সাক্ষাৎকাৰ: শিক্ষাবিদ শ্ৰীযুত অপূৰ্ব শৰ্মা

লেখক- সাহিত্য ডট্‌ অৰ্গ

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎকাৰ লোৱা হৈছিল অসমৰ প্ৰথিতযশা গল্পকাৰ, চলচ্চিত্ৰ সমালোচক তথা শিক্ষাবিদ শ্ৰীযুত অপূৰ্ব শৰ্মাৰ। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লৈ ‘দ্য আছাম ট্ৰিবিউন’ (১৯৬৫-৬৭) কাকতত ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে তেখেত সাংবাদিকতাৰ জগতত কৰ্মজীৱন আৰম্ভ কৰে। ১৯৬৭ চনত তেখেত নগাঁও ছোৱালী মহাবিদ্যালয়ত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগদান কৰি সেই মহাবিদ্যালয়ৰে অধ্যক্ষ হিচাপে অৱসৰ লয়। মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণৰ পিছত ‘আজিৰ অসম’ কাকতত সম্পাদকৰূপে তেওঁ আঠবছৰকাল কাৰ্যনিৰ্বাহ কৰে।

১৯৬২ চনত ‘প্ৰভাত পখীৰ গান’ গল্পটোৰে গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা শ্ৰীযুত শৰ্মাই সৌ তাহানিতেই অৰ্থাৎ ১৯৫৮ চনত সুদূৰ হেলেমৰপৰা কটন কলেজত পঢ়িবলৈ অহাৰ সময়তেই অসমীয়া, ইংৰাজী আৰু বাংলা তিনিওটা ভাষাতে কবিতা লিখি পুৰস্কৃত হৈছিল। ‘বাঘে টাপুৰ ৰাতি’ গল্প সংকলনখনৰ বাবে ২০০০ চনত তেখেতে ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰে। ‘অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ’ প্ৰবন্ধ গ্ৰন্থখনৰ বাবে ২০০২ চনত তেখেতক ‘চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থ’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ‘স্বৰ্ণকমল সন্মান’ৰে সন্মানিত কৰা হয়। ২০১৫ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ৰে সন্মানিত প্ৰথিতযশা গল্পকাৰ, চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ কেইখনমান উল্লেখযোগ্য গল্প সংকলন হ’ল— ‘বন্ধুৰ পথৰ কেইজনমান ডেকামানুহ’ (১৯৭৭), ‘শুভ-বাৰ্তা’ (১৯৮৫), ‘বাঘে টাপুৰ ৰাতি’ (১৯৯৬), ‘বিপুলৰ যুদ্ধ-সজ্জা আৰু কিছুমান কাহিনীৰ কাহিনী’ (২০০২), ‘নাগৰিক’ (২০০৯), ‘এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম’ (২০১৪), ‘শীতৰ বতাহ আৰু বৰষুণ’ (২০২১)৷ চলচ্চিত্ৰবিষয়ক প্ৰৱন্ধ সংকলনকেইখন হ’ল— ‘অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ’ (২০০১), ‘শব্দ প্ৰতিমা সাহিত্য চলচ্চিত্ৰ’ (২০১৯) , ‘The Lone Ranger in a Forsaken Frontier’ (২০১৩) আদি।

প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে গল্প সংকলনৰ মাজেৰে তেখেতে গল্প-সাহিত্যৰ আধুনিকতাবাদী ধাৰাৰ অন্যতম গল্পকাৰ হিচাপে নিজক প্ৰতিষ্ঠিত কৰি তুলিছে।
একেদৰে চেতনাঋদ্ধ সফল সম্পৰীক্ষাৰে শ্ৰীযুত শৰ্মাই প্ৰান্তীয় পাৰ্শ্বৱৰ্তী অঞ্চলৰ অনাৱিষ্কৃত লোক-জীৱনক সজীৱৰূপে অংকন কৰাত সফল হৈছে।

‘সাহিত্য ডট অৰ্গ’ৰ হৈ উক্ত সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী পাপৰি বৰ্মনে। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে কলচুম বিবিয়ে আৰু ইয়াক পাঠকসকললৈ বুলি আগবঢ়াইছে ড° দীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গঃ ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা আপোনাক স্বাগতম জনালোঁ। এগৰাকী বিশিষ্ট গল্পকাৰৰ লগতে আপোনাক বিশিষ্ট চলচ্চিত্ৰ সমালোচক বুলি আমি সকলোৱে জানো। আপোনাৰ চলচ্চিত্ৰ-দীক্ষাৰ আৰম্ভণি ক’ত কেনেকৈ কোনখন চলচ্চিত্ৰৰ মাজেৰে হৈছিল, সেয়া অলপ জনাব নেকি?


অপূৰ্ব শৰ্মাঃ ‘ক্লাছ ছিক্স’মানত গাঁৱৰ নাটঘৰত ‘জয়মতী’ চাইছিলোঁ। ক্লাছ টে’নমানত মাৰোৱাৰী ব্যৱসায়ীৰ গুডামঘৰত প্ৰায়ে হিন্দী চিনেমা চাইছিলোঁ। মেট্ৰিক পৰীক্ষা দিবলৈ টাউনলৈ আহি মেহবুব খানৰ ‘মাদাৰ ইণ্ডিয়া’ চাওঁ। ষাঠিৰ দশকৰ আৰম্ভণিত কটনত পঢ়ি থাকোঁতে কে আছিফৰ ‘মুঘল ই আজম’ চাই দাদা এজনলৈ চিঠিত ছবিখনৰ এটা চুটি আলোচনা কৰোঁ। সত্তৰৰ দশকৰ মাজভাগত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সন্ধ্যাৰাগ’ৰ উচ্ছ্বসিত প্ৰশংসা দেখি ছবিখনৰ দোষ-ত্ৰুটি দেখুৱাই সমালোচনা এটা লিখোঁ। আৰম্ভণি এনেকৈয়ে হৈছিল বুলি ক’ব পাৰি। 


সাহিত্য ডট অৰ্গঃ ‘হলধৰ’ আৰু ‘বাহিৰলৈ যোৱা বাট’— এই গল্প দুটাই চলচ্চিত্ৰৰ ৰূপ পাইছিল। চলচ্চিত্ৰ ৰূপ পাওঁতেই আপোনাৰ সৃষ্টিৰ সৈতে চলচ্চিত্ৰৰ ৰূপত চৰিত্ৰসমূহৰ ৰূপায়ণত আপুনি সন্তুষ্ট হৈছিল নে?


অপূৰ্ব শৰ্মাঃ নাই, হোৱা নাছিলোঁ; খুব কম লেখকেই হয়। ‘হলধৰ’ত কাহিনীৰ উপৰুৱা তৰলতাৰ গভীৰত গাঁৱলীয়া সমাজখনত শ্ৰেণীগত বিভাজনৰ উপলব্ধিৰ যি আৰম্ভণিৰ ইংগিত আছিল তালৈ পৰিচালক যাব নোৱাৰিলে বা যাব নুখুজিলে। ইয়াক এখন হাস্যমধুৰ ছবিৰ ৰূপ দিয়াতেই ক্ষান্ত থাকিল। ‘বাহিৰলৈ যোৱা বাট’ত সামাজিক প্ৰেক্ষাপটত মধ্যবিত্ত চেতনাৰ দ্বন্দ্ব আৰু প্ৰতিবাদী সত্তাৰ চিৰায়ত মুক্তি-স্পৃহাক এক পৰিচিত আন্দোলনৰ আভাসেৰে সংকীৰ্ণ স্থানীয়কৃত ৰূপ দিয়া হ’ল।


সাহিত্য ডট অৰ্গঃ ‘চলচ্চিত্ৰ উদ্যোগ’ বিষয়টোত অৰ্থনীতি, কলা আৰু বাণিজ্যিৰ সমন্বয়ৰ লগতে বৌদ্ধিক চৰ্চাৰ সংযোগটো গুৰুত্বপূৰ্ণ নে?


অপূৰ্ব শৰ্মাঃ উদ্যোগৰূপে চিন্তা কৰিলে অৱশ্যেই অৰ্থনীতি আৰু বাণিজ্যৰ দিশটোৱে গুৰুত্ব পাব। কিন্তু মূলতঃ চলচ্চিত্ৰ এটি কলা আৰু সি স্বাভাৱিকতে বৌদ্ধিক চৰ্চাৰে সংযুক্ত, যিটো সমাধিক গুৰুত্বপূৰ্ণ। সমস্যাটো হ’ল এই যে আমি এই আটাইকেইটা দিশক যথোপযুক্ত গুৰুত্ব দি সমন্বয় সাধন কৰিব পাৰোঁ নে নোৱাৰোঁ।


সাহিত্য ডট অৰ্গঃ ১৯৬২ চনত ‘মণিদীপ’ত প্ৰকাশ হোৱা ‘প্ৰভাত পখীৰ গান’ আৰু ২০২৩ চনৰ নৱেম্বৰ মাহত ‘প্ৰকাশ’ আলোচনীৰ পাতত পঢ়িবলৈ পোৱা ‘স্বপ্নৰ বাস্তৱ’ গল্পটোৰে গল্পকাৰ হিচাপে আপুনি আত্মপ্ৰকাশ কৰিছিল। গল্পকাৰ হিচাপে আপোনাৰ ৬১ বছৰীয়া এই যাত্ৰাত অসমীয়া গল্প সাহিত্যলৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাৰ গল্পই অসমীয়া সাহিত্যলৈ কঢ়িয়াই আনিছে ‘এক সোণালী যুগ’। এগৰাকী পাঠক হিচাপে ‘প্ৰভাত পখীৰ গান’ৰ সময়ত লেখকৰ যি পৰিপক্বতা সেই একেই ‘স্বপ্নৰ বাস্তৱ’তো দেখা গৈছিল। গল্পকাৰৰ উত্তৰণৰ ক্ষেত্ৰত আপোনাৰ এই বিষয়ত মতামত কি?


অপূৰ্ব শৰ্মাঃ প্ৰশ্নটোৰ প্ৰথম অংশ মোৰ বাবে অস্বস্তিকৰ। মোৰ সফলতাৰ সীমা সম্পৰ্কে মই সদায় সচেতন। ‘প্ৰভাত পখীৰ গান’ (নামটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা লোৱা) লিখাৰ সময়ত মই কুৰি বছৰীয়া কলেজৰ ল’ৰা। মোৰ লেখা তেতিয়া কেঁচা আছিল আৰু চিন্তা ইমান পৰিপক্ব নাছিল। ‘স্বপ্নৰ বাস্তৱ’লৈ মোৰ বয়সানুসাৰে পৈণত সমাজ-চিন্তা আহিছে যেন লাগে।


সাহিত্য ডট অৰ্গঃ আপোনাৰ গল্পত সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশসমূহ স্পষ্টকৈ চকুত পৰে। এইক্ষেত্ৰত ‘সৎকাৰ’ গল্পৰ ডাঃ ইছলাম, ‘মজিয়াৰ তেজৰ ডেকা অধ্যাপক বা ‘হলধৰ’ গল্পৰ হলধৰৰ কথাকেই কওক; সকলোতে আপুনি পুংখানুপুংখভাৱে মূল চৰিত্ৰসমূহৰ লগত আন দিশবোৰ গতি কৰাই নি থাকোঁতেই সমাজৰ সকলো কথাৰ লগতে চৰিত্ৰৰ মনঃস্তাত্ত্বিক দিশকো সামৰি গল্পসমূহ আগবঢ়াই নিছে। ‘শইচৰ বতৰ’ শিৰোনামৰ গল্পটোতো ‘ইলাচী’ চৰিত্ৰৰ উপস্থাপনত পেটৰ ক্ষুধাৰ বৰ্ণনা কৰা হৈছে। এই সকলোবোৰ দিশ সামৰি এগৰাকী ‘নিপুণ নিৰীক্ষক তথা বিশ্লেষক’ হিচাপে সমাজ পৰিৱৰ্তনক গল্পৰ মাধ্যমেৰে কেনেদৰে উপস্থাপন কৰিব পাৰি বুলি আপুনি ভাবে? সমাজ এখন আগবাঢ়ি যোৱাত তথা সমাজখনক অনুধাৱন কৰাত গল্পৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত বুলি আপুনি ভাবে?


অপূৰ্ব শৰ্মাঃ মোৰ গল্পৰ বহু চৰিত্ৰই মোৰ চিনাকি, এনেকি ঘনিষ্ঠ। তেওঁলোকৰ সামাজিক-মানসিক চিন্তা-চেতনাক মই সহজে অনুধাৱন কৰিব পাৰোঁ। এগৰাকী লেখক হিচাপে সমাজৰ প্ৰতি আৰু সমাজৰ বিষয়ে মোৰ বক্তব্য মোৰ লেখাৰ মাজতে পৰিদৃষ্ট হৈছে বুলি ভাব হয়। গল্পৰ ভূমিকা সম্পৰ্কে ইমানকে ক’ব পাৰোঁ যে গল্প বা সামগ্ৰিকভাৱে সাহিত্যত সমাজে অৱশ্যেই ইয়াৰ প্ৰতিফলন দেখা পায়। সমাজে চাব খোজে নে নোখোজে বা চাই কেনে প্ৰতিক্ৰিয়া কৰে সেয়া নিৰ্ধাৰণৰ দায়িত্ব সমাজৰ।


সাহিত্য ডট অৰ্গঃ ছপা মাধ্যমৰ প্ৰয়োজনীয়তা আমি কাহানিও উলাই কৰিব নোৱাৰোঁ। ই গুৰুত্বপূৰ্ণ। অসমীয়া ভাষাত ডিজিটেল মাধ্যমত কাম কৰি থকা লোকৰসকলৰ প্ৰচেষ্টাৰ বিষয়ে আপুনি কি ভাবে? ‘সাহিত্য ডট অৰ্গ’ ৰ দৰে ই-আলোচনীৰ প্ৰতি আপোনাৰ পৰামৰ্শ কেনেকুৱা হ’ব?


অপূৰ্ব শৰ্মাঃ এই প্ৰশ্নটোৰ উত্তৰ দিব পৰাকৈ মই সম্পূৰ্ণ সমৰ্থ হৈ উঠা নাই, পৰামৰ্শৰ কথাটো ভাবিবও নোৱাৰোঁ।


সাহিত্য ডট অৰ্গঃ আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কেনেধৰণৰ?


অপূৰ্ব শৰ্মাঃ মোৰ বয়সলৈ চাই মোৰ ভৱিষ্যতৰ পৰিকল্পনা বৰ চুটি নহব জানো? শৰীৰে লাহে লাহে অসহযোগ কৰিব খুজিছে। পঢ়া-শুনা, সম্ভৱক্ষেত্ৰত লিখা— এনেকৈয়ে নিজক ফুচুলাই ৰাখিব লাগিব।


সাহিত্য ডট অৰ্গঃ ইমানখিনি সময় দি অসমীয়া সাহিত্য, গল্পক্ষেত্ৰ তথা আপোনাৰ পৰা লাভ কৰা অভিমতৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰি আপোনাৰ আগন্তুক সৃষ্টিলৈ অলেখ শুভেচ্ছা যাচিলোঁ। অশেষ ধন্যবাদ আপোনালৈ।


অপূৰ্ব শৰ্মাঃ অশেষ ধন্যবাদ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!