শিশুৰ অপৰাধ প্ৰৱণতা

লেখক- হিৰোচিমা বৰা পাঠক

‘শিশুৰ অপৰাধ প্ৰৱণতা’ বৰ্তমান সময়ত গা কৰি উঠা এটি অতি স্পৰ্শকাতৰ বিষয় আৰু ই অতিশয় ডাঙৰ সমস্যা হিচাপে বিশ্বৰ আন আন দেশ সমূহৰ লগতে ভাৰততো গা কৰি উঠিছে। যাৰ ফলত বহুতো উঠি অহা শিশু বা কিশোৰৰ জীৱন ধ্বংসৰ কবলত পৰা দেখা হৈছে। শিশু বা কিশোৰৰ দ্বাৰা হোৱা এনে ধৰণৰ অপৰাধৰ প্ৰবলত নিজৰ জীৱন ধ্বংস হোৱাৰ উপৰিও তেওঁলোকৰ পৰিয়াল, সমাজ তথা দেশৰ বাবেও বহুত অভাৱনীয় সমস্যা হৈ পৰিছে।
‘শিশুৰ অপৰাধ প্ৰৱণতা’ সাধাৰণতে এই শব্দটোৱে শিশু আৰু কিশোৰৰ সমাজৰ প্ৰতি ঋণাত্মক ব্যৱহাৰ, অপৰাধজনিত আচৰণক বুজোৱা হয় যি সমাজৰ বাবে অশুভ আৰু ক্ষতিকাৰক আৰু যাৰ বাবে কিছুমান শাসন ব্যৱস্থা, শাস্তিমূলক ব্যৱস্থা অথবা সংশোধনমূলক ব্যৱস্থা কৰা আছে।

এতিয়া কথা হ’ল কি কাৰণত বা পৰিস্থিতিত পৰি শিশুৰ মনত অপৰাধ প্ৰৱণতা জাগে বা কিয় ঢাল খাই শিশু মন অপৰাধৰ দিশে? পৰিয়াল এটাত সুস্থ বাতাবৰণত ডাঙৰ দীঘল হৈও এজন শিশু বা কিশোৰে অপৰাধ কৰাটো নিশ্চয় চিন্তাৰ বিষয় আৰু অতিশয় ডাঙৰ সমস্যা। কাৰণ শিশু হৈছে খুবেই অনুভৱী। এটি ফুল চুপহিৰ সৰু অৱস্থাৰ পৰা ক্ৰমান্বয়ে মেল খাই এপাহি পূৰ্ণাঙ্গ ফুলত পৰিণত হৈ তাৰ সুবাস চাৰিওফালে বিয়পোৱাৰ দৰেই এটি শিশু সকলো ৰূপ গুণেৰে সমৃদ্ধিশালী হৈ সমাজত আদৰ লাভ কৰিবলৈ সক্ষম হয়। এনে সময়ছোৱাত যেতিয়া শিশুৰ মনত অপৰাধ প্ৰৱণতা জাগে সি নিশ্চয় সমাজৰ বাবে চিন্তনীয় বিষয়। যদিহে আমি জুকিয়াই চাওঁ এনে বহুতো কাৰণ দেখিবলৈ পাওঁ যাৰ ফলত শিশুৱে অপৰাধৰ পৃথিৱী খনত সোমাই পৰে।

প্ৰথমতেই ক’ব লাগিব ঘৰখন শিশুৰ প্ৰথম পৃথিৱী। ঘৰখনতেই ভাল বেয়া দিশবোৰৰ প্ৰথম শিক্ষা লয় এজন শিশুৱে। সুস্থ বাতাবৰণ, ভাল পৰিবেশত শিশু সদায় ভাল হয় আনহাতে অসুস্থ পৰিবেশত শিশু মন বিদ্ৰোহী হৈ উঠে আৰু শিশুৰ কোমল মনোজগতখনত দুশ্চিন্তা, অসৎ আচৰণে ঠাই লয়। উদাহৰণস্বৰূপে বিচ্ছেদ হোৱা পৰিয়ালৰ শিশুৱে সদায় মানসিক দগ্ধতাত ভুগে। তদুপৰি মাক দেউতাকৰ সঘন হৈ থকা হাই- কাজিয়া, মানসিক, শাৰীৰিক অত্যাচাৰৰ প্ৰভাৱ শিশু মনতো পৰে আৰু এনে শিশুৱে ঢাল খায় অপৰাধ প্ৰৱণতাৰ দিছে।

নগৰ চহৰ অঞ্চলৰ চাকৰিয়াল মাক-দেউতাকৰ অনুশাসনৰ অভাবো আন এটা কাৰণ। মাক দেউতাক দুয়োজনেই ওলাই যাবলগা হোৱাৰ ফলত ল’ৰা-ছোৱালীক সময় দিব নোৱাৰে ফলত সেই নিঃসংগতা আৰু অনুশাসনৰ অভাৱত শিশু বেয়াৰ ফালে ঢাল খায় আৰু ভৱিষ্যতে অপৰাধৰ জগতখনত জড়িত হৈ পৰে। তদুপৰি দৰিদ্ৰতা ইয়াৰ আন এটা কাৰণ বুলিব পাৰি। বস্তি অঞ্চলত বসবাস কৰা শিশু আৰু কিশোৰসকল সদায় অপৰাধীসকলৰ সংস্পৰ্শত অহাৰ সম্ভাৱনা থাকে। দৰিদ্ৰতাৰে পূৰ্ণ সামাজিক জীৱনযাত্ৰা, শোচনীয় গৃহাৱস্থা, কম বয়সতে বিদ্যালয়ৰ পৰা আঁতৰাই আনি তেওঁলোকক নিৰক্ষৰ, অপৈণত কৰি ৰখা আৰু লগতে ৰাস্তাত সামগ্ৰী বিক্ৰী কৰিবলৈ লগাই দিয়া ইত্যাদি কৰ্মই তেওঁলোকক অপৰাধৰ জগত খনত সুমুৱাই পেলায়।

আধুনিক বিলাসিতাৰ প্ৰতি সহজে আকৃষ্ট হৈ সম্ভ্ৰান্ত পৰিয়ালৰ কিশোৰ সকলেও নিজৰ অভাৱ পুৰাবলৈ যিকোনো ৰাস্তা অৱলম্বন কৰা দেখিবলৈ পোৱা যায়।

অপৰাধ প্ৰৱণতাৰ আৰু এটা অতি মুখ্য কাৰণ হৈছে নৈতিকতাৰ অভাৱ। আজিকালি শিশু আৰু কিশোৰসকলৰ মাজত নৈতিকতাৰ অভাৱে দেখা দিছে। নৈতিকতাৰ অভাৱৰ ফলত শিশুৱে ভাল বেয়া দিশটো ঠিক কৰিব নোৱাৰে যাৰ ফলত সমাজবিৰোধী আচৰণ কৰে। লগতে কেতিয়াবা এনে শিশুৱে ডাঙৰ অপৰাধতো লিপ্ত হোৱা দেখিবলৈ পোৱা যায়। তদুপৰি অপসংস্কৃতি, চিনেমা আৰু টেলিভিছনৰ উত্তেজক দৃশ্য আদিয়ে কিশোৰসকলৰ লগতে শিশুসকলৰো মনত প্ৰভাৱ পেলায় আৰু ভুল পথে পৰিচালিত কৰে আৰু এসময়ত অপৰাধ কৰিবলৈ লয়।

অপৰাধ প্ৰৱণতাৰ আন এটা কাৰণ শিশু শ্ৰমিকো হ’ব পাৰে। শিশু শ্ৰমিকসকলৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠুৰ বাস্তৱে কেতিয়াবা অপৰাধ কৰিবলৈ বাধ্য কৰায়।

বাঢ়ি অহা জনসংখ্যা আৰু নৈতিকতাৰ অভাৱৰ ফলতো শিশুৰ অপৰাধ প্ৰৱণতা দিনে দিনে বৃদ্ধি পাবলৈ লৈছে। এই ক্ষেত্ৰত ঘৰখনৰ পৰাই আৰম্ভ কৰি সমাজৰ সচেতন ব্যক্তি হিচাপে সকলোৰে যথেষ্ট কৰণীয় আছে। সমাজৰ প্ৰতিজন লোকেই যদি সচেতন হয় আৰু একান্তই সংস্পৰ্শত থকা শিশুসকলৰ উত্তৰণৰ বাবে চেষ্টা কৰে এই সমস্যাৰ অৱসান ঘটিব। পৰিয়ালৰ লোকসকলে যদি কিবা কু-কৰ্মত লিপ্ত হৈছে তৎক্ষণাত সেয়া বাদ দিব লাগিব। লগতে শিশু আৰু কিশোৰসকলৰ সন্মুখত কোনো বেয়া ব্যৱহাৰ, উচ্চস্বৰত গালি-গালাজ, মাৰ-পিট আদি কৰাৰ পৰা বিৰত থাকিব লাগিব। শিশু অনুকৰণ প্ৰিয়। পৰিয়ালৰ জ্যেষ্ঠ লোকসকলৰ কৰণীয় হৈছে শুদ্ধ পথেৰে শিশুক আগবঢ়াই নিয়াত সুবিধা কৰি দিয়া। ভুলবোৰ আঙুলিয়াই দি শিশু এটাৰ মাজত থকা সুপ্ত প্ৰতিভাসমূহক চিনাক্ত কৰি সেই প্ৰতিভা সমূহক বিকাশ হোৱাত সহায়ক হ’ব লাগিব পিতৃ মাতৃ তথা পৰিয়াল বৰ্গ।

ভাৰতত বৰ্তমানৰ শিশু/কিশোৰ ন্যায় ব্যৱস্থা:- আন দেশবোৰৰ দৰে, ভাৰতেও এনে কিছু আইনী ব্যৱস্থা কৰিছে যি বিশেষকৈ শিশু/কিশোৰ অপৰাধীসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ সৈতে সম্পৰ্কিত, যি কিশোৰ অপৰাধৰ সমস্যাৰ মোকাবিলা কৰিব বিচাৰে।
ভাৰতত শিশু/কিশোৰ ন্যায় প্ৰণালী তিনিটা মুখ্য ধাৰণাৰ আধাৰত প্ৰস্তুত কৰা হৈছে:-
যুৱ অপৰাধীসকলক আদালতত বিচাৰ কৰিব নালাগে, বৰঞ্চ তেওঁলোকক সকলো সৰ্বশ্ৰেষ্ঠ উপায়েৰে সংশোধন কৰিব লাগে,
তেওঁলোকক আদালতৰ দ্বাৰা শাস্তি দিয়া উচিত নহয়, কিন্তু তেওঁলোকে সংস্কাৰৰ সুযোগ পাব লাগে
আইনৰ সৈতে সংঘাতত থকা শিশুৰ বাবে বিচাৰ সামাজিক নিয়ন্ত্ৰণ সংস্থাৰ ওপৰত আধাৰিত কৰি সম্প্ৰদায়বোৰৰ জৰিয়তে অ-দণ্ডণীয় ব্যৱহাৰৰ ওপৰত আধাৰিত হ’ব লাগে যেনে পৰ্যৱেক্ষণ গৃহ আৰু বিশেষ গৃহ ইত্যাদি।
তদুপৰি শিক্ষানুষ্ঠানসমূহত আগতকৈ বেছি পৰিমাণে নৈতিকতাৰ শিক্ষাদান কৰিব লাগিব লগতে এই বিষয়ত শিশু/কিশোৰসকলৰ ভাল বেয়া দিশবোৰ উনুকিয়াই দি ভাল পথ দেখুৱাব লাগিব। বস্তি অঞ্চলৰ শিশু আৰু কিশোৰসকলৰ বাবেও চৰকাৰে উন্নতমানৰ আঁচনি গ্ৰহণ কৰিব লাগিব। তেতিয়াহে এই সমস্যাৰ কিছু অন্ত পৰিব আৰু শিশুৰ সৰ্বাংগীণ বিকাশ সাধন হ’ব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!