মধ্যবিত্ত
লেখক- পাপৰি গোস্বামী
সমস্যাটো মোৰ দৰে মানুহ এজনৰ বাবে অলপ ডাঙৰেই হ’ল। যোৱা তিনিটা দেওবাৰ ধৰি ঠাইখনৰ চাৰিওফালে ঘূৰি ঘূৰিও এটা সুবিধাজনক ঘৰ বিচাৰি পোৱা নাই। সুবিধাজনক মানে, এই ধৰক ঘৰটোত তিনিটা কোঠা লাগিব, এটাচ্ছ বাথৰুম, (কমোড ফেচিলিটি থাকিলে বেছি ভাল) ৰানিং ৱাটাৰ আৰু গাড়ীখন ৰখা ঠাই। এইখিনি সুবিধা থকা ঘৰ এটা বিচাৰি পোৱাটো চহৰখনত বৰ কঠিন যেনেই লাগিছে।
মই চাকৰি কৰি থকা সৰু চহৰখনত ভাল (নামী-দামী) স্কুল এখনো নাই। শ্ৰীমতীৰ সদায় ঠেনঠেননি, ছোৱালীজনীক ভাল ইংলিছ মিডিয়াম স্কুল এখনত পঢ়াব লাগে। নহ’লে পিছলৈ তাই হেনো যুগৰ লগত খাপ খাব নোৱাৰিব। ভাবি-চিন্তি, বহুত হিচাপ নিকাচ কৰি শ্ৰীমতীৰ পচন্দৰ ‘ভাল(?)’ স্কুল এখনত নাম ভৰ্তি কৰাই দিলোঁ। ভাল স্কুল যেতিয়া ফীজৰ অংকটোও ডাঙৰেই। তথাপি, পঢ়াব লাগিব সেইখন স্কুলতে। ষ্টেটাচৰ কথাও আছে নহয়। পিছে, স্কুলখন ১৫ কিমি নিলগৰ জিলা সদৰতহে। বেংকে দিয়া কাৰ লোনৰ কৃপাত কিনা গাড়ীখন আছে যেতিয়া ময়েই সেই ১৫ কি. মি. আপ-ডাউন কৰিম বুলি ঠিক কৰিছোঁ। সেই মতেই নতুন ভাড়া ঘৰ বিচাৰি আছোঁ। আজিকালি অৱশ্যে ঘৰ ভাড়ালৈ দিয়া মানুহ বহুত। ঘৰ সজাৰ আগতেই প্লেন কৰি লয়। তিনিটা ফ্লোৰৰ ফাৰ্ষ্ট ফ্লোৰটো নিজলৈ ৰাখি বাকী দুটা ফ্লোৰত সৰু সৰু পাৰৰ বাহৰ দৰে দুটাকৈ ৰুমৰ লগতে এটা সৰু কিচ্চেন আৰু বাথৰুমৰ চাৰি /পাঁচটামান পাৰ্ট কৰি লয়। হোম লোনৰ ই এম আইটো ভাড়াৰ পইচাৰে মিলি যায়। সেই সৰু সৰু এটা পাৰ্টেৰে আকৌ কিমান ডিমাণ্ড.! সাত /আঠ হেজাৰ মুখৰ কথাতে উঠে।
যিয়েই নহওক, তিনিটা দেওবাৰৰ মুৰত চাৰিটা খালী হৈ থকা ঘৰ (মানে দুটা ৰুমৰ) বিচাৰি পালোঁ। কিন্তু মোৰ ‘সুবিধাজনক’ চৰ্তৰ আটাইকেইটা কোনোমতেই নিমিলে। কোনোবাটোৰ যদি ৰানিং ৱাটাৰ, গাড়ীখন থ’ব পৰাকৈ ঠাই আছে, তেন্তে তাত এটাচ্ছ বাথৰুম নাই। কোনোবাটোত আকৌ আটাইখিনি সুবিধা আছে যদিও গাড়ীখনৰ বাবে অকণো জেগা নাই। কোনোবাটোৰ আকৌ ৰূম হিচাপে ভাড়াৰ অংকটো নিমিলে। অত্যধিক বঢ়াই কোৱা ভাড়াৰ বাবে দুটা ঘৰ পচন্দ হৈছিল যদিও এৰিবলগীয়া হৈছে।
প্ৰায় হতাশেই হ’লোঁ। সৰু ছোৱালী এজনীয়ে নিতৌ ইমান দূৰলৈ স্কুল অহাটোও কষ্টকৰেই হ’ব। তদুপৰি, লগত মাকেও আহিবলগীয়া হ’লে খৰচো বাঢ়িব। বাজেট মিলাই চালোঁ, কোনোপধ্যেই নিমিলে। যেনেকৈ নহওক ভাড়াঘৰ এটা বিচাৰিবই লাগিব। তৃতীয় দিনাও ঘূৰি আহিবলৈ লওঁতেই শ্ৰীমতীয়ে এটা ঘৰলৈ আঙুলিয়ালে। ৰাস্তাৰ কাষতেই এটা তিনিমহলীয়া ঘৰ। দেখিলেই ধৰিব পাৰি যে ঘৰটো বহুত পুৰণি। লোহাৰ গে’টখনৰ ওপৰত দুইমুৰ লগাই বাঁহৰ জালি। তাতেই নিয়ৰ মালতী বগাই গোটেই জালিখন নেদেখা কৰিছে। এতিয়া নিয়ৰ মালতী ফুলাৰেই বছৰ কিজানি, গোটেই গে’টখন নিয়ৰ মালতীয়ে আগুৰি ধৰিছে। ৰাস্তাৰ কাষতে গাড়ীখন ৰখাই নামি গ’লোঁ। অলপ আঁতৰত এখন দোকানৰ সন্মুখত ডাঙৰ আহঁত এজোপাৰ তলত দুজন ল’ৰাই কাঠৰ কাম কৰি আছে। ঘৰটোৰ মালিকৰ নাম সুধিলত ক’লে, :”ৰাজা ডাক্তাৰেৰ বাড়ি, সগায় কয়। বাদ বাকী জানোং না।”
বুজিলোঁ, ঘৰটো হয়তো খালী হৈয়ে আছে বহুদিন। এই ল’ৰা দুজনে হয়তো বিশেষ একো নাজানে। ৰাস্তাটো পাৰ হৈ ঘৰটোৰ সন্মুখ পালোঁ।
ঘৰৰ সন্মুখত বাগিচা। বহুতো অযত্নপালিত ফুলৰ গছ। ৰঙা আৰু হালধীয়া গোলাপ দুটামানো ফুলি আছে। কিন্তু উজ্জ্বলতা নাই। যেনিবা, বৰ কষ্টৰ মাজেৰে হে ফুলিছে। এটা সময়ত হয়তো কাৰোবাৰ হাতৰ পৰশত বাগিছাখন বৰ ধুনীয়া আছিল। এতিয়া গছবোৰ লতাৰে ঘেৰি ধৰিছে। বহু দিন যত্নৰ পৰা দূৰৈতে আছে যেন লাগিল। তাৰমানে ঘৰটো খালী আছে..! মনটো ভাল লাগি গ’ল। ফাৰ্ষ্ট ফ্লোৰৰ কাঁচৰ খিৰিকীৰে পৰ্দা ওলমি থকা দেখা গৈছে যদিও বাকী দুটা ফ্লোৰ সম্পূৰ্ণৰূপে বন্ধ হৈয়ে আছে। আৰু অলপ আগুৱাই গৈ দেখিলোঁ, সৰুকৈ এখন ফলকত লিখা আছে “ডঃ ৰাজপ্ৰতাপ বৰুৱা।” ফলকখন হয়তো ঘৰটোৰ সমানেই পুৰণি। ৰং উৱলি গৈছে। কোনোমতেহে নামটো মনিব পাৰি। গে’টৰ সোফালে চুকতে লিখা আছে, ‘To let’ লিখা এখন হাৰ্ড বোৰ্ডৰ টুকুৰা। তলত ফোন নাম্বাৰ এটাও আছে। খপজপাই ফোনটো লৈ নাম্বাৰটো ডায়েল কৰিলোঁ। সিফালৰ পৰা সম্ভাষণ জনালে।
:”হেল্লো..!”
:”হেল্লো, আপুনি ডঃ…”
:”অহ, নহয়। তেখেত মোৰ দেউতা। মোৰ নাম ৰাণাদিত্য বৰুৱা। কওকচোন কি আছিল!”
:”মানে আপোনাৰ ঘৰৰ সন্মুখত টু লেট লিখা দেখি ফোন কৰিলোঁ। ভাড়ালৈ দিব পৰাকৈ ৰুম দুটামান হ’ব নেকি?”
:”অহ, মই কালিহে গুৱাহাটীলৈ আহিলোঁ। দুদিন আগতে অহা হ’লে নিশ্চয় লগ পালোঁহেঁতেন। হয়, তলৰ ফ্লোৰটো ভাড়ালৈ দিম বুলি ভাবিছোঁ। আপুনি নহ’লে অহা দেওবাৰলৈ দেখা কৰিব। মই আগদিনা গৈ পাম।”
:”হয়, ধন্যবাদ। মই মানে অলপ সুবিধাজনক ঘৰৰ সন্ধানত আছোঁ। এই ধৰক, তিনিটা ৰুম, এটাচ্ছ বাথৰুম, ৰানিং ৱাটাৰ আৰু গাড়ীখন ৰাখিব পৰাকৈ…, এইখিনিয়েই।”
:”হয়, আপুনি বিচৰা আটাইখিনিয়ে আছে ঘৰটোত। সন্মুখৰ দুজোপামান গছ কাটি গাড়ীখন ৰাখিব পৰাকৈ ব্যৱস্থাও কৰি ল’ব পাৰিব।”
:”ভাড়া কিমান পৰিব…?”
:”এহ, হ’ব দিয়ক। কিবা এটা মিলাই দিব। বেছি নলওঁ দিয়ক।”
:”তেনেহ’লে, অহা দেওবাৰে লগ পাম।”
:”হয়, নিশ্চয়।”
পত্নীয়ে মোৰ মুখলৈ চায়েই অনুমান কৰিব পাৰিছিল যে কাম সিজিল।
ঘৰটোলৈ চাই শ্ৰীমতীৰ মুখত মিচিকি হাঁহি। ইতিমধ্যে, হয়তো বাগিচাত কি কি ফুল ৰুব তাকো ভাবিলে। ফুলনি পতাৰ বৰ চখ। আগৰ ঠাইটুকৰাতো জেগাৰ অভাৱত প্লাষ্টিকৰ টাবতেই তেওঁ ভালেখিনি অৰনামেণ্টেল প্লেণ্ট লগাইছে। এইবাৰ হয়তো ছিজন ফ্লাৱাৰেৰে বাগিচা ভৰাই তুলিব। তেওঁৰ হাঁহি থকা চকুজুৰি দেখি ময়ো সকাহ পালোঁ।
পিছৰ দেওবাৰে মই যথাস্থানত গৈ ওলালোঁ। পিছে গেটত তলা লগাই থোৱাই আছে। তাৰমানে, মানুহজন নাহিল নেকি..? ফোন কৰিও চালোঁ। ন’ট ৰিচ্ছেৱল। অলপ ৰৈ দিওঁ বুলি ইফালে-সিফালে চাই কেৱল সেই বন্ধ দোকানখনেই চকুত পৰিল। কাষতে ল’ৰা দুজনে কাঠৰ কাম কৰি আছে। ল’ৰা দুজনে কাম কৰি থকাৰ পৰা অলপ দূৰৈত দুইফুটমান ওখকৈ চাৰিটা বাঁহৰ গোজৰ ওপৰত এখন তক্তা। কাম কৰি কৰি অকণ বহি ভাগৰ পলুৱাবলৈ কৰা ব্যৱস্থা। ময়ো লাহেকৈ গৈ তক্তাখনতে বহিলোঁ। ৰ’দটোও বৰ চোকা হৈছে। যোৱা তিনিদিন একেলেথাৰিয়ে দিয়া বৰষুণৰ পিছত সূৰ্যইও পৰাক্ৰম দেখুৱাইছে। বৰকৈ পিয়াহ লগাত ইফাল-সিফালে চাই ক’তো পানীৰ বটল এটা কিনিব পৰাকৈ দোকান নেদেখিলোঁ।
ল’ৰা দুজনে ইলেকট্ৰিক ৰেন্দাৰে কাঠটুকুৰা নিমজ কৰি আছে। কাঠটুকুৰাৰ পৰা খহটা তৰপটো পাতল ছটা ছটাকৈ ওলাই পৰিছে। মাজে মাজে এজনে ভৰিৰে সেইবোৰ অলপ আতঁৰলৈ ঠেলি দি আছে। আজিকালি আৰু হাতেৰে ৰেন্দা নামাৰে কোনো মিস্ত্ৰীয়ে। সকলোকে কম সময়ত বেছি কাম কৰিব পৰাকৈ লাগে। নালাগিবই বা কিয়, সমাজৰ আধুনিকীকৰণ হৈছে। সমাজৰ প্ৰতিটো বৰ্গৰ মানুহেই আধুনিক জীৱনৰ সা-সুবিধাৰ প্ৰতি লালায়িত হৈছে। ঘৰখনৰ প্ৰয়োজনবোৰৰ শেষ নাই। অথচ, কিছুবছৰ আগলৈকে সেইবোৰ প্ৰয়োজন বুলি ভবাই নাছিলোঁ। কাৰ লোন, হোম লোনৰ বোজা মুৰত লৈ হ’লেও ষ্টেটাছ মেইনটেইন কৰিবই লাগিব। নহ’লে আউটডেটেড মিডল ক্লাছৰ অন্তৰ্ভুক্ত হ’ব লাগিব।
ল’ৰা দুজনে হয়তো মোক লৈয়ে কিবা কথা পাতি আছিল। মই নিজেই আগধৰি সুধিলোঁ,
:”বন্ধ হৈ থকা এই দোকানখন কাঠৰ দোকান নেকি?”
:”না, ঐটাও মালিকেৰ ষ্টেচনাৰী দোকান। দুপৰবেলাৰ সময় খোলবে।”
এজনে উত্তৰ দিলে।
:”তোমালোকে যে দোকানৰ সন্মুখতে কাম কৰি আছা একো নকয় নে?”
:”আমৰাতো মালিকেৰে কাম কৰিৰ ধৰছি। মালিকেৰ অনেক বিজনেছ। কাঠেৰ কাৰবাৰো কৰে।”
:”অহ, বুজিলোঁ দিয়া। পিছে এই ঘৰটোত মানুহ থাকে নে নাই?”
আচল প্ৰসংগলৈ আহিলোঁ।
:”মাজে মাজে আহে নেকি কোনোবা, আমি ভালকৈ নাজানো। অলপ পিছত আমাৰ মালিক আহিবই। মালিকেহে ক’ব পাৰিব ঘৰটোৰ কথা।”
মই কথা নবঢ়াই পুনৰ ৰাণাদিত্য বৰুৱালৈ ফোন লগালোঁ। এইবাৰ লাগিল। পিছে তেওঁ সবিনয়ে জনালে যে, এক বিশেষ কাৰণবশতঃ তেওঁ আহিব নোৱাৰিলে। এতেকে, অহা দেওবাৰেহে আহিব পাৰিব।
গৰমে, পিয়াহে মোক লেবেজান কৰি তুলিছিল। ইমান সময় এনেয়ে নষ্ট হোৱাত খঙো উঠিল। অযথা পলম নকৰি আহিবলৈ লওঁতেই ল’ৰা এজনে ক’লে, “মালিক আহিবৰ হৈছেই..”
মই কোনোধৰণৰ উৎসাহ নেদেখুৱাই গুছি আহিলোঁ।
পিছৰ দেওবাৰে শ্ৰীমতীও মোৰ লগতেই ওলাল। বোলে ঘৰটোৰ ভিতৰখনো চাই লওঁ। ঘৰৰ সন্মুখত গাড়ীখন ৰাখোতেই গেটৰ তলাটোলৈ চকু গ’ল। টিঙিচকৈ খংটো উঠি আহিল। সন্মুখৰ দোকানখন আজি খোলা। কিন্তু, আগৰ দুদিন দেখা কাঠৰ কাম কৰা ল’ৰা দুটা নাই। দোকানখনলৈ আগবাঢ়ি দহটকাৰে এটা পানীৰ বটল কিনিলোঁ (গাড়ীত পানীৰ বটল থকা সত্ত্বেও)। লাহেকৈ ঘৰটোৰ কথা উলিয়ালোঁ। ইমান ডাঙৰ ঘৰটো এনেকৈ ৰাখিছে কিয়? ভাড়ালৈ দিব বুলি ফলক লগাইছে অথচ দিবলৈ মন নাই নে আন কিবা..!
:”দাদা, আপুনি আগতেও দুদিন আহি গৈছে বুলি শুনিছোঁ। আপুনি বেলেগ ঘৰেই চাওক নেকি? এই ঘৰটোত থাকিলে ঝামেলা হে হ’ব মিছা-মিছি।
:কিয়? কিনো কথা কওকচোন খুলি।”
মোৰ জানিবলৈ মন গ’ল।
:”এহ, ক’বলৈ গ’লে বহুত কথাই ক’ব লাগে। এই ঘৰটো সজাইছিল ডঃ ৰাজপ্ৰতাপ বৰুৱাই। সকলোৱে ৰাজা ডাক্তৰ নামেৰেই মাতে। তেতিয়াৰ দিনত ইমান ডাঙৰ তিনিমহলীয়া ঘৰ চহৰখনত নাছিলেই। বিল্ডিংটোৰ কাঠৰ কামবোৰ মোৰ দেউতাৰ হতুৱাই কৰাইছিল। দেউতাৰ মুখত সদায় ৰাজা ডাক্তৰৰ কথা শুনি শুনিয়েই আমি ডাঙৰ হৈছোঁ। ডাক্তৰৰ ঘৈণীয়েকৰ ফুলনিৰ চখ আছিল। সন্মুখত সেয়া বাগানখন দেখিছেই নহয়। কিমান ধৰণৰ যে ফুল ফুলি থাকিছিল।”
:”ডাক্তৰ ক’ত থাকে এতিয়া.?”
মই অধৈৰ্য্য হৈ সুধিলোঁ।
:”নাই, ৰাজা ডাক্তৰ ঢুকাল। তেওঁৰ তিনি পুতেকৰ কোনো এজনেই তেওঁৰ দৰে হ’ব নোৱাৰিলে। এজনে কিবা বিজনেছ কৰে হেনো। এজনে ৰাজনীতি কৰে আৰু সৰুজন হেনো ড্ৰাগ এডিক্ট। মাকক কোনেও ৰাখিবলৈ সক্ষম নহ’ল। বহুত দিনলৈকে মাকে অকলেই ঘৰটোত আছিল। পিছত পুতেককেইজনে মিলি মাকক লৈ গ’ল। এতিয়া কাৰ লগত আছে কোনেও নাজানে। বাচি আছেনে নাই তাকো নাজানে কোনেও। কোনো কোনোৰ মতে দুবছৰ আগেয়ে হেনো মৃত্যু হৈছে তেখেতৰ। ঘৰটো লৈ তিনিও পুতেকৰ মাজত কাজিয়া। ৰাণাদিত্য বৰুৱা ডাঙৰজন পুতেকৰ নাম। তেওঁ ভাড়ালৈ দিব বিচাৰিলে বাকী দুজনে বাধা দিয়ে। মুঠতে, ঘৰটো বহু দিন ধৰি এনেকৈয়ে পৰি আছে।
কথাখিনি কৈ দোকানীজন অলপ ৰ’ল।”
:”আৰু এটা কথা..।”
শেষৰ কথাষাৰ অলপ ফুচফুচাই কোৱাৰ দৰে ক’লে।
মই উৎসুকতাৰে তেওঁৰ মুখলৈ চালোঁ। ইতিমধ্যে, শ্ৰীমতীও আহি মোৰ কাষ পাইছিলহি।
:”মাজে মাজে হেনো কোনো কোনোৱে বাগানখনত ৰাজা ডাক্তৰৰ ঘৈণীয়েকক দেখা পায়। ওচৰৰ মানুহবোৰে গছৰ গুৰি খুচৰা আৰু পানী শব্দও পায়। ক’ব নোৱাৰোঁ কি সঁচা, কি মিছা। কিন্তু লোকে কোৱা মতে, বাইদেউৰ আত্মাটো হেনো ইয়ালৈ আহি থাকে।”
শ্ৰীমতীৰ বাবে এইখিনিয়ে যথেষ্ট আছিল। খপজপকৈ গাড়ীলৈ উভতি গ’ল। গাড়ীত বহাৰ লগে লগেই ক’লে, “আগতে চাই যোৱা ঘৰবোৰৰ পৰাই কোনোবা এটা লওঁ দিয়া। অলপ বেছিকৈ ভাড়া দি হ’লেও।”
শ্ৰীমতীৰ ভুত-প্ৰেতলৈ বৰ ভয়।
মই ষ্টিয়াৰিঙত হাত থৈ অংকটো মিলাবলৈ চেষ্টা কৰিছোঁ। গাড়ীৰ ই এম আই+ঘৰ ভাড়া+যাবতীয় খৰচ+ছোৱালীৰ স্কুল ফীজ+পেট্ৰ’ল+ঔষধ…=
উফ্ মধ্যবিত্ত হোৱাৰো কি যে জ্বালা..!