নিচুকনি গীত - মেক্সিম গৰ্কি
ভাবানুবাদ: যশোৱন্ত নিপুণ
গ্ৰীষ্মৰ এনিশা নগৰৰ প্ৰান্তৰ এক জনশূন্য পথত মই এটা অদ্ভুত দৃশ্য দেখিছিলোঁ: এজনী তিৰোতাই ডাঙৰ দোঙ এটাৰ মাজত থিয় হৈ সৰু ল’ৰাৰে দৰে ভৰি মাৰি, খেদালি খেদালি বোকাপানীবোৰ ছিটিকাইছে – ভৰি মাৰিছে আৰু নাকী সুৰেৰে এটা লেতেৰা গান গাই আছে।
দিনত এটা ডাঙৰ ধুমুহা নগৰখনেৰে পাৰ হৈ গৈছিল আৰু মুষলধাৰ বৰষুণে ৰাস্তাৰ মাটি তিয়াই থৈছিল ; পানীৰ দোঙটো দ আছিল, আৰু তাত মানুহজনীৰ ভৰি প্ৰায় আঁঠুলৈকে ডুব গৈ আছিল। তাইৰ মুখৰ শব্দৰ পৰাই গম পোৱা যায় যে গায়িকাজনী মাতাল আছিল। যদি নাচিবলৈ চেষ্টা কৰে আৰু পৰি যায়, তাই সহজে তাত ডুব যাব পাৰে।
বুটজোতাযোৰ ওপৰলৈকে উঠাই, দোঙত নামি মই পানী খচি খচি আগুৱাই গ’লোঁ আৰু নাচনীজনীক বাহুত ধৰি শুকান মাটিলৈ টানি লৈ আহিলোঁ। কেইমুহূৰ্তৰ বাবে তাইৰ নিশ্চয় ভয় লাগিছিল, কাৰণ তাই ভীৰুৰ দৰে মোক অনুসৰণ কৰিছিল। কিন্তু তাৰ পাছত গোটেই গাটো পাক খুৱাই তাই সোঁহাতখন মুকলি কৰিছিল, মোৰ বুকুত ভুকুৱাইছিল আৰু চিঞৰিবলৈ ধৰিছিল: “বচোৱা!”
খন্তেক পাছতেই তাই আকৌ দোঙটোলৈ নামি গৈছিল, আৰু মোকো লগতে টানি লৈ গৈছিল।
“জহনীত যোৱাটো!” তাই ভোৰভোৰাইছিল। “মই নাযাওঁ। মই তুমি নোহোৱাকৈয়ে থাকিম … তুমিও চেষ্টা কৰা আৰু মই নোহোৱাকৈ তুমি থাকা … বচোৱা!”
আন্ধাৰৰ মাজৰ পৰা এজন নৈশ পহৰাদাৰ ওলাই আহি আমাৰ পৰা পাঁচখোজমান দূৰত ৰৈছিল আৰু হুটা মাতেৰে সুধিছিল:
“কিহৰ গণ্ডগোল হৈছে ইয়াত?”
মই কৈছিলোঁ যে মানুহজনী পানীত ডুবিব পাৰে আৰু মই তাইক তাৰ পৰা আনিব খুজিছোঁ। পহৰাদাৰজনে মাতাল মানুহজনীক ওচৰৰ পৰা ভালকৈ চাইছিল, ডাঙৰকৈ শব্দ কৰি থুই পেলাইছিল আৰু আদেশৰ সুৰত কৈছিল:
“মাস্কা, আহ তাৰ পৰা।”
“মোৰ মন যোৱা নাই।”
“মই কৈছোঁ আহ তাৰ পৰা।”
“নাহোঁ মই।”
“তোক ভাল পিটন দিব লাগিব নেকি, মৰণ নোহোৱাজনী?” পহৰাদাৰজনে লাহে লাহে খং-ৰাগ নোহোৱাকৈ কৈছিল, তাৰ পাছত মোৰ ফালে চাই সহজভাৱে ৰঙিয়াল সুৰত কৈছিল, “তাই ইয়াৰেই, ৰাস্তাৰ তিৰোতা, মাস্কা ফ্ৰলিখা। চিগাৰেট আছে নেকি?”
আমি চিগাৰেট জ্বলাইছিলোঁ। মানুহজনীয়ে দোঙৰ মাজত ভৰি মাৰি মাৰি চিঞৰিছিল:
“মালিক! ময়েই মোৰ মালিক। মোৰ মন গ’লে মই ইয়াতেই এক ডুব মাৰিম।”
“তোৰ পিঠিৰ তলতে মই ডুবাই দিম তোক!” পহৰাদাৰজনে ভয় দেখুৱাইছিল। তেওঁ এজন দঢ়িয়াল বুঢ়া আছিল।
“এনেদৰে তাই প্ৰত্যেক শুভ ৰাত্ৰিতেই গণ্ডগোল কৰে। আৰু ইফালে তাইৰ ঘৰত ভৰি নোহোৱা পুতেক এটাও আছে।”
“তাই ইয়াৰ পৰা দূৰত থাকে নেকি?”
“তাইক শেষ কৰি পেলাব লাগে।” পহৰাদাৰজনে মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ কৈছিল।
“কোনোবাই তাইক ঘৰলৈ লৈ যোৱা উচিত।” মই মত দিছিলোঁ।
পহৰাদাৰজনে তেওঁৰ দাঢ়ি কঁপাই ফোচকৈ এটা উশাহ এৰি দি চিগাৰেটৰ পোহৰত মোৰ মুখলৈ চালে আৰু ঢিলা মাটিত গধুৰ গধুৰ খোজ পেলাই আঁতৰি গ’ল।
“লৈ যোৱা তাইক! কিন্তু তাইৰ মুখখন আগতে এবাৰ চাই ল’বা।”
মানুহজনীয়ে বোকাতেই বহি লৈছিল আৰু হাত দুখনেৰে সেইবোৰত থপৰিয়াই থপৰিয়াই কৰ্কশ নাকী সুৰত গাইছিল:
“নাও বাই যোৱাৰ দৰে … দূৰৰ সাগৰত …”
আকাশৰ ক’লা গভীৰতাৰ পৰা এটা ডাঙৰ উজ্জ্বল তৰাৰ প্ৰতিবিম্ব লেতেৰা বোকাময় পানীত জিলিকি উঠিছিল। কিন্তু ঢৌবোৰে যেতিয়া দোংটোৰ চাৰিওফালে বিয়পি গৈছিল, প্ৰতিবিম্বটো নেদেখা হৈছিল। মই আকৌ দোংটোলৈ খেদখেদাই নামি গৈছিলোঁ। গায়িকাজনীক কাষলতিৰ তলত ধৰি, দাঙি লৈ মোৰ আঁঠু দুটাৰে ঠেলি ঠেলি তাইক বেৰখনৰ ওচৰলৈ টানি লৈ আহিছিলোঁ।
তাই পাৰেমানে বাধা দিছিল, হাতদুখন জোকাৰি জোকাৰি প্ৰত্যাহ্বান জনাইছিল:
“মাৰ, মাৰ মোক, মাৰচোন মোক! কোনে খাতিৰ কৰে! অস্, জানোৱাৰ, পেটপচা। আহ, আহ, মাৰ মোক!”
মই তাইক বেৰত আওঁজাই দি ক’ত থাকে সুধিছিলোঁ। নিচাগ্ৰস্ত মূৰটো দাঙি মোলৈ জলকতবক ক’লা চকুৰে তাই চাইছিল। চকুৰ তলতেই নাকটো খুব চেপেটা আৰু বাকীভাগ এটা বুটামৰ দৰে আগুৱাই যোৱা। ওপৰৰ ওঁঠটো কিবা এটা আঘাতৰ বাবে ওপৰলৈ পাক খোৱা আৰু তাৰ মাজেৰে সৰু এপাৰি দাঁত দেখা গৈছিল। তাইৰ সৰু ঘূৰণীয়া মুখখনে অবজ্ঞা আৰু ইতিকিঙৰ চাৱনি এটা দিছিল মোৰ ফালে।
“ঠিক আছে, মোৰ লগত আহা।” তাই কৈছিল।
বেৰত ভৰ দি দি আমি আগ বাঢ়িছিলোঁ। তাইৰ স্কাৰ্টৰ তলৰ ফালৰ ভিজা অংশটোৱে মোৰ ভৰি কোবাই কোবাই গৈছিল।
“আহা, আহা চেনাইটো।” তাই টানকৈ কৈছিল আৰু তাইক অলপ সুস্থিৰ হ’বলৈ ধৰা যেন লাগিছিল। “তোমালৈ মই ভালেই হ’ম। মই তোমাক সুখ দিম।”
চোতাল এখনত থিয় হৈ থকা এটা দুমহলীয়া প্ৰকাণ্ড ঘৰলৈ তাই মোক লৈ গৈছিল। সাৱধানে এজনী অন্ধ মানুহৰ দৰে চোতালত পৰি থকা ঠেলা, ড্ৰাম, পেকিং বাকচ আৰু কাঠৰ টুকুৰাৰ দ’মৰ মাজেৰে তাই খুপি খুপি আগুৱাই গৈছিল আৰু ঘৰটোৰ তল ফালে থকা গাঁত এটাৰ সম্মুখত ৰৈছিল।
“তললৈ যোৱা।” তাই কৈছিল।
মানুহজনীৰ ঢলংপলং শৰীৰটো কঁকালত এহাতেৰে মেৰিয়াই ধৰি তাইক নপৰাকৈ ৰাখি মই পিছল খটখটীৰে নামি গৈছিলোঁ। হাতেৰে খেপিয়াই খেপিয়াই দুৱাৰখন আৰু চিটিকনিডাল বিচাৰি উলিয়াই দুৱাৰখন খুলিছিলোঁ। আৰু আন্ধাৰ গহ্বৰৰ দৰে কিবা এটাৰ সম্মুখত ভিতৰলৈ যাওঁ-নাযাওকৈ থিয় হৈ ৰৈছিলোঁ।
“মা, সেয়া তুমি নেকি?” এন্ধাৰৰ মাজৰ পৰা কাৰোবাৰ ফিচফিচিয়া মাত ভাহি আহিছিল।
“অঁ, মই।”
এটা উষ্ণ পচা গোন্ধ আলকাতৰাৰ গোন্ধৰ লগত মিহলি হৈ মোৰ নাকত লাগিছিল। দিয়াচলাইৰ কাঠী এটা জ্বলি উঠিছিল। ক্ষীণ পোহৰত মই মুহূৰ্তৰ বাবে শিশু এটাৰ শেঁতা মুখখন জিলিকি উঠা দেখিছিলোঁ।
“বেলেগ আৰু কোন হ’ব? ময়ে।” মানুহজনীয়ে মোৰ ফালে তাইৰ সমস্ত ভৰ এৰি দি আকৌ কৈছিল।
আৰু এটা দিয়াচলাইৰ কাঠী মৰা হৈছিল। কাঁচৰ শব্দ শুনা গৈছিল। এখন বৰ ক্ষীণ আৰু দেখিলেই হাঁহি উঠা হাতে লেম্প এটা জ্বলাইছিল।
“মোৰ ধনটো।” মানুহজনীয়ে থৰক বৰককৈ কোঠাটোৰ একোণত বাগৰি পৰিছিল। তাত বহলকৈ মজিয়াৰ প্ৰায় সমান হৈ থকা পাতল বস্তা পাৰি থোৱা আছিল।
ভমক ভমককৈ জ্বলি থকা লেম্পটোৰ পৰা ধোঁৱা ওলাবলৈ ধৰিছিল। ল’ৰাটোৱে লেম্পৰ ফিতা কোচাই দিছিল। জোঙা নাক আৰু ছোৱালীৰ দৰে ওঁঠেৰে তাৰ গহীন মুখখন খুব সুন্দৰ হাতৰ সৃষ্টি যেন লাগিছিল আৰু এই সেমেকা এন্ধাৰ গহ্বৰটোৰ লগত সেয়া মুঠেই খাপ খোৱা নাছিল। লেম্পটোৰ শিখাটো ঠিক কৰি সি মোলৈ এযোৰ অবিন্যস্ত চকুৰে চাই কৈছিল, “মাৰ মদৰ নিচা হৈছে?”
মাকে নাকেৰ শব্দ কৰি উচুপি উচুপি বিছনাত বাগৰি আছিল।
“তেওঁৰ কাপোৰবোৰ সলাই দিব লাগিব।” মই কৈছিলোঁ।
“তেনেহ’লে সলাই দিয়া।” চকু নমাই ল’ৰাটোৱে উত্তৰ দিছিল।
যেতিয়া মই মানুহজনীৰ ভিজা কাপোৰবোৰ টানি আঁতৰাব ধৰিছিলোঁ, সি নিৰ্বিকাৰভাৱে সৰুকৈ সুধিছিল, “লেম্পটো নুমাই দিম নেকি?”
“কিয়?”
সি উত্তৰ দিয়া নাছিল। যেতিয়া মই বস্তা এখনৰ দৰে পৰি থকা তাৰ মাকৰ লগত ব্যস্ত হৈ পৰিছিলোঁ, মই তাক লক্ষ্য কৰিছিলোঁ। খিৰিকিৰ কাষত এটা পেকিং বাকচৰ ওপৰত সি বহি আছিল। ডাঠ তক্তাৰ বাকচটোত ছপা ক’লা আখৰেৰে লিখা আছিল:
“সাৱধানে উঠোৱা-নমোৱা কৰিব।
এন্ আৰ্ এণ্ড কোঃ”
বৰ্গাকাৰ খিৰিকিখনৰ তলৰ কাঠডাল তাৰ কান্ধৰ সমানত আছিল। বেৰৰ কাষে কাষে কেইশাৰীমান চিগাৰেট আৰু দিয়াচলাইৰ পেকেট জাপি থোৱা ঠেক চেল্ফ। ল’ৰাটোৱে বহা বাকচটোৰ কাষতে হালধীয়া পেকিং কাগজেৰে মেৰিয়াই থোৱা আৰু এটা বাকচ। সেইটো কিজানি মেজ হিচাপে ৰখা হৈছিল। তাৰ ক্ষীণ হাত দুখন ডিঙিৰ পাছফালে ধৰি আছিল। সি খিৰিকিৰ ক’লা কাঁচবোৰলৈ চাই আছিল।
মানুহজনীৰ কাপোৰবোৰ সলাই দি ভিজা কাপোৰবোৰ ষ্ট’ভটোৰ কাষত থৈছিলোঁ। তাৰ একোণত ধুবলৈ ৰখা মাটিৰ বাচনত হাত ধুইছিলোঁ। হাত দুখন ৰুমালত মচি মচি মই ল’ৰাটোক কৈছিলোঁ:
“বাৰু, মই যাওঁ।”
সি মোৰ ফালে মূৰ তুলি চাইছিল। অকণমান খোনাই কৈছিল:
“এতিয়া লেম্পটো নুমাই দিওঁ নে?”
“তোমাৰ যি ইচ্ছা।”
“যোৱাই নেকি? তুমি নুশুবা জানো?” সি তাৰ ক্ষীণ হাতখনেৰে মাকলৈ আঙুলিয়াইছিল, “তেওঁৰ লগত।”
“কিয়, কি কাৰণে?” মই শুকানকৈ সুধিছিলোঁ।
“তুমি নিজেই জানা।” সি আচৰিত সহজ সুৰত কৈছিল। আৰু যোগ দিছিল, “সকলোৱে সেইটো কৰে।”
অপ্ৰস্তুত হৈ মই চাৰিওফালে চাইছিলোঁ। মোৰ সোঁফালে ওলাই থকা লেতেৰা ষ্ট’ভটো, জুহালত লেতেৰা বাচনবোৰ। বাকচটোৰ পিছফালে একোণত ৰচিৰ টুকুৰা, পাকবোৰ খুলি যোৱা ৰচিৰ দ’ম, দীঘল দীঘল কাঠ, কাঠৰ টুকুৰা আৰু এটা যুৱলি।
মোৰ ভৰিৰ কাষত পৰি আছিল নাক বজাই শুই পৰা হালধীয়া শৰীৰটো।
“মই তোমাৰ লগত অলপ বহিব পাৰিম নেকি?” ল’ৰাটোক সুধিছিলোঁ।
সি মোৰ ফালে বিমৰ্ষ চাৱনি এটা দিছিল আৰু কৈছিল:
“জানানে, তেওঁ পুৱালৈকে সাৰ নাপায়।”
“আহ্, মোক তেওঁৰ দৰকাৰ নাই নহয়।”
মই তাৰ বাকচটোৰ কাষতে মজিয়াত বহি কেনেকৈ মাকক লগ পালোঁ কৈছিলোঁ। ধেমলীয়া সুৰ এটাৰে ক’বলৈ চেষ্টা কৰিছিলোঁ:
“বোকাত বহি লৈ গান গাই গাই নাও বাবলৈ ধৰিছিল। তেওঁৰ হাতত যেন এপাট বঠাহে আছিল।”
সৰু বুকুখন খজুৱাই সি মূৰ দুপিয়াইছিল। ক্ষীণ দুৰ্বল হাঁহি এটা মাৰি কৈছিল, “মদৰ নিচাত আছিল কাৰণে তেনে কৰিছিল। ভালে থাকিলেও এনেদৰে ধেমালি কৰি থাকে। সৰু ছোৱালীৰ দৰে …।”
মই তাৰ চকু দুটা ভালকৈ চাব পাৰিছিলোঁ। সেয়া সঁচাকৈয়ে অবিন্যস্ত আৰু ধুনীয়া আছিল। তাৰ চকুৰ নোমবোৰ দীঘল আছিল। তাৰ চকুৰ পটাতো পাতলকৈ নোম গজিছিল। চকুৰ তলৰ পাতল নীলা ছায়াই তাৰ ছালখন অধিক শেঁতা কৰি তুলিছিল। উঠা কপালত নাকৰ কাষলৈকে কেঁকোৰা ৰঙা-মুগা চুলি একোচা বৈ পৰিছিল। তাৰ শান্ত, সজাগ চকুযুৰিৰ অভিব্যক্তি মই বৰ্ণনা কৰিব নোৱাৰোঁ। সেই অপাৰ্থিৱ চাৱনিৰ বিষয়ে মই সেইখিনিয়ে ক’ব পাৰোঁ।
“তোমাৰ ভৰিৰ কিবা হৈছে নেকি?”
সি ফটা কাপোৰৰ মাজত অলপ লৰ-চৰ কৰি দেখিবলৈ লাঠিৰ দৰে এখন লেৰেলা ভৰি বাহিৰলৈ উলিয়াইছিল। হাত এখনেৰে দাঙি বাকচটোৰ কানত সেইখন ৰাখিছিল।
“চোৱা সেইবোৰ কেনেকুৱা দেখি। দুয়োখনে জন্মৰ পৰাই তেনে। সিহঁতে খোজ কাঢ়িব নোৱাৰে, সিহঁত জীয়া নহয় – একো কামৰেই নহয় …।”
“আৰু সেই সৰু সৰু বাকচবোৰত কি আছে?”
“সেয়া মোৰ চিৰিয়াখানা।” সি তাৰ ভৰিখন যেন এডাল লাঠিহে এনে ভাবত সেইখন দাঙি লৈ আকৌ বাকচটোৰ তলৰ ফটা কাপোৰবোৰৰ মাজত থৈছিল। তাৰ পাছত খোলা হাঁহি এটা মাৰি কৈছিল:
“চাবা নেকি? তেনেহ’লে ভালকৈ বহি লোৱা। তুমি জীৱনত তেনেকুৱা একো দেখা নাই।”
পটু ক্ষিপ্ৰ ক্ষীণ আৰু দীঘল হাত দুখনত ভৰ দি সি উঠিছিল আৰু চেল্ফৰ পৰা সৰু বাকচবোৰ মোৰ হাতত এটা এটাকৈ তুলি দিবলৈ ধৰিছিল।
“সাৱধান দেই। নুখুলিবা সেইবোৰ। সিহঁত দৌৰি পলাব নহ’লে। কাণত লগাই শুনাচোন! কেনে?”
“ভিতৰত কিবা লৰি-চৰি আছে।”
“আহা! সেইটো এটা মকৰা, বৰ উৎপতীয়া। তাক ঢুলীয়া বুলি কওঁ। যিমান হ’ব পাৰি সিমান বদমাচ সি!”
ধুনীয়া চকুযুৰি তিৰবিৰাই উঠিছিল আৰু এটা হাঁহিয়ে তাৰ পাতল নীলা মুখখনত ঢৌ খেলাই গৈছিল। ক্ষিপ্ৰ হাতেৰে সি বাকচবোৰ চেল্ফৰ পৰা নমাই নমাই তাৰ কাণত দি চাইছিল, আৰু তাৰ পাছত মোৰ কাণত দিছিল। সি উৎসাহেৰে ঘোষণা কৰিছিল:
“আৰু এই পঁইতাচোৰাটো, ই হ’ল এনিসিম, এটা ফোঁপজহী, যুঁজাৰু হে যেন সি। এই চোৱা মাখি, শ্ৰীমতী ডাঙৰীয়ানী। মহা পেটপচা। দিনটো ভুনভুনাই থাকে। সকলোকে গালি পাৰিব। এবাৰ তাই আমাৰ মাৰো চুলি টানিছিল। সেই মাখিজনী নহয় – ৰাস্তাটোৰ সিফালে থাকে যে শ্ৰীমতী, তাই এইজনীৰ নিচিনা দেখিবলৈহে। আৰু এইটো এটা ডাঙৰ গুবৰুৱা ; মালিক। সি বেয়া নহয়। মাত্ৰ এটা মাতাল আৰু তাৰ একো লাজ-চৰম নাই। যেতিয়া নিচাত থাকে সি ইফালে-সিফালে লেংটা হৈ ঘূৰি ফুৰে ; নোমাল ক’লা কুকুৰ এটা যেন লাগে তাক। আৰু এইফালে এইটো এটা পৰুৱা, নিকোদিম খুৰা। মই তাক বাহিৰত ধৰিছিলোঁ। আচলতে এটা বুৰ্বক, কিন্তু নিজক ধাৰ্মিক বাটৰুৱা বুলিহে কয়। গীৰ্জা এটাৰ বাবে বোলে পইচা গোটাইছে সি। মাৰ মতে সি এটা ঠগ ; আৰু মাৰ এটা চেনাই সি। মাৰ নাকটো নাই, কিন্তু চেনাই যে কিমান আছে, তেওঁৰ চাৰিওফালৰ মাখিৰ জাকটোৰ দৰে।
“তেওঁ তোমাক মাৰে নে?”
“কোনে, মাই? মই তেওঁক বৰ ভাল পাওঁ। মোক এৰি তেওঁ থাকিব নোৱাৰে। তেওঁ বৰ মৰমিয়াল – মাত্ৰ মদ খায়। কিন্তু আমাৰ ইয়াতে সকলোৱে মদ খাই মাতাল হয়। তেওঁ ধুনীয়া আৰু ফুৰ্তিত থাকে, মাত্ৰ মস্ত এজনী মাতাল, আৰু বেশ্যা। মই তেওঁক কওঁ: মূৰ্খ তিৰোতা, মদ খাবলৈ এৰি দিয়া, তুমি ধনী হৈ যাবা – কিন্তু তেওঁ হাঁহে মাত্ৰ। এজনী ভাল, পিছে বুদ্ধি নোহোৱা তিৰোতা। কি আৰু আশা কৰিবা তুমি! কিন্তু তেওঁ ভাল, তুমি তেওঁ সাৰ পালে গম পাবা।”
সি বৰ মৰমলগাকৈ হাঁহিছিল। তাৰ হাঁহিটো ইমান ধুনীয়া আছিল যে মোৰ গোটেই নগৰখনে শুনাকৈ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। মোৰ মনটো ল’ৰাটোৰ প্ৰতি সুগভীৰ সহানুভূতিৰে ভৰি পৰিছিল। ডিঙিৰ ওপৰত তাৰ ধুনীয়া মূৰটো এপাহ নিচিনা ফুলৰ দৰে হালি-জালি আছিল। আৰু হেঁপাহেৰে ক্ৰমাৎ উজ্জ্বলতৰ হৈ অহা তাৰ চকুযুৰিয়ে মোক প্ৰচণ্ড শক্তিৰে আকৰ্ষণ কৰিছিল।
তাৰ শিশুসুলভ কিন্তু নিষ্ঠুৰ বাস্তৱ কথাবোৰ শুনি শুনি মই অলপ সময়ৰ বাবে ক’ত আছোঁ পাহৰি গৈছিলোঁ। হঠাতে আকৌ বোকাৰ দাগেৰে বাহিৰ ফালটো ভৰি থকা বন্দীশালৰ দৰে খিৰিকিখন, ষ্ট’ভটোৰ ক’লা হৈ যোৱা মুখখন, একোণৰ পাক খুলি যোৱাৰ ৰচিৰ দ’মটো, আৰু তেল-চিকটিৰ দৰে হালধীয়া ফটাকানিৰ ওপৰত পৰি থকা মাকজনীৰ দেহাটো – এই সকলোবোৰৰ প্ৰতি মই সচেতন হৈ পৰিছিলোঁ।
“মোৰ এইমখা বৰ ভাল নহয়নে?” গৌৰৱেৰে ল’ৰাটোৱে সুধিছিল।
“বৰ ভাল।”
“মোৰ কিন্তু পখিলা নাই – চকৰিও নাই।”
“তোমাৰ নাম কি?”
“লিয়োনকা।”
“মোৰো সেইটোৱে নাম।”
“হয় নেকি? তুমি কেনে ধৰণৰ মানুহনো?”
“এহ্, এনেই মানে কোনো ধৰণৰ মানুহ নহওঁ মই।”
“কিবা বেলেগ এটা কোৱা। সকলো মানুহেইতো কোনোবা এজন মানুহ। মই জানিব লাগে। তুমি এজন ভাল মানুহ।”
“হ’ব পাৰে।”
“মই বুজি পাওঁ। তুমি বৰ ভয়াতুৰো।”
“ভয়াতুৰ?”
“বাজি মাৰি ক’ব পাৰোঁ।”
সি বৰ জনা জনা ভাব এটা দেখুৱাই হাঁহিছিল আৰু মোৰ ফালে চাই চকুৰ টিপো মাৰিছিল।
“তুমি কিয় ভাবি ল’লা যে মোৰ ভয় লাগিছে?”
“চোৱা, তুমি মোৰ লগত ইয়াতে বহি আছা। গতিকে গম পোৱা যায় ৰাতি তুমি বাহিৰলৈ যাবলৈ ভয় কৰা!”
“কিন্তু পোহৰ হ’বলৈ ধৰিছেই দেখোন।”
“আৰু তুমি গুচি যাবা।”
“মই তোমাক লগ ধৰিবলৈ আকৌ আহিম।”
সি মোৰ কথা বিশ্বাস কৰা নাছিল। সি তাৰ ধুনীয়া চকুযোৰ তাৰ ঘন চকুৰ পল্লৱেৰে আবৰি ধৰিলে কেই মুহূৰ্তমান। আৰু তাৰ পাছত সুধিলে:
“কিহৰ বাবে?”
“তোমাৰ লগত বহি কথা পাতিবলৈ। তুমি বৰ ফুৰ্তিবাজ। মই আহিব পাৰিম নে?”
“আহিবা। ইয়ালৈ সকলোৱে আহে।”
এটা হুমুনিয়াহ এৰি সি আকৌ ক’লে:
“তুমি ধেমালি কৰিছা কিজানি।”
“নহয়। মই আহিম সঁচাই।”
“ঠিক আছে বাৰু। কিন্তু মোক লগ ধৰিবলৈ আহিবা, মাক বিচাৰি নহয়। তেওঁকনো কাৰ দৰকাৰ? আমি বন্ধু হ’ম, তুমি আৰু মই!”
“ঠিক আছে।”
“বঢ়িয়া। তুমি যে ডাঙৰ হৈছা, সেইটো একো কথাই নহয়। তোমাৰ কিমান বয়স?”
“একৈশ বছৰেই হ’ব আৰু।”
“আৰু মোৰ বাৰ বছৰ হ’ব। মোৰ কোনো লগৰীয়া নাই। মাত্ৰ কাটকা – পানী দিয়া মানুহজনৰ ছোৱালীজনী ; কিন্তু মোৰ কাষলৈ অহা কাৰণে মাকে তাইক মাৰে। তুমি চোৰ নেকিহে?”
“নাই, নাই। মই আকৌ চোৰ হ’ম কিয়?”
“তোমাৰ যে মুখখন দেখিবলৈ কেনেকুৱা। বৰ ক্ষীণ আৰু নাকটোও দীঘল। ঠিক চোৰবোৰৰ দৰেই। ইয়ালৈ দুটা চোৰ আহে। এটা হ’ল সাস্কা, অঁকৰা আৰু বেলেগক ভয় খুৱায়। বেলেগটো হ’ল ভামচ্কা। সি বৰ মৰমিয়াল – মানে কুকুৰৰ দৰে। তোমাৰ সৰু সৰু বাকচ আছেনে?”
“মই আনিম কেইটামান।”
“বঢ়িয়া। আনিবা। মাক তুমি আহিবা বুলি মই নকওঁ।”
“কিয় নোকোৱা?”
“এনেয়ে। পুৰুষ মানুহবোৰ আকৌ আহিলে তেওঁ সদায় বৰ ভাল পায়। তেওঁ পুৰুষ মানুহ ভাল পায়, সেইবোৰ যে বোজা – তেওঁ বুজি নাপায়। মোৰ এই মা মানুহজনী এটা বৰ আচৰিত শিশু। পোন্ধৰ বছৰতেই তেওঁৰ পেটলৈ কেঁচুৱা আহিল আৰু সেইবোৰ কেনেকৈ হ’বলৈ পালে নিজেই জনা নাছিল। পিছে তুমি কেতিয়া আহিবা?”
“কাইলৈ সন্ধিয়া।”
“সন্ধিয়ালৈ তেওঁৰ মদৰ নিচা হ’ব। চুৰি নকৰা যদি তুমি কি কৰা?”
—
(আগলৈ)