সন্তানৰ ব্যক্তিত্ব গঠনত মাতৃৰ ভূমিকা

লেখক- ড° জাহ্নৱী লহকৰ বৰুৱা

“কোনে মোক তুলি তালি কৰিলে ডাঙৰ

মৌসনা মিঠা মাতে পাহৰি ভাগৰ

কৰিছিল স্নেহ মোৰ দুগালত চুমা খাই

তেৱে মোৰ পূজনীয়া মৰমৰ আই।”

আই, মা, বৌটি যি বুলিয়েই নামাতো কিয় সেই প্ৰতিটো শব্দতে কোমলতা আছে। এখন সু-শীতল কোলাৰ আমেজ আছে। মাকৰ মৌসনা মাতত নিৰ্বাপিত হয় সন্তানৰ ঠেঁহ-পেছ, শোক-দুখ, আপত্তি, অভিমান। মাতৃৰ কোলাত মূৰ গুজি সন্তানে অনুভৱ কৰে সৰগীয় সুখানুভূতি। গৰ্ভস্থ হোৱা দিনটোৰে পৰা পৃথিৱীৰ নতুন অতিথি হৈ অহা দিনটোলৈকে সন্তানৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে পল অনুপল কৰি ব্যস্ত হৈ পৰে এগৰাকী মাতৃ। দহ মাহ দহ দিনৰ অন্তত সীমাহীন আপডালৰ সাক্ষী হৈ মাতৃৰ কোলাত আত্মপ্ৰকাশ কৰে সদ্যোজাত সন্তানে। জননীৰ গৌৰৱেৰে গৌৰৱান্বিত হয় জন্মদাত্ৰী মাতৃ। সেই সন্তানক বুকুতে সাৱটি আশাৰ মালিতা ৰচে মাতৃয়ে। আঙুলিত ধৰি ধৰি অ, আ, ক, খৰে জীৱনৰ আদিপাঠৰ ধাৰণা দিয়ে। ৰ’দ, বতাহ, বৰষুণ আৰু জীৱনৰ জ্ঞান দিয়ে। এনেদৰেই নিজ সন্তানক পূৰ্ণাংগ মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ দায়িত্ব পালন কৰে এগৰাকী মাতৃয়ে।

শিশুৰ শিক্ষাৰ কঠীয়াতলি হ’ল ঘৰখন। ঘৰখনতেই মিলাপ্ৰীতি, সহযোগিতা, সততা, সহিষ্ণুতা, মৰম, চেনেহ, দয়া, ক্ষমা, সহানুভূতি আদি গুণৰাজিৰ সু-সমন্বয়ৰে ঘৰৰূপী কঠীয়াতলিখনি উৰ্বৰা কৰি তোলাৰ ক্ষেত্ৰত মাতৃগৰাকীৰ ভূমিকা আটাইতকৈ বেছি। এনে পৰিৱেশ সম্বলিত এখন ঘৰত লালিত-পালিত সন্তানেহে সুস্থ নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। এটি শিশুক বিদ্যালয়ৰ যাৱতীয় সামগ্ৰীখিনি যোগাৰ দিয়াতেই অভিভাৱকৰ দায়িত্ব সীমাবদ্ধ নহয়। শিশুৰ বাবে প্ৰয়োজনীয় শাৰীৰিক, মানসিক আৰু বৌদ্ধিক খাদ্যৰ যোগান ধৰাটো অতি গুৰুত্বপূৰ্ণ। ঘৰখনতেই সকলো প্ৰকাৰৰ শিক্ষাৰ বীজ অংকুৰিত হয়। শিশু অৱস্থাত গঢ় লোৱা মূল্যবোধে শিশুক ওৰেটো জীৱন প্ৰভাৱিত কৰি ৰাখে। জন্মদাত্ৰী মাতৃগৰাকীৰ লগত শিশুৰ প্ৰাথমিক সম্বন্ধ গঢ় লয় আৰু লাহে-লাহে ঘৰখনৰ আন আন সদস্যৰ লগত ঘনিষ্ঠতা গঢ় লৈ উঠে। শিশুৰ বিকাশত প্ৰভাৱ বিস্তাৰ কৰা সকলো পৰিৱেশ ঘৰখনত থকাটো প্ৰয়োজন বাবেই তাৰ দায়িত্বৰ গুৰুভাৰ মাতৃগৰাকীৰ ওপৰত পৰে।

  ঘৰখনৰ পৰা অৰ্জন কৰা আদিপাঠেৰে শিশু এটাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় বিদ্যালয়ত আৰু সামাজিকীকৰণ প্ৰক্ৰিয়া গঢ় লয়। বিদ্যালয়তে শিশুৰ আন আন বহুতো দিশ বিকাশপ্ৰাপ্ত হয় আৰু ঘৰখনত সেই বিকাশ সম্ভৱ হয় মাতৃগৰাকীৰ ছত্ৰছাঁয়াত। মাতৃগৰাকীৰ সময় ব্যৱস্থাপনা, বুদ্ধিমত্তা, পৰ্যবেক্ষণ ক্ষমতা আদিৰে শিশুক লগ দিলেহে শিশুৰ পূৰ্ণ বিকাশৰ পথ প্ৰশস্ত হ’ব। মাতৃৰ কোমলসনা মনটোৰ সুযোগ গ্ৰহণ কৰি যাতে এটি শিশু বিপথগামী নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখাটো মাতৃগৰাকীৰ বাবে অতিকে প্ৰয়োজন। পূৰ্ণ আন্তৰিকতা, উদাৰতা, আত্ম-অনুশাসনেৰে মাতৃগৰাকীয়ে শিশুৰ প্ৰতিটো খোজত লগ দিব পাৰিলেহে শিশুটো আগবাঢ়ি যাব। শিশুৰ ভাল লগা, বেয়া লগা, ৰুচি-অভিৰুচি আদিক লালন-পালন কৰি তাৰ অৱলম্বনত সুস্থ এজোপা বট-বৃক্ষলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব মাতৃগৰাকীৰ বেছি। মাতৃৰ বহুগুণ অজানিতে শিশুৱে নিজৰ মাজত আহৰণ কৰে। সেয়েহে মাতৃসকল সদা সচেতন হোৱা প্ৰয়োজন। শিশুৰ মনত আধ্যাত্মিক ভাৱ বিকাশৰ বাবে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ শিকোৱাটো মাতৃগৰাকীৰ কৰ্তব্য। এক শৃংখলাবদ্ধ জীৱন-যাপনৰ বাবে প্ৰাৰ্থনা অমোঘ অস্ত্ৰ। শিশুৰ মাজত নান্দনিক, সাংস্কৃতিক ৰুচিবোধ জাগ্ৰত কৰি তেওঁলোকৰ সুপ্ত প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ বহিৰ্প্ৰকাশ ঘটাবলৈ মাতৃগৰাকী সদায় যত্নপৰ হ’ব লাগিব। শিশুৰ মনত ভাতৃত্ববোধ, প্ৰেমৰ মহৎ বীজ ৰোপণ কৰাৰ দায়িত্ব মাতৃগৰাকীৰ অধিক। ওচৰ-চুবুৰীয়া, গছ-গছনি, জীৱ জগত আদিৰ প্ৰতি মৰম চেনেহ জগাই তোলাৰ মাজেৰে প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্বন্ধৰ বিষয়ে শিশুসকলক সজাগ কৰাটো প্ৰয়োজন। বৰ্তমান সময়ত শিশুসকলৰ অধিকাংশই ম’বাইল, কম্পিউটাৰ আদিৰ মাজতে সময় অতিবাহিত কৰে। খেলিবলৈ লগ-সংগ, মুকলি ঠাইৰ অভাৱ যদিও স্বাস্থ্যৰক্ষাৰ বাবে খেলা-ধূলাৰ গুৰুত্ব অপৰিসীম। সেয়ে শিশুক সেইবোৰৰ সু-বন্দোৱস্ত কৰাৰ দায়িত্ব মাতৃগৰাকীৰ বেছি।

  আনৰ ল’ৰাই পৰীক্ষাত ইমান নম্বৰ পাইছে, অমুক কৰিছে, তমুক কৰিছে, আনৰ ছোৱালীয়ে কিমান যে কি কৰিছে ইত্যাদি বুলি নিজৰ সন্তানটিক গালি-শপনি দিয়াতকৈ পিতৃ-মাতৃয়ে বুজিব লাগিব যে সকলো সন্তানৰ বুদ্ধিমত্তাৰ ভিন্নতাৰ বাবে কাম-কাজ, পঢ়া-শুনা আদিত পাৰ্থক্য থকাটো স্বাভাৱিক। তাকে নুবুজি যদি ঘৰখনৰ সদস্যসকলে ওলোটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেন্তে শিশুটিৰ স্বাভাৱিক বিকাশ বাধাপ্ৰাপ্ত হ’ব। আকৌ এইটোও লক্ষ্য কৰিব লাগিব যাতে শিশুটো বিপথে পৰিচালিত নহয় তাৰবাবে মাতৃগৰাকীয়ে গঠনমূলক নিৰ্দেশনা, উচিত উপদেশেৰে শিশুক আগুৱাই নিব লাগিব। সমাজত দেখা দিয়া বিশৃংখলতা, দুনীৰ্তি, অশান্তি অসূয়াসমূহ আঁতৰ কৰিব পৰা উচিত পন্থা হৈছে মূল্যবোধৰ জাগ্ৰতকৰণ। সেয়ে শিশুক সৰুৰে পৰা সজ জ্ঞান প্ৰদানৰ জৰিয়তে সজ মূল্যবোধৰ বীজ ৰোপণ কৰি সমাজ আৰু জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ মাতৃগৰাকী যত্নপৰ হ’ব লাগিব। প্ৰতি শিশুক এইদৰে আগুৱাই নিব পাৰিলে ক্ষয়িষ্ণু সমাজখন পুনৰ সবল আৰু সজীৱ হৈ উঠিব বুলি আশা কৰিব পাৰি। পৰচৰ্চা, পৰনিন্দাৰ পৰা আঁতৰি থাকি প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ উৎকৰ্ষ সাধনৰ বাবেহে যত্নপৰ হ’ব লাগে। আনৰ ভালখিনি আহৰণ কৰাৰ সু-পৰামৰ্শ মাতৃসকলে সন্তানক দিব লাগিব। মাতৃসকল যিদৰে মৰমিয়াল, ঠিক সেইদৰে প্ৰয়োজন সাপেক্ষে কঠোৰো হ’ব লাগিব। সন্তানৰ দাবীসমূহ বিনা বিচাৰেৰে মোহান্ধ হৈ মানি ল’লে সন্তান বিপথগামী হোৱাৰ পথ মুকলি হ’ব পাৰে। বহু পিতৃ-মাতৃয়ে সন্তানসকলৰ মাজেৰে তেওঁলোকৰ সপোনবোৰ পূৰণৰ বাবেই সন্তানসকলক হেঁচা প্ৰয়োগ কৰে। এনে কৰিলে সন্তানসকলৰ নিজা সপোনবোৰ কলিতে মৰহি যায় আৰু হীনমন্যতাত ভুগি শিশুৰ মানসিক স্বাস্থ্য ৰুগীয়া হৈ পৰিব পাৰে। সন্তানসকলৰ সুৰক্ষা, অনুশাসন আদিৰ দায়িত্ব মাতৃগৰাকীৰ ওপৰত বেছিকৈ পৰে। সেয়ে বন্ধুত্বসুলভ আচৰণেৰে তেওঁলোকৰ লগত কথা-বাৰ্তা পাতিব লাগে, প্ৰয়োজন সাপেক্ষে খেলিব লাগে। সন্তানসকলক আনৰ লগত তুলনা নকৰি তেওঁলোকৰ ভিতৰত অন্তৰ্নিহিত প্ৰতিভাসমূহ বৰ্হিিপ্ৰকাশৰ বাবে উদগনি যোগাব লাগে। অভিভাৱকৰ অৱহেলাই শিশুক দায়িত্বজ্ঞানহীন, জেদী স্বভাৱৰ কৰি তোলে। মাতৃসকলে সময়ৰ দোহাই দি আমাৰ সন্তানক যুগৰ লগত খাপ খাবলৈ সহজতে পোৱা ফাষ্টফুডৰ যোগান ধৰে। তেনে খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী। মাতৃসকল সৰ্বদিশত সচেতন হ’লেহে তেওঁলোকৰ সন্তানক মানৱ সপম্পদ হিচাপে গঢ় দিয়াত সহায়ক হ’ব।

  মুঠতে মাতৃসকলে তেওঁলোকৰ সন্তানসকলক সু-সংস্কাৰ দিয়ক যাতে পুৰুষ আৰু মহিলাৰ সম-মৰ্যাদাৰ কৰ্ষণত এখন সৰ্বাংগসুন্দৰ সমাজৰ বাস্তৱ ছবিয়ে সকলোকে আলোকিত কৰি তোলে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!