’জীৱন শিক্ষা’, সোৱণশিৰি চাপৰিৰ ছোৱালী দুজনী আৰু আন্তৰ্জাতিক নাৰী দিৱস

লেখক- ডাঃ ৰমেন হাজৰিকা

গুৱাহাটীৰ কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত ‘জীৱন শিক্ষা’ (Earning while learning) আঁচনিৰ অধীনত ছাত্ৰীসকলে বিদ্যায়তনিক শিক্ষাৰ মাজতে কলেজৰ মাটিত মালভোগ কল, আদা, হালধি, কবি, বেঙেনা, ব্ৰকলি আদিৰ খেতি কৰা বুলি বাতৰি এটা যোৱা এক মাৰ্চৰ ‘নিয়মীয়া বাৰ্তা’ত পঢ়িবলৈ পালো। মহাবিদ্যালয় চৌহদৰ অব্যৱহৃত মাটিত, শ্ৰেণীৰ মাজৰ আজৰি সময়খিনিত ছাত্ৰীহঁতে এনেকৈ কৰা খেতিৰ উপাৰ্জনৰে তেওঁলোকৰ অভিভাৱকসকলক কিছু সকাহ দিব পাৰিব বুলি বাতৰিটোত কোৱা হৈছে। তদুপৰি ছাত্ৰীসকলৰ মাজত সামাজিক, ৰাজনৈতিক আৰু স্বাস্থ্য সম্পৰ্কীয় সচেতনতা সৃষ্টি কৰি এই ‘জীৱন শিক্ষা’ আঁচনিয়ে ভবিষ্যতে, ছাত্ৰীহঁতৰ সাংসাৰিক জীৱনত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। এয়া নিশ্চয় এক ভাল খবৰ। 

  বিশ্বৰ অনেক উন্নত দেশত ছাত্ৰ-ছাত্ৰীয়ে বন্ধৰ দিনত চহৰৰ হোটেল, মল আদিত অস্থায়ী ঠিকাভিত্তিক কাম কৰি নিজৰ পকেট খৰচ উলিওৱাৰ কথা পঢ়িবলৈ পোৱা যায়। কিন্তু আমাৰ ইয়াত নগৰ অঞ্চলত একাংশ দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে গৃহশিক্ষকতা কৰাৰ বাহিৰে আন কাম কৰাৰ নজিৰ বিৰল। 

 অৱশ্যে গ্ৰামাঞ্চলৰ কথা সুকীয়া। আমাৰ ছাত্ৰাৱস্থাত গাঁৱৰ ধনী দুখীয়া সকলো ছাত্ৰ-ছাত্ৰীয়েই ঘৰুৱা কাম কৰাটো একপ্ৰকাৰ বাধ্যতামূলক আছিল। ফলত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ সমান্তৰালকৈ লাগতিয়াল ঘৰুৱা কামবোৰ নিয়াৰিকৈ শিকিছিল। আমি নিজেও এনেকৈ কাম বনৰ মাজেৰেহে পঢ়া-শুনা কৰিছিলো। অৱশ্যে ঘৰুৱা কামৰ হেঁচাই যে একাংশ ছাত্ৰ-ছাত্ৰীৰ পঢ়াত ব্যাঘাত জন্মোৱা নাছিল সেয়া নুই কৰা নাযায়। যা-হওক, শিক্ষাৰ গুৰুত্ব অনুধাৱন কৰাৰ লগে লগে ধনী, দুখীয়া সকলো অভিভাৱকেই ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ প্ৰতি সচেতন হ’ল আৰু সন্তানক সকলো কামৰ পৰা ৰেহাই দি কেৱল পঢ়াত লগালে। ফলত নিজৰ গেঞ্জীটোও ধুই নোপোৱা, পঢ়া ক্ষতি হব বুলি দেউতাকে ঘৰৰ আগত ফুল পুলি এটাও ৰুবলৈ নিদিয়া আলসুৱা সন্তানহঁতৰ মনত শাৰীৰিক শ্ৰমৰ প্ৰতি অনীহাই গা কৰি উঠিল; অধিকাংশই কৰ্মবিমুখ হ’ল। বিদ্যায়তনিক দিশত উজলি উঠিল যদিও এইচাম ছাত্ৰ-ছাত্ৰীয়ে শ্ৰমৰ মৰ্যাদা বুজিবলৈ অৱকাশেই নাপালে। তাৰ মাজতো গাঁৱৰ কিছু ল’ৰা-ছোৱালীয়ে পৰিস্থিতিৰ তাগিদাত মাজে সময়ে কাম কৰিবলৈ বাধ্য হয় যদিও কলেজ বা হাইস্কুলৰ ওপৰ শ্ৰেণী পোৱাৰ লগে লগেই পঢ়াৰ অজুহাতত মাক-দেউতাকৰ ঘৰুৱা কামত সহায় কৰিবলৈ আওকাণ কৰা হ’ল। এয়া আনুস্থানিক শিক্ষাই ছাত্ৰহঁতক শ্ৰমৰ মৰ্যাদা অনুধাৱন কৰোৱাৰ বিফলতা বুলিয়ে আমি ভাবিব নালাগিব জানো? 

  আজি আন্তৰ্জাতিক নাৰী দিৱসৰ পুৱাতে উল্লিখিত বাতৰিটোৰ লগতে মোৰ ২০২৩ বৰ্ষৰ ১৮ জানুৱাৰীৰ ঘটনা এটা মনত পৰিছে। সেইদিনা মাজুলীৰ পৰা বিহপুৰীয়ালৈ যাবলৈ, বেলি চাকত উঠা পৰত আমি চেনিমৰা ঘাট পালোগৈ। ঘাটত এখনেই ফেৰি। যাত্ৰীৰ কথা বেলেগ, কিন্তু ফেৰিখনত এখেপত চাৰিখন সৰু গাড়ীহে পাৰ কৰিব পাৰে। ঘাটত আমাৰ গাড়ীৰ ক্ৰমিক নম্বৰ হ’লগৈ এঘাৰ। গতিকে তৃতীয় খেপলৈ অপেক্ষা কৰিব লাগিব। প্ৰথম খেপ ঘাট এৰাৰ লগে লগেই ঘিটমিটীয়া এন্ধাৰে চাপৰিটো আবৰি ধৰিলে। ঘাটত সৰু খেৰৰ চালিৰ এখন চাহ দোকান। মাটিৰ জুহালত নল-খাগৰিৰ জুই আৰু বাঁহৰ চাঙত সজাই থোৱা গিলাছ কেইটামানৰ লগতে তিনিটা বিস্কুটৰ বৈয়াম। 

 বাছ, স্কুটাৰ, মটৰচাইকেলৰে অহা সকলো যাত্ৰী প্ৰথম খেপতে পাৰ হ’ল। পাছত অহা দুই এজন যাত্ৰী আৰু ৰৈ থকা সাতখন গাড়ী মিলাই তেতিয়া মুঠ ডেৰকুৰিমান মানুহহে ঘাটত আছিলো চাগৈ। অকণমান ইফাল সিফাল কৰি নৈ পাৰৰ হাড়কপোৱা জাৰ সহিব নোৱাৰি গাড়ীত সোমালোগৈ। অপেক্ষাৰ সময় নাযায় নুপুৱায়। ইপিনে ঘাটটোত চাহদোকানখনৰ জুইকুৰাৰ বাহিৰে পোহৰৰ কোনো ব্যৱস্থাই নাই। সকলোৱে নিজৰ মবাইলৰেই কাম চলাইছে। গাড়ীত বহি আমনি লগাত চাহ একাপ বিচাৰি দোকানখনলৈ গৈ গম পালো দোকানী ঘৰলৈ গ’লগৈ; যাত্ৰী কেইজনমানেহে জুই পুৱাই আছে। তেনেতে দ্বিতীয় খেপৰ ফেৰি ঘাটত লাগিল আৰু বেছিভাগ মানুহেই পাৰ হৈ গ’ল। তিনিখন গাড়ী আৰু দহ বাৰজনমান মানুহহে বাকী থাকিলোগৈ। জুইকুৰা নুমাই যোৱাত অচিনাকি, এন্ধাৰ ঠাইখন সন্ধিয়াতে জয়াল হৈ পৰিল। তেনেতে নৈৰ মাজৰ পৰা ৰৈ ৰৈ বতাহত একোটা উকি ভাহি আহিবলৈ ধৰিলে। পাৰৰ কহুঁৱাৰ মাজৰ পৰাও এক নাৰীকণ্ঠই উকিয়াই যেন সঁহাৰি দিলে! একো বুজিব নোৱাৰি আমি আচৰিত হ’লো, কিন্তু কেইজনমান মানুহে কাণ উনাই মবাইলৰ পোহৰৰে ইফালে সিফালে চাবলৈ ধৰিলে। অৱশ্যে ঘটনাৰ ভেদ ভাঙিবলৈ বেছিপৰ নালাগিল। খন্তেক পাছতে চাপৰিৰ ঝাও বনৰ মাজেৰে মবাইলৰ টৰ্চ লৈ এহাল মিচিং দম্পতী ওলাই আহিল আৰু সকলোকে কিছু সময় মবাইলৰ টৰ্চ বন্ধ ৰাখিবলৈ অনুৰোধ কৰিলে। কাৰণ তেওঁলোকৰ জীয়েকে নৈৰ মাজৰ কলবাৰী চাপৰিৰ পৰা তেওঁলোকক ঘৰলৈ নিবলৈ নাও বাই আহি আছে। সকলোৰে মবাইল জ্বলিলে আন্ধাৰত ঘাটৰ অৱস্থান ধৰিবলৈ অসুবিধা হব, গতিকে মাকেহে মবাইলৰে জীয়েকক সংকেত দিব। নৈৰ মাজৰ উকিবোৰ লাহে লাহে সঘন হবলৈ ধৰিলে। পাৰৰ মহিলা গৰাকীয়েও সঁহাৰি দি থাকিল। কিছু সময়ৰ পাছত নৈৰ ভাটি ফালে মাাজে মাজে একোচমকা পোহৰ দেখা হ’ল। পাৰৰ পৰা মহিলাগৰাকীয়েও টৰ্চৰে সঁহাৰি দিলে। লাহে লাহে নাওখন পাৰ পালেহি। ইমান সময়ে মানুহ গৰাকীৰ জীয়েকে কোনোবা নাৱৰীয়াৰ সৈতে আহিছে বুলি ভাবি আছিলো যদিও দেখি আচৰিত হ’লো যে দুজনী গাভৰু ছোৱালীয়েহে নাও বাই বিশাল সোৱণশিৰিখন পাৰ হৈ আহিছে। পানীযুৱলিত নাও বান্ধি ফোপাই ফোপাই মাক-দেউতাকৰ কাষলৈ আহি দুয়োজনী ছোৱালী চাপৰিৰ বনতে বহি পৰিল। মাকে দুয়োজনীকে কলপাতত বান্ধি অনা কিবা জলপান খাবলৈ দিলে। দেউতাকৰ সৈতে কথা পাতি জানিব পাৰিলো, পতী-পত্নী সেইদিনা ঘাটৰ পৰা দুমাইলমান দূৰৈত মিতিৰৰ ঘৰত সকাম খাবলৈ গৈছিল; তাতে পলম হ’ল। 

 “ইমান ৰাতি নৈ পাৰ হোৱাতকৈ দিনৰ পোহৰতে নাহিল কিয়? “ মই সুধিলো। 

 “সিহঁতি নাও চলাবলৈ এক্সপাৰ্ট আছে অ’!” সৰল মানুহজনৰ নিচিন্ত আৰু গৰ্বিত উত্তৰ। ইমান সাহসী আৰু কৰ্মী জীয়েকহঁতক লৈ কোন পিতৃয়েনো গৌৰৱ নকৰিব! প্ৰায় বিশ বছৰীয়া তেওঁৰ প্ৰথমা কন্যাই সেইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু সোতৰ বছৰীয়া দ্বিতীয়া দুহিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব। বিস্মিত নয়নে বায়েক ভনীয়েকলৈ চাই থাকোঁতেই হাঁহি হাঁহি দুয়োজনীয়ে খোৱা শেষ কৰি মাক দেউতাকক লৈ নিশাৰ সোৱণশিৰিত নাও মেলি দিলে। আপ্লুত, অভিভূত অন্তৰেৰে মই সাহসী যুৱতী দুজনীৰ মংগল প্ৰাৰ্থনা কৰিলো মাত্ৰ! 

 আজি বিশ্বৰ দেশে দেশে আন্তৰ্জাতিক নাৰী দিৱস উদযাপিত হব। এইবাৰ এই দিবসৰ বাণী হৈছে … “ Count Her In: Accelerating gender equality through economic empowerment. “… সকলো লিংগৰে সম অধিকাৰ সাব্যস্ত কৰাৰ লগতে মহিলাৰ অৰ্থনৈতিক সৱলীকৰণ। 

 লগতে দিৱসৰ প্ৰচাৰ বাণী হৈছে “Involve Her.” পুৰুষতান্ত্ৰিক সমাজত নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে সমাজৰ সকলো কামতে নাৰীয়েও সমানে সমানে ভাগ লোৱা/ জড়িত হোৱা অপৰিহাৰ্য। 

 জীৱন শিক্ষা আঁচনিৰ সফল ৰূপায়ণে ছাত্ৰী তথা সকলো মহিলাকে লিংগভেদ আঁতৰাই সমাজৰ সকলো কামতে নিজক সক্ৰিয় ভাৱে জড়িত কৰি পুৰুষৰ সমানে সমানে আগুৱাই যাবলৈ আমাৰ ছাত্ৰীসকলক নিশ্চয় দক্ষ কৰি তুলিব। বৰ্তমান গাঁৱে চহৰে চলি থকা অনেক মহিলা স্বেচ্ছাসেৱী গোটেবোৰেও এইক্ষেত্ৰত শিক্ষিত/অৰ্ধশিক্ষিত বা আনুস্থানিক শিক্ষা নথকা মহিলাসকলক কৰ্মদক্ষ কৰাৰ প্ৰয়াস চলাই গাঁৱে চহৰে মহিলা সৱলীকৰণত উল্লেখযোগ্য অৰিহণা যোগাই আহিছে। 

 উচ্চ বৰ্ণৰ লোকসকলৰ বাদে অসমৰ বাকী খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ মাজত পুৰুষ প্ৰাধান্য সাধাৰণতে কম। বৰং জনজাতীয় মহিলাসকল সাংসাৰিক কামত অধিক সক্ৰিয় হোৱাহে দেখা যায়। চেনিমৰা ঘাটৰ এই স্কুলীয়া ছোৱালী দুজনীয়েই ইয়াৰ এক উজ্জ্বল নিদৰ্শন। নিশা সোৱণশিৰি নদী নাও বাই পাৰ হব পৰা ছোৱালী দুজনী খেতি-বাতি, বোৱা-কটা সকলোতে যে পাৰ্গত হব সেয়া সহজেই অনুমেয়। ভবিষ্যতে এওঁলোক স্বামী নিৰ্ভৰ, অবলা পত্নী কেতিয়াও নহয়। আত্মনিৰ্ভৰতাৰে তেওঁলোক সমাজৰ একোজনী সৱল মহিলা হৈ উঠিব। আমি ভাবো, সঠিক মঞ্চত প্ৰক্ষেপ কৰিব পাৰিলে এই ভগ্নীদ্বয় “Involve Her” অভিযানৰ Brand ambassador হোৱাৰ যোগ্য। এই স্ব-নিৰ্ভৰ, সাহসী, কৰ্মপটু বাই-ভনী দুজনী সমাজৰ পুৰুষ মহিলা নিৰ্বিশেষে সকলোৰে আদৰ্শ হওক। “জীৱন শিক্ষা” আঁচনিয়ে প্ৰসাৰ পাওক। আনুস্থানিক শিক্ষাৰ লগে লগে ব্যৱহাৰিক কৌশলৰে কৰ্মদক্ষ হৈ আমাৰ মহিলা সকলো সমাজৰ সকলো কামতে পুৰুষৰ সমানে অংশীদাৰ হৈ মৰ্যাদাপূৰ্ণ গৌৰৱময় জীৱনৰ অধিকাৰী হওক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!