এটি চিগাৰেটৰ টিনে সূচনা কৰা পাণ্ডা কূটনীতি

লেখক- জিতেন কলিতা

শিৰোনামটো দেখি যদিহে পাঠকসকলে মা কামাখ্যা বা জগন্নাথ মহাপ্ৰভু মন্দিৰৰ পাণ্ডাসকলৰ মুখৰোচক কাহিনী শুনিবলৈ আশা পালি আছে, তেনেহ’লে মই আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। কিয়নো তেওঁলোকৰ সৈতে মোৰ কাহিনীৰ কোনো সম্পৰ্ক নাই, মই আজি পাণ্ডা নামৰ জন্তুবিধ অৰ্থাৎ বিশাল পাণ্ডা (Giant Panda)ৰ বিষয়েহে কথা পাতিম। ঠিক কলিঙ্গ যুদ্ধৰ দৰে জীৱনত প্ৰথম আৰু শেষবাৰৰ বাবে এই জন্তুবিধ প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলোঁ মাথোঁ এবাৰেই। প্ৰথমবাৰৰ বাবে ২০০২ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত ভৰি দি ৰাজধানী চহৰ ৱাশ্বিংটন ডি চিত খোপনি পোতাৰ কেইদিনমান পাছতেই আমি গৈছিলোঁ আমাৰ প্ৰথম পৰ্যটন স্থলী ৰাষ্ট্ৰীয় চিৰিয়াখানা দৰ্শন কৰিবলৈ। ৰকক্ৰীক পাৰ্ক স্থিত এই চিৰিয়াখানাৰ মুখ্য আকৰ্ষণ আছিল আমেৰিকাই চীনৰ পৰা উপহাৰ পোৱা বিশাল পাণ্ডা এহাল। মূলতঃ বগা ৰঙৰ, কিন্তু চকুৰ আশ-পাশ, কাণ আৰু হাত-ভৰি বোৰ ক’লা ৰঙেৰে দেখিবলৈ সাইলাখ পুতলাৰ দৰে লগা এই পাণ্ডাদুটা আছিল দৰ্শনাৰ্থী সকলৰ, বিশেষকৈ শিশুহঁতৰ নয়নৰ মণি। মোৰ যিমানদূৰ মনত আছে, ঠিক সেইখিনি সময়তে মাইকী পাণ্ডাজনী গৰ্ভৱতী হৈছিল আৰু স্থানীয় টেলিভিছনৰ চেনেলবোৰত প্ৰায় এসপ্তাহমান ই বাতৰিৰ শিৰোনামত আছিল। যাৰ ফলত সিহঁতৰ প্ৰতি স্থানীয় জনসাধাৰণৰ উৎসুকতা অধিক বৃদ্ধি পাইছিল আৰু ৰাইজ হিলদল ভাঙি ৰাষ্ট্ৰীয় চিৰিয়াখানালৈ ঢাপলি মেলিছিল। ময়ো আছিলোঁ তাৰ মাজৰেই এজন। স্বাভাৱিকতেই এই নিৰীহ জন্তুদুটাযে আচলতে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনদেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ধ্বজাবাহকহে আছিল, সি আছিল এই অভাজনৰ কল্পনাৰো অগোচৰ। মোৰ সন্মুখত সেই সত্যটি অনাবৃত হৈছিল একুৰিৰো অধিক বছৰৰ পাছতহে। সিও কাকতালীয়ভাবেহে। 

এই বছৰ ফেব্ৰুৱাৰী মাহত ৱাশ্বিংটন ডি চিত অৱস্থিত জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ মোৰ একালৰ সহযোগী আৰু গৱেষণাৰ সঙ্গী অধ্যাপক মুৰলী মনোহৰ গুপ্তা সুদূৰ আমেৰিকাৰ পৰা আমাৰ ঘৰত কেইদিনমানৰ বাবে আলহী হৈছিলহি। এদিন ৰাতিপুৱা আমি দুয়ো আমাৰ আবাস গৃহৰ চাতত পায়চাৰি কৰি কেম্পাছৰ সৌন্দৰ্য্য উপভোগ কৰি আছিলোঁ। তেনেতেই মাটিৰ পৰা বাঢ়ি আহি ঘৰটোৰ এটা কোণ চানি ধৰা বাঁহ এছোপ দেখি তেখেতে ক’বলৈ ধৰিলে, “এই বাঁহকেইডাল দেখিয়েই আমাৰ তাৰ চিৰিয়াখানাৰ পাণ্ডা কেইটালৈ মনত পৰিছে। সিহঁতকো অনবৰতে কোমল বাঁহ চোবাই থকাই দেখিছিলোঁ। পিছে এতিয়া সিহঁত নাই।” মই অলপ আচৰিতেই হলোঁ, কিয়নো ইমান দিনে মই ভাবি আছিলোঁ যে ইতিমধ্যে সিহঁতৰ বংশ বৃদ্ধি ঘটি বৰ্ধিত সংখ্যক পাণ্ডাৰে চিৰিয়াখানা খনৰ সৌষ্ঠৱ আগতকৈও বেছি বৃদ্ধি পাইছে। কৌতূহল দমাব নোৱাৰি মই সুধিলোঁ, “কি হ’ল সিহঁতৰ?” “চীনা চৰকাৰে সিহঁতক ওভতাই লৈ গ’ল। যোৱা বছৰ নৱেম্বৰ মাহতে ফেডেস্ক (Fedex) কোম্পানীৰ ব’য়িং ৭৭৭ বিমান এখনেৰে শেষ পাণ্ডা তিনিটাক চেংদুলৈ নিলে। শুনিলে আচৰিত হ’বা যে সেই প্ৰকাণ্ড বিমানখনৰ বাকী ঠাই দখল কৰিছিল সিহঁতৰ খাদ্য বাঁহে।” মই সিহঁতক ওভতাই নিয়াৰ কাৰণটো জানিব বিচৰাত তেখেতে মিচিকিয়াই ক’লে, “এয়া সকলো পাণ্ডা কূটনীতি।” 

বোধকৰোঁ সেইবাবেই ২০১৩ চনত ৱাশ্বিংটন ডি চিৰ ৰাষ্ট্ৰীয় চিৰিয়াখানাত গুলপীয়া ৰঙৰ, সদ্যজন্মপ্ৰাপ্ত পাণ্ডা পোৱালিটোৰ আগমনক যেতিয়া সকলোৱে হৰ্ষোল্লাসেৰে স্বাগতম জনাইছিল, তেতিয়া আমেৰিকাস্থ চীনৰ ৰাষ্ট্ৰদূত কুই টিয়ানকিয়ে (Cui Tianki) মন্তব্য আগবঢ়াইছিল, “বহুতেই উপলব্ধি কৰিবলৈ অপাৰগ, কিন্তু দৰাচলতে ৱাশ্বিংটনত দুজন চীনা ৰাষ্ট্ৰদূত অধিষ্ঠিত হৈ আছে, তাৰে এজন মই আৰু আনজন এই পাণ্ডা পোৱালিটো।” আমেৰিকা আৰু চীনৰ মাজত এই পাণ্ডা কূটনীতিৰ বীজ ৰোপিত হৈছিল ১৯৭২ চনত, যি আৰম্ভ হৈছিল সেই বছৰৰে ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি নিক্সনৰ চীন ভ্ৰমণেৰে। সম্পূৰ্ণ বিপৰীত দুই মেৰুত অৱস্থান কৰা দুখন দেশৰ মাজৰ এই গতিবিধিয়ে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু ৰাজনৈতিক পৰ্যবেক্ষকসকলে ৰূদ্ধশ্বাসেৰে ইয়াক অনুসৰণ কৰিছিল। সেই সময়ত আমেৰিকা ব্যস্ত আছিল ভিয়েটনামৰ বিৰুদ্ধে ৰক্তক্ষয়ী যুদ্ধত আৰু চীনৰ কমিউনিষ্টসকলে ভিয়েটনামক সম্পূৰ্ণ সমৰ্থন দিছিল। আনহাতে নিক্সন আছিল কট্টৰ কমিউনিষ্ট বিৰোধী আৰু চীনৰ কমিউনিষ্ট পাৰ্টিৰ মুখ্য কাৰ্যবাহী মাও জে ডং আছিল এজন সহজাত সমাজবাদী বিপ্লৱী। তেনে প্ৰেক্ষাপটত নিক্সনৰ চীন ভ্ৰমণ আছিল এক অকল্পনীয় পৰিঘটনা। পিছে দুয়োখন দেশেই ইয়াৰ মাধ্যমেৰে সুবিধা আদায়ৰ থল বিচাৰি পাইছিল। এহাতে আমেৰিকাই বিচাৰিছিল ভিয়েটনামৰ পৰা সেনাবাহিনী প্ৰত্যাহাৰ প্ৰক্ৰিয়াত চীনৰ সহযোগিতা আৰু আনহাতে চীনে বিচাৰিছিল আমেৰিকাৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় মঞ্চত এঘৰীয়া হৈ থকাৰ পৰা মুক্তি। 

দুয়োখন দেশৰ মাজত অনুষ্ঠিত এই আলোচনাত চীনৰ প্ৰধান মন্ত্ৰী জৌ এন লায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেই সময়ত মাওৰ পিছতেই তেৱেঁই আছিল চীনৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি। ২১ ফেব্ৰুৱাৰীৰ সেই নিশাই মাওৰ চৰকাৰী বাসভৱনত ৰাষ্ট্ৰপতি নিক্সনৰ সন্মানাৰ্থে এক নৈশভোজৰ আয়োজন কৰা হৈছিল। জৌৰ কাষৰ চকীখনতেই উপবিষ্ট হৈছিল আমেৰিকাৰ প্ৰথম মহিলা পেট নিক্সন। নৈশভোজ আৰম্ভ হোৱাৰ অলপ পাছতে মেজত তেওঁৰ বাবে সুনিৰ্দিষ্ট স্থানত দুটা বিশাল পাণ্ডাৰ ল’গ’ (logo) থকা এটি সৰু চিগাৰেটৰ টিন শ্ৰীমতী নিক্সনৰ দৃষ্টিগোচৰ হ’ল। টিনটো হাতত লৈ জৌৰ ফালে দৃষ্টি নিক্ষেপ কৰি তেখেতে ক’লে, “সিহঁত কেনে ধুনীয়া, নহয়নে? মই যে সিহঁতক ইমান ভাল পাওঁ।” প্ৰত্যুত্তৰত জৌৱে ক’লে, “মই আপোনাক কেইটামান দিম ৰ’ব।” “চিগাৰেট?” শ্ৰীমতী নিক্সনৰ নৈমিত্তিক প্ৰশ্ন। “নহয়, পাণ্ডা।” সেয়াই আছিল ৱাশ্বিংটন আৰু পাণ্ডাৰ মাজৰ অৰ্দ্ধশতিকাৰো অধিক সময় জুৰি চলা প্ৰেম কাহিনীৰ আৰম্ভণি। তাৰ কেইসপ্তাহমানৰ পাছতেই ১৯৭২ চনৰ ১৬ এপ্ৰিল তাৰিখে দোকমোকালিৰ প্ৰাকক্ষণত প্ৰচুৰ নিৰাপত্তাৰ মাজত আমেৰিকাৰ মেৰীলেণ্ড প্ৰদেশস্থিত এণ্ড্ৰিউ বায়ু সেনাবাহিনীৰ ছাউনীত অৱতৰণ কৰিছিল দুটা ওঠৰ মহীয়া বিশাল পাণ্ডাই। সিহঁতক মুহূৰ্তৰ ভিতৰতে সংগোপনে উত্তৰ-পশ্চিম ৱাশ্বিংটনত অৱস্থিত স্মিথছ’নিয়ামৰ ৰাষ্ট্ৰীয় চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছিল। তেতিয়াৰে পৰা এক কোটিৰো অধিক লোকে ৰাষ্ট্ৰীয় চিৰিয়াখানাত ভূমুকি মাৰিছেহি। সিহঁত অকল চিৰিয়াখানা খনৰ মুখ্য আকৰ্ষণেই নহয়, ৱাশ্বিংটন ডি চি চহৰৰ অনানুষ্ঠানিক শুভংকৰো (mascot) হৈ পৰিছে। মেট্ৰ’ ৰেলৰ কাৰ্ডকে আদি কৰি চহৰৰ চাৰিওফালে সিঁচৰতি হৈ থকা বিভিন্ন স্তম্ভ সমূহ, মগ, টি-ছাৰ্ট, ছাবিৰ ৰিঙলৈ সকলোতে সিহঁতৰ ছবি বিৰাজমান। 

অনবৰতে কোমল বাঁহ চোবাই থকা মৰম লগা এই প্ৰাণীবিধক প্ৰথমতে চীনৰ প্ৰীতি-উপহাৰ বুলিয়েই গণ্য কৰা হৈছিল যদিও পাছলৈ সিহঁত হৈ পৰিলগৈ ‘উপহাৰ ঋণ’। ইয়াৰ সূচনা হৈছিল ১৯৮৪ চনত, যেতিয়া চীনৰ প্ৰধান ডেং জিয়াওপিঙে আগৰ নীতি সংশোধন কৰি এই বিশেষ উপহাৰবিধক লীজলৈ পৰিবৰ্তিত কৰিছিল। ইয়াৰ প্ৰথম কিস্তি হিচাপে ১৯৮৪ৰ অলিম্পিক গেমছৰ সময়ত লছ এঞ্জেলছ চিৰিয়াখানাত প্ৰতি পাণ্ডাৰ বিপৰীতে মাহিলী ৫০, ০০০ আমেৰিকান ডলাৰৰ বিনিময়ত চীনে আমেৰিকাক দুটা পাণ্ডা ‘উপহাৰ’ দিয়ে। চতুৰ চীনে ক্ৰমান্বয়ে পৰৱৰ্তী দশকবোৰত সিহঁতৰ জনপ্ৰিয়তাক সদ্ব্যৱহাৰ কৰি ৰাজনৈতিক মুনাফা আদায় কৰাত সিদ্ধহস্ত হৈ পৰে। আপাত দৃষ্টিত অতি আকৰ্ষণীয় যেন লাগিলেও এই উপহাৰ ঋণ চম্ভালাটো পিছে ইমান সহজ নহয়। অতিমাত্ৰা ব্যয়বহুলতাৰ বাবে খেনো খেনোৱে ইয়াক আধুনিক যুগৰ বগা হাতী বুলিও অভিহিত কৰে। সাধাৰণতে এহাল পাণ্ডাৰ লীজৰ বিপৰীতে চীনা কৰ্তৃপক্ষই বছৰি প্ৰায় এক মিলিয়ন ডলাৰ লাভ কৰে। তদুপৰি সিহঁতক খুৱাবলৈ লাখ লাখ ডলাৰ মূল্যৰ কোমল বাঁহ উৰাজাহাজেৰে আমদানি কৰিবলগীয়া হয়। আন এক আমোদজনক কথা হৈছে যে উপহাৰত পোৱা পাণ্ডাবোৰৰ সতি-সন্ততি জন্ম পালে তাৰ মালিকীস্বত্বও চীনৰ হাততেই ন্যস্ত থাকে। 

২০০৮ চনত চীনৰ ছিচুৱান ৰাজ্যত সংঘটিত এক প্ৰলয়কাৰী ভূমিকম্পত তাৰ পাণ্ডা সংৰক্ষণ কেন্দ্ৰটোৰ বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ ফলত ৱ’লং সংৰক্ষিত বনাঞ্চল আৰু প্ৰজনন কেন্দ্ৰত বাস কৰা ৬০টা পাণ্ডাৰ আটাইকেইটাৰে পুনৰ্সংস্থাপন একান্ত জৰুৰী হৈ পৰিছিল। তেতিয়াই চীনৰ এই ৰণকৌশলে ন ৰূপত আত্মপ্ৰকাশ কৰে। অধিক দেশলৈ লোভনীয় ‘পাণ্ডা উপহাৰ ঋণ’ সম্প্ৰসাৰণৰ বুধিটোৱে এক গুলীত দুই চিকাৰ কৰি কেন্দ্ৰটোৰ পুনৰ্নিমাণৰ লগতে পাণ্ডা পুনৰ্সংস্থাপন সমস্যাটোৰ সমাধানৰ পথো মুকলি কৰি দিয়ে। পৰ্যবেক্ষক সকলৰ মতে পাণ্ডা ঋণ প্ৰকৃততে সংশ্লিষ্ট দেশখনৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তিৰ অনুমোদনত মৰা মোহৰৰ (seal of approval) প্ৰতিফলনহে। ২০১৩ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে যি সময়ত চীনে কানাডা, ফ্ৰান্স আৰু অষ্ট্ৰেলিয়াৰ সৈতে পাণ্ডা চুক্তি সম্পাদন কৰিছিল, একে সময়তে সেই দেশসমূহৰ সৈতে ইউৰেনিয়াম চুক্তিও স্বাক্ষৰিত হৈছিল। একেদৰে ছিংগাপুৰ, মালয়েছিয়া আৰু থাইলেণ্ডৰ দৰে চুবুৰীয়া দেশৰ লগত সম্পন্ন হোৱা পাণ্ডা বিনিময় চুক্তিৰ সৈতে একেসময়তে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিৰ প্ৰত্যক্ষ সম্পৰ্ক আছিল। ২০২১ চনৰ আন এক প্ৰতিবেদন অনুসৰি এই ঋণৰ বিপৰীতে বিনিময় কৰা পাণ্ডাৰ সংখ্যা দুয়োখন দেশৰ মাজৰ বাণিজ্যৰ পৰিমাণৰ সমানুপাতিক। আনহাতে বিভিন্ন সময়ত পাণ্ডা ঋণৰ সৈতে জড়িত দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিলেই চীনে এই প্ৰাণীবিধক পুনৰ নিজ দেশলৈ ঘূৰাই অনা পৰিলক্ষিত হৈছিল। উদাহৰণস্বৰূপে ২০১০ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ দালাই লামা সাক্ষাৎকাৰৰ বিৰুদ্ধে সতৰ্কবাণী শুনোৱাৰ দুদিন পাছতেই চীনে এহাল পাণ্ডা ওভতাই লৈ যায়। অথচ তেতিয়াও সিহঁতৰ লীজ শেষেই হোৱা নাছিল। 

যোৱা কেইবা দশক জুৰি মাৰ্কিন ৰাজনীতিবিদসকলে ক্ৰমবৰ্ধমান হাৰত চীনৰ বিৰুদ্ধে মানৱাধিকাৰ উলংঘনৰ লগতে কৰ্মসংস্থাপন বঞ্চনাৰো অভিযোগ উত্থাপন কৰি আহিছে। একেখন দেশৰ বিৰুদ্ধে আমেৰিকাই বাণিজ্য যুদ্ধত লিপ্ত হোৱাৰ উপৰিও ক’ভিড অতিমাৰীৰ সূত্ৰপাত কৰা বুলিও অভিযোগ আনিছে। সমসাময়িক ভাবে আমেৰিকাত এচিয়ান-বিদ্বেষো দিনক দিনে বৃদ্ধি পাইছে। তৎসত্ত্বেও চীন-আমেৰিকা সম্বন্ধৰ এই উত্থান-পতনৰ সন্ধিক্ষণত আমেৰিকাত এই ক’লা বগা জন্তুবিধৰ জনপ্ৰিয়তা এতিয়াও কোনো গুণে হ্ৰাস পোৱা নাই। দুয়ো দেশৰ চৰকাৰী মুখপাত্ৰসকলে পাণ্ডা কুটনীতিৰ শেহতীয়া খহনীয়াৰ ওপৰত প্ৰকাশ্যভাবে কোনো মন্তব্য আগবঢ়োৱা নাই। এক চৰকাৰী বিবৃতি অনুসৰি পাণ্ডা লীজৰ ম্যাদ উকলি যোৱা আৰু তাৰ নৱীকৰণ নোহোৱা বাবেহে সিহঁতক নিজ দেশলৈ ওভতাই লৈ যোৱা হৈছে। সেয়েহে আমেৰিকাৰ চিৰিয়াখানাৰ অৱশিষ্ট আটাইবোৰ পাণ্ডাৰে প্ৰত্যাবৰ্তন অৱশ্যম্ভাৱী আৰু মাৰ্কিন ভূমিৰ শেষ পাণ্ডা চাৰিটা এতিয়া আটলাণ্টাৰ চিৰিয়াখানাত তাৰেই অপেক্ষাত। আমেৰিকালৈ চীনে পুনৰ নতুনকৈ পাণ্ডা প্ৰেৰণ কৰিব নে নাই সি মাথোঁ সময়েহে ক’ব। ই সম্পূৰ্ণভাবে নিৰ্ভৰ কৰিব দুয়োখন দেশৰ মাজৰ সম্বন্ধই কোন দিশত গতি কৰে তাৰ ওপৰত। ১৯৭২ চনৰ সেই বিখ্যাত চিগাৰেটৰ টিনটো এতিয়া কালিফ’ৰ্ণিয়াত অৱস্থিত নিক্সন ৰাষ্ট্ৰপতি পুথিভঁৰাল আৰু সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। কোনে জানে, হয়তো অদূৰ ভৱিষ্যতে পাণ্ডা কূটনীতিৰ অৱশেষ এই সংগ্ৰহালয়ৰ বাহিৰে আন ক’তোৱেই বিচাৰি পোৱা নাযাব! 

লেখাটো যুগুত কৰোঁতে দ্য ৱাশ্বিংটন প’ষ্ট কাকতত প্ৰকাশিত তলৰ প্ৰবন্ধকেইটিৰ সহায় লোৱা হৈছে। 

১) A Chinese cigarette tin launched D. C.’s 50-year love affair with pandas. প্ৰবন্ধকাৰ: মাইকেল ই ৰুৱান (১৬ মাৰ্চ, ২০২২)। 

২) The hidden power of China’s pandas- and why the U.S. is losing them all. প্ৰবন্ধকাৰ: উইলিয়াম ৱেন (৭ নৱেম্বৰ, ২০২৩)। 

৩) Panda diplomacy to live on? China’s Xi hints U.S. may get more bears. প্ৰবন্ধকাৰ: মাৰিয়ানা আলফেৰ’, অ’লিভিয়া ডিয়াজ,জন হাডছন আৰু এমি বি ৱেং (১৬ নৱেম্বৰ, ২০২৩)।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!