সাক্ষাৎকাৰ-‘পথাৰ কন্যা’ শ্ৰীমতী নৱনীতা দাস

সাক্ষাৎগ্ৰহণ কৰিছে- জুপিতৰা ফুকন,শ্ৰী ধ্ৰুৱজ্যোতি অৰ্জুনা আৰু ড° অভিজিত দত্ত

‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাৰ সাক্ষাৎকাৰ শিতানটিৰ বাবে সাক্ষাৎ কৰা হৈছিল ‘পথাৰ কন্যা’ শ্ৰীমতী নৱনীতা দাসক। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সফল কৃষক যোৰহাটৰ পতিয়া গাঁও নিবাসী শ্ৰীমতী দাস ‘নৱনীতা অৰ্গেনিক ফাৰ্মৰ স্বত্বাধিকাৰী। তেওঁ বহু প্ৰত্যাহ্বান নেওচি সমন্বিত কৃষিকৰ্মৰ দ্বাৰা অসমৰ কৃষিক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। 

’সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰীমতী জুপিতৰা ফুকন তথা ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী ধ্ৰুৱজ্যোতি অৰ্জুন আৰু ড° অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰীমতী জুপিতৰা ফুকন আৰু ড° অভিজিত দত্তই। সাক্ষাৎকাৰটি পাঠক সমাজলৈ বুলি আগবঢ়াইছে ডঃ দীপজ্যোতি বৰাই। 

সাহিত্য ডট অৰ্গ: আপোনাৰ জন্ম ক’ত আৰু আপুনি বিদ্যায়তনিক শিক্ষা ক’ত লাভ কৰিছিল? 

নৱনীতা দাস: মোৰ জন্ম যোৰহাট নিমাতীঘাটৰ বৰালি গাঁৱত। তাতেই মোৰ শিক্ষাজীৱন আৰম্ভ হয়। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে মই নাৰ্চিঙৰ প্ৰশিক্ষণ লওঁ। 

সাহিত্য ডট অৰ্গ: আপোনাৰ কৃষি পামখনৰ বিষয়ে কিছু কথা আমাক জনাব নেকি? 

নৱনীতা দাস: মই সমন্বিত কৃষি কৰোঁ আৰু সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰোঁ। মোৰ পাঁচখন খেতি পথাৰ আছে আৰু এই পথাৰকেইখনত মই বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰাৰ লগতে গৰু, ছাগলী, গাহৰি, হাঁহ, কুকুৰা আৰু পাৰ পালন কৰোঁ। লগতে মই মৎস্য পালন আৰু ফুলৰ খেতিও কৰোঁ। মই প্ৰথম পামখন যোৰহাটৰ নিমাতীঘাটত আৰম্ভ কৰিছিলোঁ। তাত মোৰ ৬০ বিঘামান মাটি আছে। তাৰে ৪০ বিঘাত বৰ্তমান খেতি কৰি আছোঁ। যোৰহাটৰ পতিয়া গাঁৱত অলপ মাটি লিজত লৈ মোৰ দ্বিতীয়খন পাম আৰম্ভ কৰোঁ। এই ফাৰ্মখনত ৫ বিঘা মাটিত মই শাক-পাচলিৰ লগতে ফল আৰু ফুলৰ খেতি কৰোঁ। ইয়াতে মোৰ মৎস্য পালনৰ বাবে কেইটামান পুখুৰীও আছে। পতিয়া গাঁৱৰ আশে-পাশে দুখন আৰু পতিয়া গাঁৱৰ পৰা ১২ কিলোমিটাৰ আঁতৰত মোৰ আৰু এখন পাম আছে। নিমাতীঘাটৰ পামখনত খেতি যথেষ্ট ভাল হয়। মই ধান খেতিও কৰোঁ। বিশেষকৈ জহা, কণ জহা, ক’লা চাউল, ৰঙা চাউল, মটীয়া চাউল আদিত বেছি মূল্য পাওঁ বাবে এইবোৰ ধানৰ খেতি বেছিকৈ কৰোঁ। 

সাহিত্য ডট অৰ্গ: তুলনামূলকভাৱে কম সময়তে অধিক উৎপাদন কৰিব পৰা অজৈৱিক কৃষিৰ বিপৰীতে আপুনি জৈৱিক কৃষি কিয় বাছি ল’লে? 

নৱনীতা দাস: আজি আমি খোৱা প্ৰতিটো খাদ্যতে কম বেছি পৰিমাণে বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে। ফলত দিনে দিনে মানুহৰ বিভিন্ন বেমাৰ-আজাৰ বাঢ়ি গৈছে। ৰাইজক জৈৱিক শাক-পাচলি, ফল-মূল অলপ হ’লেও যোগান ধৰাৰ মানসেৰে মই জৈৱিক কৃষি কৰাৰ সিদ্ধান্ত ল’লোঁ। 

সাহিত্য ডট অৰ্গ: আপোনাৰ পামত কৃষি উৎপাদন কেনেকুৱা? 

নৱনীতা দাস: খেতিৰ উৎপাদন ভাল বুলিয়েই ক’ব পাৰি। নিমাতীঘাটৰ পামখনত খেতি যথেষ্ট ভাল হয়। কিয়নো নদীকাষৰীয়া হোৱাৰ বাবে তাৰ মাটি স্বাভাৱিকতে সাৰুৱা। ইয়াত গোজ মাৰি দিলেই গছ গজি উঠে। আনকি গোবৰৰো প্ৰয়োজন নহয়। 

সাহিত্য ডট অৰ্গ: কৃষিক পেছা হিচাপে লোৱাৰ পূৰ্বে আপুনি এগৰাকী নাৰ্ছ আছিল। এই বৃত্তি ত্যাগ কৰি কৃষিক বৃত্তি হিচাপে লোৱাৰ কাৰণ কি? 

নৱনীতা দাস: হয়, মই এগৰাকী নাৰ্ছ আছিলোঁ। মোৰ সৰু কালছোৱাত মোৰ মা খুব অসুখীয়া আছিল। মই মাৰ লগত প্ৰায়ে চিকিৎসালয়লৈ গৈছিলোঁ। চিকিৎসালয়ত নাৰ্ছসকলে মাক অতি যত্নেৰে শুশ্ৰূষা কৰিছিল। এই কথাটোৱে মোক বৰকৈ প্ৰভাৱিত কৰিছিল। তদুপৰি নাৰ্ছৰ পোছাকযোৰে মোক আকৰ্ষণ কৰিছিল। তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ যে ডাঙৰ হৈ মই এগৰাকী নাৰ্ছ হম আৰু ৰোগীসকলক পাৰ্যমানে শুশ্ৰূষা কৰিম। সেয়েহে মই এ.এন.এম.ৰ প্ৰশিক্ষণ লওঁ আৰু অসামৰিক চিকিৎসালয়ত এগৰাকী নাৰ্ছ হিচাপে যোগদান কৰোঁ। কিন্তু যি উদ্দেশ্যেৰে মই এই বৃত্তিক আঁকোৱালি লৈছিলোঁ সেয়া সাধন কৰিব পৰা নাছিলোঁ। কিয়নো নাৰ্ছ হিচাপে আমাৰ কিছুমান বাধ্যবাধকতা থাকে। কেতিয়াবা ৰোগীৰ বাবে উপযোগী বুলি জনা কামটোও আমি কৰিব নোৱাৰো। মোৰ ধীৰে ধীৰে এই বৃত্তিটোৰ প্ৰতি অনীহা জন্মিল। সেয়ে স্বাধীনভাৱে কাম কৰিবলৈকে মই কৃষিক্ষেত্ৰলৈ আহিলোঁ। 

সাহিত্য ডট অৰ্গ: সাধাৰণতে আমাৰ সমাজত খুব কম সংখ্যক মহিলা কৃষক দেখিবলৈ পোৱা যায়। এনে ক্ষেত্ৰত আপুনি কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি? 

নৱনীতা দাস: হয়। আমাৰ অসমত মহিলা কৃষকৰ সংখ্যা তেনেই নগণ্য। সেয়ে মই খেতি কৰিবলৈ আগবাঢ়ি অহা দেখি প্ৰথম অৱস্থাত নানাজনে নানা মন্তব্য কৰিছিল। নাৰ্ছৰ দৰে বৃত্তি এটা ত্যাগ কৰি কষ্টকৰ কাম এটা আঁকোৱালি লোৱাৰ বাবে মানুহৰ বহু প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। মানুহ সাধাৰণতে চহৰমুখী হয়, মই গাঁওমুখী হৈছিলোঁ। এই ঋণাত্মক কথা-বতৰাবোৰে যাতে মোৰ মনৰ দৃঢ়তা ভংগ কৰিব নোৱাৰে সেইবাবে মই মানুহৰ লগত কথা পাতিবলৈকে এৰি দিলোঁ। কৃষকৰূপে আত্মপ্ৰকাশ কৰাৰ পাছতেই মই বিয়া, সবাহ বা তেনে কোনো সামাজিক অনুষ্ঠানলৈ যোৱা নাছিলোঁ। এক কথাত ক’বলৈ গ’লে ২০১০ চনৰ পৰা ২০১৫ চনলৈকে মই সকলোধৰণৰ সামাজিক সম্পৰ্কৰ পৰা আঁতৰি আছিলোঁ। কিন্তু বৰ্তমান পৰিস্থিতি যথেষ্ট সলনি হ’ল। যিসকলে এদিন মোক ইতিকিং কৰিছিল, তেওঁলোকেই আজি মোক স্বীকৃতি দিছে। 

সাহিত্য ডট অৰ্গ: কৃষি সম্পৰ্কে আপুনি কোনো প্ৰশিক্ষণ লৈছে নেকি? 

নৱনীতা দাস: নাই প্ৰথম অৱস্থাত মোৰ কোনো প্ৰশিক্ষণ নাছিল। দেখি শুনি যি অভিজ্ঞতা লাভ কৰিছিলোঁ সেই সীমিত জ্ঞানেৰে মই নিমাতীঘাটৰ পামখন আৰম্ভ কৰিছিলোঁ। মোবাইল ফোনৰ জৰিয়তে কৃষি সম্পৰ্কীয় বহু কথা জানিব পাৰি। কিন্তু মই কৃষিকৰ্মত নিয়োজিত হোৱাৰ সময়ত মোৰ মোবাইল নাছিল। আনকি চৰকাৰৰ কৃষি বিভাগ বুলি যে বিভাগ এটা আছে সেই কথাও মই জনা নাছিলোঁ। ২০১৬ চনত পতিয়া গাঁৱৰ পামখন আৰম্ভ কৰাৰ পাছতহে কৃষি বিভাগৰ লগত যোগাযোগ হয়। মই নিজে হাবি ভাঙি পথাৰ মোকলাই লৈছিলোঁ। 

সাহিত্য ডট অৰ্গ: অসমত কৃষিৰ জৰিয়তে সচ্ছল হ’ব পাৰিনে? 

নৱনীতা দাস: নিশ্চয় পাৰি। বৰ্তমান মই কৃষিৰ জৰিয়তে নিজে উপাৰ্জন কৰাৰ লগতে ১৪টা পৰিয়ালক ভৰণ-পোষণ দি আছোঁ। 

সাহিত্য ডট অৰ্গ: আপুনি ‘পথাৰ কন্যা’ হিচাপে সৰ্বজন পৰিচিত। এই উপাধিটো আপোনাক কোনে দিছিল। 

নৱনীতা দাস: ‘পথাৰ কন্যা’ মোক ৰাইজে মৰমতে দিয়া এক উপাধি। 

সাহিত্য ডট অৰ্গ: অসমত মৎস্য উৎপাদনৰ ভবিষ্যত কেনে বুলি ভাবে? 

নৱনীতা দাস: মই এই ক্ষেত্ৰখনত একেবাৰে নতুন। সেইবাবে মোৰ বৰ বিশেষ ধাৰণা নাই। তথাপি এটা কথা ক’ব বিচাৰোঁ। অসমত বহু জলাশয় আছে। এই জলাশয়বোৰত বিজ্ঞানসন্মতভাৱে থলুৱা প্ৰজাতিৰ মাছ পুহিব পৰা যায়। এনে কৰিলে থলুৱা বিলুপ্তপ্ৰায় মাছৰ প্ৰজাতিসমূহ প্ৰাকৃতিকভাবে সংৰক্ষণ কৰাৰ লগতে থলুৱা মাছৰ চাহিদা বহু পৰিমাণে পূৰণ কৰিব পৰা যাব। ইয়াত খৰচৰ মাত্ৰাও যথেষ্ট কম। ইয়াৰ বিপৰীতে উন্নত প্ৰজাতিৰ বৰ্ণসংকৰ মাছৰ উৎপাদন প্ৰক্ৰিয়াটো যথেষ্ট খৰচী। মোৰ ফিচাৰিত মই আজিলৈকে বজাৰত উপলব্ধ কোনো দানা ব্যৱহাৰ কৰা নাই। মই কেৱল ঘৰুৱাভাৱে প্ৰস্তুত কৰা মাছৰ দানা ব্যৱহাৰ কৰি যথেষ্ট উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। আজিকালি বহু মৎস্য পালকে ব্যৱসায়ৰ স্বাৰ্থত বৰ্ণসংকৰ মাছৰ প্ৰজাতিসমূহ পুহিবলৈ লৈছে। এনে কাৰ্যই থলুৱা মাছৰ বজাৰখনলৈ ভাবুকি মাতি আনিছে। 

সাহিত্য ডট অৰ্গ: আপুনি যিহেতু জৈৱিক কৃষি কৰে। আপোনাৰ জৈৱিক প্ৰমাণপত্ৰ আছেনে? 

নৱনীতা দাস: হয়। মই মোৰ আটাইকেইখন খেতি পথাৰতে সম্পূৰ্ণ জৈৱিক কৃষি কৰোঁ। মই ঘৰতে নিজে প্ৰস্তুত কৰা জৈৱিক সাৰ, কীটনাশক ঔষধ ব্যৱহাৰ কৰাৰ লগতে বজাৰত উপলব্ধ জৈৱিক সাৰো প্ৰয়োগ কৰোঁ। কিন্তু মোৰ জৈৱিক প্ৰমাণপত্ৰখন বৰ্তমানেও নাই। কাৰণ এই প্ৰমাণপত্ৰখন ক্ৰয় কৰিবলৈ যথেষ্ট টকাৰ প্ৰয়োজন আৰু মই টকাৰে প্ৰমাণপত্ৰ কিনিব নিবিচাৰোঁ। 

সাহিত্য ডট অৰ্গ: জৈৱিক কৃষিপাম এখন কেনেকৈ গঢ়ি তুলিব পাৰি? 

নৱনীতা দাস: জৈৱিক কৃষিপাম এখন গঢ়ি তুলিবলৈ অতি কমেও তিনি বছৰ সময় লাগিব। আচলতে মই যি প্ৰক্ৰিয়াৰ জৰিয়তে মোৰ পামখন গঢ়ি তুলিছোঁ সেই একে পদ্ধতি অৱলম্বন কৰিব লাগিব। সংশ্লিষ্ট কৰ্তৃপক্ষই সময়ত কৃষকজনৰ পথাৰখন পৰিদৰ্শন কৰিব। মাটিৰ গুণাগুণ পৰীক্ষা কৰাৰ লগতে কৃষকজনে সম্পূৰ্ণ জৈৱিক পদ্ধতি অৱলম্বন কৰিছেনে নাই পৰীক্ষা কৰিব। ওচৰৰ পথাৰবোৰত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰে নেকি তাৰ প্ৰতিও লক্ষ্য ৰাখিব। এই সকলোবোৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিহে পথাৰ এখনক ‘জৈৱিক’ স্বীকৃতি প্ৰদান কৰিব। কোনোৱে জৈৱিক কৃষি কৰিলেও কাষৰ পথাৰখনত যদি ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় তেন্তে কৃষকজনে জৈৱিক স্বীকৃতি লাভ নকৰে। 

সাহিত্য ডট অৰ্গ: বৰ্তমান অসমত জৈৱিক কৃষিৰ বজাৰখন কেনেকুৱা বুলি ভাবে? 

নৱনীতা দাস: ক’বলৈ গ’লে অসমত সঁচা অৰ্থত ‘জৈৱিক বজাৰ’ বুলি ক’ব পৰাকৈ বৰ্তমান এখনো বজাৰ নাই। জৈৱিক শাক-পাচলি, ফল-মূলবোৰ একেখন বজাৰতে অজৈৱিক সামগ্ৰীবোৰৰ লগতে একেলগে বিক্ৰী হৈ আছে। সেয়েহে জৈৱিকভাৱে উৎপাদিত সামগ্ৰীবোৰে যিমান গুৰুত্ব বা মূল্য পাব লাগিছিল, সেয়া পোৱা নাই। ফলত জৈৱিক কৃষকসকল লাভবান হোৱা নাই। তেওঁলোকৰ কষ্টৰ তুলনাত লাভ যথেষ্ট কম হয়। 

সাহিত্য ডট অৰ্গ: এনেক্ষেত্ৰত আপোনালোকৰ দৰে জৈৱিক কৃষকসকলৰ বাবে চৰকাৰৰ কৰণীয় আছে বুলি ভাবেনে? 

নৱনীতা দাস: হয়, চৰকাৰৰ যথেষ্ট কৰণীয় আছে। ইতিমধ্যে চৰকাৰে কিছুমান পদক্ষেপ হাতত লৈছে। বজাৰত ৰাসায়নিক সাৰ বিক্ৰী বন্ধ কৰিছে বুলি শুনিছোঁ। কিন্তু চৰকাৰে আমাক জৈৱিক বজাৰ এখনৰহে সুবিধা কৰি দিব লাগিছিল। য’ত কেৱল জৈৱিক শাক-পাচলি, ফল-মূলবোৰ উচিত মূল্যত বিক্ৰী হ’ব। মোৰ জৈৱিক সামগ্ৰীবোৰ একেখন বজাৰতে অজৈৱিক সমগ্ৰীবোৰৰ লগতে একেলগে বিক্ৰী হৈ আছে। সেয়েহে মই সদায় উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছোঁ। এই সমস্যাটোৰ বাবেই অসমত কৃষকে জৈৱিক খেতি কৰিবলৈ আগবাঢ়ি নাহে। এনে পৰিস্থিতি অব্যাহত থাকিলে ভৱিষ্যতেও কোনো আগবাঢ়ি নাহিব। 

সাহিত্য ডট অৰ্গ: আপোনাৰ উৎপাদিত সমগ্ৰীবোৰৰ বজাৰখন কেনেকুৱা? 

নৱনীতা দাস: জৈৱিক সামগ্ৰী হিচাপে উচিত মূল্য নাপাওঁ যদিও ভাল বুলিয়েই ক’ব পাৰি। আগতে মই যোৰহাটৰ স্থানীয় বজাৰখনৰ উপৰিও মৰিয়নি, শিৱসাগৰ, দেৰগাঁও, গোলাঘাট আদিৰ বজাৰবোৰলৈয়ো শাক-পাচলি যোগান ধৰিছিলোঁ। বৰ্তমান মই যোৰহাটৰ বজাৰখনতে পাইকাৰী বিক্ৰী কৰোঁ। ৰাতিপুৱা তিনি বজাত আৰু গধূলি আঠমান বজাত ট্ৰাকত বোজাই কৰি নিজে বজাৰলৈ গৈ শাক-পাছলিবোৰ বিক্ৰী কৰি আহোঁ। যোৱা বছৰলৈকে মই সদায় বজাৰলৈ গৈ নিজে শাক-পাচলি বিক্ৰী কৰিছিলোঁ। কিন্তু সদায় বজাৰলৈ গ’লে মই ফাৰ্মখনত সময় দিব নোৱাৰোঁ। মোৰ ফাৰ্মখনৰ যত্ন লোৱা মানুহৰো অভাৱ। মই মোৰ ফাৰ্মখন ধুনীয়াকৈ ৰাখিব বিচাৰোঁ যাতে ফাৰ্মখন চাবলৈ অহা মানুহবোৰৰ ফাৰ্মখন দেখি মনটো ভাল লাগি যায়। সেয়ে ফাৰ্মখন ভালদৰে ৰাখিবলৈকে মই নিজে বজাৰত বহিবলৈ এৰি দিলোঁ। 

সাহিত্য ডট অৰ্গ: আপুনি চৰকাৰৰ পৰা কোনো সুবিধা বা আঁচনি লাভ কৰিছেনে? 

নৱনীতা দাস: অন্যান্য কৃষকসকলে লাভ কৰাৰ দৰে ময়ো কেতবোৰ চৰকাৰী সুবিধা লাভ কৰিছোঁ। মই পি. এম. কিষাণ যোজনাৰ আৰ্থিক সাহায্য লাভ কৰিছিলোঁ। কিন্তু সাতটা কিস্তি পোৱাৰ পাছত মই আৰু কোনো কিস্তি নেপালোঁ। এই সংক্ৰান্তত কৃষি বিভাগৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে মোক পুনৰ আবেদন কৰিবলৈ ক’লে। যিহেতু এই আবেদন প্ৰক্ৰিয়াটো দীঘলীয়া আৰু অফিচে অফিচে ঘূৰি ফুৰিবলৈ মোৰ সময়ৰো অভাৱ, সেয়ে মই পুনৰ আবেদন নকৰিলোঁ। প্ৰকৃত অৰ্থত খেতিয়ক বুলি ক’ব নোৱাৰা বহু খেতিয়কে এই সুবিধা পাই আছে আৰু এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাপ্ৰাপ্ত কৃষক হোৱাৰ পিছতো মই এই সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। এই কথাটোৱে কেতিয়াবা মোক আমোদ দিয়ে। 

সাহিত্য ডট অৰ্গ: আপুনি কৃষিক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছে নেকি? 

নৱনীতা দাস: জৈৱিক কৃষক হিচাপে মই সন্মুখীন হোৱা মূল সমস্যাটোৱেই হৈছে বজাৰৰ সমস্যা। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসমত জৈৱিক বজাৰৰ অভাৱ। তদুপৰি মোৰ নিমাতীঘাটৰ পথাৰখনত দুটা সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। এটা বনৰীয়া হাতী আৰু আনটো বানপানী। কিছু পৰিমাণে জলসিঞ্চনৰ সমস্যাও আছে। নদীকাষৰীয়া অঞ্চলটো বাৰিষা পানীত ডুবি থাকে। অৱশ্যে এইটো অসমৰ সকলো নদীকাষৰীয়া অঞ্চলৰে সমস্যা। বনৰীয়া হাতীৰ বাবে কবি আৰু ৰঙালাওৰ খেতি কৰিবলৈ ভয় কৰোঁ। যোৱাবছৰ ফচলবোৰ চপাবলৈ লওঁতেই হাতীয়ে নষ্ট কৰিলে। মোৰ যথেষ্ট লোকচান হ’ল। মই ক্ষতিপূৰণৰ বাবে আবেদন কৰিছিলোঁ যদিও কোনো ক্ষতিপূৰণ নাপালোঁ। 

সাহিত্য ডট অৰ্গ: শস্য বীমাৰ বিষয়ে কি ক’ব?

নৱনীতা দাস: সকলো খেতিত শস্য বীমাৰ সুবিধা নাই। কেৱল আলু আৰু সৰিয়হৰ খেতিতহে শস্য বীমা আছে। আমি যিহেতু প্ৰায় সকলোবোৰ শস্যৰ খেতি কৰোঁ, সেয়ে সকলো শস্যৰ ক্ষেত্ৰতে বীমাৰ সুবিধা থাকিব লাগে বুলি মই ভাবোঁ। 

সাহিত্য ডট অৰ্গ: বৰ্তমান অসমত কৃষি সম্পৰ্কে থকা পূৰ্বৰ ধ্যান-ধাৰণাসমূহ সলনি হৈছে। বহু শিক্ষিত যুৱক-যুৱতীয়ে কৃষিক পেছা হিচাপে ল’বলৈ আগবাঢ়ি আহিছে। কোনো উৎসাহী যুৱক-যুৱতীয়ে আপোনাৰপৰা কৃষিৰ প্ৰাথমিক জ্ঞান ল’বলৈ আহিলে সহায় কৰিবনে? 

নৱনীতা দাস: নিশ্চয় সহায় কৰিম। ইতিমধ্যে বহু লোক মোৰ পামলৈ এই সংক্ৰান্তত আহিছে। কৃষি বিশ্ববিদ্যালয়ৰপৰাও ছাত্ৰ-ছাত্ৰীসকল মোৰ পামখনলৈ আহে। মই সকলোকে মোৰ সীমিত জ্ঞানেৰে পাৰ্যমানে সহায় কৰোঁ। 

সাহিত্য ডট অৰ্গ: আপুনি অসম চৰকাৰৰ উদ্যোগত ভিয়েটনাম যাত্ৰা কৰিছিল। আপুনি তাত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে জনাবনে? 

নৱনীতা দাস: অসম চৰকাৰৰ কৃষি বিভাগৰ সৌজন্যত ২০১৮ চনৰ ১২ মে’ তাৰিখে অসমৰ ১৪জন কৃষকৰ লগতে ময়ো এক শিক্ষামূলক ভ্ৰমণত ভিয়েটনামলৈ যাত্ৰা কৰোঁ। এয়া সঁচাকৈয়ে এক অনন্য অভিজ্ঞতা। তাত আমি খেতি পথাৰবোৰ পৰিদৰ্শন কৰাৰ সুযোগ পাইছিলোঁ। তেওঁলোকৰ পথাৰবোৰ বাসস্থানৰপৰা যথেষ্ট আঁতৰত অৱস্থিত। তেওঁলোকৰ খেতি পথাৰবোৰ অত্যন্ত বিশাল। ৫০/৬০জন কৃষক একগোট হৈ বিস্তৃতভাৱে তেওঁলোকে সমবায় ভিত্তিত কৃষি কৰে। আমাৰ অসমত যেনেকৈ শ শ বিঘা জুৰি ইপাৰ-সিপাৰ মনিব নোৱৰাকৈ চাহ বাগিচাবোৰ আছে, ঠিক তেনেদৰে ভিয়েটনামত বিশাল বিশাল আনাৰস আৰু ড্ৰেগন ফ্ৰুট’ৰ বাগিচা আছে। আমাৰ অসমত মাটি কম মানুহ বেছি। ইয়াৰ বিপৰীতে ভিয়েটনামত মাটি বেছি মানুহ কম। তাৰ খেতি পথাৰবোৰ পৰিদৰ্শন কৰি এটা বিশেষ কথাত মই খুব আচৰিত হৈছিলোঁ। মই পতিয়া গাঁৱৰ পথাৰখন যি পদ্ধতিত তৈয়াৰ কৰি লৈছিলোঁ তেওঁলোকেও প্ৰায় তেনেদৰেই পথাৰসমূহ তৈয়াৰ কৰি লৈছিল। মোৰ পতিয়া গাঁৱৰ মাটিডৰা প্ৰথমে ধান খেতি কৰা দ মাটি আছিল। এই দ পথাৰখন কৃষি উপযোগীকৈ ওখ কৰি লোৱাটো প্ৰয়োজন আছিল। কিন্ত মাটি পেলাই পথাৰখন ওখ কৰি লবলৈ সেইসময়ত মোৰ টকা-পইচাৰ অভাৱ আছিল। সেইকাৰণে মই ভাৰালৈ অনা জেচিবিখনৰ ড্ৰাইভাৰৰ কাষত বহি মাটিডৰা কেনেকৈ খান্দি তলৰ মাটি ওপৰ কৰি ওখ কৰিব লাগে দেখুৱাই গৈছিলোঁ। এনেদৰেই মই মোৰ পথাৰখন খেতিৰ উপযোগীকৈ ওখ কৰি লৈছিলোঁ। ভিয়েটনামত দেখিলোঁ তাৰ কৃষকসকলেও মই অৱলম্বন কৰা পদ্ধতিটোৰ জৰিয়তে দ পথাৰ এখন ওখ কৰি খেতি কৰিছে। অৱশ্যে তেওঁলোকক চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। ভিয়েটনামৰ এটা ব্যবস্থাই মোক খুব আকৰ্ষিত কৰিছিল। তাৰ খেতি পথাৰবোৰৰ চাৰিওফালে গভীৰ নলা খান্দি জলপথৰ ব্যৱস্থা কৰা হৈছে। এই নলাবোৰ নদী এখনৰ লগত সংযুক্ত হৈ আছে। কৃষকসকলে উৎপাদিত সামগ্ৰীবোৰ নাৱত ভৰাই সেই জলপথেৰে গৈ সংযোজিত বজাৰখনত পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰে। আন এটা সুবিধা আছিল, এই নলাবোৰৰপৰাই পথাৰবোৰলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। 

সাহিত্য ডট অৰ্গ: কৃষিক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আপুনি বহুবাৰ পুৰস্কৃত হৈছে। আপুনি বৰ্তমানলৈকে কি কি পুৰস্কাৰ লাভ কৰিছে? 

নৱনীতা দাস: মই বৰ্তমানলৈকে বহু পুৰস্কাৰ লাভ কৰিছোঁ। এইখিনিতেই মই উল্লেখ কৰিব বিচাৰিম যে মই যেতিয়া খেতি কৰিবলৈ ওলাই আহিছিলোঁ তেতিয়া মই কোনো পুৰস্কাৰ আশা কৰা নাছিলোঁ। কেৱল আত্মসন্তুষ্টিৰ বাবে খেতি কৰিবলৈ লৈছিলোঁ। মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে চৰকাৰৰ কৃষি বিভাগ বুলি যে এটা বিভাগ আছে মই সেই কথাও জনা নাছিলোঁ। কৃষি বিশ্ববিদ্যালয়ৰ বিষয়েও জনা নাছিলোঁ। ২০১৫ চনত যেতিয়া মোক কৃষি বিশ্ববিদ্যালয়ে মোৰ কৃষিকৰ্মৰ বাবে পুৰস্কৃত কৰে তেতিয়াহে গম পালোঁ যে খেতি কৰিও পুৰস্কাৰ লাভ কৰিব পাৰি। ইয়াৰ পিছত মই ২০১৮ চনত দিল্লীত ৰাষ্ট্ৰীয় মহিলা কৃষি দিৱসত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে আগবঢ়োৱা শ্ৰেষ্ঠ মহিলা কৃষকৰ সন্মান লাভ কৰোঁ। মই লাভ কৰা অন্যান্য পুৰস্কাৰসমূহ হৈছে- ২০১৭ চনত ভাৰতীয় ধান গৱেষণা কেন্দ্ৰই আগবঢ়োৱা ‘ ইন’ভেটিভ ৰাইচ ফাৰ্মাৰ’ পুৰস্কাৰ, আই. চি. এ. আৰ.ৰ ৰাজ্যৰ শ্ৰেষ্ঠ কৃষক বঁটা, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ প্ৰশস্তি পত্ৰ আদি। ইয়াৰ উপৰিও ২০২০ চনত ‘সেৱা’ অনুষ্ঠানটোৱে প্ৰদান কৰা ‘চেঞ্জমেকাৰ অব আচাম’ বঁটা, ২০২১ চনত শ্ৰেষ্ঠ যুৱ ব্যৱসায়ী বঁটা, ২০২২ চনত শ্ৰীময়ী বঁটা মই লাভ কৰিছোঁ। ইয়াৰ উপৰিও স্থানীয় বহু দল-সংগঠনে মোক পুৰস্কৃত কৰিছে। 

সাহিত্য ডট অৰ্গ: এগৰাকী কৃষক হিচাপে আপুনি অনন্য অভিজ্ঞতা আহৰণ কৰিছে। এগৰাকী কৃষকৰূপে আপুনি লাভ কৰা কোনো স্মৰণীয় অভিজ্ঞতা আছেনে? 

নৱনীতা দাস: হয় আছে। তেনে স্মৰণীয় অভিজ্ঞতা বহুতো আছে। সেই অভিজ্ঞতাসমূহৰ ভিতৰত মোৰ সকলোতকৈ ভাল লাগে ২০১৮ চনৰ এটি বিশেষ মুহূৰ্ত। সেইবাৰ মই মহিলা কৃষি দিৱসত বঁটা পাই অসমলৈ ঘূৰি অহাৰ পিছত তদানীন্তন ৰাজ্যপাল অধ্যাপক জগদীশ মুখীদেৱে মোক ‘বেটি’ বুলি সম্বোধন কৰি ফুলাম গামোচা আৰু শৰাই এখনেৰে সম্বৰ্ধনা জনাইছিল। মা-দেউতা নোহোৱা মোক যে তেখেতে ‘বেটি’ বা জীয়ৰী’ বুলি সম্বোধন কৰিছিল, সেয়া ভাবিলে আজিও মোৰ আনন্দাশ্ৰু নিগৰি আহে। এনেধৰণৰ ভাল লগা বহু অভিজ্ঞতাৰে মই আজীৱন সমৃদ্ধ হৈ থাকিম। 

সাহিত্য ডট অৰ্গ: আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমত কৃষি বিষয়টো অন্তৰ্ভুক্ত কৰা সম্পৰ্কে আপুনি কি ভাবে? 

নৱনীতা দাস: হয়, বহু বিদ্যালয়ত কৃষি বিষয়টোৰ ওপৰত শ্ৰেণী অনুষ্ঠিত কৰা হৈছে। আচলতে ৰাজ্যখনৰ সকলো বিদ্যালয়তেই কৃষি সম্পৰ্কীয় এটা শ্ৰেণী ৰাখিব লাগে। ছাত্ৰ-ছাত্ৰীসকলক সৰুকালৰ পৰাই কৃষি তথা কৃষিৰ লগত জড়িত বিভিন্ন বিষয় যেনে পুলি, কৃষি কৰা সঁজুলি, কৃষি কৰা পদ্ধতি আদি সম্পৰ্কে অৱগত কৰা আৱশ্যক। একেদৰে আমাৰ দেশৰ ছাত্ৰ -ছাত্ৰীক বজাৰ সম্পৰ্কেও জ্ঞান দিব লাগে। এনেধৰণৰ কথাবোৰ বিদ্যালয়সমূহত শিকোৱা আৱশ্যক। শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলেও সন্তানক কৃষি, বজাৰ ইত্যাদিৰ বিষয়ে সম্যক জ্ঞান দিয়াটো বাঞ্ছনীয়। 

সাহিত্য ডট অৰ্গ: অসমৰ কৃষি বিভাগে কেনেদৰে কাম কৰিলে কৃষকসকল উপকৃত হ’ব বুলি আপুনি ভাবে? 

নৱনীতা দাস: কৃষি বিভাগে কৃষকক সময় দিয়াটো উচিত বুলি মই ভাবোঁ। তাৰবাবে এই বিভাগৰ বিষয়া আৰু কৰ্মচাৰীক অন্যান্য দায়িত্বৰ পৰা অব্যাহতি দি কেৱল কৃষি, পথাৰ, কৃষক আদিৰ বাবে কৰ্ম কৰিবলৈ উৎসাহ যোগোৱা আৱশ্যক। 

সাহিত্য ডট অৰ্গ: কৃষকসকলৰ সামগ্ৰিক উন্নতিৰ বাবে এখন উমৈহতীয়া মঞ্চৰ আৱশ্যক আছে বুলি আপুনি ভাবেনে? 

নৱনীতা দাস: হয়, ঠিকেই কৈছে। এনে এখন মঞ্চ সৃষ্টি কৰিবলৈ প্ৰশাসন, জনসাধাৰণ তথা সকলো আগবাঢ়ি অহাটো নিতান্তই জৰুৰী। কৃষকসকলৰ মাজত সমন্বয় সৃষ্টি কৰিবলৈ এনে এখন মঞ্চ সঁচাকৈ লাগে। এনে এখন মঞ্চই সমগ্ৰ কৃষকৰ অধিকাৰসমূহ সুৰক্ষিত কৰি আগবাঢ়িলে আমাৰ কৃষকসকল নিশ্চয় উপকৃত হ’ব। এইক্ষেত্ৰত অভিজ্ঞ লোকসকল তথা প্ৰশাসনে যথোপযুক্ত গুৰুত্ব আৰোপ কৰিব লাগিব। খেতিডৰাৰ বাদেও কৃষকসকলে সমগ্ৰ বিশ্বৰ খবৰ ৰাখিব লাগিব। তাৰবাবে এক অনুকূল পৰিস্থিতি সৃষ্টি কৰাৰ ক্ষেত্ৰত এনে একোখন মঞ্চই এক যোগাত্মক বিপ্লৱৰ সূচনা কৰিব। 

সাহিত্য ডট অৰ্গ: অসমত কৃষিৰ ভৱিষ্যত আছেনে? 

নৱনীতা দাস: নিশ্চয় আছে। কৃষিয়ে কৃষকজনৰ উপৰিও আন বহুজনক সংস্থাপিত কৰে। সেয়েহে ক’ব পৰা যায় যে অসমত কৃষিৰ ভৱিষ্যত আছে। অৱশ্যে এই ক্ষেত্ৰৰ উন্নতিৰ বাবে সকলোৱে অহোপুৰুষাৰ্থ কৰিব লাগিব। 

সাহিত্য ডট অৰ্গ: ‘সাহিত্য ডট অৰ্গ’ অথবা অন্যান্য পত্ৰিকা, আলোচনী আদিয়ে কৃষিখণ্ডৰ সামগ্ৰিক উন্নতিৰ বাবে কেনেধৰণে কাম কৰা আৱশ্যক বুলি আপুনি ভাবে? 

নৱনীতা দাস: অসমৰ পত্ৰিকা, আলোচনী আদিয়ে কৃষিক্ষেত্ৰ সম্পৰ্কে অধিক আলোচনা কৰাটো বাঞ্ছনীয়। এনেবোৰ পত্ৰিকা, আলোচনী আদিয়ে কৃষিৰ ওপৰত অধিক আলোচনা কৰিলে নতুন প্ৰজন্ম কৃষিখণ্ডৰ প্ৰতি আকৰ্ষিত হ’ব বুলি মই ভাবোঁ। 

সাহিত্য ডট অৰ্গ: ইমানপৰে কৃষি আৰু কৃষিখণ্ডৰ বিষয়ে আপুনি আমাক খৰচি মাৰি জনালে। আপোনাৰ ভৱিষ্যত জীৱনলৈ শুভকামনা জনাই আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটিৰ ইমানতেই সামৰণি মাৰিলোঁ। ধন্যবাদ। 

নৱনীতা দাস: মোৰ কথাবোৰ তথা অভিজ্ঞতাবোৰ ভাগ-বটোৱাৰা কৰিবলৈ সাহিত্য ডট অৰ্গৰ জৰিয়তে আপোনালোকে মোক এখন মঞ্চ দিলে। তাৰবাবে মই আপোনালোককো ধন্যবাদ জনালোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!