দৃষ্টিনন্দন শ্যামলী ত্ৰিপুৰা

লেখক- বন্তি বৰঠাকুৰ বৰুৱা

২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহত আমাৰ এটা বন্ধু পৰিয়ালৰ মুখেৰে অসমৰ গাতে লাগি থকা ত্ৰিপুৰাৰ ত্ৰিপুৰেশ্বৰী মন্দিৰ আৰু ৰাজ্যখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে বিশদভাৱে জানিব পাৰি ত্ৰিপুৰা ৰাজ্যখন এবাৰ স্বচক্ষে চাই অহাৰ লোভ সামৰিব নোৱাৰিলোঁ। অতি সোনকালেই বন্ধু পৰিয়ালটোৰ লগত আমি স্বামী -স্ত্ৰী দুয়ো সাজু হ’লো ত্ৰিপুৰা ভ্ৰমণৰ উদ্দেশ্যে। 

  নৱেম্বৰ মাহৰ ২২ তাৰিখে দুপৰীয়া ১২:৫০ ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ইন্দিগ’ বিমানেৰে আমাৰ চাৰিজনীয়া দলটো উৰা মাৰিলোঁ ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলা অভিমুখে। বিমানৰপৰা নামি বাই-পাছেৰে দুপৰীয়া এক বজাত আগৰতলা চহৰলৈ যোৱাৰ বাটতে ড্ৰাইভাৰে এখন সৰু হোটেলত গাড়ী ৰখাই আমাক ভাত খাবলৈ কয় । তেতেলি আৰু শুকান বগৰীৰে ৰন্ধা টেঙা দাইল এখন, মিক্স ভাজি আৰু কাটলা মাছৰ কালিয়াৰে বেংগলি হোটেলখনত তৃপ্তিৰে এসাঁজ উদৰ পূৰাই খোৱাৰ পিছত ড্ৰাইভাৰে আমাক চতুৰ্দশ দেৱতাৰ মন্দিৰভাগ দেখুৱাবলৈ লৈ যায়। দুপৰীয়া বাৰ বজাৰ পিছত মন্দিৰৰ দ্বাৰ বন্ধ হৈ যোৱাৰ বাবে বাহিৰৰপৰাই আমি সেৱা জনালোঁ। মন্দিৰৰ বাহিৰত বহি থকা কৰ্তব্যৰত ছিকিউৰিটি জনৰপৰা জানিব পাৰিলোঁ যে তাত থকা চৈধ্যজন দেৱতাৰ মূৰ্তি নিভাঁজ সোণেৰে গঢ়া। সেয়ে সুৰক্ষাৰ বাবে পূজা-অৰ্চনাৰ পিছত মন্দিৰৰ কপাটত তলা লগাই বন্ধ কৰি থোৱা হয়। 

  আমাৰ যাত্ৰাৰ মূল উদ্দেশ্য আছিল ত্ৰিপুৰেশ্বৰী মন্দিৰ দৰ্শন। সেয়ে আমি ২৩ তাৰিখে ৰাতিপুৱা সাত বজাতে উদয়পুৰ অভিমুখে ৰাওনা হওঁ। উদয়পুৰ হৈছে ত্ৰিপুৰাৰ অন্যতম পৰ্যটন থলী। ইয়াতেই আছে দেৱী মাৰ একাৱন্ন পীঠৰ অন্যতম ত্ৰিপুৰেশ্বৰী মন্দিৰ। ত্ৰিপুৰাৰ স্থানীয় ভাষাত “মাতাৰ বাড়ী।” দক্ষযজ্ঞৰ পিছত ভগৱান বিষ্ণুয়ে সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ দেহ খণ্ড-বিখণ্ড কৰাৰ সময়ত ত্ৰিপুৰাৰ এই স্থানতে পতিত হৈছিল দেৱীৰ দক্ষিণপাদ(সোঁভৰিৰ আঙুলি)। আগৰতলাৰপৰা ৫৫ কিলোমিটাৰ দূৰত্বত এটা সৰু টিলাৰ ওপৰত অৱস্থিত এই মন্দিৰভাগ। আগৰতলাৰপৰা টেক্সিৰে উদয়পুৰলৈ গৈ থাকোঁতে মন কৰিলোঁ গোটেই ত্ৰিপুৰাখনেই যেন সৰু সৰু টিলাৰ সমষ্টি। সে‌য়ে ৰাস্তাবোৰ মসৃণ যদিও ওখ-চাপৰ ঢৌ খেলা। গোটেই পথছোৱা গৈ থাকোঁতে আমাৰ এনে ভাব হ’ল যেন আমি আমাৰ অসমৰ নামবৰ হাবিৰ মাজেদিহে গৈ আছোঁ । অৱশ্যে ইয়াৰ গছ-গছনিৰ সৰহ সংখ্যকেই ৰবৰ গছ। শ শ কিলোমিটাৰ জুৰি বাটৰ দুয়োকাষৰ শ্যামলী অৰণ্যই আমাৰ চকু জুৰ পেলালে। মনতে ভাৱ হ’ল, ত্ৰিপুৰাৰ জনগণৰ নিশ্চয় অৰণ্য ধ্বংসৰ প্ৰৱণতা একেবাৰেই নাই। অসমৰ তুলনাত ইয়াৰ জনবসতি যথেষ্ট সেৰেঙা। যাহওক আমি ৰাতিপুৱা নমান বজাত মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি কাষৰ দোকান এখনৰপৰা ধূপ, মমবাতি, ৰক্তজবা ফুলৰ মালা আৰু প্ৰসাদ হিচাপে পেৰা কিনি সুকলমে দেৱীমালৈ আগবঢ়াই দি সেৱা-সৎকাৰ কৰিলোঁ। মূল মন্দিৰৰ ভিতৰত ভক্তৰ প্ৰৱেশ নিষিদ্ধ যদিও পূজাৰীজনে নিজ হাতে আমাৰ প্ৰসাদভাগ ভিতৰলৈ নি মালাডাল দেৱীক পিন্ধাই প্ৰসাদভাগ উছৰ্গা কৰা দেখি মনতে বৰ সন্তোষ পালোঁ। পূজাৰীয়ে দেৱী বিগ্ৰহৰ বিপৰীতে থকা দুৱাৰমুখতে আমাক সেৱা কৰিবলৈ কোৱাত আমাৰ সন্মুখতে ৰঙা বস্ত্ৰ, ৰঙা পুষ্পেৰে সুশোভিত বিগ্ৰহজনা দেখা পাই আপোনা-আপুনি ভক্তিত মূৰ দোঁ খাই পৰিল। ৰাতিপুৱা সোনকালে যোৱা বাবে মন্দিৰত আমি বৰ বেছি ভিৰ নাপালোঁ। আমি ওলাই আহোতে দেখা পালোঁ, মন্দিৰলৈ মানুহৰ সমাগম যথেষ্ট বৃদ্ধি পাই আহিছে। মন্দিৰৰ কাষতে আছে স্বচ্ছ নিৰ্মল জলধাৰাৰ বৃহৎ এক জলাশয়। জলাশয়টোৰ নাম কল্যাণসাগৰ। মাছ-কাছৰে পৰিপূৰ্ণ কল্যাণসাগৰ পুখুৰীৰ মাছবোৰক ভক্তগণে দোকানৰপৰা বিস্কুট কিনি খুৱাই অনাবিল আনন্দ লাভ কৰে। 

   মাতাৰ বাড়ীৰপৰা ওলোৱাৰ পিছত আমাৰ গাড়ী আগবাঢ়িল ত্ৰিপুৰাৰ অন্য এক আকৰ্ষণীয় পৰ্যটন থলী নীৰমহললৈ। নীৰমহল থকা ঠাইখিনিৰ নাম মেলাঘৰ। মেলাঘৰ বজাৰখন পাৰ হৈ বাওঁফালে সোমায়েই চকুত পৰিল এটা হ্ৰদৰ মাজত জিলিকি আছে শুভ্ৰ ৰঙৰ এক বৃহৎ ৰাজমহল। সেই হ্ৰদটোৰ নাম ৰুদ্ৰসাগৰ আৰু ৰাজমহলটো হৈছে নীৰমহল। নীৰ শব্দৰ সমাৰ্থক পানী, পানীৰ মাজত থকা বাবেই এই মহলৰ নাম নীৰমহল। নীৰমহল হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ জলমহল। ত্ৰিপুৰা ৰাজ্যৰ স্থাপত্যৰ অন্যতম নিদৰ্শন এই নীৰমহল। ত্ৰিপুৰাৰ এই কীৰ্তিচিহ্নৰ ইতিহাস বৰ বেছি পুৰণি নহয়। গ্ৰীষ্মকালীন প্ৰমোদ বিহাৰৰ বাবে মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে আগৰতলাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত এই ভৱনটো নিৰ্মাণ কৰাইছিল। এই প্ৰাসাদে এফালে যেনেদৰে মহাৰাজ বীৰ বিক্ৰম কিশোৰৰ সংগীত, সাহিত্য, শিল্পী মনৰ পৰিচয় বহন কৰিছে ; আনফালে বহন কৰিছে হিন্দু আৰু মোগল স্থাপত্যৰ সংমিশ্ৰণ। মাৰ্টিন এণ্ড বাৰ্ণ নামৰ বৃটিছ কোম্পানীয়ে ১৯৩০ চনৰপৰা ১৯৩৮ চনলৈ একেৰাহে কাম কৰি এই ভৱনটো নিৰ্মাণ কৰি উলিয়ায়। ভৱনটো নিৰ্মাণ কৰোঁতে সেই সময়ত আনুমানিক দহ লক্ষাধিক টকা ব্যয় হৈছিল। আবেলি চাৰি বজাত ৰাজঘাটত টিকেট কাটি মটৰ ব’টেৰে আমি নীৰমহলটো চাবলৈ যাওঁ। এই ঘাটেৰেই ৰজাই নীৰমহললৈ অহা-যোৱা কৰিছিল বাবে এই ঘাটৰ নাম ৰাজঘাট। ৪০ মিনিট সময় কেবাখলপীয়া দৃষ্টিনন্দন নীৰমহলটো ঘূৰি-পকি চাই একেখন মটৰ ব’টেৰে ঘূৰি আহি আমি প’ল’ লেক ৰিজৰ্টত ৰাতিটো জিৰণি লওঁ। 

  ২৪ তাৰিখে ৰাতিপুৱা ন বজাত আমি বাংলাদেশ সীমান্তৰ কমলাসাগৰলৈ যাত্ৰা আৰম্ভ কৰোঁ। পোন্ধৰ শতিকাত মহাৰাজ ধন্যমাণিক্যই তেওঁৰ মৰমৰ পত্নী কমলাদেৱীৰ নাম যুগমীয়া কৰি ৰাখিবলৈ কমলাসাগৰ পুখুৰী খন্দায়। পুখুৰীটোৰ নামেৰেই অঞ্চলটোৰ নামো কমলাসাগৰ হৈ পৰে। কমলাসাগৰৰ পাৰতে ত্ৰিপুৰাৰ অন্য এক দেৱী মন্দিৰ কসবেশ্বৰী (কসবা) কালী মন্দিৰ। ইয়ালৈ আহি ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ দেখা পালোঁ। কমলাসাগৰ পুখুৰীৰ বিপৰীত ফালে কসবা কালী মন্দিৰটো আৰু সিটো পাৰে পুখুৰীৰ সীমাতে কাঁইটীয়া তাঁৰৰ বেৰ। আমি নিজ চকুৰে সেইদিনা কাঁইটীয়া তাঁৰৰ বেৰৰ সিটোপাৰে বাংলাদেশৰ সেউজৰঙী ৰেলগাড়ী চলি যোৱা দেখা পালোঁ। কসবা কালী মন্দিৰত পূজা-অৰ্চনা কৰি উঠি আমি আগৰতলা অভিমুখে ৰাওনা হ’লোঁ। সেইদিনা সন্ধিয়া আগৰতলা চহৰখন এপাক ঘূৰি সেই ঠাইৰ সুস্বাদু মিঠাই, চাহ-পিঠা আদিৰ সোৱাদ লৈ চহৰৰ মাজমজিয়াতে থকা জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ। 

  পিছদিনা ২৫ তাৰিখে দিনৰ এঘাৰ বজাত আমি থকা হোটেলৰপৰা খোজকাঢ়ি উজ্জয়ন্ত ৰাজপ্ৰসাদটো আৰু তাৰ ভিতৰত থকা মিউজিয়ামটো দৰ্শন কৰোঁ। আগৰতলা এখন সুপৰিকল্পিত চহৰ, যেনিয়েই খোজকাঢ়ি নাযাও কিয় চহৰৰ মাজমজিয়াত অৱস্থিত উজ্জয়ন্ত ৰাজপ্ৰসাদটো সুকলমে পাবগৈ পাৰি। ১৮৯৯ চনৰপৰা ১৯০১ চনৰ ভিতৰত ৰাজপ্ৰসাদটো মহাৰাজ ৰাধাকিশোৰ মাণিক্য দেৱবৰ্মণে নিৰ্মাণ কৰাইছিল। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ সমৃদ্ধ কাৰুকাৰ্যখচিত শুকুলা বৰণৰ এই ৰাজপ্ৰসাদৰ চৌহদটোৱে বিশ একৰ ভূমি আগুৰি আছে। 

 ত্ৰিপুৰা ভ্ৰমণকালত আমি এটা কথা লক্ষ্য কৰিলোঁ, ইয়াৰ ৰাজধানী চহৰ আগৰতলাৰ বাহিৰ ওলালেই চকুত পৰে কেৱল প্ৰকৃতিৰ সেউজীয়া আৰু সেউজীয়া। সেয়ে হয়তো তাত থকা দিনকেইটাত আমাৰ মনবোৰো সেউজ হৈ আছিল। অসমতকৈ ত্ৰিপুৰাৰ তাপমাত্ৰা যিহেতু সামান্য বেছি, গতিকে আমাৰ বোধেৰে শীতৰ দিনকেইটা ত্ৰিপুৰা ভ্ৰমণৰ বাবে উৎকৃষ্ট সময়। চুবুৰীয়া ৰাজ্য হিচাপে ভ্ৰমণৰ বাবে আমি সাধাৰণতে মেঘালয়কে গুৰুত্ব প্ৰদান কৰি আহিছোঁ। কিন্তু ত্ৰিপুৰা ৰাজ্যখনতো যে দৰ্শন কৰিবলগীয়া অনেক ঐতিহাসিক স্থান আৰু প্ৰাকৃতিৰ মনোমোহা পৰিৱেশ আছে এই ভ্ৰমণকালত সেই কথা বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিলোঁ। 

বন্তি বৰঠাকুৰ বৰুৱা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!