অসমীয়া লিপি- তৃতীয় খণ্ড
লেখক- ড° মৃণাল জ্যোতি গোস্বামী
আধুনিক অসমীয়া লিপি
মধ্যযুগীয় অসমীয়া লিপিৰ গড়গঞা, কাইথেলী আৰু বামুণীয়া এই উপবিভাগকেইটা সময়ৰ সোঁতত কেতিয়া সানমিহলি হৈ পৰিল কোৱা টান৷ কিন্তু শ্ৰীৰামপুৰত থকা মিছনেৰীসকলে অসমীয়া বাইবেলখন (ধৰ্ম্মপুস্তক) ছপা কৰি উলিওৱাৰ লগে লগে মধ্যযুগীয় অসমীয়া লিপিৰ সময়সীমাৰ অৱসান ঘটে আৰু আধুনিক অসমীয়া লিপিৰ ধাৰা আৰম্ভ হয়৷ অসমীয়া লিপিৰ এই পৰ্যায়টো বৰ্তমানলৈকে বিস্তৃত৷ সাধাৰণতে এই সময়ছোৱাৰ অসমীয়া লিপিৰ বিকাশ সম্পৰ্কে বৰ বিশেষ আলোচনা হোৱা দেখা নাযায়৷ অসমীয়া ধৰ্ম্মপুস্তকখন প্ৰথম প্ৰকাশৰ সময়ত যি ধৰণৰ লিপিৰ হৰফ ব্যৱহাৰ কৰা হৈছিল সেয়া সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে৷ আনকি দ্বিতীয়বাৰ প্ৰকাশ হোৱাৰ সময়ত ব্যৱহাৰ কৰা লিপিৰ হৰফ প্ৰথম বাৰতকৈ বহু পৃথক৷ তাৰ পাছত বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সেয়াও সলনি হ’ল৷ বিশেষকৈ কম্পিউটাৰৰ আৱিষ্কাৰৰ পাছত অসমীয়া লিপিৰ হৰফে পুনৰ নতুন মাত্ৰা লাভ কৰিলে৷ এতিয়াটো প্ৰায় যি কোনো ডিজিটেল ডিভাইচতে অসমীয়া লিপিৰ হৰফ উপলব্ধ৷ সেয়ে পূৰ্বতে বিভাজন কৰা মতে সেয়া আলোচনা কৰিলে বহু কথাই ভালদৰে আলোচনাৰ মজিয়ালৈ আনিবলৈ অসুবিধা হ’ব৷ আমাৰ বোধেৰে এই সময়ছোৱাক পুনৰ বিভাজন কৰি আলোচনা কৰাহে যুগুত হ’ব৷ সেই ভাগ কেইটা হ’ব এনে ধৰণৰ ক) ঊনবিংশ শতিকাৰ আদিছোৱাৰ পৰা বিংশ শতিকাৰ নৱম দশকৰ অসমীয়া লিপি আৰু খ) ডিজিটেল মাধ্যমত অসমীয়া লিপি৷ তলত থোৰতে এই বিষয়ে আলোচনা কৰা হ’ল৷
ক) ঊনবিংশ শতিকাৰ আদিছোৱাৰ পৰা বিংশ শতিকাৰ নৱম দশকলৈকে অসমীয়া লিপি
মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্রমণ আদিয়ে অসম দেশ থানবান কৰি থকা সময়তেই শ্ৰীৰামপুৰৰ “মিছনেৰী প্ৰেছ”ৰ পৰা প্ৰথমখন অসমীয়া ছপা পুথি প্ৰকাশ পায়৷ এই সময়লৈকে কিন্তু অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বিশেষ কোনো ধৰণৰ পদক্ষেপ আৰম্ভ হোৱা নাছিল৷ অসমীয়া সাহিত্যৰ ইতিহাসকাৰসকলে বৰ্তমানলৈকে উক্ত প্ৰেছৰ পৰা প্ৰকাশিত ধৰ্ম্মপুস্তক পুথিখনকে প্ৰথম অসমীয়া ছপা পুথিৰ মৰ্যাদা প্ৰদান কৰি ১৮১৩ চনত প্ৰকাশ হৈছে বুলি মন্তব্য দি আহিছে৷ এই সময়সীমা সম্পৰ্কে এতিয়াও বিভিন্নজনে গৱেষণা কৰি আছে আৰু প্ৰকাশৰ সময়সীমা ১৮১৩ চনৰ পৰিৱৰ্তে ১৮১৯ চনহে হ’ব লাগে বুলি মত পোষণ কৰিছে৷ একবিংশ শতিকাৰ প্ৰথম দশকলৈকে বাণীকান্ত কাকতিৰ বাদে আন কোনো অসমীয়া লিখক-সাহিত্যিকে ধৰ্ম্মপুস্তক কিতাপখন ১৮১৯ চনত প্ৰকাশ হৈছে বুলি কোৱা চকুত নপৰে৷ বাংলা গদ্য সাহিত্যের ইতিহাস (পরিবৰ্ধিত সংস্করণ : শ্ৰাবণ ১৩৬৬) গ্ৰন্থখনৰ লিখক সজনীকান্ত দাসৰ মতেও অসমীয়া নতুন নিয়মখন ১৮১৯ চনতে প্ৰকাশ পাইছলি (দাস, শ্ৰাবণ ১৩৬৬, পৃ. ১৬২)৷ কাকতিয়ে তেওঁৰ গৱেষণা গ্ৰন্থ Assamese: Its Formation and Development-ত উল্লেখ কৰিছে এনেদৰে “…with the publication of The Bible in Assamese prose by the American Baptist Missionaries in 1819, the modern period of Assamese begins” (Kakati, 1941, pp.14-15)৷ অৱশ্যে আমেৰিকান বেপ্তিষ্ট মিছনেৰীৰ পৰিৱৰ্তে সেয়া ব্ৰিটিছ বেপ্তিষ্ট মিছনেৰী হে হ’ব লাগিছিল৷ পৰৰ্ৱতী সময়তহে এগৰাকী গৱেষকে ধৰ্ম্মপুস্তক কিতাপখন ১৮১৯ চনত প্ৰকাশ কৰা বুলি উল্লেখ কৰি এটা নিবন্ধ লিখা চকুত পৰে৷ ইয়াৰ পাছতে মৃণাল জ্যোতি গোস্বামীয়ে দগো ৰাংছাং (দশম বছৰ, একবিংশ সংখ্যা, অক্টোবৰ, ২০২৩) নামৰ গৱেষণা পত্ৰিকাখনত লিখা “প্ৰথম অসমীয়া ছপা গ্ৰন্থ ধৰ্ম্মপুস্তকৰ প্ৰকাশৰ সময় : এক ঐতিহাসিক অধ্যয়ন” শীৰ্ষক গৱেষণা ধৰ্মী প্ৰবন্ধটিত মত পোষণ কৰিছে যে “সম্পূৰ্ণৰূপত অসমীয়া ধৰ্ম্মপুস্তক কিতাপখন ১৮১৯ চনতহে প্ৰকাশ পাইছিল আৰু ১৮২০ চনতো আন এটা সংস্কৰণ প্ৰকাশ পাইছিল৷… …অসমীয়া পুথি ছপাবলৈ লোৱাৰ ইতিহাস হয়তো ১৮১৩ চনতেই আৰম্ভ হৈছিল; কিন্তু সম্পূৰ্ণৰূপে কিতাপখন ১৮১৯ চনতহে প্ৰকাশ পাইছিল” (গোস্বামী, ২০২৩, পৃ. ১৬৭)৷
ধৰ্পুস্তক পুথিখন প্ৰকাশ হোৱাৰ লগে লগে আধুনিক অসমীয়া লিপিৰ পৰিক্রমা আৰম্ভ হয়৷ সেই সময়ত কিতাপ ছপাবলৈ আখৰ কাটি ল’বলগীয়া বা সাঁচ তৈয়াৰ কৰি ল’বলগীয়া হৈছিল৷ শ্ৰীৰামপুৰৰ “মিছনেৰী প্ৰেছ”ৰ পৰা ইতিমধ্যে বাংলা ভাষাৰ লগতে আন কেইবাটাও ভাষাত বাইবেলখন অনূদিত হৈ প্ৰকাশ হোৱাৰ লগতে বেলেগ বেলেগ দুই-এখন কিতাপো প্ৰকাশ কৰিছিল৷ প্ৰথম অৱস্থাত পঞ্চানন কৰ্মকাৰ নামৰ ব্যক্তিগৰাকীয়ে উইলিয়াম কেৰীৰ আখৰৰ হৰফ কাটি দিছিল৷ ১৮০৪ চনত তেওঁৰ দেহাৱসানৰ পাছত জোঁৱায়েক মনোহৰ কৰ্মকাৰে সেই দায়িত্বভাৰ গ্ৰহণ কৰে৷ মন কৰিবলগীয়া যে অসমীয়া ভাষাৰ প্ৰথমখন ছাপ পুথিৰ হৰফখিনি এই মনোহৰ কৰ্মকাৰেই নিৰ্মাণ কৰি উলিয়াইছিল৷ মিছনেৰীসকলে পোনপ্ৰথমে পূৰ্বে কাটি থোৱা বাংলা হৰফেৰেই অসমীয়া বাইবেলৰ ছপাৰ কাম আৰম্ভ কৰে৷ এই সম্পৰ্কে The Report of the British and Foreign Bible Society with Extracts of Correspondence নামেৰে ১৮১৩ চনত প্ৰকাশিত নৱমখন খতিয়ানত W. Carey, J. Marshman আৰু W. Ward য়ে স্বাক্ষৰ কৰা “Address from the Baptist Missionaries. Serampore, Aug. 31, 1812” শীৰ্ষক চিঠি প্ৰকাশ পাইছে৷ ইয়াতে উল্লেখ আছে যে—
within these two years, providence has furnished us with the means of beginning Translations in two other dialects of India, that of Asam and the Pushtoo or Affghan languages. The former has been carefully examined, and found to correspond with the Bangalee, both in the character and the words, but a difference in the inflections of the nouns and verbs renders the inhabitants of the two countries scarcely intelligible to each other. As it can be so easily done, therefore, without the expense of new types, we have determined to give the Asamese the Sacred Scriptures altogether in their own dialect (p. 507).
ঠিক সেইদৰে Tenth Memoir Respecting the Respecting the Translation of the Sacred Scriptures into the Oriental Languages by The Serampore Brethren (1834) পুথিখনত উল্লেখ আছে এনেদৰে—
the Bengalee character is now universally used throughout Assam. The New Testament printed by the missionaries at Serampore is written in the present vernacular idiom of Assam. It was shown to a Vukeel, a person of some rank deputed by the reigning king of Assam, and also to a learned Assamee named Hulee Ram, who has just arrived at Gwalpara. The report sent me by the officer commanding at Gwalpara is as follows; ‘I shewed your Testament to the Vukeel and to Hulee Ram. They read it with great ease, and said that it was written in the Bengalee character, which is in general use, and understood by all; and that the language is good Assamee, such as is spoken and written in Assam. In short, it is just what it was intended to be (pp.55-56).
ঠিক সেইদৰে দশম আৰু একাদশ খতিয়ান একত্ৰে প্ৰকাশ পাইছে (১৮১৪ আৰু ১৮১৫ চনৰ, প্ৰকাশৰ চন উল্লেখ নাই)৷ দশম খতিয়ানত অসমৰ কোনো তথ্য নাই৷ কিন্তু একাদশখনত কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে৷ “Communications from the Corresponding Committee in Bengal From the Rev. T. Thomason, Secretary to the Corresponding Committee of the British and Foreign Bible Society in Bengal.” শিৰোনামেৰে ৭ মে’ ১৮১৪ চনত এখন চিঠিৰ লগতে ১৮১০-১৮১৩ চনৰ শ্ৰীৰামপুৰ মিছনেৰীসকলৰ খতিয়ান প্ৰকাশ পাইছে৷ “Report of Oriental Versions by the Missionaries at Serampore. To the Committee of the British and Foreign Bible Society” ভাগটোত অনুবাদৰ কথা কোৱা হৈছে আৰু তাতে উল্লেখ আছে এনেদৰে—
In this language, a version of the Scriptures was begun about two years ago. When we began to examination of the language, we were led to suppose, that the Bengalee types would fully answer the purpose of the printing the Assamese Version. But, on further examination, we perceived that the letters of the alphabet have, in general, the same name and power, as those in the Bengalee alphabet: there are yet several which very a little in their shape from them; and in one instance, the Assam alphabet is certainly superior. It has two distinct letters to express b and v, for which the Bengalee alphabet preposterously used the same character (p.33).
মন কৰিবলগীয়া যে ইয়াতেই অসমীয়া “ৱ” যে এটা পৃথক অক্ষৰ সেই কথা তেওঁলোকেও যে বুজি উঠিছে অনুবাদৰ লগে লগে যে ছপা কৰ্মও একেলগে চলাই গৈছে তাৰ প্ৰমাণ পাব পাৰি৷ আধুনিক অসমীয়া লিপিৰ বিষয়ক আলোচনাত এই কথাখিনি এই বাবেই অসমীয়া লিপি ছপা ৰূপলৈ অহাৰ লগে লগে তাৰ হৰফৰ কথা আহিল৷ মিছনেৰীসকলে পোন প্ৰথমে ইতিমধ্যে থকা বাংলা হৰফেৰেই অসমীয়া পুথিখন ছপাব পৰা যাব বুলি ধাৰণা কৰিছিল যদিও লিপিগত ভিন্নতাৰ কথা চকুত পৰাৰ লগে লগেই অসমীয়াৰ বাবেও নতুন হৰফ নিৰ্মাণ কৰিবলগীয়া হয়৷ বাংলা লিপিত “ৱ”ৰ প্ৰয়োগ নাই৷ সেইবাবে তেওঁলোকে অসমীয়া ধৰ্ম্মপুস্তকখন ছপা ৰূপলৈ নিবলৈ অসমীয়া হৰফ নিৰ্মাণ কৰিবলগীয়া হয়৷ এই প্ৰসংগত মৃণাল জ্যোতি গোস্বামীয়ে উল্লিখিত প্ৰবন্ধটোতে কোৱা কথাখিনি মন কৰিবলগীয়া—
অসমীয়া ভাষাত ধৰ্ম্মপুস্তক ছপাবলৈ ব্যৱহাৰ কৰা লিপিৰ গোটেইখিনি হৰফ নতুনকৈ কাটি লোৱা নাছিল৷ পূৰ্বে বাংলা ভাষাৰ কিতাপ ছপাবলৈ নিৰ্মাণ কৰা অধিকাংশ হৰফকে ব্যৱহাৰ কৰি অসমীয়া ভাষাৰ ছপা কামখিনি সম্পন্ন কৰিছিল৷ অৱশ্যে কামখিনি কৰি থাকোঁতে অসমীয়া ‘ব’, ‘ৱ’ আৰু ‘ৰ’ আখৰ যে পৃথক, সেই কথা অনুধাৱন কৰি ‘ৱ’, ‘ৰ’ৰ নতুন হৰফ নিৰ্মাণ কৰি লোৱাৰ লগতে ‘অ’, ‘আ’, ‘ঈ’ৰ বাবেও নতুনকৈ হৰফ নিৰ্মাণ কৰি লৈছিল৷… …এই প্ৰসংগত আৰু এটা কথা উল্লেখ কৰি যাব লাগিব যে ছপাৰূপলৈ যোৱাৰ পূৰ্বে আসমীয়া লিপিৰ যি স্বকীয়তা আছিল সেয়া ধৰ্ম্মপুস্তকখন প্ৰকাশ পোৱাৰ লগে লগে কিছু বিঘিনি ঘটিল৷ কাৰণ অসমীয়া লিপিত লিখা কথাখিনিও ছপা কৰিবলৈ তেওঁলোকে বাংলা ভাষা ছপা কৰিবলৈ ব্যৱহাৰ কৰা অধিকাংশ আখৰৰ হৰফকে ব্যৱহাৰ কৰিলে (গোস্বামী, ২০২৪, পৃ. ১৬৬-১৬৭)৷
এই পুথিখন ছপা ৰূপত ব্যৱহাৰ কৰা লিপি বা আখৰৰ হৰফখিনিলৈ চকু দিলে আৰু দুটামান কথা চকুত পৰে বহু সময়ত ইয়াৰ লিপি মধ্যযুগীয় অসমীয়া লিপিৰ তিনিওটা উপবিভাগৰ সানমিহলি ৰূপ৷ “অ” আখৰটি সম্পূৰ্ণৰূপে কাইথেলী আৰ্হিৰ, মাজে মাজে তলৰ ৰেখা বা ডাঁৰডালত সোঁফালৰ লম্ব ডাঁৰডালত সংলগ্ন হৈ আলংকাৰিকভাৱে বহুখিনি বঢ়াই দিয়া দেখা গৈছে৷ অৱশ্যে এতিয়াও এই বিষয়ে গভীৰভাৱে আলোচনাৰ হোৱা দেখা নাই৷
পৰৱৰ্তী সময়ত অসমটো আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে ছপাশাল প্ৰতিষ্ঠা কৰিছিল যদিও সকলোখিনি সামগ্ৰী তথা আখৰৰ হৰফো বংগদেশৰ পৰাই মগাই অনা হৈছিল৷ তাৰ পাছৰে পৰা বিংশ শতিকাৰ শেষ দশকলৈকে ছপা পদ্ধতিৰ বিভিন্ন বিকাশ সাধন হৈছে যদিও অসমীয়া আখৰৰ হৰফ বেছিভাগেই বাহিৰৰ পৰাই মগাই অনা হৈছিল৷ অৱশ্যে এই বিষয়ে এতিয়াও গভীৰ আলোচনাৰ বাট মুকলি হৈ আছে৷
খ) ডিজিটেল মাধ্যমত অসমীয়া লিপি
আধুনিক যুগত ম’বাইল, কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ বিস্তাৰৰ ফলত অসমীয়া ভাষা ডিজিটেল মাধ্যমত ব্যৱহাৰ অত্যন্ত প্ৰাসংগিক হৈ পৰিছে৷ অসমীয়া ভাষাত ডিজিটেল মাধ্যমত লিখাৰ সুবিধা প্ৰত্যক্ষভাৱে নাথাকিলেও, ইয়াৰ বিকাশত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে৷ এই ডিজিটেল মাধ্যমসমূহত প্ৰথমতে অসমীয়া ভাষা লিখিব পৰা পদ্ধতি নাছিল৷ ডিজিটেল মাধ্যমসমূহত অসমীয়া লিখিবলৈ হ’লে মূলতঃ দুটা কথা আহি পৰে কী-বৰ্ড আৰু ফণ্ট৷
প্ৰথমতে, যিকোনো ভাষা কম্পিউটাৰত লিখিবলৈ নিৰ্দিষ্ট এক কী-বৰ্ডৰ প্ৰয়োজন৷ সাধাৰণভাৱে, কম্পিউটাৰৰ কী-বৰ্ডবোৰ ইংৰাজী ভাষাৰ লিখাৰ বাবে সজ্জিত থাকে, সেয়ে ইংৰাজীৰ বাহিৰে অন্য ভাষাৰ লিখাৰ সুবিধা কম্পিউটাৰৰ মূল ব্যৱস্থাত অনুপস্থিত৷ এই কাৰণে, কম্পিউটাৰত অসমীয়া লিখিবলৈ বিশেষভাৱে তৈয়াৰ কৰা কী-বৰ্ড ইনষ্টল কৰাটো প্ৰয়োজনীয়৷ ইয়াৰ জৰিয়তে, কোনো ব্যক্তিয়ে ইংৰাজীৰ বাহিৰে অসমীয়া আখৰৰ ব্যৱহাৰ কৰি কম্পিউটাৰ স্ক্ৰীনত লিখিব পাৰে৷
Unicode Consortium-এ ইউনিক’ডৰ সম্প্ৰসাৰণ কৰাৰ আগলৈকে কম্পিউটাৰ আৰু ম’বাইলত অসমীয়া লিখিবৰ বাবে বিশেষ অসমীয়া কী-বৰ্ডৰ নিৰ্মাণ হোৱা নাছিল৷ ইউনিক’ডৰ উদ্ভাৱন আগতে, ডিজিটেল মাধ্যমত অসমীয়া লিখাৰ তেনে সুবিধা নাছিল৷ ১৯৮৩ চনত স্থাপন হোৱা ভাৰতৰ Modular InfoTech Pvt. Ltd নামৰ কোম্পানীটোৱে পৰৱৰ্তী সময়ত বিভিন্ন ভাৰতীয় ভাষাৰ লগতে অসমীয়াৰ বাবেও চফ্টৱেৰৰ নিৰ্মাণ কৰি অসমীয়া ভাষাৰ ডিজিটেল উপস্থিতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেই সময়ৰ অন্য এগৰাকী উদ্যোক্তা ত্ৰিদীপ কুমাৰ বৰুৱাই ১৯৯২ চনত সম্পূৰ্ণ অসমীয়া ভাষাৰ বাবে “ৰামধেনু” নামৰ চফ্টৱেৰটো সৃষ্টি কৰে৷ এই চফ্টৱেৰটোৱে টাইপিংৰ সুবিধাসহ প্ৰয়োজনীয় অসমীয়া কী-বৰ্ড আৰু ফণ্টৰ সুবিধা আগবঢ়ায়৷ “ৰামধেনু” বৰ্তমান কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে ব্যৱহাৰ হোৱা অন্যতম চফ্টৱেৰ৷ কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে প্ৰকৃত অসমীয়া কী-বৰ্ডৰ বিকাশ হয় ইউনিক’ড প্ৰণালীৰ উদ্ভাৱনৰ পিছৰ পৰাহে৷ প্ৰথম অৱস্থাত কম্পিউটাৰত লিখিবৰ বাবে মূল বাংলা কী-বৰ্ডসমূহতে অসমীয়া ‘ৰ’ আৰু ‘ৱ’ৰ বিকাশ ঘটাই কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে ব্যৱস্থা কৰা হৈছিল৷ তেনে কী-বৰ্ডসমূহৰ ভিতৰত উল্লেখযোগ্য কী-বৰ্ড আছিল বৰহ (Baraha) আৰু অভ্ৰ’ (Avro)৷
ইয়াৰ পিছত, বহুকেইজন অসমীয়া ব্যক্তিয়ে নিজস্ব চিন্তাচৰ্চাৰে কেইবাখনো নতুন কী-বৰ্ড সৃষ্টি কৰে৷ এইসকলৰ ভিতৰত উল্লেখযোগ্য কী-বৰ্ড হৈছে ৰ’দালি, জাহ্নৱী, শব্দ কী-বৰ্ড, লাচিত, মাইক্র’ছফন্ট ইণ্ডিক ইন্পুট ২ আদি৷ ৰ’দালি কী-বৰ্ডৰ বিশেষত্ব হৈছে যে ই ইউনিক’ডৰ অধীনত কাৰ্যক্ষম, যি প্ৰণালীৰ জৰিয়তে অসমীয়াৰ লগতে অন্য ভাষাসমূহৰ লিপিৰ লিখাৰ সুবিধা সহজভাৱে লাভ কৰিব পৰা যায়৷ ২০১২ চনত ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসমৰ দ্বাৰা ৰ’দালি উন্মোচিত কৰা হৈছিল৷ তদুপৰি, ফোনেটিক পদ্ধতিত ৰ’দালি কী-বৰ্ডৰ জৰিয়তে অতি সহজে অসমীয়াৰ শব্দবোৰ ইংৰাজী কী-বৰ্ডত টাইপ কৰি অসমীয়ালৈ ৰূপান্তৰিত কৰিব পৰা যায়৷
তাৰপাছত, ২০১৩ চনত উৎপল ফুকনে উদ্ভাৱন কৰা “জাহ্নৱী” কী-বৰ্ডো উল্লেখযোগ্য৷ ই অসমীয়া টাইপিঙৰ সময়ত বানান পৰীক্ষণৰ সুবিধা আগবঢ়ায়৷ ঠিকসেইদৰে মাইক্র’ছফ্ট ইণ্ডিক ইন্পুট ২ চফ্টৱেৰটোও জনপ্ৰিয়তা লাভ কৰে, যি Webdunia দ্বাৰা প্ৰস্তুত কৰা ইউনিক’ড টাইপিং সঁজুলি৷ লাচিত কী-বৰ্ডখন windows ৰ লগতে Mac আৰু Linux-ৰ বাবেও পৃথক পৃথককৈ নিৰ্মাণ কৰা হৈছে৷
কম্পিউটাৰত লিখিব পৰা কী-বৰ্ড নিৰ্মাণৰ সমান্তৰালভাৱে বহুকেইজন অসমীয়া ব্যক্তিয়ে একক প্ৰচেষ্টাৰে Android ম’বাইল iOS ম’বাইল আৰু টেবলেটত লিখিব পৰাকৈও কেইবাখনো কী-বৰ্ড নিৰ্মাণ কৰি উলিয়াই৷ কম্পিউটাৰত লিখিব পৰা কী-বৰ্ড নিৰ্মাণ কৰা বহুকেইজন নিৰ্মাণকাৰিয়েই ম’বাইলৰ বাবেই একে নামেৰে কী-বৰ্ডসমূহ সাঁজি উলিয়াইছিল৷ ইয়াত উল্লেখ কৰা সকলৰ বাদেও আৰু কেইবাগৰাকী ব্যক্তিয়ে এনে কী-বৰ্ড নিমাৰ্ণ কৰি উলিয়াইছে৷ ইয়াত থোৰতেহে উল্লেখ কৰি যোৱা হ’ল৷ এই কী-বৰ্ডসমূহৰ সহায়ত ডিজিটেল মাধ্যমত অসমীয়া লিখাৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে৷
অসমীয়া ভাষাৰ ডিজিটেল মাধ্যমত বিকাশ আৰু বিশেষকৈ ফণ্ট আৰু কী-ব’ৰ্ডৰ বিষয়ে আলোচনা কৰিলে বহু গুৰুত্বপূৰ্ণ দিশ উদ্ভাসিত হয়৷ অসমীয়াৰ ডিজিটেল উপস্থিতি নিশ্চিত কৰাৰ ক্ষেত্ৰত মূলতঃ ইউনিক’ড প্ৰণালী আৰু কিছুমান উদ্ভাৱনৰ ফলত ডিজিটেল মাধ্যমত অসমীয়া ভাষা সহজে উপলদ্ধ হৈছে৷ ডিজিটেল প্ৰযুক্তিৰ উন্নয়নে অসমীয়া ভাষাৰ বাবে এক নতুন দিশ মুকলি কৰে আৰু ফণ্ট আৰু কী-ব’ৰ্ডৰ সহায়ত অসমীয়াত লিখাৰ সুবিধা অধিক বিস্তত হয়৷
কম্পিউটাৰত যিকোনো ভাষা টাইপ কৰিবলৈ প্ৰয়োজনীয় দ্বিতীয়টো মৌলিক উপাদান হ’ল “ফণ্ট”৷ ফণ্টৰ ভূমিকা হৈছে টাইপ কৰা আখৰবোৰক কম্পিউটাৰৰ স্ক্ৰীণত বা প্ৰিণ্টাৰত দেখুৱাব পৰা এক ধৰণৰ পদ্ধতি বা ডিজাইন সৰবৰাহ কৰা৷ প্ৰযুক্তিগতভাৱে ফণ্টবোৰ সাধাৰণতে চাৰি প্ৰকাৰত বিভক্ত হৈ থাকে ভেক্টৰ ফণ্ট (Vector Font), বিটমেপ ফণ্ট (Bitmap Font), ট্ৰু-টাইপ ফণ্ট (TrueType Font), আৰু আউটলাইন ফণ্ট (Outline Font) (বৰা, ২০২০, পৃ. ২১৬)৷ কিন্তু, অসমীয়া ভাষাৰ ডিজিটেল মাধ্যমত সঠিকভাৱে উপস্থাপন কৰিবলৈ এক বিশেষ ধৰণৰ ইউনিক’ড সমৰ্থিত ফণ্টৰ প্ৰয়োজন৷
ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে, ১৯৮৩ চনত স্থাপন হোৱা ভাৰতৰ Modular InfoTech Pvt. Ltd নামৰ এটা কোম্পানীয়ে সেই দশকটোৰ শেষৰ ফালে ভাৰতীয় ভাষাৰ দৰে অসমীয়াটো লিখিব পৰা বিশেষ ফণ্ট আৰু লিখন সঁজুলিৰ বিকাশ ঘটাইছিল৷ ইয়াৰ ফলত অসমীয়া ভাষাৰ ডিজিটেলি লেখা সম্ভৱ হ’ল৷ এই কোম্পানীৰ দ্বাৰা সৃষ্ট শ্ৰীলিপি (Shree-Lipi) নামৰ চফ্টৱেৰটো অসমীয়া লিখিবলৈ বহুলভাৱে ব্যৱহৃত হৈছিল৷ ইয়াৰ পিছতেই গুৱাহাটীৰ ত্ৰিদীপ কুমাৰ বৰুৱাই অসমীয়া লিখিবৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰে “ৰামধেনু” চফ্টৱেৰ৷ এই চফ্টৱেৰটোত টাইপিঙৰ বাবে অসমীয়া ফণ্ট অন্তৰ্ভুক্ত আছিল (গীতাঞ্জলি- Geetanjali) আৰু তেতিয়াৰ পৰিসৰত “ৰামধেনু” চফ্টৱেৰটোৱে অসমীয়াৰ ডিজিটেল বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল (বৰা, ২০২০, পৃ. ২১৯)৷
এইসময়ৰ অসমীয়াৰ ডিজিটেল লিখন সঁজুলিসমূহত উল্লেখযোগ্য কিছুমান সমস্যা আছিল৷ ASCII আৰু ISCIIৰ দৰে ক’ড পদ্ধতিত থকা ফণ্টসমূহ এক বিশেষ ডিভাইচ বা অপাৰেটিং চিষ্টেমতহে কামৰ বাবে উপযোগী আছিল৷ ASCII-ৰ পূৰ্বে ISCII ক’ড ব্যৱহাৰ কৰি তৈয়াৰ কৰা ফণ্টসমূহৰ লিখা ফাইল আন এক ডিভাইচলৈ লৈ গ’লে আখৰবোৰ চাব পৰা নহ’ল৷ ইয়াৰ ফলত অসমীয়া ভাষাইডিজিটেল মাধ্যমত বহু সমস্যাৰ সন্মুখীন হ’বলগীয় হৈছিল৷ উদাহৰণস্বৰূপে, লিপ অফিচ (Leap Office) আৰু ISCII ক’ড পদ্ধতিত লিখা অসমীয়া ফণ্টসমূহ ইণ্টাৰনেটত আপল’ড কৰিলে আৰ্থহীন বাকচ বা ইংৰাজী আখৰত দেখুৱাবলৈ ধৰিছিল৷ এই সমস্যা কেৱল অসমীয়াতে নহয়, ই ভাৰতৰ অন্যান্য আঞ্চলিক ভাষাতো আছিল৷
বহু গৱেষণা আৰু আলোচনাৰ অন্তত ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে “ইউনিক’ড” নামৰ এটা প্ৰণালী উদ্ভাৱন কৰে৷ ইউনিক’ড (Unicode) হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ, নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান৷ যাৰ ফলত ইণ্টাৰনেট আৰু কম্পিউটাৰত আঞ্চলিক ভাষাৰ লিপিত আখৰ লিখা সম্ভৱ হৈ উঠিল৷ প্ৰধানতঃ ইউনিক’ড পদ্ধতিত বিশ্বৰ প্ৰায় সকলো ভাষাৰ লিপিসমূহ পৰ্য্যায় ক্রমে একো একোটা বিশেষ মানদণ্ডত ৰখা অথবা ৰাখিবলৈ চেষ্টা কৰা হৈছে৷ ইউনিক’ডে বিশ্বৰ প্ৰতিটো ভাষাৰ বৰ্ণমালাৰ বাবে একোটা সুকীয়া range ৰ সৃষ্টি কৰিছে (বৰা, ২০২০, পৃ. ২১৭)৷ যেনে বাংলা-অসমীয়া ভাষাৰ বাবে U+0980-ৰ পৰা U+09FF৷ এই পদ্ধতিৰ বাবে ইণ্টাৰনেট তথা অন্য বৈদ্যুতিক মাধ্যমত অসমীয়া ভাষা ব্যৱহাৰ সহজ হ’ল৷
ইউনিক’ড পদ্ধতিৰ উদ্ভাৱন লগে লগে অসমীয়া ভাষাৰ নিজা বিশেষ ফণ্টৰ বিকাশৰ পথ মুকলি হ’ল৷ ইউনিক’ডৰ ফলত অসমীয়া ভাষাৰ লিখা ফাইল এখন আন এক কম্পিউটাৰ বা ডিভাইচত স্থানান্তৰ কৰিলে তাত সেই আখৰবোৰ দেখা পোৱা যায়৷ ASCII বা ISCIIৰ দৰে বিভিন্ন পদ্ধতিৰ সীমাবদ্ধতা নোহোৱা হোৱাৰ বাবে ইউনিক’ডৰ জৰিয়তে ডিজিটেল মাধ্যমত অসমীয়া ফণ্টে নিজস্ব স্থান অধিকাৰ কৰিলে৷ ইউনিক’ড পদ্ধতিক সমৰ্থন কৰিবৰ বাবে কিছুমান বিশেষ ফ’ণ্ট কম্পিউটাৰত থকাটো প্ৰয়োজন৷ ইউনিক’ড পদ্ধতি অৱলম্বন কৰি যিবোৰ ফ’ণ্ট তৈয়াৰ কৰা হয় সেইবোৰেই হ’ল ইউনিক’ড ফ’ণ্ট৷ কম্পিউটাৰত বিশেষকৈ ইণ্টাৰনেটত অসমীয়া বা অন্য ভাষা দেখিবলৈ হ’লে সেই ভাষাৰ কিছুমান বিশেষ ফ’ণ্ট কম্পিউটাৰত থকাটো অতিকে জৰুৰী৷ অৱশ্যে বৰ্তমান কম্পিউটাৰসমূহত ইউনিক’ড সমৰ্থিত বহুতো ফণ্ট অন্তৰ্ভুক্ত কৰা থাকে৷ উদাহৰণস্বৰূপে MS window operating system ৰ লগত by default বাংলা তথা অসমীয়া লিপিক সমৰ্থন কৰা বৃন্দা (vrinda) ফণ্ট, নিৰ্মলা (Nirmala UI)ফণ্টৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰসংগক্রমে উল্লেখ কৰি যাওঁ যে, ইউনিক’ড পদ্ধতি হোৱাৰ আগতে, কম্পিউটাৰ বা অন্য বৈদ্যুতিক মাধ্যমত ব্যৱহাৰ কৰিবলৈ বিশ্বৰ প্ৰতিটো ভাষাৰে নিজা নিজা পদ্ধতি আছিল৷ উদাহৰণস্বৰূপে, ভাৰতবৰ্ষৰ পদ্ধতিটোৰ নাম আছিল ISCII (Indian Standard Code for Information Interchange), আমেৰিকাৰ পদ্ধতিটোৰ নাম আছিল ASCII (American Standard Code for Information Interchange)৷ এই ASCII পদ্ধতিটো বহুলভাৱে ব্যৱহৃত হৈছিল, ভাৰততো ইয়াৰ ব্যৱহাৰ হৈছিল৷ অসমৰ ডিটিপি চেণ্টাৰ (DTP Center)-বোৰত বৰ্তমানে ব্যৱহাৰ হৈ থকা অসমীয়া আখৰবোৰৰ পদ্ধতি ASCII-ৰ ওপৰত ভিত্তি কৰিয়েই তৈয়াৰ কৰা৷ আমাৰ বহুতৰে চিনাকি Leap Office ভাৰতীয় ISCII পদ্ধতিৰ দ্বাৰা নিৰ্মিত৷ কিন্তু ইউনিক’ড হোৱাৰ পাছত এতিয়া যিকোনো প্লেটফ’ৰ্মতে, যিকোনো প্ৰ’গ্ৰামতে বা যিকোনো ভাষাতে একে ধৰণেৰে লিখিব পৰা হৈছে (বৰা, ২০২০, পৃ. ২১৭)৷
আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ অধ্যাপক ড০ দিলীপ কুমাৰ দত্তই ১৯৮৫ চনত তেওঁৰ এপল মেকিণ্টাছত নিজাববীয়াকৈ অসমীয়া লিখিব পৰা কৰি লৈছিল (চেতিয়া, ২০২২, পৃ. ২৭)৷ সেই সময়তেই তেওঁ নিজে “ডিবৰু”, “বেঁকী” আৰু “কপিলী” নামৰ তিনিটা ফণ্ট নিৰ্মাণ কৰিছিল আৰু প্ৰেমত পৰিলোঁ নেকি? শীৰ্ষক গ্ৰন্থ এখন লিখি উলিয়ায়৷ এইখনেই কম্পিউটাৰত অসমীয়া আখৰেৰে বা লিপিৰে লিখা প্ৰথমখন গ্ৰন্থ৷ তেওঁ নিৰ্মাণ কৰা এই ফণ্টকেইটাৰ জড়িয়তেই সৰ্বপ্ৰথমবাৰৰ বাবে কম্পিউটাৰত অসমীয়া লিখাটো সম্ভৱপৰ হৈছিল৷ আনহাতে, এই ফণ্টকেইটাই আছিল ভাৰতীয় ভাষাৰ প্ৰথম ফণ্ট, অৰ্থাৎ কম্পিউটাৰত ব্যৱহৃত প্ৰথম ভাৰতীয় আখৰ আছিল অসমীয়া (বৰা, ২০২০, পৃ. ২১৮)৷ এক কথাত ক’ব পাৰি অসমীয়া লিপিয়ে ডিজিটেল মাধ্যমত প্ৰৱেশ কৰিলে আৰু নতুন এটা মাত্ৰা লাভ কৰিলে৷
ইয়াৰ পিছতেই আদৰ্শ ৰত্ন ফণ্টৰ বিকাশ ঘটে৷“আদৰ্শ ৰত্ন” ১৯৯৮ চনত ৰবিন ডেকাই নিৰ্মাণ কৰা অসমৰ প্ৰথম 32-bit TrueType ফণ্ট আছিল৷ লাহে লাহে বিভিন্নজন অসমীয়া ভাষাপ্ৰেমীয়ে ডিজিটেল মাধ্যমত অসমীয়া ইউনিক’ড ফণ্ট নিৰ্মাণ কৰিলে৷ তাৰে ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল— লোহিত (Lohit), কালপুৰুষ (Kalpurush), কীৰ্তন (Kirtan Uni), মাধৱ (Madhab Uni), নৱ (Nava Uni), বিষু (Bishnu Uni), নীলমণি (Nilamani Uni), জ্যোতিৰূপা (Jyotirupa), ৰংমন (Rongmon), বাণীকান্ত (Banikanta) আদি৷
এই ফণ্টসমূহৰ প্ৰয়োগে ডিজিটেল মাধ্যমত অসমীয়া লিপিৰ সঠিক প্ৰতিনিধিত্ব আগবঢ়ায়৷ বেলেগ দেশৰ লগতে ভাৰতীয় ভাষাৰ ইউনিক’ড সমৰ্থিত ফণ্টৰ জৰিয়তে অসমীয়া ভাষাই ইণ্টাৰনেট, ম’বাইল, টেবলেট আদিত এক নতুন পৰিসৰৰ অৱস্থান লাভ কৰিছে৷ ইয়াৰ লগত সম্পৰ্কিত অন্যান্য সুবিধাসমূহৰ ভিতৰত এক বিশেষ ইন্টাৰফেচত অসমীয়াৰ বানান শুদ্ধতা পৰীক্ষণ বা স্পেল-চেকাৰ অন্তৰ্ভুক্ত হৈছে৷ এনে ধৰণৰ ছফ্টৱেৰ আৰু প্লাগইনৰ সহায়ত অসমীয়াৰ বানানৰ ভুল বিচাৰি তাৰ সঠিক ৰূপে প্ৰদৰ্শন কৰা সম্ভৱ হৈছে৷ উদাহৰণস্বৰূপে— জাহ্নৱী, লাচিত পেড, শব্দ প্লাগইন, আৰু মাইক্র’ছফ্ট ইণ্ডিক ইন্পুটৰ সহায়ত অসমীয়া লিখা অধিক সহজ আৰু শুদ্ধ হৈছে৷
অৱশ্যে দুখ লগা কথাটো হ’ল Unicode Consortium এতিয়াও অসমীয়া লিপিৰ বাবে ভিন্ন range-ৰ ব্যৱস্থা কৰা নাই৷ তেওঁলোকে বাংলা-অসমীয়া নামেৰেই সেয়া অন্তৰ্ভুক্ত কৰি থৈছে৷ অসমীয়া লিপিয়ে যাতে নিজৰ range লাভ কৰে তাৰ বাবেও ভিন্নজন ব্যক্তিয়ে যুঁজ কৰি আহিছে৷ সময়ে ইয়াৰ গতি নিৰ্ধাৰণ কৰিব৷ সামগ্ৰিকভাৱে ক’ব পাৰি যে ১৯৮৫ চনতেই অসমীয়া লিপিয়ে ডিডিটেল মাধ্যমত প্ৰৱেশ কৰিছিল যদিও একবিংশ শতিকাৰ দ্বিতীয়টো দশকতহে অসমীয়া লিপিয়ে সঠিকভাৱে ডিজিটেল মাধ্যমত স্থান লাভ কৰে৷
————-সমাপ্ত——–
প্ৰসংগসূচী আৰু গ্ৰন্থপঞ্জী
কটকী, সৰ্বেশ্বৰ (১৯৭৯); অসমীয়া প্ৰাচীন লিপি; মণিমাণিক প্ৰকাশন৷
গোস্বামী, উপেন্দ্ৰ নাথ (১৯৮৭); অসমীয়া লিপি; অসম প্ৰকাশন পৰিষদ৷
গোস্বামী, মৃণাল জ্যোতি (২০২৩); প্ৰথম অসমীয়া ছপা গ্ৰন্থ ধৰ্পুস্তকৰ প্ৰকাশৰ সময় : এক ঐতিহাসিক অধ্যয়ন; উপেন ৰাভা হাকাচামৰ মুখ্য সম্পাঃত দগো ৰাংছাং (দশম বছৰ, একবিংশ সংখ্যা, অক্টোবৰ) (পৃ. ১৫৭-১৬৯); গুৱাহাটী : দগো ৰাংছাং গৱেষণা সমিতি৷
চেতীয়া, গুণদীপ (আগষ্ট, ২০২২); ৰ’দালি : অসমীয়া ইউনিক’ড লিখন সঁজুলি; গৰীয়সী, ঊনত্ৰিংশ বছৰ, দশম সংখ্যা, পৃ. ২৭-৩০৷
চৌধুৰী, সোণাৰাম (১৯৩১); অসম সাহিত্য সভাৰ বুৰঞ্জী শাখাৰ সভাপতিৰ অভিভাষণ; অসম সাহিত্য সভা৷
দাস, নাৰায়ণ (১৯৯৭); বিশ্বলিপিৰ ভূমিকা; ডেকা পাবলিকেচনচ৷
নেওগ, মহেশ্বৰ (সম্পাঃ) (১৯৭৪); প্ৰাচ্য-শাসনাৱলী; অসম প্ৰকাশন পৰিষদ৷
নেওগ, মহেশ্বৰ (১৯৮৭); অসমীয়া সাহিত্যৰ ৰূপৰেখা; গুৱাহাটী : চন্দ্ৰ প্ৰকাশ৷
নেওগ, ডিম্বেশ্বৰ (১৯৫৭); অসমীয়া সাহিত্যৰ ইতিহাস; শুৱনী প্ৰকাশ৷
বৰা, অঞ্জল (২০২০); কম্পিউটাৰত ব্যৱহৃত অসমীয়া ভাষা; মৃণাল জ্যোতি গোস্বামীৰ সম্পাঃত বিবিধ ৰচনা, শিশু সাহিত্য আৰু কল্প-বিজ্ঞান, পৰিৱৰ্তিত ৰূপত অসমীয়া সংস্কৃতি, কম্পিউটাৰত ব্যৱহৃত অসমীয়া ভাষা; পৃ. ২১৪-২২৭; কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়৷
ভট্টাচাৰ্য্য, পদ্মনাভ (১৯৩১); কামরূপশাসনাবলী; রংপুৰ সাহিত্য পরিষৎ৷
ভট্টাচাৰ্য্য, সতীশ চন্দ্ৰ (২০১৩); অসমীয়া লিপিতত্ত্ব অধ্যয়ন; চন্দ্ৰ প্ৰকাশ৷
শৰ্মা, বেণুধৰ (১৯৬৩); দুণৰি; গুৱাহাটী৷
শৰ্মা, সত্যেন্দ্ৰ নাথ (১৯৮৭); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ; সৌমাৰ প্ৰকাশ৷
হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); অসমীয়া লিপিৰ বুৰঞ্জীৰ চমু আভাস; শোভা ব্ৰহ্মৰ মুখ্য সম্পাঃত প্ৰকাশিত অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড) (পৃ.২১০-২২৫); এবিলাক৷
Bora, M (1981). The Evolution of Assamese Script: Bgmibar Nilmoni Phukan Lectures. Asam Sahitya Sabha.
Choudhury. P.C. (1966). The History of Civilization of the people of Assam to the Twelfth Centaury AD. Dept. of Historical and Antiquarian Studies in Assam.
Choudhury, P.C. (1961). A Catalogue of Sanskrit Manuscripts at the DHAS. Dept. of Historical and Antiquarian Studies in Assam.
Goswami. H. C. (1930). Descriptive Catalogue of Assamese Manuscripts. University of Culcutta.
Neog, D, (1964). Growth of the Asamiy Language Development of the Asamiya Script Pre-Historic and Historic Asam. Xuwani Prakash.
Neog, M (1981). Tradition and Style. Asam Sahitya Sabha.
Sharma M. M. (1978). Inscriptions of Ancient Assam. Gauhati University.
Verma, T. P. (1976). Development of Script in Ancient Kamarupa. Asam Sahitya Sabha.