মৰীচিকা

লেখক- মিনাৰা হুছেইন

প্ৰকৃতিৰ যে কত ৰূপ! সেউজী ধৰণী, গগণচুম্বী পাহাৰ, লঠঙা গছবোৰৰ ফাঁকে ফাঁকে দেখা পোৱা দূৰ দিগন্তৰ নীলিম আকাশ, সন্ধিয়া ঘৰমুৱা হৈ উৰি যোৱা জাক জাক চৰাইবোৰে জানো বুজি পায় সিহঁত কোন দেশৰ! পৃথৱীখনেই সিহঁতৰ দেশ। নাই
কোনো বাধা, নাই কোনো সীমনা, নাই কোনো সুনিশ্চিত সীমা। “আমি পৃথিৱীৰ, পৃথৱীখন আমাৰ”
এই কথাটোৰ জটিলতাবোৰৰ পৰা বহু আঁতৰত থাকি ভালপোৱা বনানীৰ মনত কত যে কথাৰ তোলপাৰ।
দুপৰ নিশাৰ ঘোপমৰা এন্ধাৰখিনি চাবলৈ তাই খিৰকীখন খুলি ল’লে। কেতিয়াবা এন্ধাৰখিনি বৰ আপোন হৈ পৰে। কিমাননো দূৰ? আধা ঘণ্টাৰ বাট হে! তথাপিও? এই জীৱনৰ অংকবোৰ সঁচাকৈয়ে বৰ জটিল। বীজগণিতৰ সূত্ৰৰ দৰে। আধাঘণ্টাৰ বাটটোও আজি তাইৰ বাবে বিৰল হৈ ধৰা দিছে। তাইৰ প্ৰিয় সংগীতকাৰ গুলজাৰ চাহাবে ঠিকেই কৈছিল
“পঞ্চী, নদীয়া, পৱন কে ঝোকে
কোয়ী সৰহ’দে না ইনহে ৰোকে
সৰহ’দ তো ইনচান’ কে লিয়ে হে
চোচো মেনে অউৰ তুমনে
কিয়া পায়া ইনচা হো কে…”
বিছনাত শুই থকা তাইৰ সন্তান দুটিৰ ওচৰলৈ আহি দুয়োকে সাবটি ধৰিলে। এইখন দেশৰ নাগৰিক লৱ-কুশৰ ইয়াত নিজ বুলিবলৈনো কোন আছে? তাইৰ কিবা হ’লে ইহঁতৰ কি হ’ব? দেশৰ সীমাৰ সিপাৰে আছে লৱ-কুশৰো এখন নিজৰ ঘৰ, দেউতাক, ককাক, আইতাকৰে ভৰা এখন সংসাৰ আছে। ইয়াৰ পৰা মাত্ৰ চল্লিশ কিলোমিটাৰৰ আঁতৰত থকা গেলেফুত আজিলৈকে লৱ-কুশ গৈ নাপালে। ককাক-আইতাকে আহি চাই গৈছিল এবাৰ। কি যে নিয়ম! বিয়াৰ সাত বছৰৰ পিছতো এম.চি(MC–Marriage Certificate)খন নাপালে বনানীয়ে। কিমান বাৰ সাক্ষাৎকাৰ দিলে, কতবাৰ যে আদালতৰ দুৱাৰ খটখটালে ঠিক নাই। তথাপিও এনেদৰেই সকলোবোৰ ঠিকঠাক চলি আছিল। বন্ধৰ দিনবোৰ বনানীৰ স্বামী জনী ডেমা আহি সিহঁতৰ লগত থাকে। লৱ-কুশেও এই দিনকেইটা বৰ ধুমধামেৰে কটায়। কিন্তু আন্তৰ্জাতিক নিয়মবোৰ মানিবলৈ সকলো বাধ্য।
ভূটানৰ জনী ডেমা।
ভাৰতৰ বনানী দাস।
কোকৰাঝাৰৰ জীয়ৰী বনানী দাস কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰূপে চাকৰিত মকৰল হৈছিল। দিনবোৰ বৰ সুখময় হৈ উঠিছিল। সৰুৰে পৰা দেখি অহা মাকৰ কষ্টবোৰ কমিছিল। ঘৰৰ মূধচৰ আউলি যোৱা টিনৰ ঠাইত ৰঙা ডাইনা ৰুফে ঠাই লৈছিল। ঘৰলৈ নতুনকৈ এপদ দুপদ বস্তু আহিছিল। হঠাৎ অহা এক ধুমুহাই সকলো তচনচ কৰি তুলিছিল। লিভাৰৰ এক জটিল বেমাৰৰ চাকনৈয়াত পৰি বনানীক অকলশৰীয়া কৰি মাক গুচি গৈছিল অজান মূলুকলৈ। বনানী মুক হৈ পৰিছিল। ডিপ্ৰেছনৰ গৰাহত পৰা বনানী সহকৰ্মীসকলৰ মৰম চেনেহত ঠন ধৰি উঠিছিল।
গৰমৰ বন্ধ আছিল। কলেজ বন্ধ। নাছিল কোনো সহকৰ্মী, নাছিল কোনো ছাত্ৰ ছাত্ৰী। নিসংগতাৰ পৰা সাত হাৰিবলৈ বনানী ওলাইছিল ভূটানৰ দিশে।
গেলেফু! ভূটানৰ চাৰপাঙ জিলাৰ অন্তৰ্গত এখন সৰু মফচলীয়া চহৰ। সঁচাকৈয়ে ভূটান প্ৰকৃতিৰ এক মনোৰম সৃষ্টি। গেলেফুতে টুৰিষ্ট গাইড এজনৰ লগত কথা পাতি সকলোবোৰ ঠিক কৰিছিল বনানীয়ে। গেলেফুত থকা পাঁচটা দিন বনানীৰ জীৱনৰ স্মৰণীয় দিন হিচাপে ৰৈ গৈছিল। তাতে লগ পোৱা গেষ্ট হাউচ এটাৰ মালিক তথা গেলেফু পোষ্ট অফিচত কৰ্মৰত ভুটানী যুৱক জনী ডেমাৰ ব্যৱহাৰত মুগ্ধ হৈ পৰিছিল। বিশ্বৰ একমাত্ৰ কাৰ্বন নিগেটিভ দেশ ভূটানৰ প্ৰেমত পৰিছিল বনানী। দেশৰ মুঠ মাটি কালিৰ ৭০শতাংশ অৰণ্যৰে আবৃত পাহাৰৰ টিলাৰ ওপৰৰ শাৰী শাৰী ঘৰবোৰ দেখি অভিভূত হৈছিল বনানী। ড্ৰেগনৰ ৰঙচঙীয়া পেইণ্টিঙৰে সুসজ্জিত ঘৰবোৰৰ টিঙত শুকাবলৈ দিয়া ৰঙা ৰঙা জলকীয়াবোৰ দূৰৈৰ পৰা দেখিবলৈ এক ৰঙা দলিচা যেন লাগে। সেউজীয়া, ৰঙাৰ সমাহাৰ। ৰঙৰ সমাহাৰ। এই ৰঙেই বনানীৰ জীৱনলৈ প্ৰেমৰ পছোৱা লৈ আহিছিল।
জনী ডেমা শংকিত হৈছিল।
বনানীয়ে বুজি পোৱা নাছিল।
কেনেদৰে বুজিব? বনানী আছিল সেইখন দেশৰ নাগৰিক যিখন দেশৰ বৈদেশিক নীতি জটিল নহয়, যিখন দেশত জন্মসূত্ৰে, বিবাহসূত্ৰে নাগৰিকতা লাভ কৰিব পাৰে। বনানী হয় বিশ্বৰ সবাতোকৈ শক্তিশালী গণতান্ত্ৰিক দেশৰ জীয়ৰী। আজিও সেইখন দেশে বিদেশীক মানবীয় দৃষ্টিৰে সা-সুবিধা প্ৰদান কৰি আহিছে। মানবীয় অনুভূতিক প্ৰাধান্য দি আহিছে।
কিন্তু ভুটান?
এই দেশে দেশৰ সংস্কৃতি, ঐতিহ্যৰ বাবে অনুমোদন কৰা আন্তৰ্জাতিক নিয়মবোৰ বৰ জটিল। ভুটান চৰকাৰেও বিচাৰে ইণ্ডো-ভুটানৰ বন্ধুত্বসুলভ ব্যৱহাৰ ইণ্ডো-ভুটান বৰ্ডাৰতো দেখা পাওক, বৰ্ডাৰৰ দুৱাৰ মুকলি হওক। কিন্তু ভুটান চৰকাৰৰ সংশয় হয়। উন্মুক্ত বৰ্ডাৰে প্ৰব্ৰজন ঘটাব নেকি। ভূটানৰ মূল জনসংখ্যা মাথোঁ দহ লাখ। আৰু ভাৰতৰ! ভাৰতৰ জনসংখ্যা বিস্ফোৰণে যাতে ভুটানৰ জনবসতিৰ ঘনত্বক প্ৰভাৱ পেলাব নোৱাৰে তাৰবাবে ভুটান চৰকাৰ কঠোৰ।
গেলেফি আৰু বনানীৰ ঘৰৰ মাজৰ ষাঠি কিলোমিটাৰৰ বাট, আন্তৰ্জাতিক আইন এই সকলোবোৰৰ উৰ্দ্ধত আছিল বনানী আৰু জনীৰ প্ৰেম।
প্ৰেমে নুবুজে কোনো আন্তৰ্জাতিক সীমা।
প্ৰেমে নামানে কোনো বাধা।
গেলেফিত থকা বৌদ্ধধৰ্মৰ মন্দিৰ এটাত বৌদ্ধিক নিয়মেৰে বিয়াখন হৈছিল। এমাহৰ ছুটীত যোৱা বনানীয়ে বিচাৰিছিল গেলেফিত একেবাৰে থকাৰ। কিন্তু বাধা আছিল।
মেৰিজ চাৰ্টিফিকেট, ভুটানৰ নাগৰিকতাৰ বাবে অনুমোদন কৰাৰ পিছতহে জটিলতাবোৰে চাৰিওফালে ঘেৰি ধৰিছিল জনীক।
ভুটানৰ নাগৰিকে কোনো বিদেশীক বিয়া কৰালে তেওঁ দেশৰ কোনো নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব, দেশৰ চৰকাৰী তথা সামৰিক বাহিনীত মকৰল হ’ ব নোৱাৰিব। আৰু কোনোৱে যদি চৰকাৰী চাকৰি কৰি থকা অৱস্থাত বিদেশীক বিয়া কৰাই তেওঁৰ কেতিয়াও পদোন্নতি নহয়। বনানীয়ে জনীৰ আগত ক্ষমা খুজিছিল। তাইৰ বাবেই জনী বহুতো সমস্যাৰ সন্মুখীন হৈছিল।
জনীয়ে ভঙা ভঙা হিন্দীৰে তাইক বুজাইছিল
:“সৰহ’দ কি লকীড়ে দেখ কে পিয়াৰ নেহী কিয়া থা। পিয়াৰ হো গয়া না, অৱ তৌ নিভানা পড়েগা।”
হয়, সি ঠিকেই কৈছিল। প্ৰেম কোনো দেশৰে সীমা
আৰু বৈদেশিক নীতিৰ অধীনত্ব নহয়।
সময়বোৰ পাৰ হৈছিল। কষ্ট হৈছিল দূৰে দূৰে থাকিবলৈ। হ’লেও প্ৰতিটো গৰমৰ বন্ধ আৰু ডিচেম্বৰৰ বন্ধৰ দিন কেইটা বনানীয়ে গেলেফিৰ ঘৰত কটাইছিল। আৰু জনীয়েও মাজে সময়ে আহিছিল।
লৱ-কুশ পৃথৱীলৈ আহিছিল দুখন দেশৰ মৰম ভালপোৱাৰ সাক্ষী হৈ। সকলো ঠিকেই আছিল।
কিন্তু প্ৰকৃতিৰ সৃষ্টি এই ধৰণীত দেশৰ নামত, আন্তৰ্জাতিক সীমাৰ নামত যি ৰাজনীতি চলি আছে সেয়া দেখি হয়তো ধৰণী কঁপি উঠিছিল। নিয়তিয়ে যেন বুজাবলৈ বিচাৰিছিল কি আমাৰ দেশ, সিহঁতৰ দেশ! সকলো আমাৰ। আমি পৃথিৱীৰ বাসিন্দা। ক’ৰোণা নামৰ এক বিভীষিকাই গোটেই পৃথিৱী একাকাৰ কৰি তুলিছিল। উন্নত দেশ, অনুন্নত দেশ সকলোতে একেই ৰোগ, একেই ঔষধ, একেই মৃত্যুৰ কিৰিলি।
কৰোণাৰ সময়খিনি জনী বনানীৰ লগতে অসমতে আছিল। লাহে লাহে লৱ-কুশ দুবছৰীয়া হ’ল। কিন্তু আজিলৈকে MC (মেৰিজ চাৰ্টিফিকেট)খন নোলাল। ক’ভিডৰ পিছত বনানী ওলাইছিল লৱ-কুশক লৈ গেলেফিলৈ বুলি। ইমিগ্ৰেছন নীতিবোৰ বহুত সলনি হৈছিল ক’ভিডৰ সময়ছোৱাত। লৱ-কুশ মাইনৰ বুলি ইমিগ্ৰেছনে ভুটানত প্ৰৱেশত বাধা দিলে। আৰু বনানী ভূটানত থাকিবলৈ হ’লে প্ৰত্যেক দিনা বাৰশ টকা ভূটান চৰকাৰক দিব লাগিব।
নতুন নিয়মৰ মেৰপেচত বনানী আৰু জনীৰ ভৰিৰ তলৰ মাটি হেৰাই গৈছিল। ইমিগ্ৰেছন অফিচত বনানীয়ে যে কত’ যুক্তি দিলে। কতবাৰ যে বুজালে।
ব্ৰজ ড্ৰেগনৰ দেশ ভুটান এচিয়াৰ সবাতোকৈ সুখী দেশ বোলে। পৃথিৱীৰ ভিতৰত ভুটানেই এনে এখন দেশ যাৰ ৰাষ্ট্ৰ ব্যৱস্থাত এটি গুৰুত্বপূৰ্ণ বিভাগ আছে। “মিনিষ্ট্ৰি অফ হেপিনেছ” থকা দেশখনে কেনেদৰে উপেক্ষা কৰিব পাৰে এগৰাকী পত্নীৰ বন্যা, দুটি শিশুৰ ক্ৰন্দন। নাই! নুশুনিলে, নুবুজিলে। এই আইনখন বৰ কঠোৰ। যিখন দেশত ধূমপান কৰিলেই জেল যাবলগীয়া হয়, সেইখন দেশত নিয়মৰ নামত বহুত বেছি কঠোৰ শাসন চলে। ভুটীয়াসকল সঁচাকৈয়ে সুখী নে?
সন্ধিয়া হৈছিল। অস্তগামী সূৰুযৰ শেষ বিন্দুৰ বৰ্ণচ্ছটাই ক্ষুদ্ৰ ক্ষুদ্ৰভাৱে পোহৰ বিলাই সন্ধিয়াটো আৰু বৰ্ণময় কৰি তুলিছিল। এই বৰ্ণময় সন্ধিয়াৰ সূৰ্যৰ শেষ পোহৰকণৰ দৰে বনানীৰো যেন এক পোহৰৰ প্ৰয়োজন হৈছিল। চকুলো বৈ আহিছিল। ভাৰা লৈ যোৱা গাড়ীখনেৰেই বনানীয়ে লৱ-কুশক লৈ উভতিছিল। জনীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় লৈছিল। সি যাবলৈ বাধ্য হৈছিল। অফিচৰ ছুটী শেষ হৈ আহিছিল‌।
মানুহ পৰিস্থিতিৰ দাস। পৰিস্থিতিৰ লগত সহাৱস্থান কৰিবলৈ বনানী বাধ্য। ভিডিঅ’ কলত লৱ-কুশে দেউতাকৰ লগত কথা পাতে। আৰু বনানী? জনীৰ কায়িক অনুপস্থিতিত বনানী অস্থিৰ হৈ উঠে। বনানীৰ কথাত জনীয়ে সঁহাৰি জনায়। সি আহিব অহা মাহত। অফিচৰ ছুটী নাপালে। এমাহ, দুমাহ কৈ কেইবামাহ পাৰ হৈ গ’ল। ফোনৰ যোগাযোগো কমি আহিছিল। কিবা এটা বুজিও অবুজ হৈ উঠে বনানী। কেতিয়াবা হয়তো হৃদয়ৰ অনুভৱবোৰ নগণ্য হৈ পৰে। কেতিয়াবা হয়তো জীয়াই থাকিবলৈ প্ৰেমতকৈ এটা ভাল জীৱিকাৰ দৰকাৰ। নিজৰ বাবে, ঘৰখনৰ বাবে। জনীয়ে কৈছিল তাৰ লগত একেলগে চাকৰিত সোমোৱা সকলৰ বিভাগীয় পদোন্নতি হ’ল। দৰমহা আৰু সা-সুবিধাবোৰ বাঢ়িল। ইফালে বস্তুৰ বৰ্ধিত মূল্য! জনীৰ কথাৰ পৰা বনানীয়ে বুজিছিল। কিন্তু তাইতো কেতিয়াও তাইৰ বাবে, বা লৱ-কুশৰ বাবে একো বিচৰা নাই। যিখিনি পাৰে নিজেই কৰিছে। তেনেস্থলত? কথাবোৰ সাঁথৰ সাঁথৰ লগা হ’ল।
বনানীয়ে কিমান যে ৰাতি পাৰ কৰিলে উন্মুক্ত আকাশখনলৈ চায়! পূৰ্ণিমাৰ জোন সাক্ষী অজস্ৰ বিষাদৰ, এসাগৰ চকুলোৰ। নুবুজো নুবুজোকৈ বুজি পোৱা কথাবোৰে স্মৃতিৰ জোলোঙাৰ আকাৰ বঢ়াই গৈ আছে। যাব বিচৰাজনক ধৰি ৰাখিব নোৱাৰি। জনীৰ লগত কটোৱা সুন্দৰ সুখময় স্মৃতিৰে বনানীৰ স্মৃতিৰ জোলোঙাটো পৰিপূৰ্ণ। জীৱনক লৈ বনানীৰ নাই কোনো আক্ষেপ। তথাপিও মাজে মাজে সেই মধুৰ স্মৃতিবোৰে তাইৰ পৰা উত্তৰ বিচাৰে। কিয় সকলোবোৰ আধৰুৱা হৈ গ’ল? কিয়!
এখন চিঠি আৰু এইখন চিঠিয়েই সকলো সলনি কৰি পেলাইছিল। বনানীৰ চকুৰ পানী শুকাইছিল। জনীয়ে ভুটানৰ, নিজৰ দেশৰ, নিজৰ জাতিৰ ছোৱালী এজনীক বিয়া পাতিলে। স্তুব্ধ হৈ যোৱা তাৰ জীৱনলৈ ছন্দ ঘূৰাই আনিবলৈ আকৌ বিবাহপাশত আৱদ্ধ হ’ল। লৱ-কুশৰ বিষয়ে একো সোধা নাছিল। “অচিন কাঠৰ থোৰোকা” এই কথাটো বাৰে বাৰে মনলৈ আহিছিল। হ’লেও জীয়াই থাকিব লাগিব দুই সন্তানৰ বাবে।
সকলো সমাধিস্থ কৰি বনানী আগবাঢ়িছিল নিজৰ বাবে, লৱ-কুশৰ বাবে।
লৱ-কুশ এখোজ দুখোজকৈ ডাঙৰ হৈছে। স্কুললৈ যাব পৰা হ’ল। সময়বোৰ বৰ ব্যস্ততাৰে বৰ খৰখেদাকৈ আগবাঢ়িছে। মাজে মাজে পাৰ হৈ অহা অতীতে বৰ্তমানত টুকুৰিয়াই চায়। তথাপিও বনানী ঠন ধৰি উঠে।
“সেই সব স্বপ্ন এখনও বাতাসে উড়ে বেড়ায়
শোনা যায় নিঃশ্বাসেৰ শব্দ
আৰ সব মৰে স্বপ্ন মৰে না
অমৰত্বেৰ অন্য নাম হয়..” – সুনীল গঙ্গোপাধ্যায়
আচলতে জীৱনটো এক মায়াৰে আবৃত। এই মায়াভৰা জীৱনত বনানীয়ে কঢ়িয়াই লৈ ফুৰে এটি স্বপ্ন। এটি ধুসৰ স্বপ্ন।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!