মানুহবোৰ মানুহ হৈ থকা হ'লে

লেখক- দীপাঞ্জলি বৰা

মানুহবোৰ মানুহ হৈ থাকিলে 

 গছবোৰ গছ হৈ থাকিব 

পাহাৰ-পৰ্বত, অৰণ্য হৈ থাকিব 

সেউজ ভৰা…

 

শিলবোৰক শিলৰ 

ঠাইতে থাকিবলৈ দিয়া

আকলুৱা হৈ বুকুলৈ নচপাবা….

ভৰ সহিব নোৱাৰি এদিন 

উশাহ-নিশাহবোৰ চুটি হৈ আহিব !

 

নদীখনে সৰু -বৰ 

দুপাৰৰ আপোন শিলবোৰক

নিতৌ কৰা উলাহৰ স্পৰ্শক

শিল খান্দি তোমালোকে বাধা নিদিবা 

নদীখনে হেৰুৱাব আপোন বাট !

 

 নদীখনে আপোনত্ব হেৰুৱাই 

দুখ বেদনাত জৰ্জৰিত হৈ এদিন 

উভতি ধৰিব সংহাৰী ৰূপ লৈ….

 

পাহাৰৰ বুকুত ক’লা হীৰা বিচাৰিবলৈ

খন্দা গভীৰ গাঁতবোৰত জমা হয়

অংগক্ষত হোৱা পাহাৰৰ 

বেজাৰৰ চকুলো !

 

সেয়া জমা হৈ হৈ 

এক কালান্তক ৰূপ লৈ 

নামি আহে ভৈয়ামলৈ ।

 

 দুখৰ জুইকুৰা নুমোৱাৰ চেষ্টাত

ৰাংঢালি নৈখনৰ  বুকুত সোমাই পৰে ।

লাহে লাহে নৈখন হৈ পৰে খঙাল 

এচাম মানুহৰ স্বাৰ্থপৰতাৰ বলি হৈ 

বুজ বিবেচনা হেৰুৱাই 

নিমাখিত জনসাধাৰণক মহতিয়াই 

মাটি ভেটি  সকলো কৰে উচন ।

 

কিনো দোষ নদীখনৰ কোৱাঁ?

 

মানুহবোৰ মানুহ হৈ থকা হ’লে …..

গছবোৰক আপোনমনে 

জীবলৈ দিয়া হ’লে 

পাহাৰ- পৰ্বতক নকৰা হ’লে আঘাত

প্ৰকৃতি আৰু মানবৰ মাজত 

নহ’লে হয় এনে সংঘাত 

নহ’লে হয় সহমৰ্মিতাৰ অভাৱ!

 

……

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments