অসমৰ চাহ শ্ৰমিকৰ দুৰ্দশা কিদৰে পোহৰলৈ আহিল?

অসমৰ চাহ শ্ৰমিকৰ দুৰ্দশা কিদৰে পোহৰলৈ আহিল?

লেখক- পংকজ কুমাৰ নেওগ

আধুনিক ভাৰতৰ ইতিহাসত ৰেনেছাঁক সাধাৰণতে এটি গুৰুত্বপূৰ্ণ সোপান হিচাপে বিবেচনা কৰা হয়। এই নৱজাগৰণে আধুনিক ‘অখণ্ড ভাৰত’ জাতীয়তাবাদৰ উত্থান ঘটোৱাৰ লগতে পৰৱৰ্তী সৰ্বভাৰতীয় ঔপনিৱেশিক বিৰোধী সংগ্ৰামৰো বাট প্ৰশস্ত কৰে। আন্দোলনৰ এই সময়খিনিয়ে মূল্যবোধৰ পৰিৱৰ্তন, সামাজিক সংবেদনশীলতাৰ ৰূপান্তৰ আৰু সাংস্কৃতিক সৃজনশীলতাৰ পুনৰ্জন্মক চিহ্নিত কৰিছে। এই সকলোবোৰ বঙ্গদেশৰ নৱজাগৰণৰ মূলপীঠ ব্ৰাহ্মসমাজৰ জন্মৰ মাধ্যমেৰে সূচনা হৈছিল। ভাৰতৰ বিখ্যাত বহু সংস্কাৰক ৰাজা ৰামমোহন ৰায় আছিল এই আন্দোলনটিৰ প্ৰতিষ্ঠাতা আৰু ইয়াৰ একক বৃহত্তম অৱদান আছিল মহিলাসকলৰ মুক্তি আৰু বিশেষকৈ তেওঁলোকৰ শিক্ষা। যদিও ৰামমোহন ৰায় এই আন্দোলনত তেওঁৰ ভূমিকাৰ বাবে বিখ্যাত আছিল, অতি মুষ্টিমেয় লোকহে চাহবাগিছাৰ কুলিসকলক বৃটিছ শোষণৰ পৰা উদ্ধাৰ কৰা সেই যুগৰ অইন এজন মহান ব্ৰাহ্ম উগ্ৰপন্থীৰ বিষয়ে অৱগত। এই বিস্মৃত কিংবদন্তি আছিল দ্বাৰকানাথ গাঙ্গুলী।
১৮৪৫ চনৰ এপ্ৰিল মাহত বিক্ৰমপুৰ জিলাৰ মাগুৰখণ্ডা গাঁৱত (এতিয়া বাংলাদেশ) ব্ৰিটিছ শাসিত বংগৰ স্কুলীয়া শিক্ষক দ্বাৰকানাথৰ জন্ম হৈছিল। ছাত্ৰ হিচাপে থকা দিনবোৰত ভাৰতীয় নাৰীৰ দুৰ্দশাৰ ওপৰত অক্ষয় কুমাৰ দত্তই লিখা এখন থিছিছৰ দ্বাৰা তেওঁ গভীৰভাৱে প্ৰভাৱিত হৈছিল। থিছিছখনৰ মন জয় কৰা বাক্যটো আছিল- “সামাজিক পুনৰুজ্জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল নাৰীক তেওঁলোকৰ বন্ধনৰ পৰা মুক্ত কৰা।” শিক্ষক হিচাপে কাম কৰি থকাৰ সময়ত দ্বাৰকানাথে ‘অবলাবান্ধব’ (মহিলাৰ বন্ধু) নামৰ এখন সাপ্তাহিক আলোচনী প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ জৰিয়তে তেওঁ শোষণ আৰু নাৰীৰ চৰম দুখ-কষ্টৰ কিছু গোচৰ পোহৰলৈ আনিবলৈ সক্ষম হয়। ডেভিদ কপফে (বিশিষ্ট ইতিহাসবিদ আৰু মিনেছ’টা বিশ্ববিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ) পৰৱৰ্তী সময়ত উল্লেখ কৰাৰ দৰে-“কেৱল নাৰীৰ মুক্তিৰ বাবে নিবেদিত এই আলোচনীখন সম্ভৱতঃ বিশ্বৰ ভিতৰতে প্ৰথম আছিল।” অবলাবান্ধবৰ উপৰি আন্দোলনৰ ৰক্ষণশীল সদস্যসকলে তীব্ৰ বিৰোধিতা কৰা আমূল সংস্কাৰবাদী মতামতেৰেও দ্বাৰকানাথে ব্ৰাহ্ম সমাজত ধুমুহাৰ সৃষ্টি কৰিছিল। তেওঁ হিন্দু মহিলা বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষক, ৰক্ষণাবেক্ষণকাৰী, চকিদাৰ আৰু চাফাইকাৰী হিচাপেও কাম কৰিছিল। এই বিদ্যালয়খন পিছলৈ বংগ মহিলা বিদ্যালয়ৰূপে জনা যায় আৰু এটা সময়ত বেথুন স্কুলৰ সৈতে একত্ৰিত হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে দ্বাৰকানাথ আছিল কিংবদন্তি ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ আজোককাক।
ভাৰতৰ প্ৰথম মহিলা স্নাতকসকলৰ ভিতৰত অন্যতম কাদম্বিনী বসু আছিল দ্বাৰকানাথৰ পত্নী। ধাৰাবাহিকভাৱে বহুতো ক্ষেত্ৰত কৃতিত্ব লাভ কৰা কাদম্বিনী আছিল ব্ৰিটিছ ভাৰতত চাকৰি কৰা মহিলাসকলৰ ভিতৰত অন্যতম। সমগ্ৰ দক্ষিণ এছিয়াতে পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰথম মহিলা চিকিৎসকলৰ ভিতৰতো কাদম্বৰী আছিল লেখত ল’বলগীয়া। ডেভিদ কপফে উল্লেখ কৰাৰ দৰে-“কাদম্বিনী যথাৰ্থতে আছিল তেওঁৰ সময়ৰ আটাইতকৈ নিপুণ আৰু মুক্ত ব্ৰাহ্ম নাৰী।” যেতিয়া কাদম্বিনীৰ চিকিৎসা বিজ্ঞান পঢ়িবলৈ লোৱা সিদ্ধান্তই সমাজৰ উচ্চবৰ্ণৰ সম্প্ৰদায়ৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰে দ্বাৰকানাথেহে পত্নীক তেওঁৰ হৃদয় অনুসৰণ কৰিবলৈ উৎসাহিত কৰিছিল। দৰাচলতে জনপ্ৰিয় সাময়িকী ‘বংগবাসী’ৰ সম্পাদকে যেতিয়া তেওঁৰ প্ৰবন্ধ এটাত কাদম্বৰীক গণিকা বুলি উল্লেখ কৰে, শুনা যায় যে দ্বাৰকানাথ ক্ৰোধান্বিত হৈ তেওঁৰ মুখামুখি হয় আৰু পত্নীৰ বিষয়ে বিৰূপ মন্তব্য দিয়া ছপা কাগজখন ফালি তাৰে টুকুৰা গিলিবলৈ বাধ্য কৰাইছিল। দ্বাৰকানাথে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছিল, যাৰ ফলত সম্পাদকজনক ছমাহৰ কাৰাদণ্ড আৰু এশ টকা জৰিমনা বিহা হয়।
দ্বাৰকানাথে আজীৱন কেৱল পত্নীকে নহয় প্ৰতিগৰাকী ভাৰতীয় নাৰীক সংকীৰ্ণ বিশেষাধিকাৰৰ শক্তি বুলি গণ্য কৰা মহলৰ পৰা ৰক্ষা কৰিবলৈ কটূক্তি আৰু ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়া বন্ধ কৰা নাছিল। সুবিধা বঞ্চিতসকলৰ উন্নীতকৰণৰ প্ৰতি সদা উৎসাহিত দ্বাৰকানাথে নিজৰ প্ৰবন্ধসমূহ মানৱীয় দৃষ্টিকোণৰ পৰা সামাজিক বিষয়সমূহ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল। ৰাজনৈতিক মঞ্চত এই সুবিধা বঞ্চিতসকলক অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰাৰ লগতে সমস্যাসমূহৰ অন্তৰ্নিহিত শোষণৰ সমাধানো চৰকাৰক কৰিবলৈ উদ্বুদ্ধ কৰিছিল। দ্বাৰকানাথৰ এই প্ৰচেষ্টাসমূহৰ ভিতৰত আটাইতকৈ বিখ্যাত আছিল অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ দুৰ্ভগীয়া অৱস্থাৰ ওপৰত লিখা এলানি ধাৰাবাহিক বিস্ফোৰক প্ৰবন্ধ। ১৮৩০ চনত ব্ৰিটিছে চাহ, কফি, চেনি আৰু ৰবৰৰ দৰে লাভজনক সামগ্ৰীৰ খেতি কৰিবলৈ সস্তীয়া আৰু স্থানান্তৰিত ভাৰতীয় শ্ৰমিক শক্তিৰ সন্ধান আৰম্ভ কৰে। ইয়াৰ বাবে বৃটিছে গিৰমিটিয়া বনুৱাৰ চুক্তিৰ প্ৰৱৰ্তন কৰিছিল। এই চুক্তি আছিল অমানৱীয় আৰু এবাৰ বাগিচাত প্ৰৱেশ কৰাৰ পাছত ৰাষ্ট্ৰই বলবৎ কৰা দণ্ডবিধিৰ বিধান অনুসৰি শ্ৰমিকসকল যি পৰিস্থিতিতেই নহওক চুক্তিৰ ম্যাদ উকলি নোযোৱালৈকে কাম এৰি যাব নোৱাৰিছিল। সময়ৰ লগে লগে এই শ্ৰমিকসকল “কুলি” হিচাপে পৰিচিত হয়। এবাৰ এগৰাকী সহযোগী ব্ৰাহ্মসদস্য ৰাম কুমাৰ বিদ্যাৰত্ন অসম ভ্ৰমণলৈ গৈ তাৰ মানুহৰ আফিং আসক্তি, অমানৱীয় অৱস্থা আৰু ব্ৰিটিছ চাহ ৰোপণকাৰীৰ দ্বাৰা “কুলি” সকলৰ নিষ্পেষণৰ অতি হতাশাজনক কাহিনী লৈ উভতি আহে আৰু কথাবোৰ শুনি দ্বাৰকানাথে অভিযোগসমূহৰ প্ৰত্যক্ষ তদন্ত কৰাৰ সিদ্ধান্ত লয়।
ইংৰাজ চাহাবসকলৰ আধিপত্য থকা চাহ উদ্যোগটোৱে বাগিছাৰ শ্ৰমিকসকলৰ অৱস্থা লুকুৱাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। দ্বাৰকানাথে জানিছিল যে চাহ বাগিছাৰ কথাবোৰ উন্মোচন কৰিবলৈ গ’লে তেওঁৰ নিজৰে বৃহৎ বিপদ কিন্তু তেওঁ আছিল অতি নিৰ্ভীক। সেই সময়ত চাহ বাগিছা অঞ্চললৈ যাবলৈ পথ বা যাতায়াতৰ ব্যৱস্থা নাছিল। বাট আছিল দীঘলীয়া আৰু সেই দূৰত্ব খোজকাঢ়ি অতিক্ৰম কৰিব লাগিছিল। কষ্টকৰ আৰু গোপন যাত্ৰাৰ অন্তত দ্বাৰকানাথ অৱশেষত “প্লেণ্টাৰ’ছ ৰাজ”ত উপস্থিত হয়। ব্ৰিটিছ পৰিচালকসকলৰ একচেতীয়া আধিপত্যৰ বাবে চাহ বাগিছা অঞ্চল কথিতভাৱে সেই নামেৰে জনা গৈছিল। ব্ৰিটিছ মেনেজাৰসকলে সেই সময়ত বিপুল লাভৰ দ্বাৰা প্ৰদত্ত বিলাসিতা উপভোগ কৰিছিল আৰু স্থানীয়সকলৰ মজুৰিৰ নামত যৎকিঞ্চিত ব্যয় কৰিছিল। অসমৰ উন্নয়নৰ নামত কাৰ্যতঃ একোৱেই খৰচ কৰা নাছিল। কথাবোৰ নিজ চকুৰে দেখি দ্বাৰকানাথ স্তম্ভিত হৈ পৰে। চাহ-শ্ৰমিকসকলক যি দুখজনক পৰিস্থিতিত জীয়াই থাকিবলৈ বাধ্য কৰা হৈছিল, সেই পৰিস্থিতিয়ে তেওঁক আটাইতকৈ বেছি কষ্ট দিছিল। কেকে মিত্ৰৰ ‘সঞ্জীৱনী’ আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ ‘বেংগলী’ আদি জাতীয়তাবাদী কাকতত ধাৰাবাহিক লেখা প্ৰকাশ কৰি অসমৰ গিৰমিটিয়া “কুলি”সকলৰ প্ৰায় দাস সদৃশ অৱস্থা উদঙাই দিবলৈ ক্ষুব্ধ লিখক গৰাকী পুনৰ কলিকতালৈ উভতি আহে। তাৰ পিছতেই তেওঁ স্বাধীনতা সংগ্ৰামী বিপিন চন্দ্ৰ পালৰ সহায়ত এই বিষয়টো ভাৰতীয় জাতীয় কংগ্ৰেছৰ মঞ্চলৈকো লৈ যায়।
অসমত কুলিসকলৰ শোষণ সম্পৰ্কত ৰামকুমাৰ বিদ্যাৰত্নই চাৰ্লছ ৱেব নামৰ এজন ব্ৰিটিছ ভদ্ৰলোকে চুকুৰমণি নামৰ এগৰাকী চাহ-শ্ৰমিক মহিলাক হত্যা কৰা সম্পৰ্কে এটা ঘটনা লিখিছিল। এই গোচৰত চাৰ্লছ ৱেবে চুকুৰমণিৰ অসহায় পৰিস্থিতিৰ সুযোগ লৈ প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু তেওঁৰ বিৰুদ্ধে গোচৰ স্থানীয় আদালতৰ পৰা কলিকতা উচ্চ ন্যায়ালয়লৈ গ’লেও পৰ্যাপ্ত প্ৰমাণৰ অভাৱত প্ৰতিবাৰেই তেওঁক দোষমুক্ত কৰা হৈছিল। এই ঘটনাৰ প্ৰতিবাদত দ্বাৰকানাথে ভাৰত সভাৰ পক্ষৰ পৰা ‘Justice Murdered in India’ শিৰোনামেৰে ইস্তাহাৰ প্ৰকাশ কৰে। ইয়াত ঘটনাটোক জাতীয়তাবাদী ৰূপ দিবলৈ “এজন এংলো-ইণ্ডিয়ানৰ কামনাৰ জুইত ভাৰতৰ এগৰাকী কন্যাৰ বলিদান” বুলি লিখা হৈছিল। এই ইস্তাহাৰত তেতিয়াৰ ঔপনিৱেশিক ন্যায় ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু পৰোক্ষভাৱে শাসকীয় গাঁথনিৰ ওপৰত জাতি-বৈষম্যৰ অভিযোগ অনা হৈছিল। ভাৰতবৰ্ষৰ জাতীয়তাবাদৰ ইতিহাসত এই ঘটনাৰ গুৰুত্ব অসীম। ১৮৮৭ চনত যেতিয়া দ্বাৰকানাথে মাদ্ৰাজত অনুষ্ঠিত কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত চাহ-শ্ৰমিকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়টো উত্থাপন কৰে তেতিয়া ইয়াক প্ৰাদেশিক সমস্যা বুলি বৰ্খাস্ত কৰা হৈছিল। পৰৱৰ্তী বছৰত প্ৰথম বঙ্গীয় প্ৰাদেশিক সন্মিলনৰ অধিৱেশনত বিপিন চন্দ্ৰ পালে দ্বাৰকানাথক বিষয়টোৰ ওপৰত আলোকপাত কৰিবলৈ অনুৰোধ জনায়। দ্বাৰকানাথে শ্ৰমিকসকলৰ শোষণ সন্দৰ্ভত বিশদ ভাষণ দি উপস্থিত সকলোকে পতিয়ন নিয়াবলৈ সক্ষম হয় যে সমস্যাটোক প্ৰাদেশিক বুলি গণ্য কৰাতো এটা ভ্ৰান্ত ধাৰণা। সভাত ১৮৮৭ চনৰ কংগ্ৰেছ অধিৱেশনৰ সিদ্ধান্তৰ সমালোচনা কৰা হয় আৰু চাহ-শ্ৰমিকসকলৰ বিষয়টোক ৰাষ্ট্ৰীয় স্তৰৰ সমস্যা হিচাপে গণ্য কৰা হয়। ইয়াৰ পিছত অৱশ্যে ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি লাভ কৰিবলৈ আৰু কেইবাবছৰ সময় লাগিল। অৱশেষত ১৮৯৬ চনত কংগ্ৰেছৰ কলিকতা অধিবেশনে ‘কুলি সমস্যা’ক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ে।
বৃটিছসকলৰ শ্ৰমিক মুক্তি দাবীৰ বিৰোধিতা কৰি ফলপ্ৰসূভাৱে দ্বাৰকানাথৰ প্ৰতিবেদনবোৰত হাজাৰ হাজাৰ ভাৰতীয়সকলৰ কাহিনী বৰ্ণনা কৰা হৈছিল যিসকলক স্বাস্থ্যকৰ পৰিস্থিতিত জীবিকা নিৰ্বাহ কৰিব পাৰিব বুলি ভুৱা আশ্বাসেৰে অসমৰ চাহ বাগিছালৈ অনা হৈছিল। প্ৰতিবেদনবোৰে নিৰ্মম শাস্তিৰ বৰ্ণনা দিছে আৰু ইয়াৰ ফলত কেনেকৈ প্ৰতি চাৰিজনৰ মাজত এজন “কুলি”ৰ মৃত্যু ঘটে সেই কথা উন্মোচন কৰিছে। বৃটিছ চাহ ৰোপণকাৰীসকলে এনে মৃত্যু ৰোগ বা জলবায়ু পৰিস্থিতিৰ সৈতে খাপ খুৱাব নোৱাৰাৰ বাবে ঘটে বুলি ওলোটাকৈ প্ৰচাৰ কৰিছিল। ব্ৰিটেইনৰ প্ৰভাৱশালী ৰোপণকাৰী চক্ৰই দ্বাৰকানাথৰ প্ৰতিবেদনে যাতে জনমতৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে তাৰ যথেষ্ট চেষ্টা চলাইছিল, কিন্তু জাতীয়তাবাদী মহলত কথাবোৰৰ ব্যাপক প্ৰচাৰ লাভ কৰাত বাধা দিব নোৱাৰিলে। দৰাচলতে ইয়াৰ প্ৰভাৱ ইমানেই সুদূৰপ্ৰসাৰী আছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰমাণ সংগ্ৰহৰ বাবে অসমলৈ নিজস্ব ‘ফেক্ট-ফাইণ্ডিং’ মিছন প্ৰেৰণ কৰে। বিংশ শতিকাৰ আৰম্ভণিতে দ্বাৰকানাথৰ অসমৰ কুলি বা চাহ-শ্ৰমিক সম্পৰ্কীয় প্ৰতিবেদন ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে জাতীয়তাবাদী আন্দোলনৰ এক গুৰুত্বপূৰ্ণ হাথিয়াৰ হৈ পৰিছিল। অৱশেষত ব্ৰিটিছৰ ওপৰত ইমানেই হেঁচা পৰে যে ১৯২০ চনত তেওঁলোকে সাম্ৰাজ্যবাদী চুক্তি ব্যৱস্থাটো বাতিল কৰিবলৈ বাধ্য হয়। দ্বাৰকানাথৰ মৃত্যুত সঞ্জীৱনী পত্ৰিকাই এইদৰে লিখিছিল – ‘আমাৰ এই কৃত্ৰিমতাপূৰ্ণ আৰু ছায়াময় জগতত এজন খাঁটি মানুহ আহিছিল। এনে ধৰণৰ মানুহ মাজে মাজে আবিৰ্ভাৱ নহ’লে গোটেই জগতখন অসাৰ হৈ পৰিব।’ আজি দ্বাৰকানাথৰ কাহিনী ইতিহাসৰ পাঠ্যপুথি আৰু জনস্মৃতিৰ পৰা ম্লান হৈ পৰিছে। প্ৰতিটো ৰূপতে অন্যায়ৰ বিৰুদ্ধে শক্তিশালী স্থিতি লোৱা এইজন বিদ্যালয়ৰ শিক্ষক আৰু অস্বীকৃত নায়কক তেওঁৰ প্ৰাপ্য সন্মান আৰু স্বীকৃতি দিবলৈ প্ৰতিজন ভাৰতীয় আজি আগবাঢ়ি অহা উচিত।


তথ্য সূত্ৰঃ

(1) “How a School Teacher Exposed the British ‘Coolie’ Trade in 19th Century Assam”. The Better India. 21 November 2017.
(2) Abalabandhab Dwarakanath ebong Kadambini (in Bengali) by Narayan Dutta,
(3) Sastri, Sivanath. Ramtanu Lahiri O Tatkalin Banga Samaj, 1903/2001, (in Bengali).
(4) Atmacharit, Sivanath Sastri, edited by Gautam Niyogi, Sadharan Brahmosamaj, (in Bengali).
(5) Sahitya Sadhak Charitmala 80, Brajendranath Bandopadhay, Bangiya Sahitya Parishad (in Bengali).
(6) Justice Murdered in India: The Papers of the Webb Case (Calcutta: Sa 1884). Re-published: edited by Kanailal Chattopadhay, Dwarakanath Ganguly’s ‘Slavery in British Dominion’ (Kolkata: Jigyasa, 1959).

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!