ তেওঁৰ মোমায়েকৰ ঘৰত মিঃ শাসমলে ঠিক এনেকুৱাই এটা ফেটী সাপৰ মূৰটো ইটা মাৰি থেতেলিয়াই পেলাইছিল। সেইটো হেনো তেওঁলোকৰ ভেটীতে থকা বাস্তুসাপ আছিল, কোনোদিন কাৰো অনিষ্ট কৰা নাছিল।
মিঃ শাসমলে অনুভৱ কৰিলে তেওঁৰ ডিঙিটো একেবাৰে শুকাই গৈছে। চিঞৰি যে চকীদাৰজনক মাতিব তাৰ কোনো উপায় নাই।
বাহিৰত জিলিৰ মাত বন্ধ হৈ এতিয়া এক অপাৰ্থিৱ নীৰৱতাই বিৰাজ কৰিছে। হাতঘড়ীটোৰো কোনো শব্দ নাই, নহ’লে তেওঁ শুনিলেহেঁতেন! এবাৰ ভাৱ হ’ল তেওঁ হয়তো সপোন দেখিছে। আজিকালি দুই এবাৰমান এনেকুৱা হৈছে। নিজৰ কোঠাত নিজৰ বিছনাত শুই শুই হঠাত ভাৱ হৈছে তেওঁ যেন অন্য কৰবাত আছে, কোঠাৰ ভিতৰত অচিনাকি মানুহ কিছুমান ঘূৰি ফুৰিছে, অস্ফুট স্বৰেৰে কথা পাতিছে। কিন্তু সেইটো অকণমান সময়ৰ বাবেহে। টোপনি যোৱাৰ ঠিক আগৰ সময়খিনিত বোধহয় এনেকুৱা হয়। এইটোও একধৰণৰ সপোন, যদিও পুৰাপুৰি সপোন নহয়।
আজি অৱশ্যে তেওঁ সপোন দেখা নাই। নিজৰ গাত চিকুট মাৰি চাই বুজিছে তেওঁ সাৰ পাই আছে। যিবোৰ ঘটিছে, সঁচাই তেওঁৰ চকুৰ আগত ঘটিছে, আৰু তেওঁক দেখুৱাবৰ বাবেই ঘটিছে।
মিঃ শাসমলে আৰু কেইঘণ্টামান এইদৰে শুই থাকিল। ইতিমধ্যে কোঠাৰ ভিতৰত মহ সোমাইছে। এতিয়ালৈকে মহৰ কামোৰ তেওঁ অনুভৱ কৰা নাই, কিন্তু সিহঁত যে ওচৰে পাজৰে ঘূৰি ফুৰিছে সেইটো চকুৰে দেখি আৰু কাণেৰে শুনি ধৰিব পাৰিছে। জীৱনত কিমান যে মহ মাৰিছে তাৰ হিচাপ আছে?
প্ৰাণীবোৰৰ পৰা উৎপাতৰ কোনো ইঙ্গিত নাপাই মিঃ শাসমলে কিছু স্বস্তিবোধ কৰিলে। অকণমান শুবলৈ চেষ্টা কৰিলে কেনে হয়?
লেমটো কমাবলৈ হাতখন আগবঢ়াওতেই বাহিৰৰ পৰা এটা শব্দ শুনা গ’ল। বাংলোৰ গেটৰ পৰা বাৰাণ্ডাখনলৈকে বাটচোৱা সৰু সৰু পাথৰেৰে ঢকা। সেই পথটোৰে কোনোবা খোজকাঢ়ি আহিছে।
চাৰিঠেঙীয়া নহয় দুঠেঙীয়া।
এইবাৰ মিঃ শাসমলে ধৰিব পাৰিলে যে তেওঁৰ সৰ্বাঙ্গ ঘামেৰে তিতি গৈছে আৰু তেওঁৰ বুকুৰ ধপধপনিৰ শব্দ তেওঁ নিজৰ কাণেৰেই শুনিবলৈ পাইছে।
কুকুৰ আৰু মেকুৰীটোৰ দৃষ্টি এতিয়াও তেওঁৰ ফালে। মহবোৰে তেওঁৰ কাণৰ কাষত গান গাই গৈছে। সাপটোৱে এতিয়াও ফণা তুলি আছে, কোনো অদৃশ্য সাপ নচুওৱা মানুহৰ নুশুনা বাঁহীৰ তালে তালে যেন সেই ফণাখন লৰি আছে।
খোজৰ শব্দ এইবাৰ বাৰাণ্ডাত। আগুৱাই আহিছে।
ফুৰুৎ কৈ এটা ক’লা চৰাই খিৰিকিৰ ভিতৰেৰে সোমাই আহি টেবুলখনত বহিল। এইটোৱেই সেই চৰাইটো-তেওঁৰ এয়াৰ গানৰ গুলি খাই যিটোৱে ওপৰৰ পৰা টুপ্ কৈ সৰি পৰিছিল কাষৰ মানুহ ঘৰৰ বাৰীত।
ভৰিৰ শব্দ তেওঁৰ কোঠাৰ দুৱাৰমুখত আহি ৰ’লহি।
মিঃ শাসমলে জানে কোন আহিছে। অধীৰ। অধীৰ চক্ৰবৰ্তী। তেওঁৰ পাৰ্টনাৰ। এসময়ত বন্ধু আছিল কিন্তু বৰ্তমান কথাবতৰা একেবাৰে বন্ধ হৈ গৈছিল। মিঃ শাসমলৰ ব্যৱসায়িক কাৰচাজি অধীৰৰ পচন্দ হোৱা নাছিল। তেওঁক ধমকি দি কৈছিল পুলিছক ধৰাই দিব। মিঃ শাসমলে ওলোটাই কৈছিল- ব্যৱসায়ৰ ক্ষেত্ৰত চিধা ৰাস্তাটো হৈছে মুৰ্খৰ ৰাস্তা। অধীৰে সেইটো মানি লোৱা নাছিল। এইটো আগৰ পৰা জনা থাকিলে তেওঁ অধীৰক কেতিয়াও অংশীদাৰ নকৰিলেহেঁতেন। তেওঁ বুজি পাইছিল যে অধীৰ তেওঁৰ পৰম শত্ৰু। শত্ৰু নাইকিয়া কৰিব লাগে।
মিঃ শাসমলে নাইকিয়াও কৰিছিল। কালি ৰাতি অধীৰৰ বহা কোঠালিত দুয়োজন মুখামুখিকৈ বহিছিল। মিঃ শাসমলৰ পকেটত ৰিভলভাৰ আছিল। হত্যাৰ অভিপ্ৰায় লৈয়েই গৈছিল তেওঁ। মাত্ৰ চাৰি হাত দূৰত অধীৰ বহি আছিল। অধীৰৰ মাতটো যেতিয়া ভৎসৰ্না শীৰ্ষত উঠিছিল তেতিয়াই ৰিভলভাৰটো উলিয়াই মিঃ শাসমলে গুলি চলাইছিল। তেওঁ হাতত আগ্নেয়াস্ত্ৰ দেখি এসময়ৰ বন্ধু অধীৰ চক্ৰবৰ্তীৰ মুখৰ অৱস্থা যেনেকুৱা হৈছিল সেইটো ভাবি মিঃ শাসমলৰ হাঁহি উঠিছিল। হত্যাটো কৰাৰ কেইমিনিটমান পিছতেই তেওঁ নিজৰ গাড়ীখন লৈ ওলাই আহিছিল। ৰাতিটো বৰ্ধমান ষ্টেছনৰ ওৱেটিং ৰূমত কটাই আজি ৰাতিপুৱাই দহদিন আগতে ৰিজাৰ্ভ কৰা বাংলোটোলৈ বুলি যাত্ৰা কৰিছিল।
দুৱাৰত শব্দ হ’ল। এবাৰ, দুবাৰ, তিনিবাৰ।
মিঃ শাসমলে দুৱাৰখনৰ ফালে চাই আছে। তেওঁৰ সৰ্বশৰীৰত কঁপনি উঠিছে, উশাহ বন্ধ হৈ আহিছে।
:”দৰজা খোল জয়ন্ত। মই অধীৰ, দৰজা খোল।”
যি জনক কালি ৰাতি হত্যা কৰি আহিছে, সেই অধীৰ। কালি এটা কাৰণে তেওঁৰ মনত সন্দেহ হৈছিল হত্যাটো ঠিক ধৰণে হ’লনে নাই, কিন্তু এতিয়া আৰু সন্দেহ নাই। সেই কুকুৰটো, সেই মেকুৰীটো, সেই সাপ আৰু চৰাই- আৰু এতিয়া দৰজাৰ বাহিৰত অধীৰ। সকলো যেতিয়া মৃত্যুৰ পিছত আহিছে অধীৰো আহিব, এইটো জনা কথা।
দৰজাখন এইবাৰ জোৰে জোৰে ঢকিয়াইছে।
মিঃ শাসমলৰ দৃষ্টি ধোঁৱাকোৱা হৈ পৰিছে, কিন্তু তেওঁ দেখিছে কুকুৰটো তেওঁৰ ফালে আগুৱাই আহিছে, মেকুৰীটোৰ চকু তেওঁৰ নিজৰ চকুৰ এহাতৰ ভিতৰত, সাপডালে টেবুলৰ পৰা মজিয়াত নামি তেওঁৰ ফালে আগুৱাই আহিছে, চৰাইটো আহি তেওঁৰ বিছনাৰ ওপৰত বহি পৰিছে, তেওঁৰ বুকুত গেঞ্জীৰ ওপৰত অসংখ্য পৰুৱা আহি ভৰি পৰিছে….
অৱশেষত দুজন কনিষ্টবলৰ ঠেলাত দৰজাখন ভাঙিল।
অধীৰবাবুৱে কলিকতাৰ পৰা পুলিছ লৈ আহিছে। মিঃ শাসমলৰ কাগজপত্ৰবোৰৰ মাজত টুৰিষ্ট ডিপাৰ্টমেণ্টৰ পৰা অহা এখন চিঠি পোৱা গৈছিল। এই বাংলোটোত ৰিজাৰ্ভ কৰাৰ কথা আছিল তাত।
কোঠাটোত সোমাই মিঃ শাসমলক মৃত অৱস্থাত দেখি ইন্সপেক্টৰ সামন্তই অধীৰবাবুক সুধিলে তেওঁৰ পাৰ্টনাৰৰ কিবা বেমাৰ আছিল নেকি। অধীৰবাবুৱে ক’লে-
:”হাৰ্টৰ কথা নাজানো কিন্তু কিছুদিনৰ পৰা তেওঁৰ মূৰৰ কিছু গোলমাল হৈছিল। যিদৰে টকা ইফাল সিফাল কৰিছিলে, যিদৰে মোক ঠগিছিল সেইটো সুস্থ মস্তিস্কৰ মানুহৰ বাবে সম্ভৱ নহয়। অৱশ্যে তেওঁৰ হাতত ৰিভলভাৰ দেখি সেই ধাৰণা আৰু বদ্ধমূল হ’ল। সঁচা কথা কবলৈ হ’লে, তেওঁ যেতিয়া পকেটৰ পৰা ৰিভলভাৰটো উলিয়ালে, তেতিয়া মই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ। তেওঁ গুলি মাৰি পলোৱাৰ পিছত প্ৰকৃতিস্থ অৱস্থালৈ আহিবলৈ মোৰ প্ৰায় দহ মিনিট মান সময় লাগিছিল। তেতিয়াই ঠিক কৰিছিলোঁ, এই উন্মাদটোক পুলিছৰ হাতত গটাই দিব লাগিব। কিবা দৈৱক্ৰমত হে মোৰ মৃত্যু নহ’ল।”
মিঃ সামন্তই চেলাউৰিযোৰ কোঁচ খুৱাই ক’লে-
:”কিন্তু ইমান ওচৰৰ পৰা আপোনাক মিচ্ কৰিলে কেনেকৈ?”
অধীৰবাবুৱে সামান্য হাঁহি এটা মাৰি ক’লে-
:”কপালত মৃত্যু নাথাকিলে আৰু মানুহ কেনেকৈ মৰে কওকচোন! গুলি মোৰ গাত লগাই নাছিল। লাগিছিল চোফাখনৰ গাত। আন্ধাৰত লক্ষ্যভেদ কৰাৰ ক্ষমতানো কেইজনৰ থাকে? ৰিভলভাৰটো উলিওৱাৰ সময়তেই যে আমাৰ পাৰাটোত লোডশ্বেডিং আৰম্ভ হৈছিল!”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!