প্ৰকৃতিৰ সৈতে খোজ— জীৱন অন্বেষণৰ এক অন্যতম উপায়

লেখক- চন্দামিতা শৰ্মা

প্ৰকৃতি হৈছে মানুহৰ প্ৰাণস্পন্দন, যি সঞ্জীৱনী সুধা হৈ জীৱনক গতিশীল কৰি ৰাখিছে। ধৰিত্ৰীয়ে মানুহক জীয়াই থকাৰ অমোঘ মন্ত্ৰ শিকাই । প্ৰকৃতি, প্ৰেমৰেই অন্য এক নাম। প্ৰকৃতি হ’ল সমগ্ৰ জীৱৰে প্ৰাণ। প্ৰকৃতি হৈছে মাতৃস্বৰূপা; কাৰণ সৃষ্টিৰ প্ৰথম বীজ অংকুৰিত হৈছিল এই প্ৰকৃতিৰ কোলাতেই। প্ৰকৃতি অবিহনে কোনো জীৱ জীয়াই থকাটো কল্পনাৰো অগোচৰ। আমাৰ জীৱনত প্ৰকৃতিৰ অৱদান সদায়েই গুৰুত্বপূৰ্ণ তথা আমাক “আমি” কৰি ৰখাত প্ৰকৃতিয়ে যি নিৰালস্য ভূমিকা পালন কৰে, সেইটো আমি বহুক্ষেত্ৰত উপলব্ধি কৰিব নোৱাৰো। ইয়াৰ মূল কাৰণ হ’ল বিভিন্ন সময়ত প্ৰকৃতিক অতি সহজভাৱে লোৱাৰ মানসিকতা।
পাহাৰ-পৰ্বত, নৈ-জান-বিল-নিজৰা আদিয়ে যি অনুপম নৈসৰ্গিক পৰিৱেশ ৰচনা কৰে তাৰ মাজতে আচলতে আমি বিচাৰি পাব লাগিছিল জীৱনৰ অৰ্থ, জীয়াই থকাৰ মন্ত্ৰ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত জীৱশ্ৰেষ্ঠ (? ) বুলি অহংকাৰ কৰা আমি মানৱ জাতিয়ে মৰীচিকাহে খেদি ফুৰো!
প্ৰকৃতিয়ে নি:স্বাৰ্থভাৱে আমাক সকলো দিয়ে কিন্তু বিনিময়ত আমি প্ৰকৃতাৰ্থত প্ৰকৃতিক কি দিছোঁ, তাক ভাবি চোৱাৰ অৱকাশ আমাৰ বেছি সংখ্যকৰে নাথাকে। আচলতে যান্ত্ৰিকতাৰ মেৰপেচত আমি এনেকৈ সোমাই গৈছোঁ যে আমাৰ চৌপাশৰ বিনন্দীয়া প্ৰকৃতিক অন্ত:কৰণেৰে মূৰ তুলি চাবলৈ আমাৰ সময় নাই(? )।
প্ৰত্যেক দিনেই কিছু সময়ৰ বাবে হ’লেও প্ৰকৃতিৰ কোলাত জিৰণি লোৱা, মুকলি আকাশৰ তলত বিচৰণ কৰা, গছ-বন লতিকাৰ সৈতে কথা পতা, চৰাই -চিৰিকটিৰ সঞ্চালনৰ লগত অন্তৰংগভাৱে একাত্ম হৈ বিনন্দীয়া প্ৰকৃতিৰ মাজত বিচৰণ কৰিবলৈ সময় উলিয়াটোও— প্ৰকৃতিৰ শলাগ লোৱা তথা অন্বেষণ কৰাৰ এটা উপায়।

প্ৰকৃতিয়ে আমাৰ চকুজুৰিক এক অনন্য মাত্ৰা প্ৰদান কৰে যিটো আমি কংক্ৰিটৰ পৃথিৱীত হেৰুৱাই পেলাইছো। কংক্ৰিটৰ পৃথিৱীত অভ্যস্ত আমাৰ চকুজুৰিক প্ৰকৃতিৰ সৈতে কৰা ভ্ৰমণে যি শীতলতা প্ৰদান কৰে সেয়া আন কাৰো পৰা আশা কৰিব নোৱাৰি। প্ৰচলিত সমাজ ব্যৱস্থাই প্ৰকৃতিৰ সৈতে আনি দিয়া বিচ্ছেদে সেই সুখানুভূতিৰ পৰা আমাক বঞ্চিত কৰিছে; যাৰ বাবে মানুহে মানৱীয় মূল্যবোধ পাহৰি গৈছে আৰু প্ৰকৃতিৰ অংগ হৈও প্ৰকৃতিক অস্বীকাৰ কৰিছে। থিক ইয়াৰপৰাই আৰম্ভ হৈছে প্ৰকৃতিৰ অৱক্ষয় হোৱা যাত্ৰা, যি যাত্ৰা এতিয়াও অবিৰত হৈ আছে।
প্ৰকৃতিৰ সৈতে কৰা বিচৰণে আমাৰ পৰ্যবেক্ষণ ক্ষমতাৰ বিকাশ ঘটাই। সমস্ত জীৱৰে ক্ৰিয়া-আন্ত:ক্ৰিয়াৰ মাজেৰে যে এই অনিন্দ্য সুন্দৰ পৃথিৱীৰ সৃষ্টি হৈছে তাক অনুধাৱন কৰাত প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ গুৰুত্ব অপৰিসীম।
সাধাৰণতে আমি সন্ধিয়া সময়ত বা ৰাতিপুৱা খোজ কঢ়া বুলি ক’লে যিটো বুজো সেইটো আৰু প্ৰকৃতিৰ সৈতে খোজ বা nature walk-ৰ মাজত বহুত পাৰ্থক্য আছে। প্ৰকৃতিৰ সৈতে খোজৰ সৈতে সংৰক্ষণৰ ধাৰণাটোও জড়িত হৈ আছে৷ কাৰণ প্ৰকৃতিৰ সৈতে খোজ কঢ়াই আমাক প্ৰকৃতিৰ সৈতে একাত্ম হ’বলৈ অনুপ্ৰাণিত কৰে৷ তাৰ ফলত আমাৰ মনত প্ৰকৃতিৰ প্ৰতি নি:স্বাৰ্থ ভালপোৱা জাগ্ৰত হয় আৰু প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰতি আমাক দায়বদ্ধ কৰি তোলে।
আমাক যদি প্ৰকৃতিৰ সৈতে খোজ বা nature walk কি বুলি সোধা হয় তেন্তে অতি সাধাৰণভাৱেই আমি কৈ দিব পাৰোঁ যে ই হৈছে প্ৰকৃতিৰ সৈতে কৰা বিচৰণ কিন্ত বহল অৰ্থত ইয়াৰ মাজতে লুকাই আছে অন্তহীন সম্ভাৱনীয়তা।
ই হৈছে কণ কণ শিশুসকলৰ বাবে ক্ৰিয়াশীলতা, মনোযোগিতা আৰু অৰ্ন্তদৃষ্টি বৃদ্ধি কৰাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক। প্ৰকৃতিৰ মাজত কৰা বিচৰণে শিশুসকলৰ পৰ্যবেক্ষণ ক্ষমতা যথেষ্ট বঢ়াই তোলে; যিটো শিশুসকলৰ ভৱিষ্যতৰ বাবে সহায়ক হয়।
ইয়াৰ ফলত শিশু মনত সৃষ্টিকৰ্তাৰ অবিশ্বাস্য সৃষ্টি, প্ৰকৃতিৰ প্ৰতি প্ৰেমভাব যোগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই বিনন্দীয়া প্ৰকৃতি যে আমি জীয়াই থাকিবৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰক, সেয়া অনুধাৱন কৰাতো সহায় কৰে। ইয়ে শিশুমনত কৌতূহলৰ সৃষ্টি কৰে, যাৰ ফলত প্ৰতিটো বস্তুৰ গূঢ়াৰ্থ বুজিবলৈ সিহঁতৰ কোমল মনক আগ্ৰহী কৰি তোলে।
প্ৰকৃতিৰ সৈতে কৰা বিচৰণে শ্ৰৱণেন্দ্ৰিয়ক কৰি তোলে সক্ৰিয়। বিভিন্ন পশুৰ মাত, চৰাইৰ কলকলনি, সৰি পৰা শুকান পাতৰ শব্দ, বৈ থকা বতাহৰ শব্দ, আনকি সেই পৰিৱেশত ভৰি দুখনে সৃষ্টি কৰা শব্দই শিশুমনক বিভিন্ন শব্দৰ বিষয়ত সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম কৰি তোলে।
মিহি শিল, ডাঠ ঘাঁহনি, খৰমৰীয়া শুকান পাত, ফুলৰ সুকোমল পাপৰি, চৰাইৰ পাখি আদিয়ে শিশুসকলক স্পৰ্শজনিত অনুভূতিৰ উন্মেষ কৰে। ইয়াৰ উপৰি সকলো বস্তুকেই পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব পৰা ক্ষমতা গঢ়ি তোলে। শিশুসকলৰ মনত নিৰ্বাক আৰু সবাক অংগসমূহৰ মাজত যি সম্পৰ্ক তাক বুজি পোৱাত সূক্ষ্ম দৃষ্টিৰ বিকাশ ঘটাই আৰু তেওঁলোকৰ মনত সুপ্ত হৈ থকা কৰুণা, দয়া, মৈত্ৰী আদি মানৱীয় মূল্যবোধসমূহ প্ৰস্ফুটিত কৰি তোলে। প্ৰকৃতিৰ সৈতে কৰা বিচৰণে মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি কৰে।
প্ৰকৃতিৰ সৈতে কৰা বিচৰণে প্ৰকৃতিৰ বহুতো অজানা কথা জনাত সহায় কৰাৰ উপৰি পৰ্যবেক্ষণৰ জৰিয়তে শিকা কথাবোৰৰ দ্বাৰা মৌলিক চিন্তাৰ বিকাশ ঘটাই।
প্ৰকৃতিৰ সৈতে বিচৰণ কেৱল শিশুসকলৰ বাবেই নহয় আমাৰ সকলোৰে বাবে ই অতি ফলপ্ৰসূ।
ইয়াৰ ফলত দেহৰ চৰ্বীৰ মাত্ৰা হ্ৰাস হোৱাৰ উপৰি মাংসপেশীক সবল হয়, ফলত দেহত শক্তিৰ পৰিমাণ বৃদ্ধি হয় আৰু জঠৰতা দূৰ হয়। দেহৰ ৰক্ত সঞ্চালন বাঢ়ে আৰু সমান্তৰালভাৱে হৃদযন্ত্ৰ সবল হয়। দেহৰ স্থিতিস্থাপকতা বৃদ্ধিৰ লগে লগে হাড়ৰ সংযোগ স্থানৰ কাৰ্যকুশলতা বৃদ্ধি হয়। ইয়াৰ উপৰি আমাৰ মানসিক অৱস্থা তথা আচৰণবিধি সঠিক কৰি ৰখাত যথেষ্ট ইতিবাচক ভূমিকা পালন কৰে। প্ৰকৃতিৰ অনাবিল , কলুষতাহীন সৌন্দৰ্যৰ মাজত আৰু প্ৰকৃতিৰ অকৃত্ৰিম মৰমৰ পৰশত আমাৰ দেহ-মন পুলকিত হয় আৰু ফলত ইয়ে আমাৰ মানসিক উদ্বিগ্নতা হ্ৰাস কৰাত সহায়ক হয়। আমি আমাৰ শৰীৰটোক লৰচৰ কৰাৰ ফলত মগজুত এণ্ড’ফিন নামৰ ৰাসায়নিক পদাৰ্থ নি:সৰণ হয়; যিয়ে মানসিক চাপ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। প্ৰকৃতিৰ সৈতে বিচৰণে প্ৰকৃতিৰ আৰু আমাৰ মাজৰ সংযোগৰ জৰীডাল নিকপকপীয়া কৰি তোলে আৰু ইয়ে এক অনন্য, অনিৰ্বচনীয় সংবেদনশীলতা প্ৰদান কৰে, যিয়ে আমাৰ ইন্দ্ৰিয়বোৰক জাগ্ৰত কৰিব পাৰে। ইয়াৰ ফলত আমাৰ বাহ্যিক উদ্দীপনাসমূহ সঠিকভাৱে গ্ৰাহক অংগৰ দ্বাৰা গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি পায়। দৈনন্দিন জীৱনৰ কোলাহলৰ পৰা আঁতৰি আমি সদায় কিছু সময় প্ৰকৃতি, মুকলি আকাশ, গছ-বন, লতিকা, চৰাই-চিৰিকতি আদিৰ সৈতে কটালে বৰ্তমান পৃথিৱীৰ জটিলতা, অসূয়া, অসুন্দৰতা আৰু কদৰ্য্যতাৰ ফলস্বৰূপে বহুসময়ত সুপ্ত হৈ থকা নিজৰ অন্তৰৰ সুন্দৰতা, কোমলতা আৰু সৰলতা আদি গুণসমূহ জাগ্ৰত কৰি সজীৱ কৰি ৰাখিব পাৰিম। প্ৰকৃতি আৰু আমাৰ মাজৰ এই অন্ত:সংযোগে প্ৰকৃতি সংৰক্ষণতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাত সহায়ক হ’ব পাৰে৷
বৰ্তমান সময়ত আমি প্ৰায় প্ৰতিজনে যি সক্ৰিয় জীৱনশৈলীত অভ্যস্ত সেই জীৱনশৈলীক সন্তুলন বজাই ৰখাত প্ৰকৃতি ভ্ৰমণে সহায় কৰিব পাৰে। প্ৰকৃতি সৈতে বিচৰণৰ বাবে আমি কোনো সংৰক্ষিত বনাঞ্চল, বহুত দূৰৰ কোনো অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ প্ৰয়োজন নাই৷ ওচৰৰে বননি এখনত, গছ লতা আদি থকা ঠাই বা পাৰ্ক এখনত অলপ সময় নিতৌ খোজ কাঢ়িলেও আমাৰ শাৰীৰিক অৱস্থা উন্নত হয়, আনকি নিয়মিতভাৱে কৰিলে ওজন কম বা বৃদ্ধিতো সহায়ক হ’ব।
কৰ্ম সংক্ৰান্তত নতুন স্থানত সংস্থাপিত হোৱা সকলে নিতৌ প্ৰকৃতিৰ সৈতে বিচৰণ কৰিলে নতুন ঠাইখনৰ আৱ-হাৱাৰ সৈতে একাত্ম হোৱাত সহায়ক হ’ব পাৰে। ইয়াৰ উপৰি সেই স্থানৰ লোকৰ সৈতে সংযোগ স্থাপন কৰাত সহায়ক হয়। ইয়াৰ দ্বাৰা সেই ঠাইৰ লোকৰ সৈতে আপোনত্ব আৰু সদ্ভাৱ গঢ়ি উঠে; যিয়ে নতুন ঠাইৰ লোকসকলৰ সৈতে সম্প্ৰীতিৰ এনাজৰীডাল কপকপীয়া কাৰৰ সম্ভাৱনা থাকে।
প্ৰকৃতিৰ সৈতে কৰা বিচৰণে আমাক আত্মাৰ সৈতে সংযুক্ত হোৱাত সহায় কৰে; যি আমাক বুজাই দিয়ে যে প্ৰকৃতিৰ উৰ্ধত আমাৰ অস্তিত্ব নাই। প্ৰকৃতি আৰু আমাৰ মাজত যুগ-যুগান্তৰৰ যি সম্পৰ্ক, সেই সম্পৰ্কক অটুট ৰখাত প্ৰকৃতিৰ সৈতে বিচৰণে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব।
মানৱজাতিৰ প্ৰকৃতিৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰাৰ সময় আহি পৰিছে আৰু ই সম্পূৰ্ণৰূপে বৰ্তমান সময়ৰ, পৰিস্থিতিৰ দাবী। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা কিছুদিন বিৰতি লৈ নিজস্ব ধৰণে সময় উলিয়াই প্ৰকৃতিৰ সৈতে একাত্ম হোৱাটো অতীব প্ৰয়োজনীয় যেন বোধ হয়। অকলেই হওক বা পৰিয়াল পৰিজন বা বন্ধুৰ সৈতে হওক, সেই সময়খিনিৰ সদ্ব্যৱহাৰ কৰি জীৱনটোক ইয়াৰ সকলো স্বাভাৱিক মহিমাৰে মহিমামণ্ডিত কৰি তুলিব পৰাটোৱেই সাৰ্থকতা।
মানৱ জীৱনত প্ৰকৃতিৰ উপস্থিতিৰ গুৰুত্ব স্বীকাৰ কৰাৰ সময় আহি পৰিছে কাৰণ প্ৰকৃতিৰ আমাৰ নিশাহ, আমাৰ উশাহ।

তথ্য উৎস-
১ৱেবচাইট parentricle ত সন্নিৱিষ্ট nature walk বা প্ৰকৃতিৰ সৈতে খোজৰ বিষয়ে তথ্য।
২ ৱেবচাইট- moleculeত nature walk বা প্ৰকৃতিৰ সৈতে খোজৰ বিষয়ে সন্নিৱিষ্ট তথ্য।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!