কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ

লেখক- ববিতা শৰ্মা

 জীৱনী সাহিত্য জীৱন গঢ়াৰ আৰ্হি। জীৱনীৰ পৰিভাষা হ’ল ব্যক্তি বিশেষৰ জীৱন পৰিক্ৰমাৰ বিশদ বিৱৰণ। জীৱনী সাহিত্যত ব্যক্তি এজনৰ জন্ম, শিক্ষা, কৰ্ম আদি তথ্য আৰু জীৱনৰ পৰিঘটনাৰ বিৱৰণৰ লগতে সমসাময়িক সমাজ জীৱনৰ ছবি এখনো অংকিত হৈ থাকে। গতিকে জীৱনী সাহিত্যক সময়ৰ এক নিৰ্ভৰযোগ্য দলিল বুলি ধৰিব পাৰি। এইবিধ সাহিত্যক প্ৰথমতে ইতিহাসৰ এটা উপখণ্ড হিচাপেহে গণ্য কৰা হৈছিল বাবে সেই সময়ত ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ ব্যক্তিৰহে জীৱনী লিখা হৈছিল। সাধাৰণ ইতিহাস লেখাৰ পৰা পৃথক ৰূপত জীৱনী লিখাৰ পৰম্পৰা ১৮ শতিকাৰ পৰাহে আৰম্ভ হয়।

 অসমীয়া জীৱনী সাহিত্যৰ প্ৰথম নিদৰ্শন হিচাপে চৰিত পুথি আৰু বংশাৱলীসমূহলৈ আঙুলিওৱা হয় যদিও প্ৰকৃতাৰ্থত অসমীয়া জীৱনী সাহিত্য সৃষ্টি হয় ঊনবিংশ শতিকাতহে। চৰিত পুথিসমূহ দুয়োজনা গুৰুৰ লগতে আন আন বৈষ্ণৱ ধৰ্মগুৰুৰ জীৱনী গ্ৰন্থ হ’লেও সেইবোৰত মহাপুৰুষ দুজনা বা সন্ত-মহন্তসকলৰ গুণানুকীৰ্তনতহে গুৰুত্ব আৰোপ কৰা হৈছে আৰু বহু সময়ত তেওঁলোকৰ গাত অলৌকিকতা আৰোপ কৰা হৈছে। পাশ্চাত্য সাহিত্যৰ অনুকৰণত ঊনবিংশ শতিকাত ভালে কেইখন জীৱনী লিখিত হয় যদিও সৰহভাগ জীৱনীতে ব্যক্তিগৰাকীৰ ভাল গুণসমূহত হে আলোকপাত কৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়। তদুপৰি ইয়াৰে অধিকাংশ জীৱনী শিশুক উদ্দেশ্য কৰি লিখাৰ বাবেও এইবোৰ প্ৰশস্তিমূলক হৈ পৰে। অৱশ্যে ইয়াৰ মাজতে দুই এখন ভাল জীৱনী গ্ৰন্থও ৰচনা হৈছে। গুণাভিৰাম বৰুৱাই ৰচনা কৰা ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত’ (১৮৯০) আধুনিক যুগৰ প্ৰথমখন জীৱনী গ্ৰন্থ বুলি কোৱা হয়।

 জীৱনী সাহিত্য ব্যক্তি জীৱনৰ সঁচা কাহিনী। গতিকে জীৱনী সাহিত্য জীৱন গঢ়াৰ চানেকি হ’ব হ’ব পাৰে। আনহাতে জীৱনী সাহিত্যই পাঠকক ব্যক্তি বিশেষক ভালদৰে জনাৰ অৱকাশো দিয়ে। বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালীৰ মাজত বীৰ পূজাৰ প্ৰৱণতা প্ৰবল হৈ উঠে। এই প্ৰৱণতাৰ সঠিক মাৰ্গ দৰ্শনৰ বাবে জীৱনী সাহিত্য উপাদেয় হৈ উঠাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে জাতি বিশেষৰ বাবে জাতীয় নায়কসকলৰ জীৱনী লিপিবদ্ধ হোৱাটো অতি আৱশ্যকীয় হৈ পৰে। আমাৰ অসমীয়া ভাষাত বুজন সংখ্যক জীৱনী সাহিত্য সৃষ্টি হৈছে, যদিও এই ক্ষেত্ৰত কৰণীয় বহুত আছে। অসমী আইৰ ভালেমান সুযোগ্য সন্তানৰ পূৰ্ণাংগ জীৱনী বৰ্তমানেও লিখা হোৱা নাই। তেনে বহু কেইটা নামৰ ভিতৰত এক নাম হ’ল কোঁচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা মহাৰাজ নৰনাৰায়ণ। ৰাজপৃষ্ঠপোষকতাৰে অসমীয়া সমাজ আৰু সংস্কৃতিৰ বৰভেটি নিৰ্মাণত মহাৰাজ নৰনাৰায়ণে আগবঢ়াই যোৱা বহুমূলীয়া অৱদানৰ বিপৰীতে তেওঁৰ বিষয়ে লিখা গ্ৰন্থৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা। যি জনা মহান পুৰুষৰ প্ৰচেষ্টাত অসমীয়া সমাজ আৰু সাহিত্যৰ বৰভেটি নিৰ্মাণ হৈছিল, প্ৰচীন কামৰূপ জ্ঞানৰ আলোকেৰে আলোকিত হৈছিল, উদাৰ, ধৰ্মনিৰপেক্ষ নীতিৰে কামৰূপ-কমতাক সু-শাসনেৰে উন্নতিৰ শিখৰত আৰোহণ কৰাইছিল, সেইজনা বিচক্ষণ, জ্ঞানী তথা সাহিত্য-সংস্কৃতিৰ গভীৰ অনুৰাগী পূৰ্বজৰ বিষয়ে আজিৰ প্ৰজন্মক ক’বলৈ আমাৰ হাতত নিৰ্ভৰযোগ্য আৰু তথ্যসমৃদ্ধ গ্ৰন্থৰ অভাৱ। আমাৰ এই দীৰ্ঘদিনীয়া অভাৱ অনুধাৱন কৰি তাক পূৰণ কৰাৰ মানসেৰে কঠোৰ শ্ৰম আৰু গভীৰ অধ্যয়নেৰে সুলেখিকা জুৰি শইকীয়াই আমাৰ হাতত তুলি দিছে মহাৰাজ নৰনাৰায়ণৰ জীৱন আধাৰিত এখন তথ্য সমৃদ্ধ গ্ৰন্থ ‘কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ’।

 জুৰি শইকীয়া অসমৰ পাঠক সমাজৰ এক চিনাকি নাম। নব্বৈ দশকতে তিনিদিনীয়া ‘অগ্ৰদূত’ কাকতত লেখা-মেলা আৰম্ভ কৰি পাছলৈ প্ৰান্তিক, গৰিয়সীকে আদি কৰি অসমৰ প্ৰায়বোৰ কাকততে লিখিবলৈ লোৱা জুৰি শইকীয়া এগৰাকী সফল গল্পকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ তথা নিৱন্ধকাৰ। গণশত্ৰু মন্ত্ৰী বৰুৱা আৰু অন্যান্য, সীমাৰ সিপাৰে, মুনাফিক, নৈশ সমুদ্ৰৰ ঢৌ জুৰি শইকীয়াৰ প্ৰকাশিত গল্প সংকলন। সৌমাৰ নন্দিনী, সাঁজবাতি, ৰাধিকা, নিষিদ্ধ যাত্ৰা, নাং হিং মূলা তেওঁৰ উল্লেখযোগ্য উপন্যাস। সূৰ্য উঠা দেশ, বীৰাঙ্গনা সাধনী প্ৰবন্ধ সংকলন। অসমৰ বীৰ-বীৰাংগনা তথা বৰেণ্য ব্যক্তিসকলৰ ওপৰত উপন্যাস আৰু জীৱনী গ্ৰন্থ লেখি জাতিৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিয়া জুৰি শইকীয়াই শিশু তথা সকলো স্তৰৰ পাঠকৰ উপযোগীকৈ ৰচনা কৰি উলিয়াইছে এলানি জীৱনী গ্ৰন্থ। এই গ্ৰন্থসমূহৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, সাহসী কনকলতা বৰুৱা, মণিৰাম দেৱান, কুশল কোঁৱৰ, ৰত্নপীঠৰ ৰত্ন অম্বিকাচৰণ চৌধুৰী, বিশ্ব মহাবীৰ চিলাৰায়, চাওল্যুং চ্যুকাফা, শৰাইঘাটৰ লাচিত বৰফুকন আৰু যুগান্তৰৰ জয়মতী বিশেষভাৱে উল্লেখযোগ্য। কোঁচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা মহাৰাজ নৰনাৰায়ণৰ জীৱন আধাৰিত গ্ৰন্থ ‘কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ’ এই তালিকাত শেহতীয়া সংযোজন।

“জয় জয় মল্ল নৃপতি ৰসবান

যাকেৰি গুণ গণ নাহিকে সমান

নাটক ভাটক পশ্চিম দেশক

যত যত পণ্ডিত আৱে

ঘোটক কম্বল বহুত ৰজত

আপুনাহি মনপুৰি পাৱে।” …

             (মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ)

 কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহৰ সুযোগ্য উত্তৰাধিকাৰী তথা অসমৰ ইতিহাসৰ এজন সৰ্বশ্ৰেষ্ঠ ৰজা মহাৰাজ নৰনাৰায়ণ। বীৰত্ব, বিচক্ষণতা, দূৰদৰ্শিতা, ন্যায়পৰায়ণতা, উদাৰতা আদি ৰজোচিত গুণৰ লগতে বিদ্যা, জ্ঞান আৰু কলা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগে নৰনাৰায়ণক সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ ৰজা বুলি স্বীকৃতি প্ৰদান কৰিছে। নৰনাৰায়ণৰ লগত সাঙোৰ খাই আছে ভাতৃ চিলাৰায়ৰ নাম। দুটা শৰীৰ এটা মন। অভিন্ন হৃদয়। নিজ কৰ্ম আৰু বীৰত্বৰে অমৰ দুই চৰিত্ৰ। কিন্তু এই দুই চৰিত্ৰ যেন ইতিহাসৰ পাততে আৱদ্ধ হৈ ৰ’ল। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক এক কৰি বৃহৎ অসম গঢ়াৰ সপোন দেখা, ৰাজ পৃষ্ঠপোষকতাৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ বৰভেটি নিৰ্মাণত অৰিহণা যোগোৱা অসমৰ এজন বিদ্বান তথা গুণী শাসক মহাৰাজ নৰনাৰায়ণৰ বিষয়ে তেওঁৰ উত্তৰপুৰুষ বিশেষ একো নাজানে। অসমীয়া সাহিত্যতো এই মহান ৰজাজনৰ পূৰ্ণাংগ জীৱনীৰ অভাৱ। সময় দলিলৰ কেৱল এটা পৃষ্ঠা হৈ ৰোৱা নৰনাৰায়ণৰ কৰ্মৰাজিৰ বিশ্লেষণ বা ব্যক্তি হিচাপে নৰনাৰায়ণৰ প্ৰকৃত মূল্যায়ন আজিকোপতি নহ’ল। কেৱল ইতিহাসৰ এক চৰিত্ৰ হৈ ৰোৱা মহাৰাজ নৰনাৰায়ণৰ কৰ্মৰাজি আৰু তেওঁৰ বহুমুখী ব্যক্তিত্বক চালি-জাৰি চোৱাৰ এক সাহসী প্ৰয়াস জুৰি শইকীয়াৰ ‘কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ’ গ্ৰন্থখনি। গ্ৰন্থখনি ৰচনাৰ আঁৰৰ প্ৰেৰণাৰ বিষয়ে লেখিকাই এনেদৰে কৈছে —

“আজিৰ ডিজিটেল যুগত, সাধুকথাৰ জোনবাইৰ দেশত চন্দ্ৰযানে অৱতৰণ কৰা দিনত আমি বিশ্বৰ নামী-দামী শিল্পী, সাহিত্যিক, বীৰ-বীৰাঙ্গনাৰ নাম ক্ষণিকতে ক’ব পাৰোঁ। কিন্তু মহাৰাজ নৰনাৰায়ণ, চিলাৰায়ৰ কথা থাওকতে ক’ব নোৱাৰোঁ। মহাৰাজ নৰনাৰায়ণৰ কৰ্ম, চিলাৰায়ৰ অতুল্য পৰাক্ৰমেই হ’ল তেওঁলোকৰ জীৱনী। তেওঁলোকৰ জনকল্যাণকামী কৰ্মাৱলীৰে গাঁথা জীৱনীয়েই হ’ল ইতিহাস। সেই ইতিহাসত অৱগাহন কৰি আমি যদি অতীতলৈ ঘূৰি চাওঁ তেনেহ’লে মহাৰাজ নৰনাৰায়ণৰ উদাৰ, ধৰ্মনিৰপেক্ষ নীতিৰ লগতে তেওঁলোক মহাপৰাক্ৰমী হৈও পণ্ডিত, বিদ্বান লোকক পৃষ্ঠপোষকতা, আদৰ, সন্মান কৰি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিলৈ দি গ’ল অভূতপূৰ্ব অৱদান। যি অৱদানৰ বাবে আমি অসমীয়া জাতি সমৃদ্ধ হৈছোঁ। কামাখ্যা মন্দিৰ বন্দীত হৈছে এই ধৰিত্ৰীত। আজিৰ শাসকৰ ঠাইত যদি মহাৰাজ নৰনাৰায়ণৰ দৰে প্ৰজাৰঞ্জক, নিঃস্বাৰ্থ শাসক থাকিলহেঁতেন তেনেহ’লে কিজানি আমাৰ নানা সমস্যাই নাথাকিলহেঁতেন। সেয়েহে সাম্প্ৰতিক পটভূমিত কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণৰ আদৰ্শ, চিন্তাৰ চৰ্চন, মন্থন হ’ব লাগে বুলি অনুভৱ কৰোঁ।”

        ( মনৰ কথা )

 ‘কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ’ গ্ৰন্থখন মহাৰাজ নৰনাৰায়ণৰ বিষয়ে ৰচিত এখন উপন্যাসসম জীৱনী। দৰাচলতে গ্ৰন্থখনক একাষাৰে জীৱনী বুলি ক’লেও ভুল হ’ব। মহাৰাজ নৰনাৰায়ণৰ জীৱনৰ প্ৰতিটি দিশ পুংখানুপুংখ ভাবে ফঁহিয়াই চোৱা জীৱনীসদৃশ আলোচনা গ্ৰন্থ। মুঠ একত্ৰিশটা অধ্যায়ত লেখিকাই মহাৰাজ নৰনাৰায়ণৰ ব্যক্তিত্ব, তেওঁৰ নীতি, তেওঁৰ বিজয়গাঁথা, তেওঁৰ প্ৰজাহিতকৰ কৰ্মৰাজি, সাহিত্য-সংস্কৃতিৰ প্ৰতি থকা অনুৰাগ, তেওঁৰ ৰাজ্যশাসন, সংস্কাৰ, অৰ্থনীতি, উৎসৱ-পাৰ্বণ আদি সকলো কথা শৃংখলাবদ্ধভাৱে লিপিৱদ্ধ কৰি  গৈছে। এই একত্ৰিশটা অধ্যায়ৰ উপৰিও গ্ৰন্থখনত পৰিশিষ্ট আৰু চিত্ৰপঞ্জী শীৰ্ষক দুটা অধ্যায় সন্নিৱিষ্ট কৰা হৈছে। পৰিশিষ্টত কোঁচ ৰাজবংশৰ উল্লেখযোগ্য শাখাসমূহ আৰু চিত্ৰপঞ্জীত কিছুমান আপুৰুগীয়া চিত্ৰ সংযোগ কৰা হৈছে। এই দুয়োটা অধ্যায়ে কিতাপখনৰ মান বঢ়াইছে।

 জুৰি শইকীয়াৰ কলমৰ এক সন্মোহিনী শক্তি আছে। এই সন্মোহনত এবাৰ পৰিলে পাঠকে সহজে তাৰ পৰা ওলাব নোৱাৰে। এই গ্ৰন্থখনৰ আৰম্ভণি অতি চমকপ্ৰদ। যেন কোনোবাই সাধুকথাহে কৈ আছে —

“তাহানিৰ কামৰূপ-কমতাৰ কথা।

সেই সময়ৰ ৰজা মহাৰজাৰ অমৰ গাঁথা।

তেতিয়া আমাৰ দেশখন কামৰূপ বুলি জনাজাত আছিল। কামৰূপ নাম পতিত পাৱন, জাকত জিলিকা।”…

 ব্যক্তিবিশেষৰ জীৱন আধাৰিত গ্ৰন্থৰ এনে আকৰ্ষণীয় আৰম্ভণি সঁচাকৈয়ে চমকপ্ৰদ। লেখিকাৰ কঠোৰ পৰিশ্ৰমৰ ফল ‘কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ’ এখন তথ্যসমৃদ্ধ গ্ৰন্থ। গ্ৰন্থখনৰ বিষয়বস্তু প্ৰাচীন কামৰূপৰ ভৌগোলিক, ৰাজনৈতিক বিৱৰণৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু তেৰাৰ সৃষ্টিৰাজিলৈ ব্যাপ্ত আৰু ইয়াৰ লগত সাঙোৰ খাই আছে কোঁচ ৰাজ্য স্থাপনৰ পৰা মহাৰাজ নৰনাৰায়ণৰ জন্মৰ পৰা মৃত্যুলৈ তেওঁৰ সমগ্ৰ জীৱনগাঁথা। গ্ৰন্থখনে যে বহুতৰে চিন্তাৰ বাট মুকলি কৰিব তাত কোনো সন্দেহ নাই। মহাৰাজ নৰনাৰায়ণৰ নাম ল’লেই অৱধাৰিতভাৱে আহি পৰে ছোট দেৱন চিলাৰায়ৰ নাম। ‘কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ’ লেখিকাই নৰনাৰায়ণৰ সমান্তৰালকৈ চিলাৰায়ৰ প্ৰসঙ্গ আলোচনা কৰি গৈছে। গ্ৰন্থখনত সংযোজিত লণ্ডনৰ বিখ্যাত ব্যৱসায়ী তথা পৰিব্ৰাজক ৰাফল ফিটচৰ কোঁচৰাজ্য সম্পৰ্কীয় টোকাটোৱে গ্ৰন্থখনক বিশেষভাৱে চহকী কৰিছে।

 ‘মহাৰাজ নৰনাৰায়ণৰ চৰিত্ৰ আৰু প্ৰতিভা’ শীৰ্ষক অধ্যায়টি লেখিকাই বুৰঞ্জীবিদ ড° সূৰ্যকুমাৰ ভূঞাদেৱে মহাৰাজ নৰনাৰায়ণৰ সম্পৰ্কে কৰা এক উদ্ধৃতিৰে আৰম্ভ কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মহাভাৰতৰ কবি ৰাম সৰস্বতী আদিয়ে কৰা নৰনাৰায়ণৰ প্ৰশস্তিৰে সমৃদ্ধ কৰিছে। সেইদৰে ‘নৃপকুল শিৰোমণি নৰনাৰায়ণৰ মহাপ্ৰস্থান’ অধ্যায়টি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ডৰ ভণিতাত কৰা নৰনাৰায়ণৰ প্ৰশংসাৰে আৰম্ভ কৰিছে। লেখিকাই ‘কামাখ্যা মন্দিৰৰ নিৰ্মাতা মহাৰাজ নৰনাৰায়ণক অপবাদ(প্ৰবাদ)’ শীৰ্ষক অধ্যায়টিৰ জৰিয়তে নৰনাৰায়ণৰ নামত প্ৰচলিত মন্দিৰ সম্পৰ্কীয় অপবাদৰ যুক্তিসংগত বিশ্লেষণৰ আহ্বান জনাই এক নতুন চিন্তাৰ বাট কাটি দিছে।

 অসম সাহিত্য সভাৰ ধুবুৰীত অনুষ্ঠিত নৱম অধিবেশনৰ সভাপতি বেণুধৰ ৰাজখোৱাই সভাপতিৰ অভিভাষণত মহাৰাজ নৰনাৰায়ণ সম্পৰ্কে কৈছিল-“নৰনাৰায়ণ ৰজা বিদ্যোৎসাহী পুৰুষ আছিল। তেওঁ প্ৰকৃততে আসামৰ বিক্ৰমাদিত্য।” ৰাজখোৱাৰ কথাষাৰ বুৰঞ্জীবিদ ড°সূৰ্যকুমাৰ ভূঞাদেৱেও সমৰ্থন কৰিছিল। বেণুধৰ ৰাজখোৱাৰ উক্ত মন্তব্যৰ আঁত ধৰি গ্ৰন্থখনৰ নামকৰণ কৰা হৈছে আৰু এই নামকৰণ যথাৰ্থ হৈছে। চিত্ৰপঞ্জীত সংযোজিত কোঁচ ৰাজ্যৰ প্ৰতীক চিহ্নৰ ছবি, ৰূপৰ নাৰায়ণী মুদ্ৰাৰ ছবি, চিলাৰায়ে গুৰুজনাক লুকুৱাই ৰখা সৰু কোটৰ ছবি, মহাৰাজ নৰনাৰায়ণে গুৰুজনাক উপহাৰ দিয়া বগা চন্দনৰ পাদুকাৰ ছবি আৰু মহাপুৰুষ মাধৱদেৱক উপহাৰ দিয়া ৰঙা চন্দনৰ ছবি, তেৰ শতিকাৰ অসমৰ মানচিত্ৰ আদিয়ে গ্ৰন্থখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। অৱশ্যে গ্ৰন্থখনৰ ‘কামৰূপ-কমতা’ শিৰোনামৰ অধ্যায়টিত স্বৰ্গদেউ চ্যুকাফাই ১২২৬ চনত (১২২৮ ৰ পৰৱৰ্তে) অসম প্ৰৱেশ কৰে বুলি উল্লেখ আছে। পৰৱৰ্তী সংস্কৰণত তথ্যটিৰ সংশোধনৰ প্ৰয়োজন আছে। গ্ৰন্থখনৰ শেষত সংযোজিত সহায়ক গ্ৰন্থৰ তালিকাখনেই প্ৰমাণ কৰে যে ‘কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ’ জুৰি শইকীয়াৰ গভীৰ অধ্যয়ন আৰু কঠোৰ পৰিশ্ৰমৰ ফচল। সদাশয় পাঠক সমাজে গ্ৰন্থখনি আঁকোৱালি ল’লে লেখিকাৰ পৰিশ্ৰম সাৰ্থক হ’ব আশাকৰোঁ গৱেষণাধৰ্মী এই তথ্যসমৃদ্ধ গ্ৰন্থখনে পাঠকৰ মৰম বুটলিবলৈ সক্ষম হ’ব।

সংক্ষিপ্ততে:

গ্ৰন্থ: কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ।

গ্ৰন্থ প্ৰকাৰ: বুৰঞ্জী আধাৰিত জীৱনীমূলক গ্ৰন্থ।

গ্ৰন্থকাৰ: জুৰি শইকীয়া।

প্ৰকাশক: বনলতা, ডিব্ৰুগড়।

প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী ২০২৪

পৃষ্ঠা: ২০৪

মূল্য: ২৮০ টকা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!