শ্মশান
লেখক- মনালিছা শৰ্মা
এৰাপৰলীয়া সাধুবোৰ ওঁঠত গুজি লৈ
তাত ৰৈ থাকে নেকি তেওঁলোক,
হেৰাই যোৱা মানুহবোৰ!
কোনো আত্মজৰ আগমনত ধোঁৱা-ধুৱলীৰ সতে
পুনঃ জ্বলি যাবলৈ ৰৈ থাকে নেকি
ৰৈ থাকে নেকি এজোপা গছ অথবা পানীসেউতীৰ ফুল হৈ!
তেওঁলোকৰো আছেনে ৰূঢ় বাস্তৱ_
আছেনে সোঁৱৰণীত বহি থকা সুখৰ সেলেঙি
মৌন বিগ্ৰহৰ প্ৰাৰ্থনাৰ দৰে কাতৰ প্ৰেম_
পোৱা নোপোৱাৰ হিচাপ,
অথবা
মন্ত্ৰোচ্ছাৰণৰ কোলাহলত জাহ যোৱা মৌনতা লৈ
উভতি যাওঁতে লাগি ৰোৱা
দেহজৰ মায়া!
“নমঃ ক্ৰব্যাদ নামাগ্নয়ে নমঃ
নমঃ (ওঁ) কৃত্বা তূ দূস্কৃতং কৰ্মজানতা বাপ্যজানতা…”
জাৰত নিথৰ জহত দেই নিয়া
জীৱনৰ পাছতো আছেনে আৰু এটি জীৱন?
সম্ভাব্য সকলো ভ্ৰমৰ শেষত
সঁচাৰ দৰে সৰল এটি যাত্ৰা
উশাহ আৰু নিশাহৰ বিৰতিত
সীমিত ভাৱোচ্ছাস কিম্বা
জী থকাৰ পুনৰাভিনয়!
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments