মমতাৰ জলধিত জীৱন পদুম

লেখক- মধুমিতা বৰুৱা শইকীয়া

কেতিয়াবা সময় বৰ নিদাৰুন হৈ পৰে। ৰূপে ৰসে ভৰপুৰ পৃথিৱীখন অসাৰ যেন লাগে। নিজৰ অজানিতে নিজকে তেতিয়া সমৰ্পিত কৰি দিয়া যায় এখন বিধ্বস্ত পৃথিৱীত।
সান্ত্বনাও অনাহক আৰু অনৰ্থক যেন লাগে। জীৱন থাকিও জীৱনহীনতাৰ অনলে জীৱন্তে দাহ কৰা যেন লাগে।
তেনে এক অন্তৰ্দাহী অনল বুকুত লৈ মূক হৈ পৰিছিল উৰ্মিমালা।
বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সকলোৱে তাইক আৱৰি ধৰিছিল, যদিও উৰ্মিমালা কিন্তু তেতিয়া নিজৰ আয়ত্বত নাছিল।
নিজকে চম্ভালিবলৈ কাষত তেতিয়া আছিল মাথোঁ নিসংগতাৰ অখণ্ড প্ৰহৰবোৰ।
:”এনেকৈয়ে সদায় খোলাৰ মাজত সোমাই থাকিবিনে মাজনী। তোৰ মনৰ পচন্দমতে কিবা এটা কামত ব্যস্ত হবলৈ চেষ্টা কৰ। জীৱন জানো ৰৈ যায়। জীয়াই থাকিবলৈ এটা অৱলম্বন বিচাৰি লৈ আগবঢ়াই নে জীৱনটোক।”
দেউতাকৰ কথাখিনিয়ে তাইক অৱশেষত স্থিতপ্ৰজ্ঞ নকৰিলেও প্ৰেকটিকেল হবলৈ মনত সাহস দিছিল।
নিজৰ সকলো সপোনৰ জলাঞ্জলি দি অৱশেষত তাই ঠিক কৰিছিল যে এজাক বঞ্চিত শিশুৰ এখন অনাথ আশ্ৰমত তাই জীৱনৰ একাকী পলবোৰ কটাবলৈ ভালপাব। তাই তাইৰ সিদ্ধান্তত মোহৰ মাৰিছিল।
ভগ্নপ্ৰায় মনটোক শিশুৰ সান্নিধ্যৰে নিচুকাবলৈ, জীপাল কৰিবলৈকে তাই ‘উন্মীলন অনাথ আশ্ৰম’খনৰএগৰাকী দায়িত্বশীল কৰ্মকৰ্তা তথা শিক্ষয়ত্ৰী হিচাপে নিজকে নিয়োজিত কৰিলে। আৰ্থিক লাভালাভ পাছৰ কথা। আচল কথা আছিল এখন নিৰ্মল পৃথিৱীৰ অ‌ংশীদাৰ হোৱা।
উৰ্মিমালাই কামত সোমোৱাৰ কেইবছৰমান পাছতে অনাথ আশ্ৰমখনলৈ আহিছিল নীলাভ।
উজ্জ্বল চকুহাল আৰু দুখন পুৰঠ গালেৰে ৰাজকোঁৱৰৰ দৰে ল’ৰাটোক যেতিয়া দুজন সম্ভ্ৰান্ত মানুহে তাইৰ অফিচ ৰূমলৈ আথেবেথে লৈ আহিছিল। এবাৰলৈও উৰ্মিমালাই ভবা নাছিল যে এদিন জীৱন জাঁজীত এৰি থৈ অহা তাইৰ অসমাপ্ত কাহিনীটোৰ দ্বিতীয় খণ্ডৰ আন এটা চৰিত্ৰ হৈ উঠিব সেই থুলন্তৰ শিশুটো।
সেই থুলন্তৰ শিশুটোৱেই আজিৰ কৈশোৰৰ দুৱাৰডলিত খোজ থোৱা নীলাভ। বয়ঃসন্ধিৰ চঞ্চলতা আৰু চপলতাৰে কিছু উদভ্ৰান্ত আৰু আকৰ্ষণীয় এখন মায়াসনা মুখ। উৰ্মিমালাৰ অনুভৱী মনটোৱে প্ৰথমতেই অনুমান কৰিছিল এটা বিশেষ কথা। নীলাভলৈ মন কৰিলেই দেখা গৈছিল কিবা এক অনামী বেজাৰে কোমল মুখখনত বিয়পাই থৈছিল দুখৰ ছাঁ।
নীলাভ যেন সৰুৰে পৰাই নীলকণ্ঠ আছিল। মনত এনেকুৱা এটা ধাৰণা লৈছিল, যদিও আকৌ উৰ্মিমালাই নিজেই নিজকে পতিয়ন নিয়াইছিল যে তাই অতি বেছিকৈ ভাবিছে নীলাভক লৈ। কিয় ইমান ভাৱকাতৰ হৈছে তাই?
নিজেই নিজকে বাৰে বাৰে প্ৰশ্ন কৰিছিল এটা নিমাখিত শিশু জানো নীলকণ্ঠ হব পাৰে?
হয়তো কোনেও তাক নকলেও তাৰ আত্মাই তাক কৈছিল অকথিত কাহিনীৰ নেপথ্য কথা।
নীলাভে প্ৰায় এক বিচ্ছিন্ন সত্তাৰে পাৰ কৰিছিল তাৰ ওমলা শৈশৱ। তাৰ দৃষ্টি অহৰহ নীলিম আকাশৰ শূন্যতাৰ প্ৰতি আছিল। বাৰে বাৰে তাৰ শূন্য চাৱনিত সেইকথাটো প্ৰতিফলিত হৈছিল। উৰ্মিমালাৰ দৃষ্টিত সেই শূন্যতা ধৰা নপৰাকৈ থকা নাছিল।
নীলাভ অলপ বেপৰোৱাও আছিল। তাৰ বুঢ়া বুঢ়া‌ কথাবোৰত উৰ্মিমালাই বৰ কৌতুক পাইছিল যদিও এটা অস্থিৰতাৰ চাপত থকা‌ কথাটো উৰ্মিমালাৰ বুকুখনে উপলব্ধি নকৰাকৈ থকা নাছিল।
উৎপতীয়া স্বভাৱৰ কিন্তু অভিমানী, নিৰুদ্ধেগ অথচ কৌতূহলী।
নীলাভক লৈ উৰ্মিমালা চিন্তিত নোহোৱাকৈ থকা নাছিল।
কেতিয়াবা পাছে মনৰ আনন্দত নীলাভ বৰ প্ৰাণৱন্ত হৈ পৰিছিল।
আচলতে সঘনে নীলাভৰ মনৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিছিল। কোনোবা দিনা উৰ্মিমালাৰ এনে লাগিছিল যেন নীলাভ আৰ কে নাৰায়ণৰ কালজয়ী চৰিত্ৰ “স্বামী”ৰ অন্য এক সংস্কৰণ…….। কোনোবা দিনা এনে লাগিছিল সি যেন কোনো এক গভীৰ চিন্তাত ধ্যানমগ্ন। সঘন মনৰ অৱস্থাৰ সলনি হোৱাৰ বিৰূপ প্ৰভাৱ লাহে লাহে নীলাভৰ স্বভাৱত প্ৰতিফলিত হৈছিল। এয়া মানসিক স্বাস্থ্যৰ বাবে কোনোপধ্যেই অনুকূল নাছিল।
………………………………………………………………

ইতিমধ্যে জীৱনৰ আধাতকৈও অধিক বসন্ত ইয়াতেই পাৰ কৰি অধীক্ষকৰ দায়িত্বত থকা উৰ্মিমালাই আজিকালি মুখ চালেই পঢ়িব পাৰে শিশুসকলৰ অভ্যন্তৰ।
সিহঁতৰ চকু লৈ চাইয়েই বুজিব পাৰে মৰম, আবদাৰ আৰু স্পৰ্শৰ জুৰনিৰ বাবে থকা অনামী হেঁপাহ।
কবলৈ গ’লে, ‘উন্মীলন’ নামৰ অনাথ আশ্ৰমখন আৰু উৰ্মিমালা নামটো কোনোবা কাহিনীয়েই প্ৰায় একেটা বিন্দুতে কেন্দ্ৰীভূত হৈ পৰিল।
আজিকালি তাই অতীত নেওচি জীৱনটোক আদৰি লৈছে। নেতিবাচক অনুভৱবোৰে আজিকালি উৰ্মিমালাক দুৰ্বল কৰি নেপেলায়। স্মৃতিৰ মেৰঘৰটোৰ পৰা ওলাই উৰ্মিমালাই বাস্তৱ পৃথিৱীৰ লগত জীন যাবলৈ অহৰহ চেষ্টা কৰিছে।
আশ্ৰমৰ ল’ৰা-ছোৱালীবোৰৰ সমাগমত সুন্দৰকৈ কাটি যায় তাইৰ সময়। উৰ্মিমালাৰ মনাকাশ এতিয়া ডাৱৰে আৱৰি নাৰাখে। তাইৰ মনাকাশ এতিয়া এইজাক শিশুৰ কাকলিৰে উজ্জীৱিত। সিহঁতৰ পঢ়া-শুনা আচাৰ ব্যৱহাৰৰ তদাৰক কৰাটোৱেই তাইৰ এতিয়া মুখ্য কাম।
আশ্ৰমৰ নিজৰ বিদ্যালয় আছে। বিদ্যালয়ৰ বিভাগীয় শিক্ষক-শিক্ষয়িত্ৰীসকলেও শিশুবোৰৰ সবিশেষ সবিস্তাৰে জানিবলৈ উৰ্মিমালাৰ ওপৰতে নিৰ্ভৰ কৰে।
কাৰণ প্ৰতিটো শিশুৰ বিষয়ে উৰ্মিমালাৰ বাহিৰে আনকি কৰ্তৃপক্ষও অৱগত নহয়।
তাৰমাজতে কিয় জানো নীলাভৰ প্ৰতি এটা অজানা টান আছে উৰ্মিমালাৰ। তাই নিজেই নাজানে। গভীৰ এক আত্মীয়তা অনুভৱ কৰে নীলাভৰ প্ৰতি। ।
প্ৰতিপত্তিশীল পৰিয়ালৰ আলসুৱা ললনাৰ যৌৱনৰ ভুলৰ ফুল নীলাভ। ললনা এতিয়া বিদেশৰ মাটিত। ললনাৰ উপায়হীন পিতৃ মাতৃৰ শেষ ভৰষা আছিল ‘উন্মীলন অনাথ আশ্ৰম’। দুবছৰ বয়সতে এৰি গৈছিল তেখেতসকলে নীলাভক। বৰ মানুহৰ নাতি নীলাভৰ গাত এতিয়াও দেখা পোৱা যায় আভিজ্যাত্যৰ চাপ। অৱশ্যে সময়ৰ লগে লগে সাধাৰণ সামাজিক স্থিতিৰ ল’ৰা-ছোৱালীবোৰৰ লগত মিলি গৈছে যদিও কিবা যেন অলপ বেলেগ নীলাভ। নীলাভৰ ককাক, আইতাকৰ মৃত্যু ঘটিছে ইতিমধ্যে। নীলাভ এতিয়া অকলশৰীয়া। তাৰ মনতো নাই কোন তাৰ মাক, কোন তাৰ ককাক আইতাক।
উদাসীন ল’ৰাটো এতিয়া এখন প্ৰায় সাধাৰণ মানৰ অনাথ আশ্ৰমৰ সদস্য।
পৰিয়ালৰ আন সদস্যসকলে নীলাভৰ নামত কৰিব লগা নিয়ম-কানুনৰ আনুষ্ঠানিকতা কৰি থোৱাত কোনো সুৰুঙা ৰখা নাই। লাগিলে টকা-পইচা যিমান লাগে দিব। মাত্ৰ পৰিয়ালৰ সুনাম আৰু আভিজাত্যৰ কোনো হৰণ-ভগন হব নালাগে।
অলপ আত্ম অভিমানী আৰু তীক্ষ্ণ মেধাৰ নীলাভ অলপ মেজাজী। অনুশাসন মানিলেও অনবৰতে এটা নিৰ্লিপ্তভাৱ দেখুৱাবলৈ কুণ্ঠাবোধ নকৰে। কথাই কাণ্ডই তাৰ স্বভাৱৰ বেপৰোৱা ভাবটো উৰ্মিমালাৰ চকুৰ আগৰ পৰা সাৰি নাযায়।
তাৰ অকণমান চকুহালৰ দীপ্ত জ্যোতিৰ চকমকনিয়ে যেন, উৰ্মিমালাৰ দৰে অভিজ্ঞ আৰু গহীন মানুহজনীকো এখন্তেকৰ বাবে ৰৈ যাবলৈ বাধ্য কৰে। তাই অবাক হয়।
উৰ্মিমালাই মন কৰে, প্ৰাৰ্থনা সভাতো অন্য ল’ৰা-ছোৱালীবোৰৰ দৰে, এলেং পেলেংকৈ ধেমালি-ধুমুলা কৰি, চিঞৰি চিঞৰি নীলাভে কোনোদিনে নিৰুদ্ধেগভাৱে চকুহাল মুদি গায় নিদিয়ে-‘নাজানো প্ৰভু ক’ত আছা তুমি, আমি অতি সৰু ল’ৰা।’
এদিন আশ্ৰমলৈ আহি, উৰ্মিমালাৰ ডাঙৰ ভায়েকে বায়েকক কৌতুকৰে কৈছিল,”তহঁতৰ ইয়াত কিন্তু কেইটামান বনচাই আছে দেই বা। সেইযে নীলাভ বোলা মৰমলগা ল’ৰাটো? সিটো মোক সেইদিনা অপ্ৰস্তুতেই কৰি দিছিল জাননে। পাতলকৈ হাঁহি মাৰি।” উৰ্মিমালাই সোধে ভায়েকক-“কি কৰিলে অ সি তোক?”
:”এহ্ নকবি আৰু বা, সি মোক কি কৈছিল জাননে? মামা, আপুনি আমালৈ আনে যদি এসোপামান মজাৰ কাহিনী গোটাই আনিব। আমি শুনিম। এই মিঠাই, টফীবোৰ নানিব। আমাৰ ইয়ালৈ আমাক দিবলৈ অনা ধুনীয়া ধুনীয়া মিঠাই, কেকবোৰ দেখি দেখি আমনি লগা হৈছে। জানেনে মামা, কেনেকৈ আমাক টানি আজুৰি তেওঁলোকৰ লগত ফটো উঠিবলৈ লৈ যায়। একদম ভাল নাপাওঁ মই।”
উৰ্মিমালাই ভায়েকেৰ লগতে হাঁহিৰ উজান দিছিল যদিও এবাৰলৈ হলেও সচকিত হৈ উঠিছিল।
কিছুমান শিশুৰ মনোজগত সাধাৰণ শিশুৰ দৰে নহয়। বিশেষকৈ নীলাভ যে এটা খেয়ালী শিশু তাইৰ অজনা নহয়।
………………………………………………………………

জীৱনৰ সমস্ত দুখ বেদনাৰ উপশম বিচাৰি এদিন লৱৰি অহা উৰ্মিমালাই সিহঁতৰ কথা-কাণ্ডবোৰতে বিচাৰি পায় সুখ আৰু আনন্দ। তাইৰ বেলেগ পৃথিৱী নাই। এইখন পৃথিৱীৰ মায়া এৰিব নোৱাৰি হেলাৰঙে অগ্ৰাহ্য কৰিছিল বিয়াবাৰু আৰু চৰকাৰী চাকৰি।
উৰ্মিমালাই নিষ্ঠাৰে চলায় নিয়া অনাথ আলয়খন এতিয়া চহৰৰ এখন নাম থকা শিশুগৃহ। তেওঁলোকৰ সকলোৰে একান্ত কামনা এতিয়া সমাজ সেৱা। এচাম আত্মোৎসৰ্গী সেৱকে ত্যাগ আৰু দায়িত্ববোধৰে আগবঢ়াই নিছে। উন্মীলনত সকলো উৎসৱ-পাৰ্বন আদি পালন কৰি শিশুবোৰৰ সামাজিক বিকাশৰ ক্ষেত্ৰত মনোযোগ দিয়া হয়। কাৰণ শিশুবোৰৰ স্বাভাৱিক বিকাশ ঘটিবলৈ সিহঁতে পোৱা নাই পৰিয়ালৰ শিক্ষা আৰু মনোসংযোগ। বিক্ষিপ্ত জীৱনৰ প্ৰতিচ্ছবি এখন ক’ৰবাত যেন সোমাই থাকে সিহঁতৰ মন গহনত। কোনোবাটোৰ মনোজগতত সৰুতেই খোপনি পুতিবলৈ লয় তীব্ৰ অভিমান আৰু একাকীত্ব।
চহৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি ব্যক্তিগত গোট, সন্থা, পৰিয়াল আদিয়েও নিজৰ নিজৰ প্ৰতিষ্ঠাৰ দিন, ল’ৰা-ছোৱালীৰ জন্মদিন আদি আজিকালি ইয়াতে পাতে। ফলত উন্মীলনৰ বাকৰিখন প্ৰায়েই মুখৰ হৈ থাকে যদিও স্পৰ্শকাতৰ কেইটামান শিশুৱে কিন্তু আজিকালি এনে অনুষ্ঠানবোৰত অলপ অসহজ হয়। সৰুবোৰে উপহাৰ আৰু তালৈ অহা মানুহবোৰে মৰম কৰিলে আপোনপাহৰা হৈ পৰে। কিন্তু বুজন হোৱা কেইটাই নিজকে পুতৌপাত্ৰ যেন অনুভৱ কৰে।
আলেখ আলেঙে উৰ্মিমালাই কথাবিলাক মন কৰিবলৈ লৈছে। সিহঁতৰ কণমানি মনৰ জগতৰ এই সূক্ষ্ম অনুভৱবোৰৰ উমান পাইছে উৰ্মিমালাই। যিমান পাৰে তাই সিহঁতৰ আৱেগিক নিৰাপত্তা দিবলৈ চেষ্টা কৰে যদিও বঞ্চিত শিশুৰ মনোবেদনাৰ তীব্ৰতা কমাবলৈ গৈ। অসহায় হৈ পৰে। মাদাৰটেৰেছা, নাইটিংগেলৰ দৰে ঐশ্বৰিক সেৱাৰ মনোভাৱ তাইৰ মাজত অৱশ্যেই নাই যদিও এই ল’ৰা-ছোৱালীবোৰক তাই কোনোদিনে তাইৰ চেনেহ দিয়াত কাৰ্পণ্য নকৰে।
সিহঁতৰ আব্দাৰ, অশান্তিবোৰৰ বাহিৰে অন্য সঞ্জীৱনী উৰ্মিমালাৰো নাই। সিহঁতেই তাইৰ পৃথিৱী আৰু ধৰাতল।
……………………………………………………………..

কেতিয়াবা নাভাবো বুলিও জীৱনৰ ডাঙৰ ধুমুহাছাটিৰ কথা উৰ্মিমালাই ভাবে।
অনাথ আশ্ৰমখনত কাম কৰি জীৱন পাত কৰিম বুলি লোৱা সিদ্ধান্তটোও তাইৰ কাকতালীয়ভাৱে লোৱা সিদ্ধান্ত। তাইৰ জীৱনলৈও আহিছিল এজন অনাথ আলহী। যৌৱনৰ আলহী। তাই তেতিয়া জালুকবাৰীৰ বিশ্ববিদ্যালয়ৰ বাসিন্দা আছিল। কৃষ্ণচূড়াৰ ৰঙত সিহঁতহালৰ জীৱনতো বিচ্ছুৰিত হৈছিল সেন্দূৰৰ ৰং। তাইৰ বেণুগোপাল আছিল অৰ্ণৱ নামৰ ল’ৰাটো। অৰ্ণৱ আচাৰ্য।
ঘাটমাউৰা হৈ জীৱন কটোৱা অৰ্ণৱে উৰ্মিমালাৰ মাজত বিচাৰি পাইছিল প্ৰেয়সীৰ ৰূপত এক মমতাময়ী মাতৃক। মৰমৰ ভিক্ষাৰী আছিল অৰ্ণৱ। কিন্তু মৰমপিয়াসী অৰ্ণৱে মৰমৰ মৰুভূমিৰ বালিচৰত বেদুইনহৈ পৰিছিল।
চাকৰিয়াল মাক-দেউতাকৰ আৰ্জিত পইচাৰ বাহিৰে অৰ্ণৱে তাৰ জীৱনত একো বিচাৰি পোৱা নাছিল। চাকৰিয়াল মাক-দেউতাকৰ অগাপিচাকৈ হোৱা অকাল মৃত্যুত অৰ্ণৱে এদিন হেৰুৱাই পেলাইছিল জীৱনৰ মায়ামোহ। জালুকবাৰীৰ মদৰ ঘাটি এটাও নিচিনাকৈ থকা নাছিল সি। জীয়াই থাকিবলৈকে সি জীৱননাশী পানীয়ক কৰি লৈছিল নিত্য সংগী। পঢ়াশুনা এটা চেলুৰ বাহিৰে একো নাছিল।
অসময়ৰ এজাক বৰষুণ হৈ এদিন উৰ্মিমালাই সোমাই গৈছিল সেই অস্থিৰ বুকুখনৰ মাজলৈ। অৰ্ণৱে তাইক বুকুত সুমুৱাই লোৱা নাছিল। বৰঞ্চ নিজেহে উৰ্মিমালাৰ বুকুত বিচাৰি পাইছিল এক অভয়। এক নিৰাপত্তা। । তাৰো কোনোবা এজনী আছে নিজৰ বুলিবলৈ। তাৰ অন্তৰৰ দুখবোৰ আঁচল পাতি লবলৈ আৰু এজনী মমতাময়ী তাৰ জীৱনত আছে। মাক নহলেও মমতাময়ী মাতৃৰ দৰে এখনি মৰমগধুৰ কান্ধ। উৰ্মিমালাৰো যেন নাৰীত্বৰ ভিতৰত শুই থকা মাতৃত্বৰ বাসনা উদ্দেলিত হৈ উঠিছিল তাইৰ চঞ্চল অস্থিৰ প্ৰেমিক অৰ্ণৱৰ মৰম আকলুৱা মুখখনৰ সৰলতাত।
পিতৃ-মাতৃহীন ঘৰখনত পাবলগীয়া আবেগিক নিৰাপত্তা আৰু সঞ্জীৱিত ঘৰুৱা পৰিবেশ কোনোদিনেই অৰ্ণৱে পোৱা নাছিল। তদুপৰি তাৰ উচ্ছৃংখলতা আৰু বেপৰোৱা জীৱনৰ কিছুমান কথাকাণ্ডই আপোন মানুহবোৰক আঁতৰি থাকিবলৈ বাধ্য কৰিছিল। তাৰভিতৰত সোমাই থকা শিশুটোক জুমি চাবলৈ বৈষয়িক পৃথিৱীৰ ক্ষয়িঞ্চু আত্মীয়তাত কাৰো সময় নাছিল।
লাহে লাহে পংকিল হৈ পৰিছিল অৰ্ণৱৰ বিশৃংখল জীৱন। ইটোৰ পিছত সিটো মদমত্ত উন্মাদ কৰ্মত একপ্ৰকাৰ সি এটা নষ্ট পুৰুষ হৈ পৰিছিল।
তাৰমাজতো এছাটি মলয়াৰ দৰে উৰ্মিমালাই তাক তাইৰ জীৱন বৃক্ষৰ ছাঁ দিছিল।
অদৃষ্টৰ কোপদৃষ্টি বাৰুকৈয়ে পৰিছিল তাৰ ওপৰত। মৰমপিয়াসী ল’ৰাটোৱে য’তেই মৰম দেখিছিল তালৈকে দৌৰি ফুৰিছিল। বুজি পাইছিল উৰ্মিমালাই।
গাড়ীগাওঁ অঞ্চলৰ ভিতৰত থকা মদৰ ঘাটি এটালৈ সঘনাই গৈছিল সি। মদ, মাংসৰ আৰু যৌৱনৰ বেহা চলা ঠাইখনলৈ প্ৰায়ে গৈছিল অৰ্ণৱ। প্ৰথমতে ভুল বুজিছিল উৰ্মিমালাই। অভিমান কৰিছিল। এদিন সি সদৰি কৰিছিল কিয় তাৰ সেই অঞ্চলত সঘন আহযাহ। মদ এটা অচিলাহে। প্ৰকৃততে ৰুক্মিণী দিদিৰ ওচৰলৈ যোৱাটোহে তাৰ প্ৰধান আগ্ৰহ আছিল। ৰুক্মিণীয়ে গেলামদৰ ব্যৱসায় কৰিছিল। ৰমৰমীয়া ব্যৱসায় আছিল ৰুক্মিণীৰ। ৰুক্মিণীক বোলে অৰ্ণৱৰ মাক মাক যেন লাগিছিল। অশ্লীল অশান্ত এটা মদৰ ঘাটিত কোনে শুনিব এক মাতৃহীনৰ বুকুৰ সংবাদ? নিচাৰ বজাৰত নাছিল জীৱনৰ নিচা। যেতিয়াই তেতিয়াই তাত স‌ংঘটিত, হৈছিল মাৰপিট, হত্যা আদি। অঞ্চলটোৱেই জয়াল আছিল। দিন-দুপৰতে মানুহ নোযোৱাকৈ থকা অঞ্চলটোলৈ সি ৰাতিও গৈছিল। আকৰ্ষণ আছিল ৰুক্মিণী দিদি।
এদিন ৰুক্মিণী দিদিলৈ ৰাতি বান্ধি লৈ গৈছিল এখন ধুনীয়া শাৰী। সেইদিনা বহাগৰ এক তাৰিখ আছিল। তেতিয়াই লাগিল লেঠা। মদৰ‌ নিচাত ৰুক্মিণীৰ ভায়েকে পিছফালৰ পৰা তাৰ মূৰত মাৰি দিছিল লেতেৰা ইটাটো।
:”চাল্লা মোৰ বায়েকৰ ইজ্জত নষ্ট কৰিবলৈ শাড়ীৰ টোপোলা আনিছ?”
তাৰপাছত সেই গালি শুনিবলৈ অৰ্ণৱৰ দেহত প্ৰাণবায়ু নাছিল। তাৰপাছৰখিনি আৰু কি! দুদিনমানৰ হৈ চৈ, পুলিচ থানা আদিত লগৰবোৰৰ সঘন আহ-যাহ আদিৰে তৎপৰ হৈ পৰিছিল জালুকবাৰীৰ চৌহদ। মৃতপ্ৰায় হৈ গৈছিল বন্ধুবৰ্গবোৰ। চেগাচোৰাকৈ আলেঙে আলেঙে দুজনমান আত্মীয়ও তৎপৰ হৈ দেখুৱাইছিল, যদিও এটা সময়ত তল পৰি গৈছিল অৰ্ণৱৰ প্ৰসংগ। ব্যস্ত পৃথিৱীত কাৰ সময় আছে অনাহকভাৱে ক’ৰ্ট-কাছাৰীৰ বাকৰিত ঘূৰি ফুৰিবলৈ।
কাহিনী হৈ পৰিছিল অৰ্ণৱ। উৰ্মিমালাই তলকিবই নোৱাৰিলে, হঠাতে কি হ’ল। দুখ কৰিবলৈও পাহৰি যোৱাকৈ শিল হৈ গ’ল উৰ্মিমালা। ইমান ভাল তাই কাকো পোৱা নাছিল হয়তো। সেই ভালপোৱা এটা ঘাঁ হৈ পৰাৰে পৰা তাই সলনি কৰিলে জীৱনৰ স্বাভাৱিক আকুলতাবোৰ। প্ৰেমৰ সমাধিস্থ পৰিণতিত তাই নিজকে নিজে সজাই পেলালে এক সেৱিকালৈ। বিয়া-বাৰুৰ বাবে তাইক কোনেও সন্মত কৰিব নোৱাৰিলে।
উৰ্মিমালাই সমাধিস্থ অতীতটো এতিয়াও বিচাৰি ফুৰে অজানিতে। অনাথ আশ্ৰমৰ প্ৰতিজন শিশুৰ মুখত তাই বিচাৰি ফুৰে প্ৰাণচাঞ্চল্যতাৰে ভৰা এখন চিনাকি শিশুসুলভ মুখৰ ছবি। নিঃসন্দেহে সেই ছবি তাইৰ অৰ্ণৱৰ।
…………………………………………………………….

আজি পুৱাৰ কথা। আচম্বিতে এটা ডাঙৰ অথন্তৰ লাগিল উন্মীলনত।
উৰ্মিমালাই আজি অলপদিনৰ পৰা মন কৰি আছিল নীলাভক। আশ্ৰমৰ নিয়মানুবৰ্তিতা আৰু শৃংখল পৰিশীলিত পৰিবেশৰ মাজতো নীলাভ যেন অশান্ত হৈ উঠিছে। অকল নীলাভেই নহয়, কৈশোৰৰ জপনাত বগাওঁ বগাওঁ ভালেমান শিশুৱে বেপৰোৱাকৈ সিহঁতৰ হতাশা নিৰাশাৰ বৰ্হিপ্ৰকাশ কৰিবলৈ পৰোৱা নকৰে। তাৰমাজতেই চিন্তনীয়ভাৱে অস্থিৰতা প্ৰকাশ কৰিবলৈ লৈছে নীলাভে।
আজিকালি সি উৰ্মিমালাৰ বাহিৰে কাকো কেৰেপ নকৰে। লগৰবোৰৰ পৰা আঁতৰি ফুৰে।
অলপদিনৰ পৰা শিশুগৃহলৈ বাহিৰৰ পৰা মানুহ আহিলে সি পৰাপক্ষত নিজৰ বিছনাত অথবা কিতাপ এখনৰ আ‍ঁৰলৈ চকীত বহি থাকে। বিশেষকৈ জন্মদিন পাতিবলৈ অহা মানুহবোৰক সি সহ্য কৰিব নোৱাৰে। ফটো উঠিবলৈ নাযায়। দৰকাৰ হ’লে সি সহায়িকাকেইগৰাকীৰ লগত খোৱা-বোৱাৰ যোগাৰ কৰা ঠাইত মনে মনে বহি থাকে। মুঠতে এক পলায়নবাদীতাৰ মনোভাৱ লৈ যিমান পাৰে সিমান আঁতৰি ফুৰে।
কোমল মুখখনত আজিকালি উৰ্মিমালাই হীনমন্যতা লুকুৱাৰ কঠিন বৰ্ম এটা দেখিবলৈ পাইছে।
আগৰ দৰে উৰ্মিমালাৰ ওচৰতো আব্দাৰ নধৰে। মাহী বুলি নামাতে। বুকুখন কঁপি উঠে তাইৰ। কাৰণ পৰিয়ালৰ অৱহেলা আৰু জীৱনৰ নিয়তিৰ কাঠপুতলা হোৱাৰ যাতনাই যদি তাৰ অপৰাধ প্ৰৱণতাই গা কৰি উঠে?
আজি উৰ্মিমালাৰ অনুমানৰ তিলমান সত্যতা যেন দেখা পালে।
আজি গুৱাহাটীৰ ওচৰত থকা চাহবাগিছাৰ মেনেজাৰজনে আগতীয়াকৈ কৰি থোৱা বন্দৱস্তমতে ল’ৰাৰ জন্মদিন পাতিবলৈ আহিছিল। সকলো গোট খাইছিল যদিও কোনোপধ্যেই কোনোৱে নীলাভক কেক কটাৰ সময়ত মাতি আনিব পৰা নাছিল। আনকি ৰঙীন উপহাৰৰ টোপোলা নি তাৰ ওচৰলৈ নিওঁতে সি দলিয়াই ক্ষান্ত নহৈ হঠাতে দৌৰি গৈ জন্মদিনৰ বাবে অনা ডাঙৰ কেকটো ভাঙি পেলালে।
সকলো অপ্ৰস্তুত হ’ল। অৱধাৰিতভাৱে ক্ষুণ্ণ হ’ল মেনেজাৰজন। আভিজাত্যৰ অহংকাৰ জাগি উঠিল তেওঁৰ। এবাৰলৈও ল’ৰাটোৰ মনৰ অভিমান চাবলৈ কান্দি নুঠিল তেওঁৰ হিয়া। কেতিয়াবা প্ৰাচুৰ্যৰ প্ৰভাৱত দিগবিদিগ শূন্য হৈ যায়। তেনে এক অহামিকাৰে মেনেজাৰজনে ক্ষোভ উজাৰিলে। পৰিচালনা সমিতিৰ ওপৰত ভাবুকি দিলে যে এইবোৰ সবিস্তাৰে সকলোকে জনাই দিব। দৰকাৰ হ’লে শিশুগৃহ বন্ধ কৰাই দিব পৰাকৈ তেখেতৰ হাত দীঘল।
উৰ্মিমালাৰ পুতৌ উপজিল তেখেতলৈ। তেখেতৰ মানসিকতাৰ নমুনা দেখি আচৰিত হ’ল। মানৱতাৰ সাৰশূন্যতাৰ সহিব নোৱাৰা দৃষ্টান্তত মূক হৈ গ’ল উৰ্মিমালা।
অথচ কৰ্তৃপক্ষৰ লৰাধপৰা লাগিল। মাথোঁ এজন ল’ৰাৰ বাবে এটা অনুষ্ঠানৰ কাম-কাজ ৰুদ্ধ হৈ যাব নোৱাৰে।
কৰ্তৃপক্ষ তৎপৰ হ’ল নীলাভক লৈ। অৱশেষত সিদ্ধান্ত হ’ল যে এনেকৈ হ’লে উন্মীলনত নীলাভক ৰাখিব পৰা নাযাব। বিকল্পৰ সন্ধানত লাগিছে কৰ্তৃপক্ষ।
উৰ্মিমালাই বুজিব পৰা নাই নীলাভৰ আচলতে হৈছে কি? কৰ্তৃপক্ষৰ সিদ্ধান্তত না কবলৈ উৰ্মিমালাৰো এক্টিয়াৰ নাই। বুকুখন গধুৰ হৈছে উৰ্মিমালাৰ।
তাৰমাজতো আশাৰ ৰেঙনি এটি উৰ্মিমালাই দেখিছে।
এজন মনোৰোগ বিশেষজ্ঞক নীলাভক দেখুৱাবলৈ অৱশেষত কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে। সদ্যহতে তাৰ আচৰণৰ ওপৰত দৃষ্টি দিয়াৰ দায়িত্ব অৱধাৰিতভাৱেই উৰ্মিমালাৰ ওপৰত ন্যস্ত হৈছে।
সকাহ পাইছে উৰ্মিমালাই। তাই তাৰ অভ্যন্তৰত থকা দুখবোৰ এইবাৰ এজনী নাৰীৰ মমতাৰে জুমি চাব। তাই তাক জীৱনৰ পথত আগুৱাই যাব পৰাকৈ গঢ়ি তুলিব।
আকাশ পাতাল ভাবি উৱাদিহ নোপোৱা উৰ্মিমালাই নীলাভৰ ওচৰ পালেগৈ।
শান্ত হৈ শুই আছে নীলাভ। বুকুত আৰ্টৰ বহীখন। বুকুখন খুন্দা মাৰি ধৰিছে উৰ্মিমালাৰ। লাহেকৈ তাই বহীখন আঁতৰাই আনিলে। মাজত সোমাই থকা পেঞ্চিলডাল পৰি গ’লত হঠাৎ চকু পৰিল এখিলা পাতত। শিলপৰা কপৌ হৈ গ’ল তাই। সৰসৰাই সৰিবলৈ ধৰিলে চকুলো ধাৰ।
সি আঁকি থোৱা ছবিখনত এটা ল’ৰাই কেক কাটিছে। ওচৰত মাক আৰু দেউতাকে চাপৰি বজাই আছে। কেকটো ৰঙা, বগা, সুমথিৰা আদি মিলি ৰামধেনুৰ ৰঙৰ।
চম্ভালিব নোৱাৰিলে উৰ্মিমালাই। আলফুলে সাৱটি ধৰিলে তাই নীলাভক। নীলাভ তেতিয়াও টোপনিত। শব্দ নোহোৱাকৈ নীলাভৰ কপালত চুমা এটা খাই নিজকে কোৱাদি বিৰবিৰাই উঠিল-“তাইৰ আঁচলখনক এইবাৰ তাই উকা হবলৈ নিদিয়ে। মমতা আৰু বুকুৰ উমেৰে ভৰাই তুলিব।”
তাইৰ চকুলোৰ ঢলত দুখন মুখ একাকাৰ হৈ গৈ গ’ল। এখন নীলাভৰ আৰু আনখন অ…..ৰ্ণ…ৱ..ৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!