মা, সংস্কাৰ আৰু বিজ্ঞান মনস্কতা

লেখক- দেৱজিৎ শৰ্মা

আমাৰ মা সেই সময়ৰ সকলো মাকৰ দৰেই সহজ, সৰল, মাতৃসুলভ আছিল, এইটো একো ব্যতিক্ৰম নাছিল। মা সেই সময়ৰ মহিলা সকলৰ পৰা কিহত পৃথক আছিল? নতুনত্বক আদৰি লব পৰা বা গ্ৰহণ কৰিব পৰাটোত। 

মা বিজ্ঞান-মনস্ক আছিল নেকি? যদি ভগৱানক বিশ্বাস নকৰি কেৱল বিৱৰ্তনক বিশ্বাস কৰাই বিজ্ঞান মনস্ক হয়, তেন্তে মা বিজ্ঞান-মনস্ক নাছিল। এনে নহয় মায়ে কিছুমান অন্ধবিশ্বাস বা পৰম্পৰা মানি চলা নাছিল, কিন্তু যদি নতুনক আদৰি লোৱা বা এক অনুসন্ধিৎসু মন বিজ্ঞান-মনস্কতাৰ বাবে অত্যাৱশ্যকীয়, তেন্তে মা অৱশ্যেই বিজ্ঞান মনস্ক আছিল। 

মাৰ পিতৃ মানে মোৰ ককা প্ৰয়াত যজ্ঞেশ্বৰ শৰ্মা, ডিব্ৰুগড় বাগ্মীবৰ নীলমনি ফুকন হাইস্কুলৰ জন্ম লগনৰ পৰা জড়িত শিক্ষক। তেখেত শিক্ষকৰ লগতে এক প্ৰখ্যাত জ্যোতিষী আছিল আৰু বছৰি দুৰ্গা পূজা নিজেৰ পুৰোহিতত্যাত কৰিছিল। 

ককাহঁতৰ বোলে বহু দিন সতি সন্ততি হোৱা নাছিল বাবে ককাই দুৰ্গা পূজা কৰিছিল। দুৰ্গা পূজাৰ ফলত লাভ কৰা বুলি বিশ্বাস কৰা কাৰণে জেষ্ট সন্তান মানে আমাৰ ডাঙৰ মামাৰ নাম ৰাখিছিল মুক্তি আৰু ডাঙৰ ছোৱালী মানে মাৰ নাম ৰাখিছিল ভগৱতী। (কাকতালীয় ভাৱে মাৰ জন্ম আৰু মৃত্যু দুয়ো দুৰ্গা পূজাৰ সময়ত হৈছিল)

এইদৰে এক আধ্যাত্মিক, পূজা পাতল, জ্যোতিষ শাস্ত্ৰত বিশ্বাসী পৰিয়ালত জন্ম গ্ৰহণ কৰা মা ঈশ্বৰ বিশ্বাসী নিশ্ছয় আছিল, কিন্তু অতি বিশ্বাসী বা কু সংস্কাৰ বিশ্বাসী নাছিল। কিন্তু বিজ্ঞান মনস্ক? 

সৰু কালত মাৰ মন কিমান অনুসন্ধিৎসু আছিল বা কিমান বিজ্ঞান মনস্ক আছিল, বা কিমান কুসংস্কাৰ মানি চলিচিল সেই বিষয়ে ইমান দৃষ্টি নিৰূপণ কৰা নাছিলো। মই স্বাস্থ্য বিজ্ঞান মানে ডাক্তৰী পঢ়াৰ পৰা, চিকিৎসা বিজ্ঞানৰ প্ৰতি থকা সাধাৰণ মানুহৰ অজ্ঞতা আৰু কু সংস্কাৰ, অন্ধ্ৰবিশ্বাসৰ প্ৰভাৱ ভালদৰে লক্ষ্য কৰি আহিছো। মোৰ দ্বাৰা ৰচিত “খুৰী, মাহীৰ পৃথিৱী- জনবিশ্বাস আৰু স্বাস্থ্য বিজ্ঞান“কিতাপত এই বিষয়ে লিখিছো, কেনেকে আমাৰ খুৰী, মাহী, আইতা, জেঠাইহঁতৰ কিছুমান প্ৰচলিত বিশ্বাস আমাৰ ওপৰত জাপি দি চিকিৎসা সেৱাত বিঘিনি ঘটাই। বিজ্ঞানৰ যুক্তি দিবলৈ গলে তেওঁলোক আৱেগিক হৈ কয় “আমি ইমানতা ল’ৰা ছোৱালী ডাঙৰ কৰিলো, তহঁতক লেঙেটাৰ পৰা ডাঙৰ কৰিলো এতিয়া তহঁতিহে জনা ওলালি।” পুতেক ডাক্তৰ, বৈজ্ঞানিক, শিক্ষক হৈ গলেও সাধাৰণতে মাকহঁতে ঘৰৰ নিয়ম কানুনত নিজৰ পৰম্পৰা চলাই। যিমান অবৈজ্ঞানিক পুৰণিকলীয়া হলেও তাৰ মাজত পুতেকহঁতৰ বিজ্ঞান আনিব নিদিয়ে। 

কিন্তু আমি পঢ়ি শুনি ডাঙৰ হোৱাৰ পাছত মায়ে আমাৰ কথাত কেতিয়াও মাজত সোমোৱা নাছিল। মই মোৰ অভিজ্ঞতা কওঁ। মই মেদিকেলত সোমোৱাৰ পৰাই মোৰ ক্ষেত্ৰত ঘৰৰ বহুত নিয়ম শিঠিল হৈ গ’ল। যেনে মই পঢ়ি থাকোঁতেই শ্মশানৰ পৰা আহি গা ধুব লাগে নিয়মটো মোৰ ক্ষেত্ৰত নখটুৱা হ’ল। মায়ে কৈছিল “সি হস্পিটেলত মৰা শ’ দেখিয়েই থাকে, চুৱেই থাকে, এতিয়া গা ধুই কি কৰিব। অৱশ্যে যদি শ্মশানত কিবা বেয়া বস্তু চুইচিলি গাটো ধুব পাৰ, বা ভালদৰে হাত ধুই, কাপোৰ সলাই ল’।” 

সেইদৰে কি খাব লাগে, কি নেখাব লাগি আদি কথাবোৰ মায়ে মোক নোকোৱা হ’ল। মোৰ ভাগিন কেইটা হওঁতে মই পঢ়ি আছিলো, ডাঙৰ ভতিজা হওঁতে মই ইণ্টাৰ্ণছিপ কৰি আছিলো, কিন্তু তাহাঁতি সৰু থাকোঁতেও মায়ে কৈছিল “ৰাজীৱক ( মোৰ ঘৰুৱা নাম) সুধি ল’।” বাকী কেইটা ভতিজা, ভাগিন হওঁতে বা মোৰ নিজৰ ল’ৰা, ছোৱালী হওঁতে মই শিশু ৰোগ বিশেষজ্ঞ হ’লো। তেতিয়া শিশুক মাতৃদুগ্ধ খুওৱা, পৰিপূৰক খাদ্য খুওৱা, কাপোৰ কানি, পাউদাৰ, তেল আদি লগোৱা বা নল’গোৱা আদি সকলো মোৰ পৰামৰ্শ মতে হৈছিল। মায়ে কিন্তু নটি সন্তান সফল ভাৱে ডাঙৰ কৰাৰ পাছটো কেতিয়াও কোৱা নাছিল “থ’ তোৰ কথা, মই নটা ল’ৰা ছোৱালী ডাঙৰ কৰিলো।” 

মোৰ ল’ৰা, ছোৱালী দুটাৰ বাহিৰ উলিওৱা, অন্নপ্ৰাশন আদি একো কৰা নাছিলো, যদিও মায়ে কেতিয়াও কিয় কৰা নাই বুলি প্ৰশ্ন কৰা নাছিল বা আপত্তি কৰা নাছিল। 

অৱশ্যে মা তথাপি এবাৰ বিতুষ্ট হৈছিল, যেতিয়া মই মোৰ ছোৱালীজনী প্ৰথম বাৰৰ বাবে ঋতুমতী হোৱাৰ দিনা পঢ়াশালীত পৰীক্ষা দিবলৈ পথাই দিছিলো “তহঁতি কিছুমান কথা, বেছি কৰ’, তাইক আজিৰ দিনা স্কুল নপথালে নহয় নে।” পৰীক্ষাটো ডাঙৰ নহয়, কিন্তু ছোৱালীয়ে যাতে এইটো এক প্ৰাকৃতিক ভাৱে ঘটা মানুহৰ জীৱনৰ এক স্তৰৰ বাদে একো নহয়, আৰু সাধাৰণ ভাৱে লয়, সেইবাবে আমি তাইক বহুত দিনৰ পৰাই বুজাই আছিলো। এই সিদ্ধান্তটো অৱশ্যে মই লোৱা নাছিলো, কাৰণ প্ৰাকৃতিক বিৱৰ্তন হলেও, এই সময়ত ছোৱালীৰ পেটৰ বিষ, বেছি ৰক্তক্ষৰণ আদি কিছু সমস্যা দেখা দিব পাৰে, যি বিষয়ে হয়তো মই ভালদৰে নুবুজিম। মোৰ পত্নী আৰু ছোৱালীয়ে দুয়ো আলোচনা কৰি এই সিদ্ধানত উপনীত হৈছিল। স্কুলৰ ক্লাছ শিক্ষ্যয়ত্ৰীক অৱশ্যে মোৰ পত্নীয়ে জ্ঞাত কৰি থৈছিল। আগৰ পৰা শিকাই থকা বাবে পঞ্ছম শ্ৰেণীত পঢ়ি থকা ছোৱালীৰ কোনো সমস্যা হোৱা নাছিল আৰু স্কুলৰ পৰা আন দিনৰ দৰেই হাঁহি হাঁহিয়েই আহিছিল। মাক কথাটো বুজাই ক’লত আৰু আবেলি ছোৱালী স্কুলৰ পৰা হাঁহি হাঁহি আহোঁতে মাৰ খঙ মাৰ গল। পিছত আমাক পূজা, নাম পতা আদি কৰিবলৈ উপদেশো নিদিলে। 

মাৰ সপ্তম শ্ৰেণীত থাকোঁতেই বিয়া হৈছিল। পিছত আৰু এক বছৰ মান পঢ়িল যদিও, লগৰ ছোৱালী বোৰে জোকাই থকা বাবে পঢ়া সমাপ্ত কৰিলে। আমাৰ ন’টা ল’ৰা ছোৱালীৰ গোটেই কেইটা পঢ়া শুনাত ভাল আছিলো। মা বা দেউতাই আমাক কিন্তু কেতিয়াও পঢ়, পঢ় কৰি থকা নাছিল। স্কুলত নাম লগাই দিছিল, কিতাপ পত্ৰ কিনি দিছিল, আৰু সময়ত খোৱা বোৱা দি পঢ়িবৰ কাৰণে মাত্ৰ এটা পৰিৱেশ গঢ়ি দিছিল। পৰীক্ষাত কম নম্বৰ পালে অৱশ্যে স্পষ্ট ভাৱে অসন্তুষ্টি দেখুৱাইছিল, কিন্তু গালি শপনি বা মাৰ পিট কৰা নাছিল। আমাক মাৰ পিট মা বা দেউতা দুয়োয়ে সেই তেতিয়াৰ দিনতো কেতিয়াও কৰা নাছিল। 

অভিভাৱকত্ব সহজ নহয়, বিশেষকৈ কিশোৰ কিশোৰীক বৰ্তমানৰ যুগত অভিভাৱকত্ব কৰা। এই বিষয়ে এতিয়া মই এখন কিতাপ লিখি থাকোঁতে উপলব্ধ কৰিছো, এতিয়াৰ দৰে তেতিয়া বৈজ্ঞানিক গৱেষণা নাথাকোঁতে বা কিতাপ পত্ৰ নাথাকোঁতেই মাহঁতে কৰা অভিভাৱকত্ব যথেষ্ট পৰিমাণে বৈজ্ঞানিক আছিল। বৰঞ্ছ আজিৰ অভিভাৱকৰ ক্ষেত্ৰতহে সেইটোৰ জ্ঞান কম দেখা যায়। 

মাহঁতৰ ঘৰত এক গানৰ পৰিৱেশ আছিল। মাৰ ঘৰৰ আৰু সম্বন্ধীয় বহুতে ঘৰতে গান গাইছিল আৰু মিউজিকৰ ইন্ষ্ট্ৰুমেণ্ট বজাইছিল। সোনকালে বিয়া হোৱাৰ পাছত আমাৰ এইখন ঘৰত গানৰ পৰিৱেশ নথকা বাবে মাৰ গানৰ চৰ্চা নোহোৱা হ’ল কিন্তু ঘৰতে গান মায়ে শেষ বয়সলৈকে গাই থাকিলে। মায়ে গোৱা কিছুমান গান আন ক’তো শুনা নাই ( মাহঁতৰ কোনোবা সম্পৰ্কীয়ই লিখা আৰু সুৰ দিয়া)। মিকু, মোৰ পত্নীয়ে গান গোৱা বাবে মায়ে বৰ ভাল পাইছিল আৰু বিয়াৰ পিছৰ দিনা পৰা শেষলৈকে মোৰ ঘৰত আহিলেই দুয়ো গানত বহি গৈছিল। আনকি মোৰ ছোৱালীৰ গানৰ শিক্ষকেও মাৰ গানৰ প্ৰতি থকা ৰাপক এতিয়াও মনত পেলাই। 

আৰু এটা কথা মাৰ স্মৃতি শক্তি। মায়ে জীৱনৰ প্ৰায় শেষলৈকে স্কুলত পঢ়া ৰচনা “মহত্মা গান্ধী, শংকৰদেৱ আদি সম্পূৰ্ণ মুখস্থ মাতিব পাৰিছিল’ 

আগলৈ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!