তুমি এনেকৈ আহিলেই হ’ব
লেখক- - বিৰিঞ্চি বৰদলৈ
বাছখন ঠিক চন্দ্ৰৰ দোকানৰ সমুখতে ৰ’ব
তুমি তাতে নামিবা।
তুমি দেখিবা— আহতৰ তলৰ চাংখনত
তাচপাত খেলি থকা— পিলিঙা কেইটাই—
তোমালৈ অকণমান ৰ’ লাগি চাব
তুমি সিহঁতক মোৰ কথা নুসুধিবা।
আসৈ পাব॥
তোমাক আগবঢ়াই নিবলৈ শাওণৰ দুপৰীয়া
তাত কোনো নাথাকিব
পশ্চিমৰ আকাশত থাকিব এজাক বৰষুণ
আৰু কেইটামান ভেকুলী পথৰ দাঁতিত।
সিহঁতে কথাপাতি যাব ওৰেটো বাট তোমাৰ লগত।।
গাভৰু পথাৰখনৰ সেওঁতা ফালি
উত্তৰৰ গাঁওখনত জাহ যোৱা
শেঙেনুনকা বাটটোৰে তুমি বাট বুলিবা,
তোমাৰ হয়তো মনত পৰিব
দীপালী বাইদেউৱে গোৱা সেই গীতফাকিলৈ
‘খোজ লাহেকৈ দিবি সখী খোজ লাহেকৈ দিবি
তুমি যিয়েই নিপিন্ধা লাগে
অকণমান কোচাই ল’বা, নহ’লে
কাৰ্শলা গুটি বোৰে তোমাক জোকাই
বৰ ভাল পাব।
এনেকৈ আহি আহি লঠঙা শিমলু জোপাৰ সৈতে
কেঁকুৰিটো পাবা
মুক্তাৱলি পয়াৰ মাটি হালখন বাই থকা
সনাতন খুৰাদেউক ইয়াতে পাবা
তোমাৰ ৰঙা পৰা ঘৰ্মাক্ত মুখ খন চাই হয়তো ক’ব
হয়ে ৰচকি কৰেপৰানো মৰিবলৈ আহিছ
কাৰ ঘৰত মৰ গৈ তাতে চাহপানী আছে
এবাটি খাই জিৰাই ল’।
তুমি মোৰ কথা ক’বা নহ’লে অবাইচ মাতিব ।
সাপহেন সাঁকোখন পৰ হ’বা
চাৰ্কাচৰ ছোৱালীৰ দৰে
টিলাটোৰ সিপাৰে শুনিবা
উদঙীয়া গাভৰুৰ বাৰভচহু কথা আৰু হাঁহি
তৰা তগৰ আৰু সৰুমাহঁতৰ
সিহঁতে তোমাক জোকাবও পাৰে
চকুত ছান গ্লাছ আৰু হাতত চেণ্ডেল দেখি
দবাপিতা বৰষুণজাক বুকুত ভৰাই লৈ
দুবাহু মেলি এশাৰী সিহঁতক ক’বা
ঐ শুনিছনে নাজিতৰা চুপহি সেউতী মালতীহত
দেচোন বোকাবোৰ মোৰ গোটেই গাত লিপি
আৰু দেচোন তহঁতৰ ঘামবোৰ চুলিত সানি
আনচোন জাকৈ খন
দেচোন নাজীতৰা কঠীয়া এমুঠি
সেউজীয়া হাঁহিৰে উপচাই পেলাওঁ
শাওণৰ এডৰা দুডৰা গোটেই মাটি
তুমি এনেকৈ আহিলেই হ’ব
মই ৰৈ থাকিম উঠন নৈ খনৰ সিপাৰে
বকুল বৰাৰ কঠীয়াতলিত।।
