অন্বেষণ

লেখক- ৰাগিণী আলম্যান

বাট এটা দশকজুৰি বিচাৰি ফুৰিছোঁ

বাটটো কেতিয়াবা দীঘল হৈছে

কেতিয়াবা চুটি

তথাপি…

কিয় জানো ভাগৰা নাই মই

বুকুত শিল এটাই ঘৰ সাঁজিলেও

কৰ’বাত বৰফ অলপ গলিছে।

আকাশ হ’ব নাজানো

সাগৰো হ’ব নাজানো

জানো যদি অলপ পোহৰ হ’ব

যি পোহৰে সূৰুয হ’বলৈ শিকায়

শিশুৰ ওঁঠত ওলমা হাঁহিটোৱে

সেউজীয়া কোমল পাতত আহি বহে

মৃত্যুক উপেক্ষা কৰি জীৱন জীয়াবলৈ

হাঁহি এটাই জানো যথেষ্ট নহয়?

সূৰুযমুখী ফুল এটাই আৱৰি থাকে

মোহাৱিষ্ট কৰি ৰাখে মোৰ অন্তৰাত্মা

একাকিত্বৰ ৰ’দজাকৰ মাজতে

নামি আহে এজাক মুষলধাৰ বৰষুণ।

জলমগ্ন জীৱনটোত উটি যোৱা বঠাখন

স্মৃতিৰ বান্ধোনেৰে বান্ধ খাই পৰে

সত্য অন্বেষণৰ নিশ্চল বাটটো

পোন হৈ পৰে সৰলৰেখাৰ দৰে

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!