সুখী মানুহ-দুখী মানুহ

লেখক- মণ্টু কুমাৰ ডেকা

মানুহক কিহে সুখী কৰে? আপোনাৰ ওচৰত যথেষ্ট সংখ্যক ধন-সম্পত্তি, সুন্দৰ স্বাস্থ্য, ভাল চাকৰি আছে, অপুনি ১০০ শতাংশই সুখী নে? আপুনি কষ্ট কৰে, নিজকে ব্যস্ত ৰাখে, জীৱনত যি বিচাৰিছে সকলো পাই গৈছে তথাপি আপুনি জীৱনত সুখীনে?

আমি অতিকৈ শ্ৰদ্ধা কৰা, নিজৰ কৰ্মজীৱনত অনুসৰণ কৰা মেনেজাৰ এজনে আমি এৰি অহাৰ দিনাখন এটা কথাই কৈছিল, “নতুন নতুন কথা শিকি যোৱাত মন দিয়া, চেলেঞ্জ লোৱা, কষ্ট কৰা, দেখিবা এদিন তুমি সুখী মানুহ হ’বাগৈ। তোমাৰ এটা সুখী জীৱন হ’ব।”

আমি অনুসৰণ কৰা মেনেজাৰজন এজন সুখী ব্যক্তি। তেওঁৰ ভাল দৰমহা বা সুন্দৰ স্বাস্থ্যৰ বাবে নহয়। তেওঁৰ এটা সুন্দৰ মনৰ কাৰণে…। আমি অনুপ্ৰাণিত হোৱাৰ কাৰণো সেই একেই। টকা পইচা কাৰ হাতত নাই? একে দিনাই লাখ টকা উপাৰ্জন কৰা মানুহ আমাৰ অসমতে কিমান আছে? পিছে আচল কথাটো হ’ল এটা সুখী জীৱন। এইটো সহজতে পোৱা নাযায়।

বেছি ভাগ মানুহেই নিজৰ সুখ উপভোগ কৰাতকৈ আনৰ উন্নতি দেখি, আনৰ সুখ দেখিহে বেছিকৈ দুখী হয়। ‘চাল্লা সিহঁতৰ এইটো হ’ল, সেইটো হ’ল, পুতেকৰ চাকৰি, নতুন গাড়ী, নতুন ঘৰ, আমাৰেই একো নহ’ল।” মাজে-মাজে নিজৰ সন্তানকো বেলেগত লগত তুলনা কৰি নিজৰ লগতে ফুল কুমলীয়া কেইটাৰ মনতো ঈৰ্ষাৰ বীজ বোৱাই দিয়ে। এইবোৰ হৈছে আনৰ সুখ দেখি, আনৰ উন্নতি দেখি হোৱা দুখ। তদুপৰি নিজৰ দুখবোৰ আছেই…।

আন কিছুমান আছে সুখী মানুহ। তেওঁলোকে নিজৰ সুখত সুখী নহয়। নিজৰ প্ৰতিদ্বন্দ্বীজন জীৱনৰ বাটত পৰিছে, তেওঁলোকে পুৰা সুখী হৈছে।

শত্ৰুৰ পতনত আনন্দ কৰা, উল্লসিত কৰা উচিত নহয়।

বিখ্যাত কবি নিৰলাৰ কথা সকলোৱে শুনিছোঁ। তেওঁৰ এজন প্ৰতিদ্বন্ধী আছিল। সেই সময়ত দুয়োজনৰ মাজত প্ৰচণ্ড মতৰ অমিল আছিল। এজনে আন জনৰ বিৰুদ্ধে কলমৰ এখন যুদ্ধ। বছৰ বছৰ ধৰি যুঁজখন চলিছিল। এই যুঁজখন ইমানেই চলিছিল যে দুয়ো একেলগে কোনো দিনে মুখামুখিয়ে হ’ব পৰা নাছিল।

এনেতে হঠাৎ এদিন নিৰলাৰ প্ৰতিদ্বন্দ্বীজনে মৃত্যুক সাবটি ল’লে। খবৰটো শুনি নিৰলা ভাগি পৰিল। প্ৰায় এসপ্তাহ ধৰি খোৱা-লোৱা নকৰি নীৰৱে কটাবলৈ ধৰিলে। তেওঁ ইমানেই ভাগি পৰিল যে মাহ-মাহ ধৰি লিখা-মেলাই এৰি দিলে। তেওঁ প্ৰতিদ্বন্দী হেৰুৱালে। তেওঁৰ যেন জীৱনৰ উন্নতিৰ বাটহে ৰৈ গ’ল! আগলৈ কোনে তেওঁৰ বিপৰীতে লিখিব, কোনে কলমৰ যুঁজখন কৰিব, কাৰ লগত তেওঁ ফেৰ মাৰিব? কাৰ লগত তেওঁ যুক্তিৰ কাজিয়া কৰিব? এয়া আছিল প্ৰিয় কবিৰ শত্ৰুৰ কাহিনী।

শত্ৰুবোৰক আগুৱাই যাবলৈ মনে-প্ৰাণে ঈশ্বৰক খাটিব লাগে। শত্ৰু আগুৱাই যোৱা মানেই আপোনাৰ মোৰ উন্নতি। শত্ৰুক হিংসা নকৰি প্ৰেমেৰে ফেৰ মাৰি তাতোকৈ আগুৱাই যাবলৈ চেষ্টা কৰাটোৱেই বুদ্ধিমানৰ কাম। শত্ৰু জীৱনৰ বাটত পৰিছে, আপুনি মই খুউব আনন্দ কৰিছোঁ। ভাবিছো আমি সফল হ’লোঁ। এয়া ভুল। আমাৰ উন্নতি সিমানতেই সমাপ্ত।

জীৱনত শিকা এটা কথা, শত্ৰুৰ পতনত আনন্দ কৰিলে, শত্ৰুৰ উন্নতি হৈ আনন্দ কৰা জনৰহে পতন আৰম্ভ হয়।

গতিকে, সুখী হওঁ আহক, নিজৰ উন্নতিৰ লগতে শত্ৰুৰ উন্নতিতো।



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!