কৈশোৰ কালৰ বিজ্ঞানসন্মত আলোচনা ‘সম্ভাৱনা’ৰ পৃষ্ঠাই পৃষ্ঠাই

লেখক- অনামিকা বড়া

আমি নৱপ্ৰজন্ম সম্পৰ্কে প্ৰত্যেকেই (অতীতৰ, বৰ্তমানৰ প্ৰজন্ম ব্যতিৰেকে) সমাজ জীৱনত সঘনে শুনি অহা, প্ৰত্যক্ষ কৰি অহা এষাৰ কথা হৈছে “ধ্বংস হৈ গৈছে যুৱসমাজ…।” প্ৰতিবাৰেই কথাষাৰক লৈ বিভিন্ন দিশত ‘স্থূল’ আলোচনা হয়, ‘ট্ৰেণ্ড’ চলে আৰু সময়ৰ লগে লগে গৈ থাকে সকলোৰে বয়স। এসময়ত সেই ‘যুৱপ্ৰজন্ম’ও হৈ পৰে ‘বয়স্ক’ আৰু সেইসকলৰ নিজৰ উত্তৰপুৰুষক লৈ তদ্ৰূপ আলোচনাই চলি থাকে। 

আমাৰ সমাজত এই তথাকথিত আলোচনাবোৰৰ মাজত গঠনমূলক, সমাধানসন্ধানী ফলাফল সাধাৰণতেই দুৰ্লভ, নাই বুলিলেও নিশ্চয় বঢ়াই কোৱা নহ’ব কাৰণ আজিও আমি ‘শিক্ষিত’ হৈও কোনোবা সন্তান বিপথে পৰিচালিত হ’লেই পোনেই দোষ দিও পিতৃ-মাতৃক তথা সেই সন্তানক। কিন্তু শেষ হৈ যোৱা বা জীৱন ধ্বংসপ্ৰায় হৈ পৰা কিশোৰ-কিশোৰীৰ আঁৰৰ প্ৰকৃত বৈজ্ঞানিক কাৰণসমূহ আমি সৰ্বসাধাৰণে কোনোবাদিনা জানিবলৈ চেষ্টা কৰিছোঁনে? মনোচিকিৎসাবিজ্ঞানীসকলে যিদৰে নিজৰ ৰোগীৰ পৰিচৰ্যা কৰিবলৈ সকলো দিশ অনুসন্ধান কৰি সেই অনুসাৰে ঔষধ প্ৰয়োগ কৰে, তেনেকৈ আমি কিশোৰ-কিশোৰীসকলৰ দৈনন্দিন সমস্যাসমূহৰ উৎসৰ বিষয়ে চিন্তা কৰি চাইছোঁনে বৈজ্ঞানিকভাৱে? দুই-এক সচেতন অভিভাৱক আৰু শিক্ষাগুৰুয়ে নিশ্চয় চাইছে কিন্তু এয়া বৰ্তমানৰ সমাজত এপাচি শাকত এটা জালুক। 

এতিয়া প্ৰশ্ন হয়, কিশোৰ-কিশোৰীসকলৰ এই সমস্যাসমূহৰ গুৰিলৈ গৈ সমাধানৰ প্ৰয়াস কৰিবলৈ আমাক নিৰ্ভৰযোগ্য বাট এটা কোনে দেখুৱাব? পৰম্পৰাগত চিন্তা-চৰ্চা আৰু নিয়ম-সংস্কাৰ যে ইয়াৰ কাৰণে পৰ্যাপ্ত নহয় কাৰণ তাত বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰ ভালেখিনি অভাৱ পৰিলক্ষিত হয়। এই সমস্যাৰ সমাধানৰ বাবে সেয়ে আমি কাষ চাপিব লাগিব মানুহৰ শৰীৰৰ বৈজ্ঞানিক গৱেষণালব্ধ তথ্য তথা আলোচনাৰ। 

যদিও অসমীয়া ভাষাত স্বাস্থ্য বা শৰীৰ সম্পৰ্কীয় পুথিৰ অভাৱ নাই, তথাপি সৰ্বসাধাৰণ পঢ়ুৱৈৰ বোধগম্য হোৱাকৈ প্ৰদত্ত গৱেষণালব্ধ তথ্যসমৃদ্ধ গ্ৰন্থ অতি কম। সদ্যহতে তেনে এখন গ্ৰন্থৰ পৰিচয়কে দিবলৈ লৈছোঁ যিখনৰ নাম হৈছে ‘সম্ভাৱনা- কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান’। ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ ‘ইতিবাচক শিক্ষা’ ধাৰাবাহিকৰ এইখন চতুৰ্থ কিতাপ। 

মুঠ বাৰটা অধ্যায় সন্নিৱিষ্ট কিতাপখনত কিশোৰ-কিশোৰীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বাস্তৱ উদাহৰণসহ আলোচনা হোৱাৰ লগতে কৈশোৰ কালৰ মানুহৰ মগজুৰ বৈশিষ্ট্য, গঠন, পৰিৱেশৰ সৈতে বিকাশৰ বিভিন্ন স্তৰ আদিৰ বিষয়ে সৰল আৰু পোনপটীয়া ভাষাৰে উল্লেখ কৰা হৈছে। ইয়াৰ লগতে লেখকে কৈশোৰ কালৰ প্যুবাৰ্টিৰ লগত জড়িত জৈৱিক কথাসমূহৰো বিজ্ঞানসন্মত ব্যাখ্যা যথাযথভাৱে আগবঢ়াইছে। কিশোৰ-কিশোৰীৰ সমস্যাসমূহৰ সমাধানৰ চিন্তা কৰাৰ আগত যে আমি সেই সমস্যাসমূহৰ লগত জড়িত আচৰণ আৰু জৈৱিক কাৰকসমূহ বিজ্ঞানসন্মতভাৱে জানি লোৱা উচিত সেই সম্পৰ্কে লেখকে কিতাপখনৰ পৃষ্ঠাই পৃষ্ঠাই সকীয়াই দিছে। লগ-বন্ধুজনিত সমস্যা, কেৰিয়াৰ সম্পৰ্কীয় অন্তৰ্দ্বন্দ্ব, এলাহ, টোপনি, পিতৃ-মাতৃ-অভিভাৱকৰ সৈতে মনোমালিন্য, আধুনিক প্ৰযুক্তিবিদ্যাজনিত সামগ্ৰী যেনে ম’বাইল, লেপটপ, ভিডিঅ’ গেম আদিয়ে সৃষ্টি কৰা ভয়ংকৰ সমস্যাসমূহ, ৰোমাণ্টিক প্ৰেমৰ বিফল পৰিণতি আদিকে কৰি কৈশোৰকালৰ বহু উমৈহতীয়া সমস্যাৰ কাৰণসমূহ যে মূলতঃ জৈৱিক লগতে সম্পূৰ্ণ স্বাভাৱিক, সেই কথা গৱেষণাৰ তথ্যসহিতে কিতাপখনত উল্লেখ কৰা হৈছে। 

এই সকলো সমস্যাৰ আঁৰত থাকে আমাৰ মগজু। শৰীৰত বিভিন্ন কাৰ্যৰ অনুপাতে নিৰ্গত হোৱা বিভিন্ন হৰমন আৰু স্নায়ুপৰিবাহীয়ে মগজুৰ বিভিন্ন অংশত পেলোৱা প্ৰভাৱে কেনেকৈ কৈশোৰ কালৰ আচৰণ, স্বভাৱ, সিদ্ধান্ত আদিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় সেয়া কিতাপখন পঢ়িলে অনায়াসে বুজিব পাৰি। লগতে বুজিব পাৰি যে এটা বয়সলৈকে মগজুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ প্ৰিফণ্টেল কৰ্টেক্স অংশৰ সম্পূৰ্ণ বিকাশ নোহোৱালৈকে কিশোৰসকলৰ এই আচৰণসমূহত আত্মনিয়ন্ত্ৰণ, আত্মসংযম গুণৰ বিকাশ সাধন নোহোৱাৰ কাৰণেই সমস্যাসমূহৰ উদ্ভৱ হয়। 

কিন্তু কথা হ’ল, জৈৱিক কাৰণতে হৈছে বুলিয়েই জানো কিশোৰ-কিশোৰীসকলক এইবোৰ সমস্যাৰ মাজত এৰি দিব পাৰি? কোনোপধ্যে নোৱাৰি। তাৰ বাবে কি পদক্ষেপ হাতত লোৱা উচিত সেই সম্পৰ্কে কিছু বহল ইংগিত দিছে ‘কিশোৰ-কিশোৰীৰ জীৱনত অভিভাৱক-অভিভাৱিকাই কিদৰে পৰিৱৰ্তন আনিব পাৰে’ আৰু ‘কিশোৰ-কিশোৰীসকলৰ সঠিক বিকাশৰ বাবে বিদ্যালয়ে কি কৰিব পাৰে’ শীৰ্ষক শেষৰ দুটা অধ্যায়ত। এই দুটি অধ্যায়ৰ সাৰমৰ্ম এটা-দুটা বাক্যত কোনোমতে সামৰিব নোৱাৰি, তাৰ বাবে অধ্যায় দুটি পঢ়াটো(লগতে গোটেই কিতাপখন) অতিকে জৰুৰী কাৰণ তেতিয়াহে তাৰ গূঢ়াৰ্থ পঢ়ুৱৈয়ে উপলব্ধি কৰিব পাৰিব। যি কি নহওক, এটা কথা উল্লেখ কৰিব পাৰি যে উপযুক্ত পৰিমাণে মৰম, শাসন আৰু সমৰ্থন – এই তিনিওটা অভ্যাস সন্তানৰ সৈতে অভিভাৱকে আৰু শিক্ষাৰ্থীৰ সৈতে শিক্ষাগুৰুৱে কৰিব জানিলে কিশোৰ-কিশোৰীসকলৰ সামাজিক, চাৰিত্ৰিক সমস্যাসমূহে বহু সহজেই সমাধানৰ মুখ দেখিব। 

অৱশ্যে কিতাপখনৰ মগজুৰ বিজ্ঞান সম্পৰ্কীয় কিছু কথাৰ ঠায়ে ঠায়ে হোৱা পুনৰাবৃত্তিয়ে কোনো পঢ়ুৱৈৰ পঠনৰ গতিত অনীহাও আনি দিব পাৰে। সেয়া যে কথাখিনিৰ ব্যাখ্যাৰ প্ৰয়োজনতহে লেখকে বাৰম্বাৰ উল্লেখ কৰিছে, তাক বুজি পাবলৈ অলপ সময়ৰ প্ৰয়োজন হ’ব পাৰে। মাজে মাজে ৰৈ যোৱা কিছু ছপাগত ত্ৰুটিৰ সংশোধনে এইখনক একেমুখে সুখপাঠ্য কৰি তুলিব বুলি নিশ্চিতভাৱে ক’ব পাৰি। বিশেষকৈ একাদশ অধ্যায়ৰ শেষৰ পৃষ্ঠাত ‘জ’ন অৱ প্ৰক্সিমেল ডেভেলপমেণ্ট’ তত্ত্বৰ ব্যাখ্যা আগবঢ়াওঁতে এনেদৰে লিখিছে “পাঠকে কাষত দিয়া চিত্ৰটোলৈ মন কৰকচোন। জখলাৰ দৰে চিত্ৰটোত খণ্ড খণ্ডকৈ তিনিটা অংশ দিয়া আছে। …” কিন্তু চিত্ৰটো ছপা নহ’ল আৰু চিত্ৰৰ অনুপস্থিতিত এই তত্ত্ব সম্পৰ্কে নজনাসকলৰ বাবে সেইখিনি পঢ়োঁতে খোকোজা লগাটো স্বাভাৱিক। 

যি কি নহওক, কিতাপখনৰ বিষয়বস্তুৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা আছে আজিৰ সমাজৰ প্ৰতিজন অভিভাৱকৰ, প্ৰতিজন শিক্ষাগুৰুৰ। বিশেষকৈ হাইস্কুল পৰ্যায়ৰ শিক্ষকসকলৰ কাৰণে এইখন হাতপুথিৰ দৰে হোৱা উচিত। অৱশ্যে মোৰ বোধেৰে কৈশোৰ কালৰ আৰম্ভণিতে এইখন কিতাপ কিশোৰ-কিশোৰীয়ে পঢ়াটো অনুচিত কাৰণ সমূহ কাৰক আৰু ঘটনা-পৰিঘটনা তথা ইবোৰৰ সমাধানৰ ইংগিত তেওঁলোকে জানি গ’লে জৈৱিক কাৰণতেই ভুলসমূহ কৰি থাকোঁতে নিয়ন্ত্ৰণত হয়তো সহযোগ নকৰিব। কিতাপখন পঢ়ি যাওঁতে মোৰ এই আশংকা হোৱাৰ বাবে কথাটো উল্লেখ নকৰি নোৱাৰিলোঁ। এয়া মাত্ৰ মোৰ অনুভৱহে, সকলো পঢ়ুৱৈৰ চিন্তাৰ দিশটো সুকীয়াও হ’ব পাৰে গতিকে নিজে কিতাপখন নপঢ়াকৈ এইটো সিদ্ধান্ত কেৱে কাৰো ওপৰত জাপি নিদিয়ে যেন।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!