তুমি তেনেহ'লে এজন লেখক হ’বলৈ বিচাৰা।মূল: চাৰ্লছ বুকোৱস্কি;
লেখক- যশোৱন্ত নিপুণ
যদি এইটো তোমাৰ অন্তৰৰ পৰা উদ্গীৰণ নহয়
সকলো বাধা সত্ত্বেও,
এইটো নকৰিবা।
যদি তুমি নিবিচৰাকৈয়ে এইটো তোমাৰ কলিজা আৰু তোমাৰ মন আৰু তোমাৰ মুখ
আৰু তোমাৰ ৰন্ধ্ৰবোৰৰ পৰা ওলাই নাহে
এইটো নকৰিবা।
শব্দবোৰ বিচাৰি যদি ঘণ্টাৰ পাছত ঘণ্টা কম্পিউটাৰৰ স্ক্ৰীণখনলৈ চাই বা টাইপৰাইটাৰৰ ওপৰত হাউলি পৰি
তুমি বহি থাকিব লগা হয়,
এইটো নকৰিবা।
যদি তুমি এইটো কৰিব বিচাৰিছা
টকা আৰু বিখ্যাত হোৱাৰ বাবে,
এইটো নকৰিবা।
যদি তুমি এইটো কৰি আছা
কাৰণ তোমাক বিছনাত নাৰীৰ প্ৰয়োজন,
এইটো নকৰিবা।
যদি তুমি তাত বহি থাকিব লাগে
আৰু এইটো বাৰে বাৰে পুনৰ লিখিব লগা হয়,
এইটো নকৰিবা।
যদি এইটো কৰাৰ কথা ভবাটোও
এক ডাঙৰ পৰিশ্ৰম,
এইটো নকৰিবা।
যদি তুমি
আন কোনোবাৰ দৰে লিখিবলৈ বিচাৰিছা,
তেতিয়া এইটো একেবাৰে পাহৰি যোৱা।
যদি তুমি এইটোৱে তোমাৰ অন্তৰৰ পৰা
গৰ্জন কৰি ওলাই আহিবলৈ অপেক্ষা কৰিব লাগে,
তেতিয়া ধৈৰ্যেৰে অপেক্ষা কৰা।
এইটোৱে যদি তোমাৰ অন্তৰৰ পৰা
কেতিয়াও গৰজি ওলাই নাহে,
তুমি অন্য কিবা কৰা।
যদি তুমি প্ৰথমে এইটো তোমাৰ পত্নী বা তোমাৰ প্ৰেমিকা
বা তোমাৰ প্ৰেমিক বা তোমাৰ মা-দেউতা
বা অন্য কাৰোবাক পঢ়ি শুনাব লগা হয়,
তেনেহ’লে তুমি এতিয়াও প্ৰস্তুত হোৱা নাই।
অন্য ইমানবোৰ লেখকৰ দৰে নহ’বা,
অন্য যিসকলে নিজকে লেখক বুলি কয় তেনে
হাজাৰ-বিজাৰ মানুহৰ দৰে নহ’বা,
নিৰস, আমনিদায়ক আৰু ফোঁপোলা বৌদ্ধিকতাৰ আবৰণ নহ’বা,
আত্মপ্ৰেমত নিমগ্ন নহ’বা।
পৃথিৱীৰ পুথিভঁৰালবোৰে
এনে প্ৰজাতিটোৰ পৰা
হামিয়াই হামিয়াই আঁতৰি শুবলৈ গৈছে।
ইয়াৰ সংখ্যাটো নবঢ়াবা।
এইটো নকৰিবা।
যদিহে এইটো তোমাৰ আত্মাৰ পৰা
ৰকেটৰ দৰে ওলাই নাহে,
যদিহে অৰ্থহীন স্থবিৰতাই তোমাক
বলিয়ালি বা হত্যা বা আত্মহত্যাৰ দিশলৈ ঠেলি নপঠায়,
এইটো নকৰিবা।
যদিহে তোমাৰ অন্তৰৰ সূৰ্যটোৱে
তোমাক পুৰি ছাৰখাৰ কৰা নাই,
এইটো নকৰিবা।
যেতিয়া সেই সময় সঁচাকৈয়ে উপস্থিত হয়,
আৰু যদি তোমাকেই বিচাৰি লোৱা হৈছে,
এইটো স্বতঃস্ফূৰ্তভাৱে হৈ যাব
আৰু এইটো হৈয়েই থাকিব
যেতিয়ালৈকে তোমাৰ মৃত্যু বা ইয়াৰ মৃত্যু
তোমাৰ মাজত নহয়।
অন্য আৰু কোনো ৰাস্তা নাই।
আৰু অন্য কোনো ৰাস্তা কেতিয়াও নাছিল ।
