নিচুকনি গীত - দ্বিতীয় ভাগ - মূল: মেক্সিম গৰ্কি

ভাবানুবাদ: যশোৱন্ত নিপুণ

 “মই বেভাৰিয়ান চৰ্বত বেচোঁ।” 

“সঁচাই? মোলৈ এবটল আনিবা নেকি, কি কোৱা?” 

“নিশ্চয়। বাৰু, মই যাওঁ এতিয়া।” 

“ঠিক আছে। তুমি আকৌ আহিবানে?” 

“নিশ্চয় আহিম।” 

সি তাৰ দীঘল হাত দুখন মোৰ ফালে মেলি দিছিল। আৰু মই সেই ক্ষীণ, চেঁচা হাড়ে-ছালে লগা সৰু হাত দুখন মোৰ হাতত লৈ লাহে লাহে জোকাৰি দিছিলোঁ। তাৰ ফালে আৰু ঘূৰি নোচোৱাকৈ মই সম্মুখৰ চোতালখনলৈ নিচাগ্ৰস্ত মানুহ এজনৰ দৰে ঢলংপলংকৈ ওলাই আহিছিলোঁ। 

দোকমোকালিৰ পোহৰ দেখা গৈছিল। সেমেকা আৰু ভাগি পৰিব খোজা ঘৰবোৰৰ ওপৰত কঁপি কঁপি মুমূৰ্ষু ভোটাতৰাটো ওলমি আছিল। মাতালৰ নিষ্প্ৰভ আৰু লেতেৰা চকুৰ দৰে খিৰিকিবোৰৰ বৰ্গাকাৰ চকুবোৰে বোকামাটিৰ দাগেৰে ভৰা ঘৰটোৰ বেৰৰ তলৰ গহ্বৰটোৰ পৰা মোক চাই আছিল। ৰঙা মুখৰ মানুহ এজনে উদং শকত ভৰি দুখন বহলকৈ মেলি গেটৰ ওচৰৰ গাড়ী এখনৰ কাষত শুই আছিল। তাৰ ঘন ডাঢ়িকোচা আকাশৰ মুখ কৰি আছিল। মেলা মুখৰ বগা দাঁতবোৰ জিলিকি আছিল। চকু মুদি সি যেন পিশাচৰ দৰে বিদ্ৰূপেৰে হাঁহিহে আছিল। সম্ভৱতঃ গৰম পানীৰ আক্ৰমণত পিঠিৰ কিছু অংশৰ নোম শূন্য হৈ যোৱা বুঢ়া কুকুৰ এটাই মোৰ ওচৰলৈ আহি মোৰ ভৰি শুঙি ভোকাতুৰৰ দৰে কুকুৱাইছিল। মোৰ বুকুখন সীমাহীন কাৰুণ্যৰে ভৰি পৰিছিল। 

ৰাতি ভৰি অহা দোংটোত পুৱাৰ আকাশখন প্ৰতিফলিত হৈছিল। নীলা আৰু গোলাপী প্ৰতিবিম্ববোৰে লেতেৰা দোংটোকো যদিও মন জুৰোৱাকৈ ধুনীয়া কৰি তুলিছিল। 

পিছদিনা মই থকা ঠাইখনৰ সৰু ল’ৰাবোৰক মোৰ বাবে কেইটামান পখিলা আৰু চকৰি ধৰি দিবলৈ কৈছিলোঁ। সৰু সৰু ধুনীয়া বাকচ কেইটামান ফাৰ্মাচীৰ পৰা কিনিছিলোঁ। এবটল বেভাৰিয়ান চৰ্বত, কেইটুকুৰামান কেক, মিঠাই আৰু বান লৈ মই লিয়োনকাক লগ ধৰিবলৈ গৈছিলোঁ। 

মোৰ পৰা এই উপহাৰবোৰ খুব অবিশ্বাসেৰে লিয়োনকাই হাত পাতি লৈছিল। দিনৰ পোহৰত তাৰ চকুযুৰি আগতকৈও ধুনীয়া আৰু বহল হৈ পৰিছিল। 

“হে ভগৱান!” শিশু এটাতকৈ বহু বেছি গভীৰ হৈ আহিছিল তাৰ মাতটো। “এই সকলোবোৰ চোৱা! তুমি খুব ধনী মানুহ, নে আন কিবা? এইটো কেনেকৈ হ’ব পাৰে – ধনী মানুহ, কিন্তু ইমান বেয়া কাপোৰ পিন্ধিছা, আৰু চোৰো নহয় বোলে তুমি? বাঃ! কি ধুনীয়া ধুনীয়া বাকচ! মোৰ চুই চাবলৈয়ে ভয় লাগিছে, মোৰ হাত ধোৱাই নাই নহয়। সেইটো কি আছে ভিতৰত? আয়ৈ, আয়ৈ – কি যে বঢ়িয়া চকৰি এটা! তামৰ দৰে, আৰু এয়া সেউজীয়াও – অস্, ভগৱান! দৌৰি ওলাই যাবা আৰু উৰি গুচি যাবা, নে কি? সেইবোৰ নহ’ব দেই।” 

হঠাতে সি আনন্দতে চিঞৰি উঠিছিল: 

“মা! আহাচোন ফটকৈ, আহা আৰু মোৰ হাত ধুৱাই দিয়া। আৰু চোৱাহি তেওঁ কি আনিছে। তুমি জানা তেওঁক, তোমাক যে কালি দাঙি লৈ আহিছিল। তেওঁৰ নামটোও লিয়োনকা।” 

“তুমি তেওঁক ধন্যবাদ দিব লাগে দেখোন।” মই পিছফালে কাৰোবাৰ আচৰিত ধৰণে শান্ত কণ্ঠস্বৰ শুনিবলৈ পাইছিলোঁ। 

ল’ৰাটোৱে খুব খৰকৈ মূৰ দোৱাইছিল। 

“ধন্যবাদ, বহুত ধন্যবাদ তোমাক!” 

ঘন চুলিৰ মেঘৰ দৰে কিবা লৰি আছিল তলত। আৰু ষ্ট’ভটোৰ কাষত ৰৈ থকা আউল-বাউল চুলিৰে ভৰা মূৰটো, তিৰোতাজনীৰ কুশ্ৰী মুখখন, দাঁতৰ চিকমিকনি আৰু সেই মুখখনত বিয়পি থকা এটা স্বতঃস্ফূৰ্ত ধুনীয়া স্নিগ্ধ হাঁহি মই দেখিবলৈ পাইছিলোঁ। 

“সুপ্ৰভাত!” 

“সুপ্ৰভাত।” মানুহজনীয়ে উত্তৰ দিছিল। তাইৰ নাকী মাতটো সৰু যদিও আনন্দৰ, খুব কৌতুকেৰে ভৰা যেন লাগিছিল। চকু দুটা সৰু কৰি মোৰ ফালে তাই প্ৰায় কৌতুকেৰে চাইছিল। 

ইফালে লিয়োনকাই মোৰ কথা পাহৰি সৰু বাকচবোৰ সাৱধানেৰে খুলি থকাৰ মাজতে কেক এটা খাবলৈ ধৰিছিল। তাৰ চকুৰ নোমবোৰে গালত ছাঁ পেলাইছিল আৰু চকুৰ নীলাখিনি অধিক গভীৰ হৈ আহিছিল। বুঢ়া মানুহ এজনৰ ভাগৰুৱা মুখখনৰ দৰে সূৰ্যটোৱে খিৰিকিৰ লেতেৰা কাচবোৰৰ মাজৰে ভূমুকিয়াই আছিল। ল’ৰাটোৰ ৰঙা-মুগা চুলিবোৰত এটা পাতল ছাঁ পৰিছিল। তাৰ চোলাটো ডিঙিৰ ওচৰত খোলা আছিল আৰু মই সৰু দুৰ্বল হাড়বোৰৰ তলত লাহে লাহে ধপধপাই থকা কলিজাটোৰ শব্দ শুনিবলৈ পাইছিলোঁ। ধপধপনিৰ লগে লগে তাৰ সৰু বুকুখনে প্ৰায় অস্পষ্ট নিপলৰ স’তে উঠা-নমা কৰিছিল। 

তাৰ মাক ষ্ট’ভটোৰ কাষৰ পৰা উঠি আহিছিল। ধোৱা-মেলা কৰা বাচনটোৰ ওপৰত কাপোৰ এখন তিয়াইছিল আৰু লিয়োনকাৰ ওচৰলৈ আহি তাৰ  বাঁওহাতখন নিজৰ হাতত তুলি লৈছিল। 

“পলাল, ধৰা তাক, সি পলাই গ’ল!” সি চিঞৰ মাৰি উঠিছিল। বহি থকা বাকচটোৰ পৰাই সি ছটফটাবলৈ ধৰিছিল। তাৰ গোটেই শৰীৰটো পাক খুৱাই খুৱাই সি চিঞৰিছিল। ফটা কাপোৰবোৰ কোচমোচ খাই তাৰ নিৰ্জীৱ খঙাল ভৰি দুখন ওলাই পৰিছিল। ফটা কাপোৰবোৰৰ মাজত খেপিয়াই খেপিয়াই মানুহজনীয়ে হাঁহিছিল। 

“এই চোৱা ধৰিলোঁ!” তাই উল্লাসেৰে চিঞৰিছিল। 

তাই গুবৰুৱাটো ধৰি হাতত লৈ উজ্জ্বল তীক্ষ্ণ চকুৰে পৰীক্ষা কৰিছিল। বহুদিনৰ পুৰণি চিনাকি কোনোবাৰ দৰে তাই মোক কৈছিল: 

“আমাৰ ইয়াত বহুত আছে এইবোৰ।” 

“সেইটো চেপেটা কৰি নেপেলাবা কিন্তু।” পুতেকে সাৱধান কৰি দি কৈছিল। “এবাৰ মদৰ নিচাত তেওঁ মোৰ চিড়িয়াখানাৰ ওপৰত বহি সিহঁতৰ বহু কেইটাক চেপেটা কৰি পেলাইছিল।” 

“সেইবোৰ পাহৰি যাব লাগে, ধনটো।” 

“মই সেইবোৰ পুতি থৈছিলোঁ, এমখা আছিল।” 

“কিন্তু পাছত মই তোমাৰ কাৰণে আকৌ কেইটামান ধৰা নাছিলোঁ জানো?” 

“কি লাভ হৈছিল! তুমি চেপেটা কৰাবোৰক মই শিকাই-বুজাই লৈছিলোঁ, একো নাজানা দেই তুমি। সিহঁত মৰিলে ষ্ট’ভটোৰ তলত মই সিহঁতক পুতি থওঁ। মই নামি আহোঁ আৰু পুতি থওঁ। ইয়াতে মোৰ এখন কবৰস্থান আছে। তুমি জানানে, মোৰ এটা মকৰা আছিল, মিনকা নামৰ। সেইটো একেবাৰে মাৰ মানুহবোৰৰ এটাৰ দৰে আছিল – বুঢ়াবোৰৰ মাজৰ এটা, সি এতিয়া জেইলত, শকত আৰু স্ফূৰ্তিবাজ মানুুহ –”

“অহ্ অহ্, মোৰ মৰমৰ ধনটো।” মানুহজনীয়ে ল’ৰাটোৰ কেঁকোৰা চুলিবোৰত তাইৰ চুটি শকত আঙুলিৰ হাতখন বুলাই দি কৈছিল। তাৰ পাছত মোক কিলাকুটিৰে লাহেকৈ খুন্দা এটা মাৰি চকুত হাঁহি লৈ কৈছিল: 

“বৰ ধুনীয়া ল’ৰা? কিযে ধুনীয়া চকু, নহয়নে?” 

“মোৰ এটা চকু লৈ যাব পাৰা তুমি আৰু মোৰ ভৰি দুখন ভাল কৰি দিয়া।” গুবৰুৱাটো পৰীক্ষা কৰি থকাৰ মাজতে মিচিকিয়াই হাঁহি লিয়োনকাই কৈছিল। “লোহাৰ দৰে। শকত। সেই পাদ্ৰীটোৰ দৰে, মা তুমি যে তেওঁৰ কাৰণে জখলা নে কিবা গুঁঠিছিলা – মনত আছে?” 

“ক’বই লাগিব মোৰ মনত আছে।” 

হাঁহি হাঁহি তাই মোক কাহিনীটো ক’বলৈ ধৰিছিল। 

(আগলৈ)

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!