পাঁচটা কলমৰ কাহিনী (মুম্বাই বাৰ্তা)

লেখক- উজ্জ্বল দিপ্লু গগৈ

সদায় যোৱাৰ দৰে অফিচলৈ বুলি আজি ৰাতিপুৱাও মালাড ষ্টেচনৰপৰা ৬: ৩০ৰ ট্ৰেইনখনত উঠিছিলোঁ। ৰাতিপুৱাৰ সময় হোৱা বাবে ট্ৰেইনখনত ভীৰ পাতলীয়া আছিল। উঠিয়েই বহিবলৈ নাপালো যদিও পৰৱৰ্তী ষ্টেচন গ’ৰেগাঁৱত বহিবলৈ বুলি চীট এটা খালী হোৱা দেখা পালোঁ। ট্ৰেইনখনে পুনৰ যাত্ৰা আৰম্ভ কৰিছিল। পুৱাৰ সময়, তাতে ট্ৰেইনত মোৰ গন্তব্যস্থান চাৰ্চগ্যেইট গৈ পাওঁগৈ মানে মালাডৰপৰা সময় লাগে ৫৫ মিনিট। এই সময়কণৰ সদ্ব্যৱহাৰ কৰি ঘৰৰ বিছনাত এৰি থৈ অহা টোপনিকণক আৰু অলপ দেৰিলৈকে প্ৰশ্ৰয় দিবলৈ ভাল সুযোগ এটা পোৱা যায়। স্বভাৱগতভাৱে বেগটো হাত দুখনেৰে সৰি নপৰাকৈ সাবটি লৈ টোপনিয়াবলৈ মসৃণ চেষ্টা এটা কৰিলোঁ। চিলমিলকৈ টোপনিটো আহি বগলীডুবা দিওঁ মানে ট্ৰেইনখন ৰামমন্দিৰ ষ্টেচন পাৰ হৈ যোগেশ্বৰী গৈ পাইছিলগৈ। 

 ঠিক তেনেতে টিঁটিয়া মাত এটাই চিলমিল টোপনিকণ ভাঙি দিলে। চকুত থকা তন্দ্ৰাৱস্থাৰে সৈতে লাহেকৈ মূৰটো দাঙি চালোঁ; সৰু ল’ৰা এটাই আঙুলিৰ ফাঁকত বিশেষ টেকনিকেৰে পাঁচডালকৈ কলম থকা সৰু-সৰু পেকেট কেইটামান সুমুৱাই লৈ যাত্ৰীসকলক সুধি ফুৰিছে, “প্যেন লেংগ্যে, প্যেন?” 

 ল’ৰাটোৰফালে এইবাৰ ভালকৈ চালোঁ। ন-দহবছৰীয়া বয়সৰ ল’ৰা হ’ব। পিন্ধনত স্পাইডাৰমেনৰ কোনোবা যুগৰ ফটো সম্বলিত পাতল মলিয়ন টি-চাৰ্টৰ সৈতে আচল ৰঙ চিনাক্ত কৰিব নোৱাৰে হাফ-পেণ্ট এটা। ভৰিৰ তলুৱাখনত যাতে মাটি নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি সি এযোৰ চেণ্ডেল পিন্ধিছে, যিযোৰ ভৰিৰ জোখতকৈ এক/দুই চাইজমানৰ বেছি হ’লেও কম নহ’ব। সম্ভৱত তাৰ পৰিয়ালৰ একমাত্ৰ চেণ্ডেলযোৰ। ল’ৰাটোৱে অনৰ্গল কথা কৈ আছিল। মাজে মাজে পিঠিৰপৰা বেগটো খুলি আনি সি মানুহবোৰক দেখুৱাই, “আপকৌ চাহিয়্যে ত’হ মেৰে পাচ অলগ অলগ কালাৰ ভ্যী হ্যে।” 

 তাৰ কলমৰ মানদণ্ড কি হ’ব পাৰে সেয়া সহজে অনুমেয় আছিল। কিনি নি লিখিবলৈ ল’লেও খুব বেছিৰ বেছি দুদিনমান কাম কৰিব অথবা ৰিফিলডালৰ চিঁয়াহী পাতল হ’ব অথবা অদৰকাৰীকৈ টেবুলৰ চুকত পৰি থাকিব। প্ৰতিজন যাত্ৰীৰে যে তাৰ কলমকেইডালৰ প্ৰতি অলপো আগ্ৰহ নাছিল সেয়া সকলোৰে মুখ চায়েই গম পোৱা গৈছিল। কোনোবাই তাক হাতৰ ইংগিতেৰে আঁতৰাই পঠালে, কোনোবাই নুশুনাৰ ভাও জুৰিলে, আন কোনোবাই তাৰফালে ঘূৰিয়েই নাচালে। কণমানি ল’ৰাটোৰ মুখখনত মৰমলগা হাঁহি এটা বিয়পি আছিল যদিও তাৰ মুখত অলপ হতাশাৰ ভাৱ যে আহিছিল সেয়া ধৰিব পৰা গৈছিল। 

 আমনজিমনকৈ ডবাটোতে দুবাৰমান পাক মাৰি হঠাৎ ল’ৰাজনে খালী ঠাই এটুকুৰাত ৰৈ মানুহবোৰৰফালে চাই চিঞৰিলে, “আংকল ঔৰ আণ্টীলৌগ, প্লিজ ইধৰ ধ্যান দিজিয়ে।” স্বাভাৱিকতে তাৰ বিশেষ কায়দা সম্বলিত চিঞৰটো শুনি সকলো যাত্ৰীৰে আকৰ্ষণ তাৰফালে গৈছিল। মুখত থকা মৰমলগা হাঁহিটোৰ চোক এক মুহূৰ্তৰ বাবেও কম হ’বলৈ নিদিয়াকৈ ল’ৰাটোৱে কৈ গ’ল, “য়্যে জৌ পেন ম্যে বেচ ৰাহা হু, আপ অগৰ খৰীদকে ইচিচে অফিচ ম্যে লিখৌগে তহ আজ আপকৌ বচ চ্যে গালি চুননা ন্যেহী পৰেগা।” 

 ক্ষীণকায় আকাৰৰ সেই সৰু ল’ৰাটোৰ হাতৰ মুঠিত কায়দা কৰি ৰাখি থোৱা সেই কলমৰ পেকেটবোৰ হঠাৎ এটা এটাকৈ নোহোৱা হৈ পৰিছিল। ৰাতিপুৱাতে দিনটোৰ কামলৈ বুলি ওলোৱা মানুহবোৰৰ মুখত কিছুসময়ৰ আগলৈকে বিয়পি থকা বিৰক্তিৰ ভাববোৰ, চিন্তাক্লিষ্ট মুখবোৰ, টোপনিৰ তন্দ্ৰাৰ ঠাইত জিলিকি উঠিছিল বিভিন্ন ধৰণৰ হাঁহি কিছুমান। কিছুমানে তালৈ চাই মিচিকিয়াইছিল, কোনোবাই হাঁহি হাঁহি হাত-চাপৰি বজাইছিল, দুজনমানে তাৰ কথাত ৰস পাই শব্দ কৰি হাঁহিছিল, তাৰ ওচৰতে থিয় হৈ থকা আন দুজনমানে তাৰ পিঠিত হাত বোলাই মাৰ্কেটিং ষ্ট্ৰেটেজীৰ কথা দোহাৰি প্ৰশংসা কৰিছিল। ডবাটোত থকা প্ৰতিজন যাত্ৰীয়ে মৰমেৰে তাক ওচৰলৈ মাতি আনি একোটাকৈ কলমৰ পেকেট তাৰপৰা কিনি লৈছিল। ছাণ্টাক্ৰুজ নামৰ ষ্টেচনটোত সি নামিব লৈছিল, নমাৰ আগত সকলোৰেফালে চাই তাৰ প্ৰায় খালী হোৱা বেগটো খুলি দেখুৱাই পূৰা চিনেমেটিক ষ্টাইলেৰে সকলোকে ‘থেংক ইউউউ’ বুলি কৈ প্লেটফৰ্মত লৰ দি গুচি গ’ল। 

 যাত্ৰীবোৰৰ মুখবোৰ তেতিয়ালৈ এসোপা চিন্তাৰে ভাৰাক্ৰান্ত হৈ থকা নাছিল। সকলোৰে মুখবোৰত কণমানিটোৱে কলমবোৰৰ লগতে ফ্ৰীকৈ একোটা হাঁহি উপহাৰ দি গৈছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!