হিউষ্টন চহৰত এটা সন্ধিয়া

লেখক- পংকজ কুমাৰ নেওগ

অইল ইণ্ডিয়া, দুলীয়াজানত চাকৰি কৰোঁতে কেইবাবাৰো বিদেশলৈ যাবলগীয়া হৈছিল। তৈলক্ষেত্ৰৰ ভূতাত্ত্বিক, ভূবৈজ্ঞানিক আৰু আগাৰ অভিযন্ত্ৰণ (Reservoir Engineering)ৰ কেইবাটাও ডাঙৰ অধ্যয়ন বিদেশৰ কন্সালটেন্সি কোম্পানীবোৰক দিয়া হৈছিল আৰু এই কোম্পানীবোৰে তেওঁলোকৰ অধ্যয়নৰ ভিত্তিত অইলৰ তৈল উৎপাদন বঢ়াবলৈ কাৰিকৰী পৰামৰ্শ আগবঢ়াইছিল। কৰ্মদক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ সময়ত ইংলেণ্ড বা আমেৰিকাৰ কন্সালটেন্সি কোম্পানীবোৰৰ পৰা নিবিদা আহ্বান কৰা হৈছিল আৰু অইলৰ নিয়মানুসৰি সকলো ফালৰে পৰা উপযুক্ত পাৰ্টি একোটা বছা হৈছিল। তৈল অন্বেষণ, উৎপাদন তথা তৈলক্ষেত্ৰ বিকাশ আৰু উন্নয়ন আদিত আমেৰিকা/কানাডাৰ কন্সালটেন্সি কোম্পানীবোৰৰ অভিজ্ঞতা বেছি বাবে প্ৰায়েই সেইবোৰ দেশৰ পাৰ্টি নিৰ্বাচিত কৰা হয়। অইলৰ পৰা সকলো ধৰণৰ লাগতিয়াল তথ্য গোটাই তেওঁলোকে নিজৰ দেশত প্ৰজেক্ট আৰম্ভ কৰে। এনেধৰণৰ প্ৰজেক্টৰ বিভিন্ন মাইলষ্টোনবোৰলৈ অইলে নিজৰ ভূবিজ্ঞানী বা অভিযন্তাক পঠায় আৰু তেওঁলোকে কন্সালটেণ্টৰ কামৰ ভূ লৈ নিজৰ ফালৰ পৰা আৱশ্যকীয় পৰামৰ্শ, ওপৰুৱা তথ্য ইত্যাদিৰ যোগান ধৰে। অইলৰ বিজ্ঞানীয়ে কামৰ একো একোটা ঢাপ সন্তোষজনক বুলি সংকেত দিলেহে কন্সালটেণ্টে পৰৱৰ্তী পৰ্যায়ৰ কামলৈ আগবাঢ়িব পাৰে। 

১৯৮৮ চনৰ পৰা কোম্পানীৰ বিভিন্ন প্ৰজেক্ট, চেমিনাৰ, ট্ৰেইনিঙ ইত্যাদিৰ বাবে বাহিৰলৈ গৈছিলো। অইলৰ চাকৰি এৰাৰ আগে আগে ২০০১ চনত ডিপাৰ্টমেণ্টৰ ওপৰৱালা বৰগোহাঁইদাৰ সৈতে মোক এবাৰ আমেৰিকালৈ পঠালে। উদ্দেশ্য আছিল আন্তৰ্জাতিক সন্মিলন এখনত যোগদান আৰু কেইটামান কন্সালটেন্সি কোম্পানীৰ সৈতে অইলৰ কিছু ভবিষ্যত প্ৰজেক্টৰ কথা আলোচনা কৰা। যথাসময়ত আমি ওকলাহোমাৰ টাল্ছা চহৰত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক সন্মিলনখনত যোগদান কৰোঁ। তিনিদিনৰ অন্তত সন্মিলনখন শেষ হ’ল আৰু আমি তাৰ পৰা টেক্সাছৰ ডালাচলৈ যাওঁ। ডালাচৰ কামখিনি এদিনতে শেষ কৰি এইবাৰ হিউষ্টন অভিমুখে ৰাওনা হ’লো। 

হিউষ্টন এখন ডাঙৰ চহৰ আৰু আমেৰিকাৰ তৈল উদ্যোগৰ মুখ্য ব্যৱসায় কেন্দ্ৰ বুলিব পাৰি। বিশ্বৰ বহুতো ডাঙৰ ডাঙৰ তেল কোম্পানী আৰু কন্সালটেন্সি কোম্পানীবোৰৰ অফিচ আছে। আমাৰ বেছিভাগ কাম হিউষ্টনৰ কোম্পানী কেইটামানৰ সৈতে আছিল বাবে আমি তিনিদিনমান তাত থাকিবলগীয়া হ’ল। কামৰ অন্তত এটা শনিবাৰে হিউষ্টনবাসী ৰাণা গগৈয়ে আমাক খাবলৈ মাতিলে। ৰাণাদা আছিল কলেজৰ চিনিয়ৰ; শিৱসাগৰৰ মানুহ যদিও আমেৰিকালৈ পঢ়িবলৈ আহি আমেৰিকান ছোৱালী বিয়া কৰাই থাকি গ’ল। তেখেতৰ ছোৱালী দুজনী; সৰুজনীৰ নাম ৰাখিছে মায়াৰাণী। বহুত দিনৰ মূৰত লগ পাই তেখেতে আমাক উলাহ-উদহেৰে আদৰিলে। মোক হাতত ধৰি পোনচাটেই ‘ৱাইন চেলাৰ’লৈ লৈ গ’ল। থাকে থাকে বিভিন্ন তৰহৰ, বিভিন্ন দেশৰ আৰু বিভিন্ন ভিণ্টেজৰ ৱাইন। বুজি পালোঁ গগৈ দা ৰোমান দেৱতা বেক্কাছৰ পৰম ভক্ত! 

: আজি আমেৰিকান লাওপানীকে খাই চোৱা, কোনবিধ খাবা? 

: আমাৰ নিজা একো ব্ৰেণ্ড নাই দাদা! আপোনাৰ যি ভাল ব্ৰেণ্ড আছে তাকে খুৱাওক!” 

আড্ডা-চাদ্দা মাৰি এসময়ত আমি ভাত-পানী খালোঁ। আমেৰিকান বৌয়ে বিলাহী টেঙাৰে বনোৱা মাছৰ আঞ্জা বেছ সোৱাদ লগা হৈছিল। গগৈদাই বৌক বেছ ভাল ট্ৰেইনিং দিছিল যেন পাওঁ। আমি দুপৰীয়াৰ আহাৰৰ পিছত কফি-চাহ খাই উঠোঁতে আবেলি চাৰি বাজিল। গগৈদাক আকৌ এবাৰ আব্দাৰ ধৰিলো – “দাদা, হিউষ্টন চিটি দেখাওক।” বৰগোহাঁইদা, মই আৰু গগৈদা তিনিও ওলালো চহৰ ফুৰিবলৈ। গগৈদাৰ বৌ আৰু ছোৱালী দুজনী ঘৰতে থাকিল। চহৰৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিলো; চাৰি ঘণ্টামান কেনেকৈ পাৰ হ’ল কব’ই নোৱাৰো। দৰাচলতে আৰু দুজনমান পুৰণি বন্ধু হিউষ্টনত আছিল যদিও ঠিকনা বা ফোন নম্বৰ নথকাত তেওঁলোকক লগ পোৱাৰ চেষ্টা কৰা নহ’ল। 

ঘূৰি-ফুৰি ভাগৰ লগাত চাহ বা কফি একাপ খাবলৈ মন গ’ল। গাড়ীত তেল ভৰাব লগীয়াও হৈছিল। পেট্ৰল পাম্প এটালৈ ৰাণাদাই গাড়ী সোমাই নিলে। পাম্প ষ্টেশ্যনৰ এটেণ্ডেণ্ট এজনে ৰাণাদাক সুধি গাড়ীত তেল ভৰালে। আমেৰিকাৰ পেট্ৰল পাম্পবোৰত সাধাৰণতে গাড়ীচালকে নিজে তেল ভৰাই পইচা দিয়ে কিন্তু এইটো পাম্প ষ্টেশ্যনত এটেণ্ডেণ্ট আছিল। পাম্প ষ্টেশ্যনৰ গাতেই লাগি আছিল এখন সৰু কফি শ্বপ। কফি একাপৰ প্ৰয়োজনীতা তীব্ৰতৰ হৈ অহা বাবে আমি তাতে গাড়ী পাৰ্ক কৰি ‘কেফে’ খনলৈ আগবাঢ়ি গ’লোঁ। তিনিকাপ গৰম ‘কাপুচিনো’ৰ অৰ্ডাৰ দিয়া হ’ল। 

“চাৰ, আপোনাৰ খবৰ ভালনে? মোক চিনি পাইছেনে?” 

প্ৰায় ২৫ বছৰীয়া ল’ৰা এজনে মোক সম্বোধন কৰি হাঁহি এটা মাৰিলে। তাৰ গাত ‘শ্বেল পেট্ৰ’ল পাম্প’ৰ এটেণ্ডেণ্টৰ ইউনিফৰ্ম। 

“ময়েই অলপ আগতে আপোনালোকৰ গাড়ীত পেট্ৰ’ল ভৰাইছো।” 

আমি তিনিজন আছিলো যদিও লৰাজনে মোক উদ্দেশি কথাখিনি কৈ আছিল। মই যেন আকাশৰ পৰাহে সৰি পৰিলো। হিউষ্টন চহৰৰ পেট্ৰল পাম্প এটাৰ কেফেত মোৰ সৈতে অসমীয়াত কথা পাতিবলৈ অহা এই নতুন ল’ৰাজন কোন খুব মনত পেলাবলৈ চেষ্টা কৰিলো কিন্তু একো মনত নপৰিল। ল’ৰাজনে মোৰ মনৰ অৱস্থা চাগৈ লগে লগে বুজি পালে। 

“চাৰ, আপুনি অইল ইণ্ডিয়া, দুলীয়াজানৰ নহয় জানো? মই আপোনাক অইল মাৰ্কেটত প্ৰায়েই দেখা পাইছিলো। বৰগোহাঁইদালৈ চকুৰে ইঙ্গিত দি ক’লে – “এই চাৰকো দেখিছিলো। আপোনালোকে গাড়ীত অসমীয়াত কথা পাতি থকা শুনিলো।” 

উৰহী গছৰ ওৰ ওলাল। ল’ৰাজন তাৰমানে দুলীয়াজানৰ আৰু আমাক দুলীয়াজানৰ বজাৰত দেখা পাইছে। কিন্তু আমেৰিকাৰ হিউষ্টনত এনেকৈ আবিৰ্ভাৱ হ’ল কেনেকৈ? কথাবোৰ ভালকৈ জানিবলৈ আমি কৌতূহলী হৈ উঠিলো। বৰগোহাঁইদাই মাত লগালে – “তোমাৰ নাম কি? আমাৰ লগতে অলপ বহাচোন, কথা পাতোঁ। কফিৰ অৰ্ডাৰ দিছোঁ, কফিও খোৱা।” 

: চাৰ, মোৰ নাম বিকাশ থাপা। ক্ষমা কৰিব, মই এতিয়া ডিউটিত আছোঁ, আপোনালোকৰ সৈতে বহিব নোৱাৰিম। লগৰ জনক কৈ মই দহ-পোন্ধৰ মিনিটৰ বাবে আপোনালোকক লগ ধৰিবলৈ আহিছো। আপোনালোকক দেখি বৰ ভাল লাগিছে। 

: দুলীয়াজানৰ পৰা কেনেকৈ এইখিনি আহি ওলালাহি? আমি আটাইকেইজনে প্ৰশ্ন কৰিলো। 

: চাৰ, সেয়া এক দীঘল কাহিনী, গোটেইখিনি এই ১০-১৫ মিনিটত কৈ শেষ কৰিব নোৱাৰিম। 

: ঠিক আছে, আমাক থোৰতে কোৱাচোন। আমাৰ জানিবলৈ বৰ মন গৈছে। 

: আমাৰ ঘৰ দৰাচলতে নেপালৰ এখন গাঁৱত কিন্তু মই একেবাৰে সৰুৰে পৰা দুলীয়াজানতে ডাঙৰ দীঘল হৈছোঁ। আমি বৰ দুখীয়া পৰিয়ালৰ আৰু মোৰ তলত দুটা ভাইটি আৰু এজনী ভনী আছে। মোৰ মামা এজন বহুদিনৰে পৰা দুলীয়াজানত আছিল আৰু সেই মামাই মোক এবাৰ নেপালৰ পৰা লৈ আনে। মামাই মোক পঢ়ুৱাৰ দায়িত্ব লয়। মামাহঁতৰ নিজৰ ল’ৰা-ছোৱালী নাছিল বাবে মোকেই নিজৰ ল’ৰাৰ দৰে মৰম কৰিছিল। মামাৰ কেইজনীমান গাই আছে আৰু সেই গৰু পুহি আৰু গাখীৰ বেছিয়েই পৰিয়াল পোহপাল দিছিল। ওচৰ চুবুৰীয়া লৰা-ছোৱালীবোৰৰ সৈতে খেলি-ধূলি মই একেবাৰে অসমীয়া হৈ পৰিলো। মামাই মোক পশ্চিম জালনী প্ৰাইমেৰী স্কুলত নাম লগাই দিছিল আৰু তাৰ পৰা এল্, পি পাছ কৰাৰ পিছত অইল ইণ্ডিয়া হায়াৰ চেকেণ্ডেৰী স্কুলত নাম লগাও। অইল ইণ্ডিয়া স্কুলৰ পৰাই মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী দুয়োটাই পাছ কৰোঁ। ইয়াৰ পিছত মামাহঁতক কষ্ট দিবলৈ মন নগ’ল। মোক কলেজত পঢ়ালে মামাহঁতৰ বহুত খৰচ হ’ব। ইফালে সিফালে কিবাকিবি কাম বিচাৰিলো যদিও একো লাভ নহ’ল। অইলৰ চি, চি, এল হৈ সোমাবলৈকো চেষ্টা কৰিছিলো। উপায় নাপাই আজি অ’ত কাইলৈ ত’ত এইদৰে সৰু-সুৰা কাম কিছুমান কৰিবলৈ ল’লোঁ। কেবল টিভিৰ অপাৰেটৰ, কিতাপৰ দোকানৰ চেলচমেন ইত্যাদি কাম কৰি অৱশেষত অইল মাৰ্কেটৰ গিফট্ শ্বপ এখনৰ চেলচমেন হিচাপে কাম কৰি আছিলো। হায়াৰ চেকেণ্ডাৰী পাছ কৰা চাৰিবছৰমান পাৰ হৈ গৈছিল। এনেতে হঠাত এদিন ঘৰৰ পৰা খবৰ আহিল যে দেউতাৰ গা ভাল নহয় আৰু মোক নেপাললৈ উভতি যাবলৈ কোৱা হৈছে। 

কথাখিনি কৈ বিকাশ অলপ ৰ’ল। “চাৰ, মই মোৰ চুপাৰভাইজাৰক এবাৰ লগ ধৰি আহোঁ, দহ মিনিট মানৰ ভিতৰত উভতি আহিম” বুলি কৈ অন্তৰ্ধান হ’ল। আমাৰো ‘কাপুচিনো’ আহি পোৱাত পিয়লাত চুমুক দিলোঁ। বিকাশৰ কাহিনী শুনি আমাৰ কৌতূহল বাঢ়ি গৈছিল। তাৰ বাবে অপেক্ষা কৰি ৰ’লোঁ। দহ মিনিট মানৰ পিছত বিকাশ আকৌ উভতি আহিল। চুপাৰভাইজাৰক লগ ধৰি আধা ঘণ্টাৰ ছুটি ল’লে। চিনাকি মানুহ দুজনমান লগ পাই কথা পাতিব খোজা দেখি তাক আধাঘণ্টাৰ বাবে ছুটি মঞ্জুৰ কৰিছে। এইবাৰ চকী এখন টানি আমাৰ ওচৰত বহিল যদিও কফি খাবলৈ অমান্তি হ’ল। বিকাশে আকৌ তাৰ কাহিনী আৰম্ভ কৰিলে। 

: ঘূৰি যাবলৈ একেবাৰে মন নাছিল যদিও দেউতাৰ গা বেয়া হৈ থকা বাবে ঘৰখন চাব লগীয়া হ’ল। দেউতাই এখন সৰু গেলামালৰ দোকান দিছিল। সেইখনকে চম্ভালি ল’লোঁ। ভাইটি দুটাই মেট্ৰিক পাছ কৰি ঠিকাদাৰৰ তলত অ’ত ত’ত কাম কৰি ফুৰিছিল। তেনেদৰে টুকটুক টাকটাককৈ চলি আছিলো। সম্বন্ধীয় দাদা এজনৰ পৰা এবাৰ আমেৰিকাৰ ‘ডাইভাৰ্চিটি গ্ৰীনকাৰ্ড লটাৰী’ৰ কথা শুনি মোৰো সেই লটাৰীত নাম দিবলৈ মন গ’ল। এচিয়াৰ দেশবোৰৰ ভিতৰত এতিয়ালৈকে নেপালৰ অতি কম সংখ্যক লোকে আমেৰিকালৈ প্ৰব্ৰজন কৰিছে বাবে এই লটাৰীত যোগদান দিবলৈ নেপালৰ এতিয়াও যোগ্যতা আছে। ইতিমধ্যে মই নেপালৰ পাছপ’ৰ্টো উলিয়াই লৈছিলো। দাদাজনে মোৰ আবেদন পত্ৰখনো জমা দিলে। ভাগ্য মোৰ প্ৰতি প্ৰসন্ন আছিল। লটাৰীত ইমিগ্ৰেশ্যনৰ বাবে মোৰ নাম উঠিল আৰু তাৰ পাছত দিবলগীয়া ফিজ আদি দি যোৱাবছৰ মই ইয়ালৈ গুচি আহোঁ। কেইবাজনো লোকৰ পৰা টকা-পইচা ধাৰ লৈ মই আমেৰিকালৈ আহিলো আৰু সকলোকে এই পইচাখিনি ওভতাব লাগিব। 

: কিন্তু হিউষ্টন বা টেক্সাচলৈ কিয় আহিলা? এইবাৰ মই প্ৰশ্ন কৰিলো। 

: ওচৰৰ গাৱঁৰ দুজন মানুহ ইয়াত আছে বুলি খবৰ কৰি গম পাইছিলো আৰু তেওঁলোকৰ সৈতে কথা পাতি ইয়ালৈ অহাৰ সিদ্ধান্ত লওঁ। 

: চাকৰি পোৱা সহজ আছিলনে? বেলেগ আৰু কিবা চাকৰি বিচাৰিছিলা নেকি? 

: চাৰ, নিজৰ জোশত বিদেশলৈ আহিলো হয় কিন্তু সহজতে ক’তনো চাকৰি পাম? তাতে শিক্ষাগত অৰ্হতা হায়াৰ চেকেণ্ডেৰীহে। এতিয়া এনেধৰণৰ “অড জবচ্” কৰিয়েই কটাব লাগিব। চিনাকি মানুহ এজনৰ সহায়ত পেট্ৰল পাম্পৰ এটেণ্ডেণ্টৰ এই চাকৰিটো পালোঁ বুলিহে। 

: আৰু ক’ৰবাত চাকৰি কৰানে? 

: হয়, দিনৰ বেলা মই থকা ঠাইখিনিৰ ওচৰৰ ‘মল’ এটাত জেনিটৰৰ কাম কৰোঁ। যেনে তেনে এতিয়া চলি গৈছোঁ, আগলৈ কি হয় নাজানো। 

এইদৰে আৰু কিছু সময় কথা-বতৰা পাতি আমি বিকাশৰ পৰা বিদায় লৈ যাবলৈ ওলালো। অহাৰ সময়ত তাৰ চকু চলচলীয়া হ’ল। 

: চাৰ, বৰ ভাল লাগিল। অসমৰ আৰু তাতে দুলীয়াজানৰ মানুহ এনেদৰে হঠাতে লগ পাই যাম বুলি সপোনতো ভবা নাছিলো। নিজৰ ঘৰৰ মানুহ লগ পোৱা যেন লাগিল। অসমতে মই ডাঙৰ দীঘল হৈছো আৰু নিজকে অসমীয়া বুলিয়েই ভাবোঁ। 

: আমাৰো তোমাক লগ পাই বৰ ভাল লাগিল। ভাগ্যই তোমাক নেপালৰ পৰা অসম মুলুকলৈ নি আকৌ নেপালৰ মাজেৰেই মাৰ্কিন মুলুকলৈ আনিছে। তোমাৰ ভাগ্য সাধাৰণ ভাগ্য নহয়। ভবিষ্যতেও তোমাৰ ভাল হ’ব। 

: চাৰ, আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব। 

এইবাৰ বৰগোহাঁই দাই মাত লগালে – “আমাৰ আশীৰ্বাদ সদায় থাকিব। কেৱল কথা এটা কওঁ শুনা। অলপ পইচা-পাতি গোট খালে যেনে তেনে ইয়াৰ ট্ৰেড চাৰ্টিফিকেট বা ডিপ্লোমা এটা ল’বলৈ চেষ্টা কৰিবা। তুমি এতিয়াও সৰু ল’ৰা। আমেৰিকাৰ কলেজৰ এখন চাৰ্টিফিকেট ল’ব পাৰিলে নিশ্চয় কিবা ভাল চাকৰি পাবা। 

: হয় চাৰ, আপোনাৰ উপদেশৰ বাবে ধন্যবাদ। কথাটো ময়ো নভবা নহয়। প্ৰথমে অলপ ‘চেটেল’ হৈ লওঁ। অনলাইন ডিপ্ল’মা বা ডিগ্ৰী হ’লেও কিবা এটা ল’ব লাগিব। 

আমাক সকলোকে সাৱটি ধৰি বিকাশে বিদায় দিলে। 

পিছদিনা আবেলি আমি হিউষ্টনৰ পৰা নতুন দিল্লী অভিমুখে উৰা মাৰিলো। উৰাজাহাজত আহি থাকোঁতে বিকাশ থাপা নামৰ ল’ৰাজনৰ কথাকে বাৰে বাৰে মনত পৰিল। কি এক অদ্ভুত সংযোগত ল’ৰাজনক লগ পালোঁ। কেনে বিচিত্ৰ মানুহৰ জীৱন! হয়তো এয়েই অদৃষ্ট। মানুহে কয় জন্ম, মৃত্যু আৰু বিবাহৰ কথা কোনেও ক’ব নোৱাৰে। মই আৰু এটা কথা যোগ দি ক’ব খোজো – জন্ম, মৃত্যু, বিবাহ আৰু কৰ্মভূমিৰ কথা কোনেও ক’ব নোৱাৰে। বিকাশক লগ পোৱা কুৰি বছৰৰো বেছি সময় হৈ গ’ল; কেতিয়াও ক’তো আৰু তাক লগ পোৱা নাই। আশাকৰোঁ জীৱনত যি আশা কৰিছিল সকলো লাভ কৰি সি সফলতা লাভ কৰিব পাৰিছে। বিকাশ য’তেই আছে সুস্থশৰীৰে আৰু সুখেৰে থাকক!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!