পদপথত পৰি থকা গল্পটো

লেখক- ববিতা কলিতা

চহৰখনলৈ মানুহজন নতুনকৈ আহিছে। অস্পষ্ট, মলিয়ন মানুহজন। পুৰণি পুৰণি লগা মানুহজনে নতুন চহৰখনত কিবা যেন বিচাৰি ফুৰিছে।
কেতিয়াবা যদি তেওঁ বিশাল হৰ্ডিং একোখনৰ তলত ৰৈ বৰ বৰ হৰফেৰে লিখা আখৰবোৰৰ মাজত কিবা বিচাৰিছে, কেতিয়াবা আকৌ পথৰ দাঁতিত পৰি থকা আৱৰ্জনাৰ দ’মবোৰ খুচৰিছে। কৃত্ৰিম আলোকেৰে জ্যোতিৰ্ময় হৈ থকা ভোগ্যবস্তুৰ দোকানবোৰৰ সন্মুখত তেওঁ একোবাৰ থমকি ৰৈছে, কেতিয়াবা আকৌ ঠেক গলি একোটাৰে সোমাই তেওঁ অলপ অলপকৈ এন্ধাৰত মিলি গৈছে।
পৃথিৱীৰ সকলো মানুহে বিচৰাৰ দৰেই তেৱোঁ বিচাৰি ফুৰে নেকি সেই একেকেইটা বস্তু-অন্ন, বস্ত্ৰ অথবা বাসস্থান? নে তাতকৈ এঢাপ আগুৱাই বিচাৰে তেওঁ ন্যায়, স্বাধীনতা, সমতা, অধিকাৰ, ব্যক্তিমৰ্যাদা…! নাই নাই, নিজক হেৰুৱাই সৰ্বস্বান্ত হোৱা মানুহে বিচাৰিবই বা কি? হয়তো তেওঁ বিচাৰি ফুৰিছে নিজক, নিজৰ হেৰুওৱা অস্তিত্বক।
কি নাম আছিল জানো মানুহজনৰ? চহৰখনৰ কোনেও জানিব বিচৰা নাছিল তেওঁৰ নাম। কামত নহা মানুহৰ নামৰেই বা কি দাম? ধূলি-বালিৰ ক’লা তৰপবোৰৰ আঁৰত তেওঁৰ গাৰ বৰণটো হেৰাই যোৱাৰ দৰে, জুটুলী-পুটুলী চুলিকোচাৰ আঁৰত তেওঁৰ মুখখন হেৰাই যোৱাৰ দৰেই, শতচ্ছিন্ন জধলা পোছাকযোৰৰ আঁৰত তেওঁৰ শৰীৰৰ গঠনটো হেৰাই যোৱাৰ দৰেই, কিহবাৰ আঁৰত হেৰাই গৈছিল হয়তো তেওঁৰ নামটো। পোহ নমনা পশু-পক্ষীবোৰৰ দৰেই হয়তো গৃহহাৰা মানুহবোৰক মাতিবলৈও কোনো নাম নাথাকে। য’ত মানুহজনৰ ঘৰখন এৰা পৰিছিল, হয়তো তাতে সৰি পৰিছিল তেওঁৰ নামটো। কি ঠিক, নতুন চহৰখনৰ অ’ত-ত’ত তেওঁ হয়তো নিজৰ নামটোকে বিচাৰি ফুৰিছিল।
পথৰ পৰা বুটলি লোৱা পেলনীয়া সামগ্ৰীৰে মানুহজনৰ হাতত কঢ়িয়াই ফুৰা মোনাখন লাহে লাহে স্ফীত হৈ পৰিছিল। বেলুনাকৃতিৰ মোনাখন চোঁচৰাই চোঁচৰাই তেওঁ চহৰখনৰ ইমূৰ-সিমূৰ বাটকুৰি বাই ফুৰিছিল। তেওঁৰ বাবে নতুন চহৰখন আছিল, তেওঁক লগাতকৈও বেছি আহল-বহল। ৰাতি শুব পৰাকৈ পদপথবোৰো আছিল নিৰ্জন, নিশ্চল।
দিনতকৈ তেওঁ হয়তো ৰাতিকেই বেছি ভাল পায়। ৰাতি হ’লে মানুহবোৰৰ সৈতে শুই পৰে তেওঁলোকৰ ব্যস্ততা, অস্থিৰতা, প্ৰতিযোগিতা, দুঃশ্চিন্তা সকলো। দিনত সকলোৰে পৰা লেইলেই-চেইচেই শুনি থকা মানুহজনে হয়তো ৰাতি নিজকে শুই পৰা পৃথিৱীখনৰ ৰজা যেন অনুভৱ কৰে। অনন্ত আকাশৰ তৰাখচিত চামিয়ানাৰ তলত তেওঁ নিতাল মাৰি শুই পৰে।
ৰাতি পুৱালে পুনৰ আৰম্ভ হয় তেওঁৰ বিৰামহীন যাত্ৰা। অন্তহীন অন্বেষা।
মূৰৰ ওপৰত থকা বিস্তীৰ্ণ আকাশখনৰ দৰেই হয়তো শূন্যৰ পৰা আৰম্ভ হোৱা যাত্ৰাবোৰ শূন্যতেই শেষ হয়। তথাপি অনিৰুদ্ধ গতিত চলি থাকে এই যাত্ৰা। কোনে জানে, কিহৰ বাবে এই যাত্ৰা! মানুহজনেও জনা নাছিল।
দিনটো ঘূৰি পকি তেওঁ সিদিনাও ৰাতি পদপথত নিজলৈ অলপ ঠাই মুকলি কৰিছিল।
কিন্তু সিদিনা তেওঁৰ মূৰৰ ওপৰৰ আকাশখন অচিনাকি হৈ পৰিছিল। ক’লীয়া ডাৱৰে সংকুচিত কৰি আনিছিল আকাশৰ উদাৰতাক। ক্ষণিকৰ চিকমিকনি, দুই-এক গাজনিৰ পাছতেই মুষলধাৰ বৰষুণে ধুৱাই নিছিল চহৰখন। মানুহজনে শুবলৈ লোৱা ডাঠ কাগজৰ টুকুৰাটো বৰষুণৰ পানীত লাড়ু এটি হৈ উটি গৈছিল। ভোক বুজি পোৱা মানুহজনে সিদিনা বুজি পাইছিল মূৰৰ ওপৰৰ চালিখনৰ প্ৰয়োজনীয়তাৰ কথা। তেওঁ হাতৰ মোনাটো বুকুত বান্ধি আশ্ৰয়ৰ সন্ধানত ইফাল-সিফাল কৰি ফুৰিবলৈ ধৰিলে। তেওঁ মন কৰিলে চহৰখনৰ বেছিভাগ দোকানৰেই আশ্ৰয় দিব পৰাকৈ বাৰাণ্ডা এখন নাই। ঠিক, আবেগবিহীন লঠঙা মানুহবোৰৰ দৰেই থমথমকৈ ৰৈ আছিল বাৰাণ্ডাবিহীন বন্ধ দোকানবোৰ।
নলাৰ ক’লা পানীবোৰ ভাঙি ভাঙি মানুহজন আগুৱাই গৈ থাকে। দূৰৈত ৰৈ থকা আলোকময় অট্টালিকাটোৰ সন্মুখত আহি তেওঁ ৰৈ যায়। বন্ধ অট্টালিকাটোৰ বহল বাৰাণ্ডাখনত তেওঁৰ দৃষ্টি। আগুৱাই যায় তেওঁ চহৰখনৰ অভিজাত শ্বপিং ম’লটোলৈ। বাৰাণ্ডাৰ চুক এটাত কুচিমুচিকৈ বহি পৰে তেওঁ। তিতা পোছাকযোৰেৰে তেওঁ শুবলৈ অসুবিধা পাইছিল। লগত কঢ়িয়াই ফুৰা ভৰুণ মোনাটোত তেওঁৰ বাবে প্ৰয়োজনীয় সামগ্ৰী একো নাছিল। পেলনীয়া সামগ্ৰীৰে ঠাহ খাই আছিল মোনাটো। মানুহজনে মোনাটো বাৰাণ্ডাখনত উবুৰিয়াই দিলে। নিমিষতে কদৰ্যময় হৈ পৰিল ম’লৰ সুদৃশ্য বাৰাণ্ডাখন।
মানুহজনে সিঁচৰতি হৈ পৰা আৱৰ্জনাসমূহ খুচৰি খুচৰি ৰাতিটো পোহৰ কৰিলে।
বতৰৰ বাবেই সিদিনা পলমকৈ আহিছিল ম’লটোৰ কৰ্মচাৰীসকল।
:”আৰ..ৰে কি হৈ আছে এই সব? ক’ৰ পৰা আহিল আৰু এটা পাগল?” চিকিউৰিটি গাৰ্ডজনে বাৰাণ্ডাত ভৰি থৈয়েই বিৰক্ত হৈ উঠিল।
চাফাই কৰ্মী ৰেজিনাইও ভোৰভোৰাবলৈ ধৰিলে,
-“ছিঃ। মই নোৱাৰিম দেই চাফা কৰিব। পৃথিৱীৰ যতমান গেলা-জাৱৰ আনি বাৰাণ্ডাখনতে সিঁচৰাই থৈছে পাগলটোৱে।”
-“মেনেজাৰ আহক। ইয়াক খেদিব লাগিব আজি ইয়াৰ পৰা।” -চিকিউৰিটি গাৰ্ডজনে শ্বাটাৰখন দাঙি ধৰি কয়।
ৰেজিনাই নাকত সোপা দি সাউতকৈ ম’লৰ ভিতৰলৈ সোমাই যায়।
লাহে লাহে চেলচ্ বয়, ৰিছিপশ্যনিষ্ট, মেনেজাৰ আদি সকলো আহি ম’লটোত গোট খায়। বাৰাণ্ডাৰ চুকত পৰি ঠাণ্ডাত কঁপি থকা মানুহজনলৈ এপলক চাই প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰে। বাৰিষা নামিছে। পুৰণি ষ্টক ক্লিয়েৰ কৰিব লাগে। এনেই ম’লটোৰ বেচা-কিনা কমি গৈছে। চহৰখনত ইখনৰ পাছত সিখনকৈ শ্বপিং ম’ল হ’বলৈ ধৰিছে। সৰু সৰু দোকানবোৰতো আছেই। একেখিনি গ্ৰাহককেই এবাৰ ই টানিছে, এবাৰ সি টানিছে। বেচা-কিনা নহ’লে কোনে জেপৰ ধন ভাঙি মল চলাব? বছে যেনে তেনে টাৰ্গেট পূৰাবলৈ কৈছে। মেনেজাৰে বিজ্ঞাপনৰ ভেনখন আহিবলৈ বাট চাই আছে। পুৰণি কাপোৰবোৰত ৰেহাই দিব লাগিব। এটাৰ লগত আন এটা ফ্ৰী দিয়াৰ নিচিনা অফাৰ দিব লাগিব। মুঠতে ৰ’দেই দিয়ক বা বৰষুণেই আহক, গ্ৰাহক ধৰিব পাৰিব লাগিব।
হাতত ৰুমক্লীনাৰটো লৈ ৰেজিনা মেনেজাৰ বিক্ৰমৰ কাষ পালে।
:”ছাৰ, এই পাগলটোক খেদি দিয়ক। বাৰাণ্ডাখন চাফ কৰিব লাগে।”
:”কিয়? তই খেদিব নোৱাৰ?” বিক্ৰমে বিৰক্তিৰে ক’লে।
:”মোৰ ভয় লাগে।” ৰেজিনাই মুখখন বিকটাই কয়।
:”হেই…অনুজ যাচোন, পাগলটোক খেদি দে।” বিক্ৰমে চেলচ্ বয় অনুজক চিঞৰি কয়। অনুজ তেতিয়া অফাৰৰ লিফলেটবোৰ সাজু কৰাত ব্যস্ত। বিক্ৰমৰ কথা শুনি সি বাৰাণ্ডালৈ ওলাই আহে।
বিক্ৰমে ফোন কৰি বুজ লয় ভেনখন কেতিয়াকৈ আহিব।
নাহে। কেউপিনে পানী। ভেন আহিব নোৱাৰে।
বিৰক্তিত নাক কোঁচায় বিক্ৰমে,
:”চা…ল্লা য’তে বাঘৰ ভয়, তাতে ৰাতি হয়। …ঐ অনুজ, মানুহটোক খেদিলি নে নাই?”
বিক্ৰমৰ মাতটো কৰ্কশ হৈ ওলায়।
অনুজে মানুহজনক গাত হেঁচুকি হেঁচুকি তুলি দিয়ে। ঠাণ্ডাত কঁপি থকা মানুহজন থৰক-বৰককৈ থিয় হয়। বৰষুণজাকলৈ চাই তেওঁ বাৰাণ্ডাখনতে সেমেনা-সেমেনি কৰি ৰৈ থাকে।
অনুজে ধমক মাৰি দিয়ে মানুহজনক।
:”ঐ যাবিনে খাবি?” অনুজে হাতখন মুঠি মাৰি ঘোচা দিয়াৰ ভংগী কৰে।
মানুহজন ভয়তে টেপা খায়। পৰি থকা মোনাখন বুটলি তেওঁ বাৰান্দাখনৰ পৰা নামি আহে।
দবাপিটা বৰষুণজাকে লগে লগে তিয়াই পেলায় তেওঁক।
ৰিচিপশ্যনিষ্ট আৰ্চিৰ ঠাণ্ডাত ঠেৰেঙা লগা মানুহজনলৈ ব্যথা ওপজে।
:”বিক্ৰম ছাৰ, ম’লটোতচোন ইমানবোৰ কাপোৰ বিক্ৰী নোহোৱাকৈ পৰি আছে। এই মানুহজনক ইয়াৰ পৰাই কাপোৰ এযোৰ দিব নোৱাৰিনে?”
:”তুমি নাজানা নেকি মলত অজস্ৰ কাপোৰ থাকিলেও কাপোৰবোৰৰ হিচাপ থাকে। আনকি বিক্ৰী নোহোৱা কাপোৰৰো সময়ত হিচাপ বুজাব লাগে।”
বিক্ৰমে উত্তৰত কয়।
আৰ্চিয়ে মুখৰ ভিতৰতে বিৰবিৰায়, “মলটোত হৈ থকা বেহিচাপ গৰবৰৰ কথা নাজানো বুলি ভাবিছে!”
বিক্ৰমে আৰ্চিলৈ পেন্দোৱাকৈ চায়।
অনুজে বিক্ৰম আৰু আৰ্চিৰ মাজত বলি থকা গৰম বতাহখিনিক একাটিকৈ থৈ চৌহদ পাৰ হ’বলৈ লোৱা মানুহজনলৈ চাই বাৰান্দাৰ পৰাই চিঞৰ ধৰে,
:”হেই পাগল! এইফালে আহ।”
মানুহজনে উভতি চায়।
অনুজে হাতবাউল দি মাতে মানুহজনক।
:”চাওঁ, এইফালে আহচোন।”
তিতি বুৰি একো নাইকিয়া হোৱা মানুহজনে জপং জপংকৈ আহি অনুজৰ কাষত ভয়ে ভয়ে থিয় দি ৰয়।
:”চাওঁ, তিতা চোলাটো খোল।” অনুজে মানুহজনক আদেশ দিয়ে।
অলপ আগতে ধমকি দিয়া বাবে অনুজৰ প্ৰতি তেওঁৰ মনত এনেয়েই ভয় এটা সোমাইছিল।
মাত্ৰ এটা বুটামত ওলমি থকা চোলাটো তেওঁ টান মাৰি খুলি পেলায়।
অনুজে এইবাৰ ম’লৰ বেনাৰ এখনৰ মাজতে ফুটা এটা কৰি চোলাৰ নিচিনাকৈ সুমুৱাই দিয়ে মানুহজনৰ গাত।
ম’লৰ বাকীসকলে একো নুবুজি চাই থাকে অনুজলৈ।
মানুহজনৰ হাতৰ মোনাটো এৰুৱাই ম’লৰ নাম লিখা কেৰিবেগ এটাত অফাৰৰ লিফলেটসমূহ সুমুৱাই তেওঁৰ হাতত গুজি দিয়ে।
:”মানুহ দেখিলেই একোখনকৈ উলিয়াই দিবি।” অনুজে বাৰে বাৰে বুজাই দিয়ে মানুহজনক। তেওঁ পানীত তিতি এঠা এঠা হোৱা মলিয়ন দেহাটো খজুৱাই খজুৱাই নামি আহে বাৰাণ্ডাখনৰ পৰা। বৰষুণজাকৰ মাজেৰে তেওঁ লেকেঁচাই লেকেঁচাই আগুৱাই গৈ থাকে।
অনুজ আৰু বিক্ৰমৰ মুখত বিকৃত আনন্দৰ ঢৌ এটা খেলি যায়।
ভোগবাদী পৃথিৱীৰ নিকৃষ্ট ঘটনা এটাৰ সাক্ষী হৈও একো কৰিব নোৱাৰা যন্ত্ৰণাত চটফটাই উঠে আৰ্চি। ঘৃণা ওপজে তাইৰ অনুজ আৰু বিক্ৰমৰ প্ৰতি।
ৰাতি ম’লটো বন্ধ হোৱালৈ ৰৈ থাকে আৰ্চি। জানোচা মানুহজন উভতি আহে! তাইৰ লগৰ ছোৱালী এজনীয়ে জানে তেনে এটা স্বেচ্ছাসেৱী সংগঠনৰ কথা। বাটে ঘাটে ঘূৰি ফুৰা নামহীন, ঠিকনাহীন বহু মানসিক ৰোগীক এন.জি অ’টোৱে ৰিহেব চেণ্টাৰত আশ্ৰয় দিছে, পৰিচৰ্যা কৰিছে, নতুন জীয়ন দিছে। ফোনত তাই
বান্ধৱীজনীৰে কথা পাতিছে। মানুহজনক তেওঁলোকে নিজে আহি লৈ যাব বুলি কথা দিছে।
বৰষুণৰ নেৰাই হ’ল। বিক্ৰম আৰু অনুজে কাম শেষ কৰি লৰালৰিকৈ যাবলৈ ওলাল।
:”আৰ্চি, তুমি যোৱা নাই যে? অইনকালে দেখোন তোমাৰহে ঘৰলৈ যাবলৈ বেছি লৰালৰি। আজি কি হ’ল?” অনুজে ৰেইনকোটটো পিন্ধি পিন্ধি কেটেৰা মাৰি থাকিল আৰ্চিক।
আৰ্চিয়ে অনুজক উত্তৰ দিয়াৰ সলনি চিঁচাৰ খিৰিকীৰে শূন্য বাটটোলৈ চাই থাকিল। মানুহজন তেতিয়াও উভতি অহা নাই।
:”কি ঠিক। কালি ইয়াত থকাৰ নিচিনাকৈ আজি হয়তো মানুহজন অইন কৰবাত পৰি আছে! ঠিকনাবিহীন মানুহৰ বাবেনো অপেক্ষা কৰাৰ অৰ্থ কি?” কথাখিনি মনলৈ অহাৰ লগে লগে আৰ্চিয়ে আৰু ৰ’বলৈ টান পালে। তাই ছাতিটো মেলি খটখটকৈ নামি আহিল বাৰাণ্ডাৰ পৰা। বতৰৰ বাবে দোকান-পোহাৰবোৰ সোনকালে বন্ধ হৈছিল। বাট-পথত মানুহ সেৰেঙা হৈ আহিছিল। আৰ্চিয়ে আগ-পিছ নাচাই ঘৰলৈ বুলি বাট পোনালে।
পাছদিনা পুৱা মলৰ সন্মুখত মানুহৰ জুম এটা দেখা পাই আগুৱাই গ’ল আৰ্চি। তাইতকৈ আগতে আহি পাইছিল বিক্ৰম আৰু অনুজ। দোকানী-পোহাৰীবোৰে মানুহৰ জুমটোলৈ কেৰাহিকৈ চাই নিজ নিজ কামত লাগি পৰিছিল। স্থানীয় সংবাদদাতাসকলে খবৰ সংগ্ৰহৰ বাবে ওপৰা-উপৰি লগাইছিল। আৰ্চিয়ে কেনেবাকৈ ভিৰটো থেলি আগুৱাই গৈ দেখা পাইছিল পদপথত পৰি থকা নিথৰ মানুহজনক। যোৱাৰাতি উভতি নহা মানুহজনক। অস্পষ্ট, মলিয়ন মানুহজনক।
তেতিয়াও তেওঁৰ গাত ওলমি আছিল শ্বপিংমলটোৰ বিজ্ঞাপনৰ বেনাৰখন।
আৰ্চিৰ বুকুখনে হাহাকাৰ কৰি উঠিল। বিক্ৰমৰ চকুযুৰিও সেমেকি উঠিল। অহৰহ কিহবাৰ সন্ধান কৰি ফুৰা মানুহজনৰ চকুযুৰি মৃত্যুৰ পাছতো মেল খাই আছিল। বিক্ৰমে আগুৱাই গৈ তেওঁৰ চকুযুৰি জঁপাই দিলে। এইবাৰ অনুজো আগুৱাই গ’ল। মানুহজনৰ ফটো লৈ থকা কেমেৰামেনজনৰ কাণৰ কাষত গৈ সি ফুচফুচাই ক’লে,
:”দাদা, তেওঁৰ গাত লাগি থকা আমাৰ ম’লটোৰ বিজ্ঞাপনটোত ফ’কাচ কৰিব।”
আৰ্চিৰ বুকুত গোট মাৰি থকা আবেগবোৰ দুচকুৰে নীৰৱে বাগৰি আহিল।
সন্ধিয়া প’ৰ্টেলৰ নিউজটো বজাৰ পাছত প্ৰতিকূল বতৰকো নেওচি ম’লখনলৈ মানুহৰ সোঁত ববলৈ ধৰিলে।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nitujit Das
9 months ago

সুন্দৰ। বহুত ভাল লাগিল ।

Don`t copy text!