গ্ৰন্থৰ শিৰোনামঃ ‘জলকোঁৱৰৰ আদিপাঠ’

লেখক- কলচুম বিবি

 ’সপোনৰ বাঁহী’, ‘সেউজপুৰৰ চাহাব’, ‘সময়ৰ দোলা’ শীৰ্ষক গ্ৰন্থকেইখনৰ পাছতে বিন্দু ৰাজবংশী কলিতাৰ চতুৰ্থখন গ্ৰন্থ হৈছে ‘জলকোঁৱৰৰ আদিপাঠ’। তেখেত এগৰাকী কবি, গল্পকাৰ আৰু প্ৰবন্ধ লেখক। তেখেতৰ ‘জলকোঁৱৰৰ আদিপাঠ’ শীৰ্ষক গ্ৰন্থখনত ৯টা গল্প সন্নিৱিষ্ট কৰা হৈছে। পৰম্পৰাগত শৈলীত ৰচিত গল্পসমূহত নিম্নবৰ্গীয় চেতনা, আধুনিক নৰ-নাৰীৰ মানসিক অন্তৰ্দ্বন্দ্ব, পুৰুষতান্ত্ৰিক মানসিকতা, শিশু মনৰ জটিলতা তথা গ্ৰাম্যজীৱনৰ ছবি ফুটি উঠিছে। 

সংকলনখনৰ প্ৰথমটো গল্প ‘জলকোঁৱৰৰ আদিপাঠ’ত নিম্নবৰ্গীয় তথা প্ৰান্তীয় চেতনা ফুটি উঠিছে। গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ শংকৰ এজন নাৱৰীয়াৰ সন্তান। শংকৰৰ পিতৃ ৰুদ্ৰকান্তৰ জীৱিকা নিৰ্বাহৰ একমাত্ৰ উপায় আছিল নাওখন। চিকিৎসাৰ অভাৱত তেওঁৰ কন্যা সন্তানটি আৰু পত্নী মৃত্যুমুখত পৰে। সেই সময়ত শিক্ষা ব্যৱস্থা খৰচী আছিল বাবে শংকৰ শিক্ষাৰপৰা বঞ্চিত হৈছিল। যিখন নৈত নাও চলাই পেটে-ভাতে খাই আছিল, সেই নৈখনৰ ওপৰত দলং নিৰ্মাণ হোৱাত ৰুদ্ৰৰ জীৱিকাৰ মুধা মৰিল। দলংখনে গাঁওখনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ পৰিৱৰ্তে ৰুদ্ৰৰ জীৱনলৈ হতাশা কঢ়িয়াই আনিছিল। পিতৃৰ জীৱিকাৰ পথ বন্ধ হোৱাত শংকৰে পূজাৰ বাবে প্ৰয়োজনীয় কলৰ দোনা বেচিবলৈ আৰম্ভ কৰে। বিশেষ কৌশলেৰে একেখন দোনাকে সি কেইবাবাৰো বিক্ৰী কৰে আৰু পূজা কৰি নদীত বিসৰ্জন দিয়া মুদ্ৰাকেইটা ছেগ চাই সাঁতুৰি নদীৰ বালিৰ তলৰপৰা উলিয়াই হাত কৰে। বাস্তৱৰ পটভূমিত ৰচিত এই মনোৰম গল্পটিৰ কাহিনীকথন, উপস্থাপন তথা বিষয়বস্তু অতি সুন্দৰ। অৱশ্যে গ্ৰাম্যজীৱনৰ পটভূমিত চিত্ৰিত হোৱা বাবে গল্পটিৰ কথোপকথনত গ্ৰাম্য জীৱনত ব্যৱহৃত ভাষা ব্যৱহাৰ কৰাহেঁতেন গল্পটো অতি জীৱন্ত হৈ উঠিলহেঁতেন। 

  ’নীলা নিশাৰ চাদৰ’ শীৰ্ষক গল্পটিত ব্যক্তিগত জীৱনৰ আশা-আকাংক্ষা ফুটি উঠিছে। গল্পটিৰ মূল চৰিত্ৰ অন্তৰাই বাছেৰে কৰা নৈশ যাত্ৰা এটাত লগ পোৱা অচিনাকি ব্যাক্তি এজনৰ সৈতে গঢ়ি উঠা অন্তৰংগতাই হৈছে গল্পটোৰ মূল বিষয়। জীৱন সংগীৰ সৈতে বিচ্ছেদৰ পাছত অন্তৰাই একাকিত্বক আঁকোৱালি লৈছিল। কিন্তু সেই ব্যক্তিজনৰ সান্নিধ্যই কিছুসময়ৰ বাবে হ’লেও অন্তৰাৰ জীৱনৰপৰা একাকিত্ব দূৰ কৰিছে। 

   ’ৰুদ্ৰকাইৰ আধৰুৱা কাহিনী’ শীৰ্ষক গল্পটি সংকলনখনৰ আন এটি উল্লেখযোগ্য গল্প। গল্পটিৰ কেন্দ্ৰীয় চৰিত্ৰ ৰুদ্ৰকাই বি.এ পাছ যদিও ৰঙাফিটাৰ মেৰপাকৰ বাবে তথা বক্ৰ পথ অৱলম্বন কৰিব নোৱৰাৰ বাবেই চাকৰি এটা যোগাৰ কৰিব পৰা নাছিল। গাঁওখনৰ সকলো কামতে হাত উজান দিয়া ৰুদ্ৰকাই ভাটি বয়সত সেই গাঁওখন উপেক্ষিত হৈ পৰে। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিকভাৱে তেওঁ আহত হ। ‘ৰুদ্ৰকাইচৰিত্ৰটিয়ে আমাৰ সমাজৰ সেইসকল অনাদৃত, অৱহেলিত ব্যক্তিক প্ৰতিনিধিত্ব কৰিছে, যিসকলে গোটেই জীৱনজুৰি আনৰ বাবে, সমাজৰ হিতৰ বাবে, আপোনজনৰ বাবে সৰ্বস্ব ত্যাগ কৰে অথচ প্ৰয়োজনত এই লোকসকলেই তেওঁলোকক লেইলেই চেইচেই কৰে আৰু চতুৰ লোকে কৌশলেৰে তেওঁলোকক প্ৰাপ্য মৰ্য্যদাৰপৰা বঞ্চিত কৰে। গল্পটিৰ বিষয়বস্তু সুন্দৰ, মৰ্মস্পৰ্শী। গ্ৰাম্যজীৱন সুন্দৰকৈ প্ৰতিফলিত হৈ উঠিছে যদিও চহা শব্দৰ ব্যৱহাৰত লেখকে কৃপণালি কৰা যেন লাগিল। 

’অপেক্ষাৰ অন্তত’, ‘গান্ধাৰী’, ‘বিচ্ছেদৰ আয়োজন’ শীৰ্ষক গল্পকেইটাত ব্যক্তিগত জীৱনৰ আশা-আকাংক্ষা, একাকিত্ব, পুৰুষতান্ত্ৰিক মানসিকতা, নাৰী মনস্তত্ত্বৰ প্ৰতিফলন ঘটিছে। ‘বিচ্ছেদৰ আয়োজন’ আৰু ‘মহিষমৰ্দিনী’ দুয়োটা গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ অহল্যা আৰু কবিতাই পুৰুষতান্ত্ৰিক মানসিকতাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। 

’নন্দিনীৰ আত্মকথা, অবৈধ, কিছু দূৰ্বোধ্য’ শীৰ্ষক গল্পটিত নাৰীমনৰ চিন্তাচেতনা প্ৰকাশ পাইছে। প্ৰথম পুৰুষত ৰচিত গল্পটিত সাম্প্ৰতিক সময়ৰ সামাজিক মাধ্যমৰ ছলনাভৰা জগতখন প্ৰতিফলিত হৈছে। গল্পটিৰ কথক চৰিত্ৰটিৰ সৈতে সামাজিক মাধ্যমত এজন ব্যক্তিৰ অন্তৰংগতা বৃদ্ধি পাইছে। সেই ব্যক্তিজন হঠাতে আঁতৰি যোৱাত তেওঁৰ মানসিক জগতত তোলপাৰ লাগিছে। 

’ধূসৰতা’ শীৰ্ষক গল্পটিত শিশুৰ মনোজগত সুন্দৰকৈ প্ৰতিফলিত হৈছে। প্ৰথম পুৰুষত ৰচিত গল্পটিৰ বিষয়বস্তু গম্ভীৰ। গল্পটিৰ মূল চৰিত্ৰ ৰোহন ‘অটিজিম’ত আক্ৰান্ত। কথক এগৰাকী শিক্ষক। তেওঁ কৰ্মৰত বিদ্যালয়খনলৈ ৰোহনৰ আগমনে বাকীবোৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক বিমৰ্ষ কৰি তোলে। ঘনাই অভিযোগ আহে। ৰোহনৰ কিছুমান কাণ্ড-কাৰখানাই শ্ৰেণীকোঠাৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে শিক্ষকসকলকো বিপাঙত পেলায়। যাৰ বাবে ৰোহনক স্কুললৈ আহিবলৈ বন্ধ কৰা হ’ল। ‘অটিজিম’ এটা বিকাশজনিত বিকাৰ। এই ৰোগৰপৰা চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰিব পাৰি। বৰ্তমান শিক্ষাত Inclusive educationৰ ধাৰণাৰ জন্ম হৈছে। অন্তৰ্ভুক্তিকৰণ শিক্ষাৰ উদ্দেশ্য হৈছে সকলো ধৰণৰ শিশুক একেখন চালিৰ তলত সমানভাৱে শিক্ষা প্ৰদান কৰাৰ লগতে মূল্যায়ন কৰা। এই ধাৰণাৰ বাবে ‘অটিজিম’ৰ দৰে ৰোগত আক্ৰান্ত শিশুৱে সাধাৰণ শিশুৰ লগত শিক্ষা লাভ কৰাৰ সমান অধিকাৰ আছে। তেনে ক্ষেত্ৰত কোনো শিক্ষানুষ্ঠানে ইয়াক অমান্য কৰিব নোৱাৰে। গল্পটিত ৰোহনক স্কুললৈ আহিবলৈ বাধা প্ৰদান কৰা হৈছে। কথক চৰিত্ৰটিয়ে ইচ্ছা থকা সত্ত্বেও ৰোহনক এটা সুস্থ পৰিৱেশ দিব নোৱাৰিলে। তেওঁ পৰিস্থিতিৰ ওচৰত পৰাজয় বৰণ কৰিলে। যাৰ বাবে ৰোহন নামৰ চৰিত্ৰটো বিকশিত নহ’ল, কথক চৰিত্ৰটিৰো উত্তৰণ নহ’ল। এই দুৰ্বলতা গল্পটো এটা সাৰ্থক গল্প হোৱাৰ পথত হেঙাৰ হৈ পৰিল। 

     বিন্দু ৰাজবংশী কলিতাৰ গল্পৰ চৰিত্ৰসমূহ বাস্তৱ জীৱনৰপৰা তুলি লোৱা হৈছে। তেওঁৰ গল্পসমূহৰ বাক্য সৰল যদিও বানানৰ ক্ষেত্ৰত তেখেত অধিক সচেতন হোৱা প্ৰয়োজন। গ্ৰাম্য সমাজখন তেওঁৰ অতি চিনাকি। গ্ৰাম্য পটভূমিত ৰচিত গল্পকেইটাত তাৰ সাৰ্থক প্ৰতিফলন ঘটিছে যদিও কোনো কোনো ক্ষেত্ৰত দুৰ্বলতা নথকাও নহয়। এই দুৰ্বলতাখিনি আঁতৰাব পাৰিলে নিশ্চয় তেওঁ এগৰাকী সাৰ্থক গল্পকাৰৰূপে পৰিগণিত হ’ব। তেখেতলৈ আমাৰ শুভেচ্ছা থাকিল। 

পাঞ্চজন্যই প্ৰকাশ কৰা সংকলনখনৰ মূল্য ১৫০ টকা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!